ভাৰতবৰ্ষ আৰু ভাৰতীয়ৰ সম্পৰ্কত অকবৰ সদস্যৰ মতামত

(সম্পাদকৰ টোকা : ভাৰতবৰ্ষ আৰু ভাৰতীয়ৰ সম্পৰ্কত অকবৰ সম্পাদকে “অসমীয়া কথা-বতৰা” গোটত উত্থাপন কৰা  কেইটামান প্ৰশ্নৰ সহাঁৰি হিচাবে পোৱা মতামত ৷ অকবৰ বহুকেইজন সদস্য/সদস্যাই এই সম্পৰ্কে নিজৰ মতামত দাঙি ধৰে )

::প্রশ্নসমূহ::

১)আপুনি এজন ভাৰতীয় বুলি গৌৰৱ অনুভৱ কৰেনে ?
২) বৰ্তমান সময়ৰ কোনজন ভাৰতীয়ক আপুনি নিজৰ আদৰ্শ হিচাবে গ্ৰহণ কৰিব খোজে ? তেওঁৰ কি বিশেষ গুনে আপোনাক আকৃষ্ট কৰেবা উৎসাহিত কৰে ? আপুনি নিজৰ কাৰ্যক্ষেত্ৰ আৰু জীৱনত সেই গুনৰ দ্বাৰা পৰিচালিত হৈছেনে ?
৩)প্ৰায়১২০ কোটি জনসংখ্যাৰ দেশ হোৱাৰ উপৰিও বহুতো সম্পদত চহকী আমাৰ দেশ আজিও এখন তৃতীয় বিশ্বৰ দেশ ৷ দেশৰ এই অৱস্থাৰ বাবে কাক আপুনি জগৰীয়া বুলি ভাবে ?
৪) ভাৰতবৰ্ষক সকলো দিশতে এখন সৰ্বশক্তিমান দেশ কৰি তুলিবলৈ কি কি উপাদানৰ প্ৰয়োজন ? দেশৰ উন্নিতকৰণত আপুনি কিদৰে অৰিহনা যোগাব খোজে ?
৫)ভাৰতবৰ্ষৰে বেলেগ এখন ৰাজ্যত আপুনি এটা চাকৰি পোৱাৰ পাছতো আপুনি চাকৰিটো কৰিবলৈ বিচৰা নাই ৷ অৰ্থাৎ অসম এৰি যাবৰ মন নাই ৷ এনেকুৱা আপোনাৰ ক্ষেত্ৰত হৈছে নেকি ? চাকৰিটো নকৰি আপুনি এতিয়া ক’ত আৰু কি কৰি আছে ? আপুনি আপোনাৰ কামত সম্পূৰ্ণ সুখীনে ?

::মতামতসমূহ::

ঈশান জ্যোতি বৰা:
১)কঁৰো
২)এ.পি.জে.আব্দুল কালাম ৷ কৰ্মনিষ্ঠা আৰু সৰলতা ৷ হৈছো ৷
৩)নিজৰ দ্বায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অৱহেলা প্ৰদৰ্শন কৰি কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে অহৰহ চেষ্টা চলাই যোৱা প্ৰতিজন ভাৰতীয়ই দেশৰ এইঅৱস্থাৰ বাবে জগৰীয়া ৷
৪) প্ৰতিজন মানুহে নিজৰ দেশক ভালপাব লাগিব , প্ৰতিজন মানুহেই নিজৰ কামঠিকমতে কৰিব লাগিব ৷ দ্বায়িত্বশীল হ’ব লাগিব ৷নিষ্ঠাবান আৰু সৎ হ’ব লাগিব ৷ প্ৰয়োজনানুসৰি ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিব পৰাকৈ সবল মনৰ গৰাকী হ’ব লাগিব ৷ অতি আৱেগিক নহৈ অলপ পেছাদাৰী(প্ৰফেছনেল) মনৰ গৰাকী হ’ব লাগিব ৷
কৰ্মক্ষেত্ৰত নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰি যাম ৷
৫)মোৰ ক্ষেত্ৰত তেনে নাইহোৱা ৷

প্ৰতিম প্ৰতাপ বৰুৱা :
১)কৰোঁ,
২) তেনে কোনো বিশেষ ব্যক্তি নাই । কিন্তু এজন মানুহৰ কাম কৰাৰ ষ্টাইলটো মই যিমান পাৰো অনুকৰণ কৰিবলৈ চেষ্টা কৰোঁ । তেখেতে প্ৰায় ৪৫ বছৰ বয়সত IAS ৰপৰা ৰিজাইন কৰি বৰ্তমান এটা মাল্টিনেচনেল কোম্পানীত ভাইচ প্ৰেচিডেণ্ট । আন বহুবোৰ গুণৰ উপৰিও তেখেতৰ পলকতে সিদ্ধান্ত লব পৰা ক্ষমতা, আৰু অতিশয় কঠিন পৰিস্থিতিতো শান্ত হৈ থাকিব পৰা গুণদুটাই মোক বৰকৈ আকৰ্ষিত কৰে । এতিয়াও তেখেতৰ লগত প্ৰায় সদায়েই কথা পাতোঁ ।
৩) ভাৰতৰ পলিটিকেল চিষ্টেমটোক
৪)সততা আৰু নিজৰ দেশৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা । এতিয়ালৈকে কামত ফাঁকি দি বা নিজৰ পজিচনৰ সুবিধা লৈ অন্যায় অনীতিত লিপ্ত হৈ পোৱা নাই ।
৫) মোৰ ক্ষেত্ৰত তেনে হোৱা নাছিল । মই মোৰ কামত সম্পূৰ্ণ সুখী । কাৰণ মোৰ ব্যক্তিগত প্ৰয়োজন কম ।

ভগৎ লাল দত্ত :
১) নাজানো।
২) কোনো বিশেষ ব্যক্তি নাই। “সকলোৱেই জিনিয়াছ নিজৰ নিজৰ স্তৰত”।
৩) কাকো দোষী বা জগৰীয়া বুলি নাভাবো কাৰণ ভাৰত তথা আমি ভাৰতীয় সকল সামুদায়িকভাৱে বিবৰ্তনৰ দৌৰত অনেক পিছ পৰি ৰ’লো। এইটো এটা সামুদায়িকবিফলতা।
৪) মূৰৰ ‘বিকাশ’। নিজৰ মূৰতো বিকশিত কৰাৰ চেষ্টা কৰি আছোঁ।
৫) অসমত চাকৰি ? হাঃ হাঃহাঃ ! এই জনমত পোৱাৰ সম্ভাৱিতা নগণ্য।

ঋতুপৰ্ণ গোস্বামী :
১) কৰোঁ।
২) প্রকাশ কাৰাট, সম্পাদক, Communist Party of India (Marxist). হৈছোঁ।
৩) চৰকাৰৰ পুঁজিবাদী অর্থনৈতিক নীতি যেনেঃ নব্য উদাৰবাদ, মুক্ত বজাৰ অর্থনীতি আদি। লগতে আমেৰিকাৰ দৰে সাম্রাজ্যবাদী শক্তিৰ বহতীয়া হোৱা (শেহতীয়া উদাহৰনঃ ইৰান আৰু ভাৰতৰ কুটনৈতিক সম্পর্ক)
৪) সমাজতন্ত্রৰ বিকল্প নাই। বিশ্বৰ যিকোনো দেশৰ উন্নতিৰ চর্ত হৈছে সমাজতন্ত্রৰ প্রতিষ্ঠা।
এজন সমাজতন্ত্র প্রতিষ্ঠাৰ আন্দোলনৰ অংশীদাৰ হিচাপে।
৫) নাইহোৱা।

ৰূপম শৰ্মা :
১)কৰোঁ।
২)ড. এ.পি.জে. আব্দুল কালাম। দেশাত্মবোধ আৰু কৰ্তব্যনিষ্ঠা। চেষ্টাকৰিছোঁ।
৩)মোৰ মতে জনসংখ্যা বৃদ্ধি,দুৰ্নীতিপৰায়ণ নাগৰিক আৰু চৰকাৰ প্ৰধানকৈ জগৰীয়া।
৪)জীৱিকা উপাৰ্জনৰ বাবে সৎ পথ বাছি লোৱা প্ৰতিজন নাগৰিকে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াকৈ নিষ্ঠাৰে কাম কৰিব লাগিব।
৫)নাইহোৱা।

উৎপল এছ ভড়ালী :
১. কঁৰো |
২. ভাৰতীয় হিচাপে মোৰ পূজনীয় পিতাই একমাত্র আদৰ্শ ব্যক্তি | সৰুৰে পৰা দেখি অহা ধৈৰ্য,দয়া,ক্ষমা আৰু সাহসী গুণে মোক সদায় অকৰ্ষণ কৰে আৰু সেইগুণে পৰিচালিত এজন নাগৰিক মই |
৩. বৰ্তমান ৰাজনীতিত মধ্যভোগীৰ শোষণ আৰু সমানে সমানে অনাকাংশিত বংশবৃদ্ধি
৪. উদ্যোগীকৰণ আৰু সামাজিক উন্নয়ন
৫. হৈছে কাৰণ জন্মভূমিৰ মৰম | সম্পূৰ্ণ সূখী নহয় নক্ষত্রৰ দোষ |

ললিত বৰা :
১)কঁৰো
২)এ.পি.জে.আব্দুল কালাম ৷ কৰ্মনিষ্ঠা আৰু সৰলতা ৷
৩)নিজৰ দ্বায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অৱহেলা প্ৰদৰ্শন কৰি কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে অহৰহ চেষ্টা চলাই যোৱা প্ৰতিজন ভাৰতীয়ই দেশৰ এইঅৱস্থাৰ বাবে জগৰীয়া ৷
৪) প্ৰতিজন মানুহে নিজৰ দেশক ভালপাব লাগিব , প্ৰতিজন মানুহেই নিজৰ কাম ঠিকমতে কৰিব লাগিব ৷ দ্বায়িত্বশীল হ’ব লাগিব ৷নিষ্ঠাবান আৰু সৎ হ’ব লাগিব ৷ প্ৰয়োজনানুসৰি ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবপৰাকৈ সবল মনৰ গৰাকী হ’ব লাগিব ৷ অতি আৱেগিক নহৈ অলপ পেছাদাৰী(প্ৰফেছনেল) মনৰ গৰাকী হ’ব লাগিব ৷
কৰ্মক্ষেত্ৰত নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰি যাম ৷
৫)সুখী | নিজৰ শৈক্ষিক যোগ্যতা অনুসৰি অসমত চাকৰি পোৱাৰ সুবিধা বহুত কম | অদূৰ ভৱিষ্যতে সুবিধা পালে নি্শ্চয়কৈ অসমলৈ ঘূৰি যাম | নাপালেও বাহিৰতে থকাত কোনো অসুবিধা নাই |

আফটাৰ হুছেইন চৌধুৰী:
১) কৰোঁ৷
২)এ.পি.জে.আব্দুল কালাম৷ কৰ্মনিষ্ঠা আৰু সৰলতা৷ নাজানো৷
৩)অশিক্ষিত ভোটাৰ আৰু ধুৰ্ত ৰাজনৈতিক নেতা তথা আওপুৰনি ৰাজনৈতিক ব্যৱস্থা৷
৪) প্ৰতিজন মানুহে নিজৰ দেশক ভালপাব লাগিব, নিজক নহয়৷ প্ৰতিজন মানুহেই নিজৰ কাম ঠিকমতে কৰিব লাগিব৷দ্বায়িত্বশীল হ’ব লাগিব৷নিষ্ঠাবান আৰু সৎ হ’বলাগিব৷ প্ৰয়োজনানুসৰি ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবপৰাকৈ সবল মনৰ গৰাকী হ’বলাগিব৷ অতি আৱেগিক নহৈ অলপ পেছাদাৰী মনৰ গৰাকী হ’ব লাগিব৷
ওপৰোক্ত গুণসমুহ আহৰণ আৰু অনুসৰণ কৰাৰ চেষ্টা কৰিম৷
৫)মই অযোগ্যই চাকৰিয়েই পোৱা নাই সেয়ে মোৰ ক্ষেত্ৰত নাখাটে৷

মিন্তু বৰগোঁহাই:
১)কৰোঁ ।
২/ মোৰ দেউতা মোৰ বাবে বৰ্তমান সময়ৰ আদৰ্শ ব্যক্তি । দেউতাৰ কৰ্তব্যনিষ্ঠা আৰু সৰলতা গুণে মোক আকৃষ্ট কৰে আৰু নিজেও সেই গুণে পৰিচালিত হবলৈ চেষ্টাকৰিছো ।
৩/ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা আৰু দুৰ্নীতি ।
৪/ সকলো ক্ষেত্ৰতে হৈ থকা সীমাহীন দুৰ্নীতি ৰোধ কৰিব পাৰিলেই দেশখন বহুদুৰ আগুৱাইযাব । নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আহিছো ।
৫/হৈছে । জীৱনৰ প্ৰথম চাকৰিটো ঝাৰখণ্ডত পাইছিলো । অসমতে থাকি চাকৰি কৰিম বুলি ভাবিয়েই যোগদান নকৰিলোঁ । বৰ্তমান অসমতে থাকি চাকৰি কৰাৰ সৌভাগ্য পাইছোঁ আৰু বহুকেইজন নিবনুৱা লোকক কৰ্মসংস্থাপন দিব পাৰিছো আৰু সেইবাবে মই নিজৰ কামত সুখী ।

ৰাজীৱ ৰঞ্জন :
১) কঁৰো
২) শচীন টেণ্ডুলকাৰ। একাগ্ৰচিত্তে দীঘলীয়া সময় নিজৰ ভালপোৱা কামটো অত্যাধিক চাপৰ মাজতো কৰি যাব পৰাৰ গুণটোৰ কাৰণে। চেষ্টা চলাই আছো :-)।
৩) দুৰ্নীতি + এলাহ + অকল নিজৰ লাভৰ কথাহে চিন্তা কৰা গুণটো।
৪) নাজানো। হয়টো প্ৰকৃত জ্ঞানৰ বিকাশ আৰু সম্প্ৰসাৰ।
৫) মোৰ ক্ষেত্ৰত এনে হোৱা নাই। কিন্তু ওলোটাতো হ’লে, মানে অসমত যদি যোগ্যতাৰে চাকৰি এটা পাওঁ, নিশ্চয় ঘুৰি যাম

ডা: ভূপেন্দ্ৰ শইকীয়া:
১) কৰোঁ
২) মই মোৰ স্কুলীয়া শিক্ষাগুৰু প্ৰয়াত টি পি টেলংগজী চাৰক মোৰ আদৰ্শ বুলি গণ্য কৰোঁ৷ তেখেতৰ উক্তি ” ডাক্তৰ হিচাবে লগতে মানুহ হিচাবেও ভাল হবলৈ যত্নপৰ হবা” মই মানি চলিবলৈ অন্তৰেৰে প্ৰয়াস কৰোঁ৷
৩) দেশৰ দুৰৱস্থাৰ কাৰণ বৰ্দ্ধিত জনসংখ্যা আৰু সকলো স্তৰতে সীমাহীন দূৰ্নীতি বুলি মই ভাবোঁ ৷
৪)শিক্ষাৰ সম্প্ৰচাৰ, সকলোৰে বাবে সুলভ স্বাস্থ্য ব্যৱস্থাৰ ওপৰিও জনগণৰ সততাইহে দেশখনক আগুৱাই নিব পাৰিব৷ মোৰ অৰিহনা – ব্যক্তিগতভাৱে মই দূৰ্নীতিগ্ৰস্ত হোৱা নাই আৰু আগলৈও নহওঁ৷
৫)বৰ্তমান মই দেশৰ বাহিৰত কৰ্মৰত৷

ৰঞ্জিত গোবিন্দ বৰা :
২)শ্ৰদ্ধাৰ ব্যক্তি বহুত। আদৰ্শ ব্যক্তি হিচাপে জীৱিত কাৰো কথা মনলৈ অহানাই। মই সৰু সৰু মানুহৰ মাজত ভাল ভাল কথা বিচৰি ফুৰো। যেনে ৰিক্সাত উঠিঘৰলৈ গ’লো। পকেটৰ পৰা ম’বাইলটো ৰিক্সাত পৰি গ’ল। ৰিক্সাৱালাই সেইটো ঘৰত দিথৈ গ’ল। জোতা পলিচ কৰিবলৈ যাওঁতে মানিবেগখন মাটিত পৰিল, মুচিয়ে সেইখন বুটুলি সযতনে থৈ দি পিচত জোতা নিবলৈ যাওতে ওভতাই দিলে। তেনে সততা নিজৰ মাজত চাববিচাৰো।
৩) দেশখন এতিয়াও ভুল মানুহৰ হাতত আছে। নেতৃত্ব আৰু সঠিক পৰিকল্পনাৰঅভাৱ।
৪) সৰ্বস্তৰৰ পৰা দুৰ্নীতি নাইকিয়া কৰা বা হোৱাতো অতিকৈ জৰুৰী।

উৎপল খাটনিয়াৰ:
১) নকঁৰো|
২)মোৰ মা | মই সদায় এখেতৰ আদৰ্শৰে আগবাঢ়ি আহিছো |
৩)দেশৰ দুৰৱস্থাৰ কাৰণ বৰ্দ্ধিত জনসংখ্যা ,সকলো স্তৰতে সীমাহীন দূৰ্নীতিৰ লগতে ৰাজনৈতিক বিচক্ষনতাৰ অভাৱ |
৪) ভাৰতবৰ্ষক সকলো দিশতে এখন সৰ্বশক্তিমান দেশ কৰি তুলিবলৈ হ’লে পোনপ্রথমে স্কুলিয়া পাঠ্যক্রম সলনি কৰিব লাগিব | ভুগোল আৰু বুৰঞ্জীৰ বিষয়েৰে ছাত্রসকলক দেশৰ প্রতি সজাগ কৰি তুলিব লাগিব | কাৰিকৰী জ্ঞান ল’ব পৰা বিষয় সমুহ অন্তৰ্ভুক্ত কৰি ছাত্রসকলৰ উৎপাদনশীল মন এটি গঢ়ি তুলিব লাগিব | ৰাজনৈতিক নীতি সমুহ সলনি কৰিব লাগিব |মই মোৰ লিখনিৰ দাৰা মানুহৰ মাজত সজাগতা বঢ়াবলৈ চেষ্টা কৰিছো|
৫)বৰ্তমান মই অসমৰ বাহিৰত কৰ্মৰত৷

লক্ষেশ্বৰ হাজৰিকা:
১) কৰোঁ ।
২) নিৰ্দিষ্ট এজন নাই। বিভিন্ন ক্ষেত্ৰত যি সকলে সৰুৱেই হওঁক বা ডাঙৰেই হওঁক দেশৰ উন্নতিত বিভিন্ন ধৰণে অৰিহণা যোগাইছে সেই সকলৰ বিশেষ গুণে আকৃষ্ট কৰে। সেই বিশেষ গুণৰ অধিকাৰী হ’বলৈ মন যায়।
৩) দেশৰ দুৰৱস্থাৰ বাবে দেশৰ শাসন যন্ত্ৰৰ লগতে, দুৰ্নীতি,কামৰ প্ৰতি অনীহা, ক’লা-বজাৰ আদিয়েই প্ৰধান।
৪) দেশখন এখন জাকত জিলিকা,সৰ্বশক্তিমান ৰূপে গঢ়ি তুনিবলৈ হ’লে –দুৰ্নীতিমুক্ত নিকা প্ৰশাসন যন্ত্ৰৰ লগতে সকলোৱে নিজ নিজ ক্ষেত্ৰত সততা আৰু নিষ্ঠাৰে কাম কৰি যাব লাগিব। মই নিজে দেশৰ তথা সমাজৰ উন্নতিৰ হকে নিজৰ কৰ্মক্ষেত্ৰত সততা আৰু নিষ্ঠাৰে কাম কৰি গৈছো আৰু সামাজিক কামত নিজে সাধ্যানুসৰি ব্ৰতী হৈছো।
৫) মোৰ ক্ষেত্ৰত এনে হোৱা নাই কাৰণ মই এইখন অসমতে চাকৰি কৰি আছো আৰু মই মোৰ কৰ্মক্ষেত্ৰত সেৱা আগবঢ়াই যথেষ্ট সুখী।

বিক্ৰমজিৎ কাকতী:
১) হয়
২) হিমন্ত বিশ্ব শৰ্ম্মা :বাক পটুতা , তীক্ষ্ন মেধা, সমৰ কলা | মই সেই গুণ আহৰণ কৰিব পৰা নাই এতিয়াও
৩) দূৰ্নিতি |
৪) নতুন একো উপাদানৰ প্ৰয়োজন নাই| দূৰ্নীতিৰোধ কৰাৰো প্ৰয়োজন নাই , মাথো প্ৰত্যেক ভাৰতীয়ই নিজে দূৰ্নিতি নকৰিলেই হ’ল , একদম simple |
৫) হয়মই বাহিৰলৈ নাযাও | অসম এৰি যাবৰ মন নাই | চাকৰি কৰা হয় মূলতঃ পইছাৰ বাবে , ঘৰতে বহি একো নকৰাকৈ পইছা আহি থাকিলে কোনেনো বাহিৰলৈ যাব কওঁকচোন !

মাধুৰীমা ঘৰফলীয়া :
১.কৰোঁ
২.মোৰ মা আৰু মোৰ এগৰাকী বান্ধৱীক মই মোৰ আদৰ্শ হিচাপে সদায় অনুসৰণ কৰি আহিছোঁ ।
৩.ৰাজনৈতিক ব্যৱস্থাটোক, ভাষা ধৰ্ম সম্প্ৰদায়ৰ নামত গঠন হোৱা সংগঠন সমুহক ।
৪.প্ৰতিজন ব্যক্তিয়ে সত হ’বলৈ শিকিব লাগিব । আনৰ দোষবোৰ সমালোচনা কৰাৰ আগতে মানুহে নিজলৈওউভতি চাব । উপদেশত কৈ আৰ্হি ভাল এই কথাটো নিজৰ শিৰে-শিৰে বোৱাই নিব লাগে ।
৫. তেনে হোৱা নাই যদিও মই অসমৰ বাহিৰতেই স্বামীৰ চাকৰি সূত্ৰে আছো হি । আৰু প্ৰতি দিনেই মই মোৰ অসমৰ ঘৰখনৰ অভাৱ অনুভৱ কৰোঁ ।

ৰুদ্ৰ নাৰায়ন বৰকাকতী :
১)হয়
২)ড0 আব্দুল কালাম ছাৰ ৷ ভৱিষ্যদ্রষ্টা বিজ্ঞানীজনৰ সততা আৰু সৰলতা গুণ ৷ উৎসাহিত হওঁ ৷
৩)আমি নিজে
৪)তীব্র জাতীয়তাবোধ,-এক জাতি, এক দেশ । নিজৰ বিৰুদ্ধে যুদ্ধ, ষড় ৰিপুৱে অনবৰতে আক্রমণ কৰি থকা নিজৰ স্বাৰ্থৰ বিৰুদ্ধে যুদ্ধ ৷
৫)তেনে হোৱা নাই ৷

হিমাশ্ৰী ভাগৱতী :
১) কঁৰো
২) আব্দুল কালাম ৷ তেওঁৰ কৰ্মনিষ্ঠা আৰু লালসাবিহীন মনটোৱে মোক আকৃষ্ট কৰে ৷ তেওঁৰ আদৰ্শৰ দ্বাৰা মইঅনুপ্ৰাণিত ৷
৩)ভাৰতবৰ্ষক মই দুখীয়া দেশ বুলি নাভাবো ৷ আমাৰ দেশ বাকী দেশবোৰতকৈ কোনোগুনে কম নহয় ৷ আমাৰ মানুহবোৰ মনৰ দুখীয়া ৷ যাৰ ফলত আমাৰ দেশ এতিয়াও উন্নতহ’ব পৰা নাই ৷ প্ৰতিজন মানুহৰ মন যেতিয়ালৈকে উন্নত নহয় তেতিয়ালৈকে আমাৰ দেশৰ উন্নতি নহয় ৷
৪)সৰু সৰু অলাগতিয়াল কথা বাদ দি মূল কথাবোৰত বেছি গুৰুত্ব দিলে তেতিয়া আমাৰ দেশৰ বহু সমস্যাৰ সমাধান হ’ব ৷
৫)যিহেতু মই এগৰাকী স্থপতি বিভাগৰ ছাত্ৰী সেয়ে এই মুহুৰ্ত্তত চাকৰি কৰাৰ প্ৰশ্ন নুঠে ৷ ভৱিষ্যতে চাকৰি কৰিলে অসমতে কৰিম ৷

নিবেদিতা হাজৰিকা :
১) কৰোঁ।
২) নিৰ্দিষ্টকৈ ক’ব নোৱাৰি কিন্তু বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ ব্যক্তিত্বই বিশেষ ভাৱে আকৃষ্ট কৰাৰ লগতে অুনপ্ৰাণিত কৰে। প্ৰভাৱিত নিশ্চয় হৈছোঁ।
৩) হয়তু সঠিক নেতৃত্বৰ আভাৱ। কিন্তু এই ক্ষেত্ৰত সৰ্বসাধাৰণেও কিছু সজাগ হোৱাৰ লগতে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিবই লাগিব।
৪) দুৰ্নীতিমুক্ত হ’ব লাগিব। নিজক একোজন দায়িত্বশীল নাগৰিক বুলি মানি লৈ প্ৰতিজন নাগৰিকে নিজ নিজ ক্ষেত্ৰত সাহস আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব।সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ সাধ্যানুসৰি দেশ তথা সমাজৰ বাবে সেৱা আগবঢ়াই আহিছো আৰু আগবঢ়াই যাম।

দিগন্ত মাধৱ শৰ্মা :
১) কৰোঁ
২) এই মুহুর্তত একক ভাবে কাৰো নামে মনলৈ আনিব পৰা নাই । বিভিন্ন সময়ত বিভিন্ন জনক আদর্শ হিচাবে লৈছো, যেতিয়াই কোনো এজনে কোনো এটা সময়ত মোক আকৃষ্ট আৰু উৎসাহিত কৰে । সেইজন এজন শাক-পাচলি বিক্রেতাই হওঁক কিম্বা কোনো সমাজসেৱকেই হওঁক । কিন্তু সঁচাকৈয়ে কৈছো যে মোৰ নিজৰ কাৰ্যক্ষেত্ৰ আৰুজীৱনত সেই আদর্শবান কেইজনৰ গুনৰ দ্বাৰা পৰিচালিত হৈছো নে নাই মই নিজেই জ্ঞাত নহয় । কিন্তু মই এটা কথাই জানো কাৰোবাৰ উপকাৰত আহিব নোৱাৰিলেও কেতিয়াও কাকো কোনো অপকাৰ কৰা নাই ।
৩) প্রথমতে মোক নিজকে, মই কি কৰিব পাৰিছো । অবেশ্যে মই এটা ‘চিষ্টেম’ ৰ মাজত সোমাই আছো । ‘চিষ্টেম’ টোত থকা দুর্নীতিপৰায়ণ লোক সকল, কাম কৰিব নজনা সকল, কি কৰিব লাগে নুবুজা সকল, এলেহুৱা সোৰোপা সকল ইত্যাদি ইত্যাদি ; এই আটাইবোৰকে জগৰীয়া বুলি ভাবো ।
৪) নিজৰ পৰিয়ালটোক, নিজে থকা ঠাইখনক, নিজৰ দেশখনক ভাল পাব লাগিব । আমি নিষ্ঠাবান আৰু সৎ হোৱাৰ উপৰিও দ্বায়িত্বশীলতা আৰু কৰ্তব্য নিষ্ঠা দেখুৱাবলাগিব ৷ যি কোনো সময়তে কিছু ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিব পৰাকৈ মনটোক সাঁজু কৰি ৰাখিব লাগিব । মই নিজে পৰা কামখিনিক সঠিক সময়ত সঠিক ভাবে সততাৰে কৰি আগুৱাই লৈ যাম ।
৫) মোৰ ক্ষেত্রত হোৱা নাই । অসমতে চাকৰি পালো আৰু কৰি আছো ।

জ্যোতি প্ৰকাশ নাথ :
১) কঁৰো।
২)এ. পি. জে. আব্দুল কালাম। দেশৰ প্ৰতি থকা দায়বদ্ধতা। হৈছো।
৩) দুৰ্নীতি।
৪) দুৰ্নীতিমুক্ত শাসনব্যৱস্থা। সকলোধৰণৰ সহায়।
৫) হৈছে। অসমতে তেনেকুৱা চাকৰি কৰি আছো। সম্পূৰ্ণ সুখী।

অয়ন উত্তম :
১) কৰোঁ
২) নীতিশ কুমাৰ (বিহাৰৰ মুখ্যমন্ত্ৰী); সততা, সততে ৰাজ্যবাসীৰ সৈতে যোগাযোগ ৰক্ষাকৰোঁতা, কৰ্মনিষ্ঠা। নাই পৰা, কাৰণ কাৰ্যক্ষেত্ৰত ৰাজনীতিৰ উৰ্ধত থাকোঁ, ব্যক্তিগতভাৱে মই ৰাজনীতিবিদ নহয়।
৩) তৃতীয় বিশ্বৰ দেশ দুখীয়া হৈ থকাৰ এটাই ব্যাখ্যা– বিশ্বায়ন।
৪) প্ৰতিৰক্ষা, বিত্ত বিভাগ উন্নত হ’ব লাগিব। দেশে বিচাৰিলে যিকোনো সময়ত সৎ আৰু কল্যাণমূলক কাৰ্যত আত্মনিয়োগ কৰিবলৈসাজু।
৫) বৰ্তমানলৈকে হোৱা নাই। অসম মুলুকতেই চাকৰি কৰি আছোঁ (ব্যক্তিগত, কাৰো কামত নাহে কি কৰি আছোঁ), সম্পূৰ্ণ সুখী।

ভাস্কৰজ্যোতি দাস :
১) কঁৰো।
২) এ. পি. জে. আব্দুল কালাম।সমস্যাসমূহৰ বিজ্ঞানসন্মত বিশ্লেষণ আৰু ধনাত্মক দৃষ্টিভংগীৰে ভৱিশ্যত পৰিকল্পনা। ক্ষমতা অনুযায়ী হৈছো।
৩) দূৰ্বল অন্তগাঠনি আৰু পৰিকল্পনা তথা ইয়াৰ সুবিধাত চলিথকা অবাধ দুৰ্নীতি ।
৪) সকলো দিশেৰে পুণৰ বিষ্লেষণ আৰু সকলো পৰ্যায়ত ইয়াৰ কাৰ্যকৰীকৰণ । সামৰ্থ্যানুযায়ী সকলোধৰণেৰে।
৫) হৈছে। সাধাৰন প্ৰশাসন বিভাগ, অসমত চাকৰি কৰি আছো। সম্পূৰ্ণ সুখী নহয় ।

বিকাশ শইকীয়া:
১) কঁৰো
২) আনক অনুকৰন কৰাতকৈ মই নিজৰ বিচাৰ বিবেচনাৰে চলিবলৈ ভাল পাওঁ ৷ জীৱনত লগ পোৱা প্ৰতিজন ব্যক্তিৰে ভাল দিশবোৰ হৃদয়ংগম কৰাৰ চেষ্টা কৰো
৩) দুৰ্নীতি ৷
৪) যোগ্য নেতৃত্বৰ প্ৰয়োজন ৷ নিজৰ ব্যক্তিগত, সামাজিক আৰু বৃত্তিগত দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ প্ৰয়াস কৰো
৫) পৃথিৱীৰ যিকোনো ঠাইত কাম কৰিবলৈ প্ৰস্তত ৷ .সৰু বা ডাঙৰ যিয়েই কাম নকৰো কিয়, কামটো নিখুতৰূপে কৰাটোৱেই প্ৰকৃত সুখ বুলি ভাৱো ৷

অঞ্জনা তামূলী :
১)নিৰুত্তৰ।
২) এজনৰ নাম লোৱা সম্ভৱ নহয় । জীৱনৰ প্ৰতিটো স্তৰত লগ পোৱা কিছুমান সৰু-বৰ মানুহৰ কিছুমান সাধাৰণ কামে মোক বাৰুকৈয়ে উৎসাহিত কৰে।নিশ্চয় হ‘বলৈ সক্ষম হৈছো ।
৩) চৰকাৰ আৰু উদ্যোগপতি সকলৰ বুজা পৰাক ।
৪)দেশৰ কৃষিখণ্ডৰ সৰ্বাঙ্গীন উন্নতি, গাওঁ অঞ্চলত শিক্ষাৰ প্ৰসাৰ আৰুস্বাস্থ্য ক্ষেত্ৰতগুৰুত্ব প্ৰদান কৰিব লাগিব নিঃস্বাৰ্থ ভাৱে । মইব্যক্তিগত ভাৱে একো কৰিব পৰা নাই যদিও বহু কেইটা সামাজিক অনুষ্ঠানৰ লগতজড়িত হৈ সমাজৰ হিতৰ বাবে সততাৰে কাম কৰি আছোঁ।
৫)মোৰ ক্ষেত্ৰত তেনে হোৱানাই । মই অসমতে ব্যক্তিগত খণ্ডৰ অধীনত একেটা প্ৰতিষ্ঠানতে ১৫ বছৰ সততা আৰুনিষ্ঠাৰে চাকৰি কৰি আহিছোঁ । মই মোৰ কৰ্মক লৈ সুখী।

সুৰজিৎ নেওঁগ:
১) কৰো
২) সাম্প্র্তিক কালৰ কোনো এজন ভাৰতীয়ক মই মোৰ আদৰ্শ হিচাপে গণ্য নকৰো ।ব্যক্তিগত ভাৱে কাৰো অন্যায় নকৰি, দুৰ্নীতিত নিমজ্জিত নোহোৱাকৈ, সকলো ধৰ্মকে সন্মান জনাই, নিজ ক্ষমতা অনুসৰি কৰ্ম সম্পাদন কৰি যিমান পৰা যায় সৎভাৱে জীৱ্ন ধাৰন কৰিবলৈ চেষ্টা কৰি আছো ৷ কিছু সফলো হৈছো ।
৩) গাইগুটিয়া ভাৱে আমাৰ লেতেৰা স্বভাৱ, অসহিঞ্চু মনোভাৱ আৰু আমাৰ ৬০ বছৰীয়া অপৰিপক্ক ৰাজনৈতিক বিচাৰধাৰা ।
৪) একেবাৰে তললৈ শিপোৱা দুৰ্নীতিৰ গুৰিটো ওভালিবলৈ হলে আমি প্রত্যেকেই দুৰ্নীতিক আন্তঃকৰনেৰে ঘিণ কৰিবলৈ শিকিলেই হ’ল ।
৫) হৈছে । আজিৰ পৰা ১৯ বছৰৰ আগতে ইঞ্জিনিয়াৰিং পাছ কৰি পূনেত ৬ মাহ মানচাকৰি কৰিছিলো । সেই সময়ত কানাডা, অষ্ট্রেলিয়া, ছিংগাপুৰ আৰু ছৌদিআৰবিয়াত চাকৰিৰ কেইবাটাও ভাল সুযোগ পাইছিলো যদিও ঘৰৰ ল’ৰা ঘৰলৈ ঘুৰি অহাৰ সিদ্ধান্ত লৈছিলো । কাৰক কেইবাটাও । বৰ্তমান মই ব্যক্তিগত খণ্ডৰ কোম্পানী এটাৰ CIO ৷ মই মোৰ বিভাগটোত মোৰ ক্ষমতা অনুযায়ী কেৱল থলুৱা লোককহে নিযুক্তি দিবলৈ চেষ্টা কৰি ১০০% সফল হৈছো যাৰ বাবে মই কেতিয়াবা কেতিয়াবা অন্য বহিৰাগতৰ ৰোষৰ বলি নোহোৱা নহয় ! আৰু সেইবাবেই মই আটাইতকৈসুখী ।

নিৱিৰ জোনাক :
১)কঁৰো।
২)জীৱনৰ জটিল পথত বহু চিনাকি/অচিনাকি লোকৰ জীৱন দৰ্শনে অন্তৰ চুইগৈছে। আগলৈ কেতিয়াবা বহলাই লিখিম বাৰু।
৩) বহু ক্ষেত্রত আমি নিজেই জগৰীয়াবুলিয়েই ভাবো।আমি আমাৰ ঘৰখনৰ , চুবুৰীটোৰ বা গাওঁখনৰ মানব সম্পদৰ সদ্ব্যৱহাৰ কৰিব কিমানদূৰ সক্ষম হৈছো ? দূৰ্ণীতি দূৰ্ণীতি বুলি গগন ফালিছো।কিন্তু ইয়াৰ সতে লিপ্ত নেতা পালিনেতাসকলক জানো আমিয়েই এটা দশকৰো অধিক কালধৰি জিকাই অহা নাই ? আচনিৰ ৰুপায়নহীনতা বা ধন হৰলুকী কাণ্ডৰ বাবে আমি বিষয়াবৰ্গক গুৱাল-গালি দিছো। কিন্তু চৰকাৰী সাসুবিধা গ্রহন কৰি তথা মৌনব্রত ধাৰণেৰে বিভাগীয় আদেশ পালন কৰি আমিও জানো পৰোক্ষভাবে ইয়াত উচতনি জোগোৱা নাই ? তাহানিৰ দিনৰেপৰা বিদেশী প্রব্রজনৰ দৰে এটা নিমিলা অংকত লাগি থাকি অনেক পাহোৱাল ডেকাক মৃত্যুমূখলৈ থেলি দিলো। কিন্তু পূজীবাদীৰ আগ্রাসন, থলুৱা সম্পদৰ অবাধ বহিৰ্গমন, স্থানীয় শিল্পোদ্যোগৰ মৃতপ্রায় অৱস্থা আদিৰদৰে জ্বলন্ত সমস্যাসমূহ যিবোৰৰ কৰাল গ্রাসে অসমক লাহে লাহে আবৰি ধৰিছে সেইবোৰৰ বিষয়ে আচৰিত ধৰনে আমি নিশ্চুপ।
৪) এক সবল মানসিক দৃষ্টিভংগীৰ প্রয়োজন আছে। জাতি ,ধৰ্ম,ভাষা, গোষ্ঠী নিৰ্বিষেশে বিভেদসমূহ কাষৰীয়া কৰি থৈএক উমৈহতয়া মঞ্চ গঠনৰ প্রয়োজন। দেশৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত উগ্র জাতীয়তাবাদ বিষৰ্জন দি জাতীয় সমস্যাবোৰৰ ক্ষেত্রত সহমত স্থাপন কৰাটোনিত্যান্তই প্রয়োজন। কিন্তু ব্যক্তি স্বাৰ্থই যেতিয়ালে আমাক মোহাচ্ছন্ন কৰিৰাখিব এনে পৰিৱৰ্ত্তন অসম্ভৱ।

মৌচুমী বৰি :
১)কৰোঁ
২)নির্দিষ্টকৈ মনলৈ অহা নাই;বিভিন্ন সময়ত বিভিন্নজনৰ দ্বাৰা অনুপ্রাণিত হৈছো।
৩) বিভিন্ন দায়িত্বত থকা দেশৰ মুৰব্বীসকল
৪)প্রতিজন নাগৰিকৰ সততাআৰু নিষ্ঠা,দুর্নীতিমুক্ত সমাজ।নিজৰ কর্তব্য,কাম নিষ্ঠাৰে পালন কৰি যাম।
৫)নাইহোৱা,বর্তমান মই অসমতে কর্মৰত আৰু সুখী

আদিত্য ৰঞ্জন দত্ত :
১.কঁৰো
২.এ.পি.জে.আব্দুল কালাম আৰু শচীন টেণ্ডুলকাৰ।চেষ্টা কৰো সদায় তেওঁলোকৰ দৰে হ’বলৈ
৩.স্বার্থপৰ স্বভাৱ
৪.সততা আৰু স্বার্থপৰহীনতা
৫.বাহিৰত আছো এতিয়া,কিন্তু সোনকালেই অসমমুখী হোৱাৰ ইচ্ছা এটা বুকুত আছে

সুব্ৰত গগৈ:‎
১) কঁৰো
২) আন্না হাজাৰে। তেওঁৰ সততাই আকৃষ্ট কৰে। মই নিজেও মিছা কথা কোৱা বা ঠগ-প্রৱঞ্চণা আদি নকৰো।
৩) দেশৰ নিৰক্ষৰতা আৰু ইয়াৰ সুবিধা উঠোৱা ৰাজনৈতিক নেতা।
৪) স্বাৱলম্বী হ’ব পাৰিলেই শক্তিমানো হ’ব পাৰিব। দেশৰ উন্নিতকৰণৰ বাবে এজননেতা হ’ব পাৰিলে ভাল আছিল, পিছে কেইটা ভোট পাওঁ সন্দেহ আছে কাৰণেপিছহুহুঁকা দি আছো।
৫) অসমত চাকৰিৰ বাবে যত্ন কৰিবলৈ ইচ্ছা নাই। ইয়াৰ কাৰণ দুটা
ক) অসমৰ চৰকাৰী চাকৰি বুলিলে পোনেই ঘোঁচৰ কথা আহি পৰে। মই ঘোঁচ দিবও নোৱাৰো, লবও নোৱাৰো।
খ) অসমৰ ব্যক্তিগত খণ্ডৰ চাকৰিৰ টকা কেইটাৰে মদ খাবলৈকে নুজুৰিব।
বর্তমান HP( Hewlett Packard )ত ছফ্টৱেৰ ইঞ্জিনিয়াৰ। দিল্লী এৰি যাবলৈ মননাই বাবে IBMৰ চাকৰি এটা এৰি দিছিলো।পিছে মই সুখী নহয়। খেতি কৰিবলৈ ইচ্ছাআছে। খেতিয়কলৈ ছোৱালী নিদিয়ে বাবে বিয়া পাতিবলৈ ৰৈ আছো। বিয়াখন হৈ যোৱাৰপাছত চাকৰি (চাকৰগিৰি?) বাদ দি খেতিত ধৰিম।

অজয় গগৈ :
১। কৰো।
২। অটল বিহাৰী বাজপেয়ী। এইজন ব্যক্তি ৰাজনীতিৰ উৰ্ধত বুলি গণ্য কৰো।যিকোনো দলত থাকিলেও তেওঁক একে ৰূপতেই পালোহেতেন বুলি ভাৱো। সাধাৰণ মানুহতকৈএই জন ব্যক্তি বহু বেলেগ।
৩। অপৰিপক্ক ৰাজনীতি। ৰাজনীতিকৰ মনত দেশৰ প্ৰতি সন্মানবোধ নাই। বিজ্ঞানী আৰু মেধাৰ প্ৰতি অৱহেলামূলক দৃষ্টিভংগীয়েদেশক তৃতীয় বিশ্বৰ শাৰীত থিয় কৰাই ৰাখিছে।
৪। উন্নত শাসন ব্যৱস্থা।ন্যায় ব্যৱস্থাৰ স্বতন্ত্ৰতা। প্রথমতে এই দুয়োটাৰ প্ৰয়োজন। সকলো দিশৰেপুণৰ বিষ্লেষণ আৰু সকলো পৰ্যায়ত ইয়াৰ কাৰ্যকৰীকৰণ । সামৰ্থ অনুযায়ী সকলোধৰণেৰে।
৫। সুখী।

জিন্তু দত্ত :
১)কৰোঁ ,
২) এ.পি.জে. আব্দুল কালাম । তেখেতৰ মহানুভৱতা, মানৱতা আৰু সকলোকেএকে দৃষ্টিৰে চোৱাৰ গুণবোৰে প্ৰতিপলে মোক অনুপ্ৰাণিত কৰি আহিছে ,
৩)ভাৰতবৰ্ষৰ লেতেৰা ৰাজনীতি আৰু ৰাজনীতিৰ নামত হোৱা ভ্ৰষ্টাচাৰ,
৪) শাসনৰগাদীত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কেৱল উপযুক্তজনক উপবিষ্ট কৰা আৰু মোৰবোধেৰে এই ক্ষেত্ৰত শিক্ষিত যুৱসমাজৰ যোগাত্মক অৱদান অপৰিহাৰ্য্য,
৫)এতিয়ালৈকে চাকৰিত মকৰল হোৱা নাই যদিও ভৱিষ্যতে কোনো অসুবিধা নহ’ব বুলিভাবোঁ ।

লক্ষ্মীকান্ত পাটিৰ:
১) কঁৰো |
২) আন্না হাজাৰে | সততা, উদ্যম আৰু নিৰ্ভীকতা | আংশিকভাবে |
৩) আমি নিজে |
৪) প্ৰতিজন নাগৰিকৰ সততা আৰু কৰ্মশীলতা | মোৰ নিজৰ গুণ অনুসৰি অবিৰাম চেষ্টা |
৫) বাহিৰতে চাকৰি কৰি আছো, কিন্তূ সম্পুৰ্ণ সূখী নহয় |

———————–X——————————-

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!