ভাৰতীয় বেংক নোটৰ বিষয়ে জানো আহক- উজ্জ্বল দিপ্লু গগৈ

লেখাটো পঢ়াৰ সময়ত আপোনালোকে হাতত বেংক নোট লৈ ল’লে বুজি পোৱাত সহায় হ’ব আৰু ভাৰতীয় পইচাৰ বৈশিষ্ট্যৰ বিষয়ে জানিব পাৰিব।
ভাৰতবৰ্ষত বৰ্তমানে ১, ২, ৫, ১০, ২০, ৫০, ১০০, ২০০, ৫০০ আৰু ২০০০ টকাৰ নোটৰ প্ৰচলন হৈ আছে। মুদ্ৰাৰ ক্ষেত্ৰত পঞ্চাছ পইচা, ১, ২, ৫, ১০ আৰু ২০টকাৰ প্ৰচলন হৈ আছে। ৰিজাৰ্ভ বেংক অৱ্ ইণ্ডিয়া আইন, ১৯৩৪ ৰ অধীনত অনুচ্ছেদ ২২ত ভাৰতীয় ৰিজাৰ্ভ বেংকক এই নোটসমূহ ইচ্চ্যু (Issue) কৰিবলৈ ক্ষমতা অৰ্পণ কৰা হৈছে। উল্লেখ কৰিবলগীয়া কথাটো হ’ল প্ৰচলিত নোটসমূহৰ ভিতৰত এটকীয়া নোটখন ভাৰত চৰকাৰে ইচ্ছ্যু কৰে। মুদ্ৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ মুদ্ৰাবিলাক ভাৰত চৰকাৰে কইনেজ এক্ট, ২০১১(Coinage Act, 2011)ৰ অধীনত মিণ্ট কৰে, মাত্ৰ প্ৰচলন ৰিজাৰ্ভ বেংকৰ মাধ্যমেৰে কৰে। পাঠকসকলক এই লেখাটোৰ জৰিয়তে প্ৰচলিত বেংক নোটবিলাকৰ সুৰক্ষা বৈশিষ্ট্যৰ বিষয়ে জনাবলৈ লোৱা হৈছে।
সুৰক্ষা বৈশিষ্ট্যসমূহ:
১) ৱাটাৰমাৰ্ক (Watermark): ৱাটাৰমাৰ্ক বেংকনোটৰ প্ৰধান বৈশিষ্ট্য। বেংকনোটখন পোহৰৰ বিপৰীতে দাঙি ধৰিলে ৱাটাৰমাৰ্ক দেখা পোৱা যায়। ৱাটাৰমাৰ্কটো বেংক নোট এখন প্ৰিণ্ট কৰাৰ সময়তে এনেভাৱে কৰা যায় যে ইয়াক নোটখনৰ অখণ্ড অংশ যেন লাগে। বৰ্তমান মহাত্মা গান্ধীৰ পট্ৰেইট আৰু নোটৰ মূল্যৰ সংখ্যাটো (ইলেক্ট্ৰটাইপ) ৱাটাৰমাৰ্ক কৰি দিয়া আছে।
২) সুৰক্ষা সূতা (Security Thread): আপোনালোকৰ প্ৰায় সকলোৱেই বেংক নোটৰ এই সুৰক্ষা সূতাডালৰ লগত পৰিচিত। এশটকা আৰু ইয়াৰ ওপৰৰ মূল্যৰ নোটবিলাক সামান্য বেঁকা কৰিলেই সুৰক্ষা সূতাডালৰ ৰংটো সেউজীয়াৰ পৰা নীলালৈ পৰিৱৰ্তন হোৱা দেখা যায়। এশ, দুশ আৰু পাঁচশ টকাৰ নোটত দেৱনাগৰী আখৰত ‘भारत’ আৰু ‘RBI’ বুলি লিখা থাকে। দুহাজাৰ টকাৰ নোটত ‘भारत’, ‘RBI’ আৰু ‘2000’ লিখা থাকে। তাৰ বাদে দহ, বিছ আৰু পঞ্চাছ টকাৰ নোটবিলাকৰ সুৰক্ষা সূতাডালত ৰং সলনি নহয়। এই তিনিধৰণৰ নোটত সুৰক্ষা সূতাডাল ডিমেটেলাইজড (Dematelised) ধৰণে থাকে আৰু এইবিলাকত ‘भारत’ আৰু ‘RBI’ লিখা থাকে।
৩) সুপ্ত চিত্ৰ (Latent Image): নোটখন চকুৰ পৰা সমতলকৈ ৰাখিলে সুপ্ত চিত্ৰ মূল্যসংখ্যাটো দেখা পোৱা যায়। মূল্যসংখ্যা এশৰ ওপৰৰ নোটবিলাক চকুৰ দৃষ্টিৰপৰা 45° কোণত লক্ষ্য কৰিলে সংখ্যাৰ মূল্যটো তলৰ অংশৰ বাওঁদিশে চুকৰফালে দেখা পোৱা যায়।
৪) সূক্ষ্ম অক্ষৰ (Micro Lettering): উচ্চ মানদণ্ডসম্পন্ন মেগনিফাইং গ্লাছ নতুবা মাইক্ৰস্কপৰ সহায়ত সূক্ষ্মভাৱে লিখা আখৰবিলাক দেখা পোৱা যায়। মহাত্মা গান্ধীৰ বাওঁদিশৰ কান্ধত ‘India’ আৰু ‘भारत’ বুলি লিখা যায়। সূক্ষ্ম আখৰবিলাক নোটখনৰ পাছফালে থকা ‘মটিফ’(নোটৰ পাছফালে খোদিত চিত্ৰ যেনে: মংগলযান, লালকিল্লা ইত্যাদি)তো দেখা যায়।
৫) ইণ্টেগ্লিও প্ৰিণ্টিং(Intaglio Printing): নোটখনত চিয়াঁহী অলপ বেছিকৈ ঢালি আখৰ, ছবি বিলাক ওফন্দি উঠাকৈ প্ৰিণ্ট হয় যিবিলাক হাতৰ স্পৰ্শত গম পোৱা যায়। এশটকীয়া আৰু ওপৰৰ নোটবিলাকত মহাত্মা গান্ধীৰ পৰ্ট্ৰেইট, অশোক স্তম্ভৰ প্ৰতীক, গাৰেণ্টী অংশ, গৱৰ্ণৰৰ চহী, প্ৰমিজ অংশ, ৰিজাৰ্ভ বেংকৰ প্ৰতীক, ব্লীড লাইনচ আৰু চিনাক্তকৰণ চিহ্নকেইটা চুই চালে অলপ ওফন্দি থকা যেন অনুভৱ হয়।
৬) চি থ্ৰু ৰেজিষ্টাৰ (See through Register): এইটো এটা বিশেষ ডিজাইন য’ত বেংকনোট এখনৰ দুয়ো দিশে আংশিকভাৱে আৰু সম্পূৰ্ণ বিপৰীত দিশে প্ৰিণ্ট কৰা হয়। পোহৰৰ বিপৰীতে লক্ষ্য কৰিলে ডিজাইনটো অকল এটা ডিজাইন যেন লাগে।
৭) প্ৰতিপ্ৰভা (Fluorescence): এইধৰণৰ বিশেষভাৱে সজ্জিত সুৰক্ষা ব্যৱস্থাত কিছুমান অপ্টিকেল ফাইবাৰ (Optical Fibre) আৰু প্ৰতিপ্ৰভা চিয়াঁহী থাকে যিবিলাক মাত্ৰ আল্ট্ৰাভায়’লেট চাকিৰ সহায়ত চালেহে জিলিকি উঠা দেখা যায়। দুইধৰণৰে ৰঙবিলাক থাকে, ‘ৰঙা+হালধীয়া’ আৰু ‘নীলা+সেউজীয়া’।
৮) ৰং সলনি হোৱা চিয়াঁহী (Colour Shifting Ink): দুশ আৰু ওপৰৰ বেংকনোটৰ সন্মুখৰফালে ৰূপী প্ৰতীকচিহ্ন আৰু মূল্য সংখ্যাটোৰ ৰং সলনি হোৱা চিয়াঁহীৰে প্ৰিণ্ট কৰা হয় (সেউজীয়াৰপৰা নীলালৈ)।
৯) ক্ষুদ্ৰ আকাৰৰপৰা বৃহৎ আকাৰলৈ থকা সংখ্যা (Ascending Font of Numbers): বেংক নোটৰ নম্বৰটোৰ প্ৰথমাংশক এৰি দ্বিতীয় অংশৰ নম্বৰটোৰ আকাৰ সৰুৰপৰা ডাঙৰ কৰি প্ৰিণ্ট কৰা হয়।
১০) কোণীয় ব্লীড লাইনচ (Angular Bleed Lines): 2016ৰ পাছৰ নোটবিলাকত এইটো বৈশিষ্ট্য যোগ কৰা হৈছে। নোট এখনৰ বাওঁফালে অশোক স্তম্ভৰ প্ৰতীকৰ ঠিক ওপৰত Intaglio Printingত থকা এই লাইনবিলাক থাকে।
যেনে: এশ টকাত // //
দুশ টকাত // oo //
পাঁচশ টকাত // / //
দুহাজাৰ টকাত / // / // /
১১) চিনাক্তকৰণ চিহ্ন (Identification Mark): দৃষ্টিহীন লোকসকলৰ সহায় হোৱাকৈ চিনাক্তকৰণ চিহ্নবিলাক উচ্চ মূল্যৰ বেংকনোটত Intaglio Print কৰি ৰখা হৈছে।
যেনে: এশটকাত ত্ৰিভুজ
দুশ টকাত ‘H’
পাঁচশ টকাত বৃত্ত আৰু
দুহাজাৰ টকাত আয়তৰ চিহ্ন দিয়া হৈছে।
(লেখাটিৰ আঁৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৱেবচাইটৰ সহায় লোৱা হৈছে। )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!