“ভাইভা:: মৌখিক পৰীক্ষা” (শান্তনু চাংমাই)

পৰীক্ষাবোৰত যে ভাইভা লয়, বাহিৰৰ পৰা এক্সটাৰনেল শিক্ষক এজন আহে প্ৰশ্ন সুধিবলৈ… তেওঁক আমি ল’ৰাবোৰে খুব বেয়া পাওঁ; কিন্তু ছোৱালীবোৰৰ ক্ষেত্ৰত আক’ ওলটা- পৰীক্ষা দি ওলাই অহাৰ পিছত ছোৱালীবোৰে কয় চাৰজন ইমান ভাল আছিল, ইমান ভালকে কথা পাৰে, এক্কেবাৰে ঘৰৰ মানুহ যেনেই লাগিল | কিয় বা এনেকুৱা হয় আজিলৈকে বুজি নাপালোঁ- আপোনালোকে তলৰ ভাইভা পৰীক্ষাটো পঢ়ি চাওঁকচোন কিবা বুজি পায়েই নেকি!!!

#এক:

এক্স. শিক্ষক: – কি নাম তোমাৰ?
ছাত্ৰী: – নীলনয়নী জোনাকী বৰুৱা
এক্স. শিক্ষক: – বেছ সুন্দৰ নাম | বাৰু পঢ়ি মেলি আহিছা নে?
ছাত্ৰী: – (কিউট হাঁহি এটাৰে সৈতে) চাৰ, অলপ অলপ…
এক্স. শিক্ষক: – বাৰু বাৰু, কোৱাচোন H2O মানে কি?
ছাত্ৰী:- হুমমম… পটেছিয়াম?
এক্স. শিক্ষক: – ন’
ছাত্ৰী: – হিলিয়াম …?
এক্স. শিক্ষক: – ন’
ছাত্ৰী: – (মুখখন বেঁকা কৰি) চ’ৰী চাৰ, পাহৰিছোঁ … জিভাৰ আগতে আছে নামটো, ওলাই হে অহা নাই |
এক্স. শিক্ষক: – কোনো কথা নাই, ম‍ই তোমাক পাঁচৰ ভিতৰত চাৰে চাৰি দি দিছোঁ বাৰু; কিন্তু তুমি ছোৱালীজনী বৰ ধুনু কাৰণেহে দিছোঁ দেই, কাকো নক’বা কথাটো…
ছাত্ৰী: – থেংক ইউ চাৰ, ইউ আৰ চ’ নাইচ…
এক্স. শিক্ষক: – (মিচিকিয়াই) বাৰু, আৰু কোৱাচোন | ঘৰ ক’ত, পাপাই কি কৰে, এইম ইন লাইফ কি? ইত্যাদি ইত্যাদি….

#দুই:
এক্স শিক্ষক: – কি নাম তোমাৰ?
ছাত্ৰ: – নীলনয়ন বুঢ়াগোঁহাই
এক্স শিক্ষক: – কেনে অদ্ভুত নাম, কোনে যে দিয়ে এনেকুৱা নামবোৰ!!!
ছাত্ৰ: – ছ’ৰী চাৰ, মোৰ আইতাই দিয়া নাম
এক্স শিক্ষক: – বাৰু বাৰু, প্ৰি ফাইনেল পৰীক্ষাত কিমান নম্বৰ পাইছিলা?
ছাত্ৰ: – চাৰ, লিখিত পৰীক্ষাত ৭০ৰ ভিতৰত ৬৮ পাইছিলোঁ
এক্স শিক্ষক: – হুহ, তোমাৰ চেহেৰা দেখি তো নালাগে…
ছাত্ৰ: – ছ’ৰী চাৰ
এক্স শিক্ষক: – বাৰু সহজ প্ৰশ্ন এটাকে সুধিছোঁ- যদি ম‍ই ১৬.৫ mL of ০.১৮২ M HCN (aq) মিহলি কৰোঁ ২৯.৪ mL of ০.১০৫ M NaCN. Ka of HCN ৰ সৈতে, সেই চলিউশ্যন টোৰ pH কিমান হ’ব? ফটাফট কোৱা…
ছাত্ৰ: – হুম্মম… চাৰ এক মিনিট ৰ’ব | [ মনে মনে হিচাপ কৰে ]
এক্স. শিক্ষক: – হেৰা, এইয়া ভাইভা… ইমান সময় দিয়া নহ’ব বুইছা নে? মাইনাছ ফাইভ |
ছাত্ৰ: – পিলিজ… চাৰ, অলপটো সময় দিয়ক হিচাপ কৰিবলৈ …
এক্স. শিক্ষক: – নপঢ়ি নেমেলি গোটেই দিনটো টিঘিলঘিলাই ফুৰা চাগৈ আড্ডা মাৰি, চিনেমা চাই… অলগৰ্দ্ধ ক’ৰবাৰ…
ছাত্ৰ:- নহয় চাৰ, দিনে ১১ ঘন্টাকৈ পঢ়োঁ
এক্স. শিক্ষক: – (খঙত চেলাউৰি পকাই) হুহ, দেখিলেই গম পায় | দেখা নাই আজিকালিৰ ছোৱালীবোৰ কিমান চোকা, সকলো প্ৰশ্নৰ উত্তৰ সলসলীয়াকৈ দিব পাৰে… তোমালোক ল’ৰাবোৰৰ হে একো উন্নতি নাই …
ছাত্ৰ: – চ’ৰী চাৰ….

 

2 thoughts on ““ভাইভা:: মৌখিক পৰীক্ষা” (শান্তনু চাংমাই)

  • January 7, 2013 at 11:11 am
    Permalink

    খুউব আমোদ পালোঁ৷ হাঁহি উঠে যদিও কথাটো মিছা নহয়৷ কলেজীয়া জীৱনত এনে বহু অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ….৷

    Reply
  • January 10, 2013 at 12:20 pm
    Permalink

    খুউব হাঁহি উঠিছে….

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!