ভাপত দিয়া মাছ — অভিজিত দত্ত

প্ৰচণ্ড বৰষুণ৷ ছোৱালীজনী লাহে লাহে আগবাঢ়িছে৷ তাই বৰষুণত ভিজিছে৷ তিতিউঠা কাপোৰৰ ভাজে ভাজে দেহৰ সমগ্ৰ অংশ জিলিকি উঠিছে৷ ছাতি লৈ যোৱা দুই এজন মানুহে তাইৰ ফালে ৰ লাগি চাই আছে৷ চিগাৰেট এটা জ্বলাবলৈ তাই বাৰে বাৰে চেষ্টা কৰিছে৷ হঠাৎ চিগাৰেটটো মাটিত সৰি পৰিছে৷ লগে লগে চিনেমাৰ দৃশ্যটোৰ সমাপ্তি ঘটিছে৷
বিশাল আৰু দৰ্শনা হলটোৰ পৰা ওলাই আহিল৷

বিশাল বাথৰুমৰ পৰা আহি চকী এখনত বহি পৰিল৷ দৰ্শনা পাকঘৰত সোমাল৷ সামুদ্ৰিক মাছখিনি তাই ভাপত দিয়াৰ ব্যৱস্থা কৰিলে‌৷বিশালে পুনেৰ কোম্পানী এটাত কাম কৰে‌৷ অসমৰ নলবাৰী জিলাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা উঠি অহা ল’ৰা সি৷ আজি দুমাহমান আগতে ঘৰৰ মতত সি দহ কিলোমিটাৰ দূৰৰ দৰ্শনাৰ স’তে বিয়াত বহিছিল৷ মাক-বাপেকৰ ইচ্ছা অনুযায়ী সি দৰ্শনাক তাৰ কৰ্মস্থানলৈ লৈ আহিছে৷সেই বিশালে বৰ্তমান তাৰ মৰমৰ ছোৱালী এজনীৰ কথা ভাবি আছে৷
গুজৰাটৰ অনিন্দিতা শ্বাহক লগ পোৱাৰ দিনাখন সি তাইক প্ৰচণ্ড অহংকাৰী ছোৱালী এজনী বুলি অনুমান কৰি লৈছিল৷ তাইৰ মুখত টিফিন টাইমৰ সময়ত শোভা কৰা চিগাৰেটডালে তাইৰ বেপেৰোৱা স্বভাৱটো প্ৰায়েই প্ৰকাশ কৰিছিল৷ আৰু সেই অনিন্দিতাৰ স’তে হৃদয়ৰ তাগিদা অবিহনে সি এটা ৰাতি যাপন কৰিছিল৷ তিনিমহলীয়া বিল্ডিংটোৰ পৰা সি লক্ষ্য কৰিছিল তাইক৷ কাহিলিপুৱাতে তাই চিগাৰেট হুপি হুপি গাড়ীখন ষ্টাৰ্ট দি গুচি গৈছিল৷ ক্ষন্তেক পাছতেই কেঁচা মাছৰ ভেকেটা-ভেকেট গোন্ধ এটা সি নিজৰ শৰীৰত আৱিষ্কাৰ কৰিছিল৷
দৰ্শনাই মাছখিনি ভাপত দিছে৷ তাই বৰ সন্তুষ্ট নহয়৷ কিবা এটা গোন্ধে তাইক আমনি কৰিছে৷ বোধকৰো মাছখিনি বেয়া আছিল৷ ভাপত দিয়া গোন্ধ এটাৰ স’তে আন এটা গোন্ধ আহি তাইৰ যেন নাকত লাগিছিল৷ সেইয়া পোৰা মাছৰ গোন্ধ৷ বিদ্ৰোহীসকলৰ এটাই যে পিছলৈ সিহঁতৰ ঘৰলৈ আহি আছিল, তাৰ দেহটোত যেন সদায়েই পোৰা মাছৰ গোন্ধ এটা লাগি আছিল৷ বিধৱা মাকৰ কাকূতি-মিনতি লাহে লাহে নিস্তব্ধ হৈ পৰিছিল‌৷ এক শ্বাসৰুদ্ধ হতাহতিৰ পিছত সি নিহত হৈছিল৷ আৰ্মিৰ দলটো অহাৰ আগতে সি তাইৰ স’তে থকা বন্ধ কোঠাটোত সি হুপি থকা দামী চিগাৰেটটোৰ অৱশিষ্ট অংশটো দলিয়াই আঁতৰি গৈছিল৷ বৰষুণৰ সেই ৰাতিটোত সি নিহত হৈছিল‌৷ তাৰ দেহটো বৰষুণৰ এডোঙা পানীত পৰি জিপজিপীয়া হৈ পৰি আছিল৷
দৰ্শনাই ভাত আৰু মাছৰ আঞ্জাৰ বাটিটো থৈ বিশালক ভাত বঢ়াৰ খবৰটো দিলে৷ সিহঁত দুয়োটাই ভাতৰ পাতত বহাৰ সময়ত সি ক’লে, “মাছখিনি কিবা এটা ভাল লগা নাইহে৷ গোন্ধ এটা পাই আছো৷ মই নাখাওঁয়েই নেকি নহলে?”
দৰ্শনাই তাক জোৰ নকৰিলে৷ মূৰটো দুপিয়াই তাই কলে, “হয়তো, ময়ো কিবা এটা পোৰা গোন্ধ পাই আছো৷ হ’ব দিয়া, নিমখ অলপ লৈ লোৱা৷”
সিহঁত দুটা ভাত খাই পাটিত পৰিল৷ আচৰিত ভাবে সমগ্ৰ নিশাটো সিহঁতে উজাগৰে কটাইও ইটোৱে-সিটোৰ স’তে এটাও বাক্যব্যয় নকৰিলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!