বৰ্দ্ধিত ইউৰিক এচিডে কৰা ৰোগৰ বিষয়ে জানিবলগীয়া কথা (ডাঃ ভূপেন্দ্ৰ শইকীয়া)

বৰ্দ্ধিত ইউৰিক এচিডে কৰা ৰোগৰ বিষয়ে জানিবলগীয়া কথা

 

 

আজিৰ স্বাস্থ্য কথাত এটি লাগতিয়াল আৰু বহুজনৰ পৰিচিত এটি ৰোগৰ বিষয়ে কিছু কথা আলোচনা কৰিব ওলাইছোঁ৷ সেই ৰোগ বিধৰ নাম হ’ল গাউট৷ গাউটক ধনী লোকৰ ৰোগ বা ৰজাৰ ৰোগ বা ৰোগৰ ৰজা আখ্যা দিয়া হৈছে৷৬০ শতাংশ ৰোগ জেনেটিক কাৰণত আৰু ১৫শতাংশ  ৰোগ খাদ্য জনিত কাৰণত হয় বুলি ঠাৱৰ কৰা হৈছে৷ অতি প্ৰাচীন কালৰ পৰাই মানুহৰ এই ৰোগৰ সৈতে পৰিচয় ঘটিছিল৷ ইজিপ্তত খৃষ্টপূৰ্ব ২৬০০চনত ভৰিৰ বুঢ়া আঙুলিৰ বিষৰ চিকিৎসাৰ কথা পঢ়িবলৈ পোৱা যায়৷ ১২০০খৃষ্টাব্দত ৰেণ্ডালফাচে লেটিন মূলৰ ‘গাউট’ শব্দক  ৰোগৰ বৰ্ণনাৰ বাবে পোণ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰে৷১৬৭৯চনত এন্থনি ভান লিওনহকে ইউৰিক এচিডৰ ক্ৰিষ্টলৰ  মাইক্ৰোস্কোপিক  বৰ্ণনা ডাঙি ধৰে৷১৮৪৮চনত ব্ৰিটিচ চিকিৎসক আলফ্ৰেড বেৰিং গেৰোডে চিনাক্ত কৰে যে বৰ্দ্ধিত ইউৰিক এচিডে  গাউট ৰোগ উৎপন্ন কৰে৷ ইয়াৰ চিকিৎসাত প্ৰয়োগ কৰা এলোপিউৰিনেল নামৰ ঔষধ বিধৰ আবিষ্কাৰ আজিৰ পৰা ৩০বছৰ আগতে ইলিয়ন এট অল গোটে কৰে৷

 

সাধাৰণতে মানুহৰ তেজত থকা ইউৰিক এচিডৰ পৰিমাণ হ’ল পুৰুষৰ ৩ ৰ পৰা ৭ মিলিগ্ৰাম% আৰু মহিলাৰ ২-৫ ৰ পৰা ৬-৫ মিলিগ্ৰাম%৷ ইয়াতকৈ অধিক পৰিমাণৰ  ইউৰিক এচিড তেজত থাকিলে গাউট বা হাইপাৰইউৰিচেমিয়া ৰোগ হয়৷ আনহাতে এনে ৰোগীৰ মাজত ডায়েবেটিচ আৰু কিডনিৰ পাথৰ হোৱা ৰোগৰ প্ৰাদূৰ্ভাৱ বেচি৷

 

তেজত বেচি ইউৰিক এচিড হোৱাৰ কাৰণ সমূহ :

(১) হেৰিডিটি বা বংশানুক্ৰমিক

(২) বেচি ইউৰিক এচিড উৎপন্ন কৰা খাদ্য গ্ৰহন

(৩) কিডনিৰ পৰা কমকৈ ইউৰিক এচিড নিৰ্গত হলে

(৪) উপবাস আৰু ক্ষিপ্ৰতাৰে ওজন হ্ৰাস হলে

 

আনুসংগিক কাৰণসমূহ :

(৫) মদ্যপাণ

(৬) উচ্চ ৰক্তচাপ

(৭)বিভিন্ন দৰব

(৮) কিডনিৰ বিকাৰ

 

ৰোগৰ লক্ষণ আৰু চিকিৎসাৰ বিষয়ে কিছু কথা নিলিখিলে লিখনিটো অপূৰ্ণ থাকি যাব৷ গাউট ৰোগ মহিলাৰ তুলনাত পুৰুষৰ বেচি হয়৷ ইয়াৰ কাৰণ হ’ল মহিলাৰ তেজত সাধাৰণতে কিছু কম পৰিমাণৰ ইউৰিক এচিড থকাটো৷ মহিলাসকলে সাধাৰণতে মেনপ’জ হোৱাৰ পিছত এই ৰোগত ভোগে৷ ৫০শতাংশৰ অধিকজনৰ ৰোগৰ লক্ষণ হ’ল ভৰিৰ বঢ়া আঙুলিৰ  গাঁঠিৰ বিষ হোৱা৷

গোৰোহা, আঠু, মনিবন্ধ,হাতৰ আঙুলিৰ  গাঁঠিৰ বিষো কোনো কোনোজনৰ হয়৷ সাধাৰণতে বেচি বিষৰ অনুভৱ ৰাতিৰ সময়ত হয়৷ আক্ৰান্ত গাঠিটো ৰঙা পৰে,ফুলি উঠে,বিষ হয় আৰু গৰম হৈ উঠে৷  গাঁঠিৰ এনে বিষ ২৷৩ ঘন্টালৈ চলি থাকে আৰু কেইবাদিনলৈ হৈ থাকে৷ এনে বিষ দুসপ্তাহমান থাকি

কিছুদিনলৈ বিষ নোহোৱা হয়৷ সপ্তাহ, মাহ বা বছৰৰ মূৰত আকৌ বিষৰ পুনৰাবৃতি ঘটে৷ কিছুমান ৰোগীৰ  গাঁঠিত বা ওচৰৰ কোষসমূহত ইউৰিক এচিডৰ ক্ৰিষ্টল জমা হৈ একোটা পিণ্ডৰ ( যাক টফি বোলে) সৃষ্টি কৰে  ( ক্ৰনিক টফিচিয়াচ গাউট)৷ একে কাৰণতে কিডনি বিনষ্ট হব পাৰে বা কিডনিত পাথৰো হোৱা দেখা যায়৷গাউট ৰোগ সাধাৰণতে কিছুমান পৰিয়ালত চলি থকা দেখা যায়, ইয়াৰ কাৰণ হ’ল আগতে উল্লেখ কৰি অহা জেনেটিকচ৷

গাউট ৰোগৰ বিষৰ চিকিৎসাৰ বাবে ননষ্টেৰইডেল এন্টি ইনফ্লেমটৰি ড্ৰাগচ, কলচিচিন আৰু ষ্টেৰইড সাধাৰণতে ব্যৱহাৰ কৰা হয়৷তেজৰ ইউৰিক এচিডৰ পৰিমাণ কমাবলৈ এলোপিউৰিনেল, ফেবুস্কষ্টেট আৰু প্ৰবেনচিড প্ৰয়োগ কৰি সুফল পোৱা যায়৷

আমি গ্ৰহণ কৰা ‘পিউৰিন’ থকা খাদ্যসমূহ হ’ল ঘাইকৈ মাংস আৰু সাগৰীয় মাছ-শামুক,

মিছামাছ  আদি ৷ মাংসৰ লিভাৰ,কিডনি,মগজ আদিত পিউৰিন বেচিকৈ থাকে৷

গোমাংস, ছাগলি,গাহৰি,ৰাজহাঁহ,হাঁহ, টাৰ্কি মূৰ্গী আদিৰ ৰঙা মাংসত যথেষ্ট পিউৰিন থাকে৷ বনস্পতি যেনে মশৰুম, এচপাৰগিলাচ, বীন, ফুলকবি, মটৰমাহ, পালেংশাক আদিতো কিছু পৰিমানে পিউৰিন থাকে৷ আমাৰ খাদ্যৰ পৰা অহা এই পিউৰিন ভাঙিলে ইউৰিক এচিড ওলায়৷ গতিকে খোৱাত সতৰ্ক নহলে যি কোনো লোকেই ৰোগাক্ৰান্ত হব পাৰে৷

কিডনিৰ পৰা ইউৰিক এচিডৰ নিস্কাষনত বাধা ওপজাব পৰা কিছুমান  ঔষধ হ’ল :

ডাইইউৰেটিক, চেলিচাইলেট,পাইৰাজিনামাইড,ইথামবিউটল,নিকটিনিকএচিড, চাইক্লস্পৰিন আৰু কিছুমান কৰ্কট ৰোগৰ দৰব৷

মদ বিশেষকৈ বীয়েৰে লেক্টিক এচিড উৎপন্ন কৰাৰ ফলত ইউৰিক এচিড বেচিকৈ সৃষ্টি হয় আনহাতে ইউৰিক এচিড নিৰ্গত হোৱাত বাধা প্ৰাপ্ত হয়৷

আজিকালি অনেক চফ্টড্ৰিংচত মিঠা কৰিবলৈ ফ্ৰুকটজ মিহলায়৷টেবল চুগাৰৰ কিউব আৰু ফ্ৰুকটজে ইউৰিক এচিডৰ উৎপাদন বঢ়ায়৷

আকৌ অধিক চৰ্বিজাতীয় খাদ্য,চেচুৰেটেড ফেট থকা তেল ডালডা আদিয়ে শৰীৰ পৰা ইউৰিক এচিড ওলাই যোৱাত বাধাৰ সৃষ্টি কৰে৷তদুপৰি তেনে খাদ্য মেদবহুলতাৰো কাৰক৷

 

এতিয়া প্ৰশ্ন হয় সাবধানতা কি কি লব লাগিব আৰু কি কি খোৱা স্বাস্থ্যসন্মত হব ?

 

– মদ,মাংস,সাগৰীয় মাছ যেনে টুনা,লবষ্টাৰ,মিছামাছ যিমান পাৰে এৰাই চলক৷

– মশৰুম,পালেং,বীন,মটৰ বাদ দিয়ক

– ফ্ৰুক্টজ থকা শীতল পানীয় পৰিত্যাগ কৰক

বাচি লওক

* স্বাস্থ্যসন্মত লাইফ ষ্টাইল – নিয়মীয়াকৈ খোজ কাঢ়ক, ব্যায়াম কৰক,শৰীৰৰ ওজন বাঢ়িব নিদিব

* ১০০% বিশুদ্ধ ফলৰ ৰসপান কৰক

* দিনে ১০৷১৫গিলাচ পানী খাওক

* দিনটোত ৪৷৫কাপ চাহ বা কফি খাব

* চানফ্লাৱাৰ নাইবা অলিভ অইল ৰন্ধনত ব্যৱহাৰ কৰক

* কম চৰ্বি থকা গাখীৰ ব্যৱহাৰ কৰক

 

কেইটিমান খাদ্যৰ টিপচ : –

গাজৰ, মিঠাআলু, আদাৰ চুপৰ জুতিলৈ চাব পাৰে ৷আপেল,আঙুৰ,আখৰোট,নুনি বা ষ্ট্ৰবেৰীৰ ফ্ৰুট চালাড খাওক -এনে ফলৰ ‘মেলিক এচিডে’ ইউৰিক এচিড উৎপাদনত বাধা দিয়ে৷বেঙেনা,বিলাহী,বয়ল বা পোৰা আলু পচন্দ অনুসৰি জুতি লগাই খাওঁক৷চীজ খাব পাৰিব৷ কমকৈ কেতিয়াবা ব্ৰইলাৰ মূৰ্গীৰ এক দুই পিচো খাব পাৰিব৷পৰাপক্ষত ব্ৰাউন ব্ৰেড বা আন ফাইবাৰযুক্ত খাদ্য বাচনি কৰিব৷ কৰ্ণফ্লেস্ক কমচৰ্বিযুক্ত গাখীৰৰ সৈতে খাব৷

 

এতিয়ালৈ ইমানেই৷ আগলৈ আৰু তথ্য পাঠকৰ প্ৰয়োজন অনুসৰি যোগ দিয়া হব৷

 

 

 

One thought on “বৰ্দ্ধিত ইউৰিক এচিডে কৰা ৰোগৰ বিষয়ে জানিবলগীয়া কথা (ডাঃ ভূপেন্দ্ৰ শইকীয়া)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!