ভাষা কোৱাৰ লাজ (- নীলাঞ্জনা মহন্ত)

 

অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি থাকোতে মাতৃভাষাৰ প্ৰতি অন্ধ প্ৰেম ইমানেই আছিল যে ইংৰাজী কাকত বা আলোচনী পালেও নপঢ়িছিলো, ভাব হৈছিল ইংৰাজী দেখোন গোটেই পৃথিৱীয়ে জানে, পঢ়ে, লিখে৷ কিন্তু আমাৰ অসমীয়া ভাষাটিহে যিমান পাৰি পঢ়িব লাগে পঢ়ুৱাব লাগে লোককো পাৰিলে৷ মহাবিদ্যালয়ত যেতিয়া কেইজনমান শিক্ষকে ইংৰাজীৰ বাদে অসমীয়াৰ অ-টোও নকয় তেতিয়াহে নিজৰ অকৰামিখিনি উপলব্ধি কৰিলো৷ পিছে ইংৰাজীত কেঁচা মই অকলে নাছিলো, দেখিছিলো যে লগৰ কেইবাজনীৰো একেই অৱস্থা, আনকি ইংৰাজীত লেটাৰ লৈ অহা দুগৰাকীমানৰো তথৈবচ৷ ঠিক কৰিলো, ৰেপিডেক্স ইংলিচ স্পীকিং ক’ৰ্চ কিনি পঢ়িম, ঘৰত চেণ্টিনেলখন উধৰ পৰা মূধলৈকে পঢ়িম পুৱা বা গধূলি যেতিয়াই পাওঁ আৰু আমিকেইজনীমানে মনে মনে ইংৰাজীতে কথা পাতিম৷ এদিন জুলজীৰ ক্লাচৰ পৰা ফিজিক্সৰ ক্লাচলৈ দৌৰি থাকোতে অসাবধানবশতঃ কিবা এটা সৰু ইংৰাজী বাক্য ইমান ডাঙৰকৈ কৈ পালো যে আগে আগে গৈ থকা ইংৰাজীত ফৰফৰাব পৰা লগৰে দুজনীমানে ৰৈ ঘূৰি চাই দিলে৷ বৰ লাজ পালো৷ ভুল ক’লো যেন লাগিল৷ কিন্তু যাক কথা কৈ আছিলো তাই আকৌ বুকু ফুলাই ক’লে, দেখিছ, এতিয়া আমিও ইংৰাজী জানো বুলি সিঁহতে গম পাই গ’ল নহয় এতিয়া কিমান পাট্টা পাবি চাই থাক৷ জুলজীৰ পৰীক্ষাত এবাৰ কিবা এটাৰ উদাহৰণ শামুক বুলি জানো, ইংৰাজী প্ৰতিশব্দটো মনত নপৰেহে নপৰে৷ samookবুলি লিখী থৈ আহিলো৷ বহীবোৰ তেতিয়া ঘূৰাই দিছিল, দেখিলো যে বাইদেৱে সেইটোত যি নম্বৰ পাব লাগে তাকেই দিলে, কটা নাই৷ তাৰ পিছত সাহস কৰি জুলজীৰ বাইদেউক অকলে লগ কৰি এদিন মোৰ ইংৰাজীৰ অৱস্থা কোৱাত বাইদেউৱে মিহলাই লিখিলেও হ’ব বুলি ক’লে৷ আৰু ক’লে যে আমি ভাষাৰ পৰীক্ষা নলওঁ নহয়, তোমালোকে বিষয়টো কিমান জানা সেয়াহে চাম৷ একেটা কথাকে ফিজিক্সৰ এজন চাৰক সুধি গালি খালো – এইকণ ইংৰাজী নেজানিলে কেনেকৈ হ’ব?

তাৰ পিছৰ জীৱনত বহুবাৰ ঠেকা খাইছো ইংৰাজীৰ দূৰ্বলতাৰ বাবে৷ এইটো কাৰণতে দুটামান চাকৰিও গ্ৰুপ-দিছকাচনৰ পৰ্যায় পোৱাৰ লগে লগেই শেষ৷ কাৰণ ইংৰাজী নোলায় মুখেৰে৷ এনেকুৱা নহয় যে একেবাৰে নোৱাৰিছিলো, কিন্তু কিবা এটাই জিভাৰ আগত জেওঁৰা দি ৰৈ থাকে যেতিয়াই আকৌ ক’ব লগা হয়৷ কিয় জানো ইংৰাজী কিতাপো পঢ়ি বেছি ভাল নেপাইছিলো দেখোন৷ আগতে বিদ্যালয়ৰ ইংৰাজী দ্ৰুতপাঠবোৰ বুজিবৰ কাৰণে নিজৰ কাৰণে প্ৰথমেই অভিধান চাই চাই অনুবাদ কৰি লৈছিলো৷ তথাপিও নহৈছিল, আৰু মোৰ এটা ডাঙৰ অসুবিধা বহুদিনলৈ আছিল- ঘৰৰ বা চিনাকী মানুহৰ আগত মুখেদি ইংৰাজী মৰি গ’লেও নোলায়! বেমাৰেই নেকি সেইটো!

এদিন এনেকুৱা সময় আহিল ইংৰাজী শুনিবও লাগে, ক’বও লাগে, টাইপিঙো কৰিব লাগে সকলো সময়তে৷ মাতৃভাষাত এষাৰি মাত শুনিবলৈ, এষাৰ কথা পঢ়িবলৈ কেতিয়া পাম পাম যেন লগা সময়তে ইণ্টাৰনেটত এই সকলোখিনি সুবিধা পাবলৈ ধৰিলো৷ পিছে ভাষা কোৱাৰ লাজটো কিয় হয়? লক্ষ্য কৰিছো আজিৰ দিনৰ ল’ৰা-ছোৱালীবোৰ তেনে নহয় দেখোন, আচলতে আমাৰ দিনতো ইমান নাছিল, মোৰ দৰে দুজনীমান ‘গাৱঁলীয়া’ ছোৱালীৰ বাদে৷ অসমীয়া মাধ্যমত পঢ়িছে বুলি কোনেও ইংৰাজীত অসহজ নহয়৷ এয়া হয়তো ইণ্টাৰ্নেটৰ পৰোক্ষ সুফল৷ কিন্তু হয়তো কুফলো আছে- কিছুমান ল’ৰা-ছোৱালীয়ে হেনো অসমীয়া নকৈ ইংৰাজীহে কয়, অসমীয়াত পঢ়ি অহা বুলিও নকয়, সেইটো পিছে অতিপাত তাঁৰ ছিঙা কথা!

অনুভৱ হয় ভাষা যিমানেই জনা যায়, সিমানেই ভাল৷ এতিয়া মোৰ ছোৱালীহঁতক নিয়মীয়া চেকআপত নিওঁতে চিকিৎসকে প্ৰায়ে সোঁৱৰাই দিয়ে, যাতে ঘৰত মাতৃভাষাহে যাতে কওঁ৷ নহ’লে সিহঁতে বুজি পালেও কোৱাৰ লাজ এটাৰ কাৰণে কোনোদিনে পুৰাকৈ নিশিকিব৷ এই যে জানিলেও বা বুজিলেও কোৱাৰ লাজ, অসহজ ভাৱটো কিছুমান মানুহৰ কিয় হয় বাৰু? বহুদিনৰ পৰা ভাবি আছো কিয়, কাৰণ এবাৰ আৰম্ভ কৰিলে অভ্যাসটো ৰাখিলে খোকোজা ভাৱবোৰ আতঁৰি যায়৷ যিকোনো ভাষা শিকাৰ আগ্ৰহ, মাতৃভাষাত কথা কোৱাৰ উৎসাহ যাতে বাঢ়ি যায়, হয়তো ঘৰখনতেই হওক বা আৰু ল’ৰা-ছোৱালীৰ পঢ়াশালিতেই হওক, শিক্ষাগুৰু তথা অভিভাৱক হিচাবে আমাৰ দায়িত্ব বহুত! তথাপি কেতিয়াবা হাৰি যাওঁ দেখোন লাগে৷ মোৰ ছোৱালীহঁতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে, স্বেচ্ছাসেবী দল এটিয়ে ইয়াত কণকণহঁতক অসমীয়া শিকায়, তালৈও পথাওঁ, ঘৰত উধাই মুধাই অসমীয়াই কওঁ, তথাপিও সিহঁতে নিজৰ মাজত ইংৰাজীহে কয়৷ মৰম কৰি সোধো প্ৰায়ে, মই ইংৰাজী ভালকৈ নেজানো, বুজিয়ে নেপাওঁ, কৈ ভালো নেপাওঁ, মোৰ লগত, মোৰ সমুখত সদায় অসমীয়া ক’বাচোন? সিহঁতে কয় সিহঁতৰ হেনো লাজ লাগে, কিজানি ভুল হয় কওঁতে৷ সেয়ে কেতিয়াবা অসমীয়া কয় কেতিয়াবা নকয় দুষ্টকেইজনীয়ে, মনত পেলাই দিব লাগে – অসমীয়াত কোৱাচোন!

মোৰো আছিল এসময়ত, ইংৰাজী কোৱাৰ লাজ, এতিয়া ছোৱালীহঁতৰ অসমীয়া কোৱাৰ লাজ! ভাষা কোৱাৰ লাজ! কিন্তু কিয়?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!