ভগৱান (ডাঃ_কুমাৰ_পাৰ্থ_প্ৰতিম)

মই চিকিৎসাবিদ্যাৰ স্নাতক শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ৰ কথা ৷ মেডিকেল কলেজ হস্পিতেলৰ সন্মুখৰ পদপথত মানুহজনী প্ৰায়েই লগ পাইছিলোঁ ৷ মলিয়ন ফটা চিটা পোচাক, জপৰা চুলি, দিন মাহ ধৰি গা নুধুৱাৰ ফলশ্ৰুতিত দেহৰপৰা নিৰ্গত উৎকট তীব্ৰ গন্ধ আদিৰপৰা সহজেই অনুমেয়, মানুহজনী ‘পাগলী’ ৷ সেই ফুটপাথটোৰপৰা ৫০০ মিটাৰমানৰ ব্যাসাৰ্ধৰ এক পৰিসীমাত তাইৰ অবাধ ৰাজত্ব ৷ ওচৰ পাজৰৰ দোকানীবোৰে দয়া কৰি দিয়া কিবা কিবি খোৱা বস্তুৰেই তাই জীয়াই আছিল ৷ তাই হাঁহে, কান্দে, গান গায়, কমকৈ হ’লেও কাৰোবাক গুৱাল গালিও দিয়ে ৷ কান্দি থকাৰ মাজতে তীক্ষ্ণভাৱে হাঁহি উঠে ৷ হাঁহি থকাৰ মাজতেই কাৰোবাক গালিও দিয়ে ৷ অদৃশ্য কাৰোবাক মৰম কৰি ওচৰলৈও মাতে ৷ এদিনাখন তাইৰ ওচৰেৰে পাৰ হৈ যাওতে অকস্মাত এটি শিশুৰ কান্দোন শুনিছিলোঁ ৷ মাতৃদুগ্ধ পান কৰি থকা অৱস্থাত তাইৰ কোলাত এটি দেৱশিশু ৷ তাইৰ কাষ চাপি গৈছিলোঁ,

“কাৰ বাচ্ছা এইটো?”

“মোৰ পেটৰ ৷”

“বাপেক কোন?”

“ভগৱান ৷”

“তোৰ ভগৱানটোক লগ কৰাই দিব পাৰিবিনে?”

মানুহজনীয়ে সন্দিগ্ধ হৈ ইফালে সিফালে চাইছিল ৷ তাৰ পিছত হোঁ হোঁৱাই হাঁহিছিল, তাৰ পিছত ফুচ ফুচাই কৈছিল,

“কেনেকৈ দিম? দুষ্ট ভগৱানটো ৰাতিহে আহে ৷”

মানুহজনী আকৌ এবাৰ হাঁহিত ফাঁটি পৰিছিল ৷ উভটি আহোতে লগৰ জনীয়ে সাৱধান কৰি দিছিল, “চাবি দেই অনিন্দিতা, তাই মাজে মাজে বোলে ছোৱালীৰ কাপোৰ টানে ৷ তাইৰ ওচৰেৰে সাৱধানে যাবি ৷ নহ’লে নিজেই লাজত পৰিবি ৷”

“তই দেখিছ, নে শুনা কথা?”

“দেখা নাই, শুনা কথা ৷ সঁচাও হ’ব পাৰে ন ৷”

একো উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিলোঁ ৷ কেইদিনমানৰ পিছত এদিন সন্ধিয়া অকলে হোষ্টেললৈ আহি থকা অৱস্থাত তাই হঠাতে মোৰ হাত এখনত থাপ মাৰি ধৰিছিল ৷ বহুত ভয় খাইছিলোঁ ৷ নাই, তাই মোৰ কাপোৰ টনা আঁজোৰা কৰা নাছিল, মোৰ হাতখন এৰি দি মোৰ চকুত চকু থৈ কাতৰ হৈ কৈছিল,

“অই ডাক্তৰনী, পোৱালীটোক কাপোৰ এটা দিব পাৰিবি? মোৰ ভগৱানটোও নাহে দেখোন ৷”

এজনী পাগলী নহয়, এজনী মাতৃৰ মুখামুখি হৈছিলোঁ সেইদিনা ৷ তেতিয়ালৈকে মই চিকিৎসক হৈ ওলোৱা নাছিলোঁ, জীৱনত পোনপ্ৰথমবাৰৰবাবে মোক কোনোবাই ‘ডাক্তৰনী’ বুলি সম্বোধন কৰিছিল ৷ পিছদিনা ক্লাছৰ শেষত পোৱালিটোৰ কাপোৰ এসাজ কিনি বেগতে ৰাখিছিলোঁ ৷ দুদিনমান পিছত তাইক লগ পাই দিওঁতে তাই মোক হিয়া উজাৰি আশীৰ্বাদ দিছিল,

“মোতকে তই বহুত ভাল ভগৱান পাবি ডাক্তৰনী ৷”

পোৱালিটোৰ মুখখনলৈ মন কৰিছিলোঁ ৷ ইমান মৰম লাগিছিল তালৈ ৷ হোষ্টেলত লগৰকেইজনীয়ে কৈছিল,

“তোকহে পোৱালিটো চাবলৈ দিছে, বেলেগক ওচৰ চাপিবই নিদিয়ে ৷”

দুমাহমানৰ পিছত দোকান এখনৰপৰা কিবা কিনিবলৈ গৈছিলোঁ ৷ আতঁৰৰপৰাই শুনিবলৈ পোৱা কাৰোবাৰ হিয়াভৰা কান্দোনে বুকুখন কঁপাই তুলিছিল ৷ গলিটোত সোমায়েই ‘পাগলীজনী’ দেখিছিলোঁ ৷ মোক দেখি চিঞৰি চিঞৰি তাই কৈছিল,

“অই ডাক্তৰনী, পোৱালিটো মৰি থাকিল অ’ ৷ ভগৱানটোও নাহিল ৷”

দোকানীজনে জনাইছিল, “কালি সন্ধিয়াৰেপৰাই কেচুৱাটোৰ বেমাৰ হৈ আছিল ৷ তাইৰ পাগলামি আৰু বাঢ়িছিল ৷ পোৱালিটোক বুকুত সাবটি তাই কেৱল কান্দিছিল ৷ কাকো ওচৰলৈ যাবলৈও দিয়া নাছিল ৷ আৰু ৰাতিপুৱা পোৱালিটো ঢুকাই থাকিল ৷”

বুকুখনৰ ক’ৰবাত প্ৰচণ্ড বিষ অনুভৱ কৰিছিলোঁ ৷ পাগলীজনীলৈ চাইছিলোঁ ৷ কোনো হাঁহি নাছিল, নাছিল কোনো গালি ৷ পোৱালিটোলৈ চাই চাই চিঞৰি চিঞৰি তাই কেৱল কান্দিছিল ৷ সেয়া যে এজনী পাগলীৰ কান্দোন নাছিল, সেয়া পাগলীজনীৰ মাজৰ এগৰাকী মাতৃয়ে কান্দিছিল, আৰু সেই কান্দোনে মোৰ হৃদয় চিৰাচিৰ কৰি পেলাইছিল ৷

#কিছু_বাস্তৱ_কিছু_কল্পনা,
#শ্লীলতা_অশ্লীলতা_প্ৰিয়_আৰু_অপ্ৰিয়_সত্য,

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!