ভাৰ্চুৱেল পৃথিৱীৰ তিক্ত ৰিয়েলিটী আৰু কিছুমান ষ্টুপিদ ইম’ছ’ন -(পংকজ বৰা )

-পংকজ বৰা

——————-

কুৰৰৰ….গুৰৰ….কাঁউটটট….কাঁউটটট….  পেটৰ পৰা কিবা অঁকোৱা-পঁকোৱা অদ্ভূত শব্দ এটা ওলাইছে , হঠাৎ মই সঁচকিত হ’লো ৷ কম্পিউটাৰ মনিটৰৰ পৰা চকু আঁতৰাই ঘড়ীটোলৈ চাইদেখিলো সন্ধিয়া ৭ বাজিলে ৷ েততিয়াহে মনত পৰিল, সি সেই দুপৰীয়া ১ বজাতে দুটুকুৰা ব্ৰেদ-চীজ্ অলপ চালাদ , এবটল চুগাৰফ্ৰী ক’ক আৰু ৩ মান বজাত একাপ ক’লা চুগাৰলেছ্ কফিখাইছিল ৷ পৰাণজ্যোতি বৰুৱা, ইউনিভাৰ  লাঞ্চৰ আগেয়ে  কোপেনহেগেনৰ পৰা প্ৰফেছাৰহেনৰিকে মেইল কৰিছে ৷ “হিউমেন গাট মাইক্ৰ’বায়ম” নামৰ ইউৰোপীয়ান ইউনিয়ন বৃহৎমেটাজিন’মিকচ্ প্ৰকল্পটোৰ ১২০ গিগাবাইট ডাটা এফ টি পি কৰিছে  ইন্টাৰ ইউনিভাৰ্ছিটিহাইস্পীড ক্লাউদ চাৰ্ভাৰলৈ ৷ ডাটাখিনি হাইপাৰফেঞ্চ কম্পিউটিং লেবৰ চুপাৰচিকউৰটী ষ্টৰেজএৰিয়া নেটৱৰ্ক ড্ৰাইভলৈ ট্ৰাঞ্চফাৰ কৰি দুটামান ফাইল খুলি ল’লে ৷ এই গোটেইসোপাএনালাইজ কৰিবলৈ আমাৰ ১০৬০ টা ন’দবিশিষ্ট কম্পিউটাৰ ক্লাষ্টাৰটোৰ ৫০০ টামান প্ৰচেছৰআৰু ২০০ জিবিমান ৰেম যে অহাকেইদিন মানত  লাগিব খাটাং বুজি পালো ৷ লৰাল’ৰিকৈচাৰ্ভাৰত নিজৰ শ্লটটো বুক কৰিবলৈ চালো ! হে ভগৱান, চুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰিবলৈওদেখোন আজিকালি ৰাইজৰ দীঘলীয়া কিউ ৷ লাইফত কিমান আৰু কিউত থাকিম ! সৰুতে চৰকাৰী ৰেচনৰ দোকানত কেৰাচিন তেল আনিবলৈ কিউ, চিনেমাহ’লত টিকেট কাটিবলৈ গৈকিউ, ডাক্তৰৰ তাত গৈ কিউ, ট্ৰেইনৰ টিকেট কাটিবলৈ ৰাতিপুৱা ৪ বজাতে উঠি কিউ, আৰুএতিয়া ইয়াতো… উফ্ অসহ্য !   বহুদিনৰ পৰা অধীৰ অপেক্ষাৰে ৰৈ থকা  ডাটাখিনি পাই তাৰমাজত এনেকৈ সোমাই পৰিলো যে চাৰিওফালৰ পৃথিৱীৰ কথা পাহৰিয়ে থাকিলো ৷ পেটৰকেৰ্কেৰণী মৰা অদ্ভূত শব্দটোতহে  বুজিলো আনৰ পেটৰ জিন’মিকছ্ বুজি থাকোতে নিজৰেইপেটৰ পেলু কেটাই বিদ্ৰোহ কৰি  উঠিছে ৷ খাৰখোৱা অসমীয়া ভতুৱা পেট, পশ্চিমীয়া ব্ৰেদবাটাৰ খাই ক’ত টিকিব পাৰে !   ড্ৰয়াৰত কিবা খোৱাবস্তু  আছেনেকি চালো ৷ নাই একোৱেইনাই, কেইবাদিনো দোকানলৈ যোৱাই হোৱা নাই, পিপুসিশো স্বভাৱৰ ধোদ অসমীয়াৰ এলেহুৱা গুণৰ চূড়ান্ত নিদৰ্শণ ৷  আমাৰ কোনোবা অসমীয়াৰ জিন’ম চিকুৱেঞ্চ কৰিলে অন্ততঃ এটাহ’লেও যে ইউনিক্ এলেহুৱা স্বভাৱৰ জিন  পোৱা যাব খাটাং ! বাইচাঞ্চ মই যদি  পাঁও তাৰ নাম’ধোদ’ জিন বুলিও ইতিমধ্যে মনে মনে ঠিক কৰি ৰাখিছো ৷

বাৰু যাই হওক, আজিলৈ অফিচৰ কাম কাজ সামৰি ল’ৰা-লৰিকৈ ঘৰলৈ ওলালো ৷ গৈয়েই চিধাই ৰান্ধনিঘৰলৈ গৈ কিবা এটা ঠিয়ৈ ঠিয়ৈ খাই লৈহে কাপোৰ-কানি সলাম৷ ডাটাবোৰ কথাভাৱি-ভাৱি বাছত উঠিলো ৷ কাণৰ গান-শুনাযন্ত্ৰটোত কালি ৰাতি এনাজৰী ডট্ কমতহিমজ্যোতিয়ে আপল’ড কৰা কেইটামান পুৰণি অসমীয়া গান বাজিছে ৷ বাহিৰত মৃদু তুষাৰপাত৷ ভোক আৰু ভাগৰৰ তন্দ্ৰাত চকু কেইটা কেতিয়া জাপ খায় গ’ল গ’মেই নেপালো ৷

*****************

“কাম ইন মিষ্টাৰ বৰুৱা আৰু মিচেছ্ বৰুৱাণী, আহক আহক আপোনালোকৰ বাবে অপেক্ষা কৰিআছিলো ৷”-  হস্পিতালৰ সুন্দৰী ৰিচিপশ্যনিষ্ট জনীয়ে দম্পত্তি হালক স্বাগতম জনালে ৷  তেখেতসকল গৈ চোফাখনত বহাৰ পাচত সুন্দৰী গৰাকীয়ে ৰেষ্টুৰেন্টৰ মেনুৰ নিচিনা কাগজকেইখখনমান আগবঢ়াই দিলে ৷ দুয়োজনে  বহি মেনুখন তন্ন-তন্নকৈ চাই নিজৰ মাজতেআলোচনা কৰিলে ৷ বৰুৱা ছফ্টোৱেৰ ইঞ্জিনীয়াৰ, আই আই টি কাণপুৰৰ পৰা পাছ কৰি এতিয়াছান-ফ্ৰান্সিছকোত থাকে ৷ পত্নী বৰুৱাণী আই আই এম আহমেদাবাদৰ টপাৰ আৰু এতিয়া এটাএম এন চিৰ ভাৰতীয় কাৰ্য্যালয়ৰ ভাইচ্ চেয়াৰমেন, থাকে মুম্বাইত৷ নিজৰ নিজৰ কেৰিয়াৰৰ লৈআত্মপ্ৰতিস্থাৰ বাবে সফলতাৰ পিছত নিগনিৰ দৰে দৌৰিছে দুয়োজন ৷ ব্যক্তিগত জীৱনৰ বাবেহাতত সময় নিচেই সময় ৷   অলপ পাচত পুনৰ সুন্দৰী ৰিচিপশ্যনিষ্ট গৰাকী আহিল আৰুদুয়োজনকে প্ৰখ্যাত আই ভি এফ স্পেচিয়েলিষ্ট ডাক্তৰ চোলাংকীৰ েচম্বাৰলৈ লৈ গ’ল ৷

“আহক আহক মিষ্টাৰ বৰুৱা আৰু মিচেছ্ বৰুৱাণী ৷ জীৱনৰ এই নতুন  সম্পদটো আহৰণকৰিবলৈ আগবঢ়াৰ শুভক্ষণত আপোনালো দুয়োকে শুভেচ্ছা জনাইছো ৷ আশাকঁৰো শাৰিৰীকআৰু মানসিক ভাৱে দুয়োজন প্ৰস্তুত ৷”   এনেকুৱা সৰু-সুৰা সৌজন্যমূলক বাৰ্তালাপৰ পাচতএইবাৰ এইবাৰ ডাক্তৰে সুধি গ’ল –

উচ্চতা  কিমান?

-পাঁচ ফুট ১১ ইঞ্চি

চুলিৰ ৰং ?

– গাঢ় ক’লা

গাৰ বৰণ ?

– ফেয়াৰ, আপোনাৰ মেনুট থকা গ্ৰেদিয়েন্ট অপ্চন ৩

চকুৰ ৰং?

– সোণালী,আপোনাৰ মেনুৰ অপ্চন ৬

ইম’চনেল লেভেল ?

– ম’দাৰেট, আপোনাৰ মেনুৰ গ্ৰেডিয়েন্ট অপচন ৪৷

দেহৰ গঠন ?

– এথলেটিক

লিংগ ?

– ছোৱালী

ব্ৰেষ্ট চাইজৰ কিবা প্ৰিফাৰেন্স আছেনেকি ?

চেক্সুৱেল প্ৰিফাৰেন্স কিবা, মানে ধৰক হ’ম’, হেটেৰ’, বাইচেক্সুৱেল ?

এনেধৰণৰ বহুবোৰ প্ৰশ্ন আৰু উত্তৰৰ পাচত ডাক্তৰে ক’লে “ঠিক আছে এতিয়া আপোনালোকসেই কক্ষটোলৈ যাওক ৷প্ৰথমে নাৰ্ছে দুয়োজনকে দুটা হৰ্ম’ন ইনজেকচন দিব ৷ তাতে ভাৰ্চুৱেলৰোমাঞ্চ চিমুলেটৰ মেচিনটো আছে ৷  মেচিনটোৰ ভিতৰত দুয়োজনে অলপ অন্তৰংগ মধুৰমুহুৰ্ত্ব কটাব ৷ লগে লগে ৰ’বটিকভাৱে আপোনালোক দুয়োজনৰ দেহৰ পৰা শুক্ৰাণু আৰু ডিম্বাণুসংগ্ৰহ কৰা হ’ব ৷ আপোনালোকৰ শুক্ৰাণু আৰু ডিম্বাণু টেষ্ট-টিউবত ফাৰ্টিলাইজেচনৰ পাচত আপোনালোকে দিয়া অপচন অনুসৰি জেনেটিকেলী প্ৰ’গেমিংৰ  কৰি আমি ভাৰাতীয়া মাতৃৰঅ’ভেৰীত সংস্থাপন কৰিম আৰু ৯ মাহ ৯ দিনৰ পাছত আপোনালোকে আহি ডেলিভাৰী ল’বপাৰিব ৷ লগতে এই কাগজখনত আপোনালোকৰ লগিন-পাছৱৰ্দ দিলো আপোনালোকেঅনলাইন প্ৰগেছ নিৰীক্ষণ কৰিব পাৰিব ৷ সৰ্বমুঠ খৰছ পৰিব ২ লাখ টকা ৷ এনেই ২,৩ লাখ হয়,কিন্তু অফচিজন বাবে  ফ্লেট্  ৩০ হাজাৰৰ অফাৰ দিছো ৷  এপ্ৰিলৰ পৰা আমাৰ হট্চিজনআৰম্ভ হ’ব ৷  আপোনালোক সঁচাকৈয়ে ভাগ্যবান৷ আমাৰ বেংক একাউন্টৰ সৱিশেষ  ইয়াতদিয়া আছে, অনলাইন ট্ৰেন্সফাৰ বা ক্ৰেদিট কাৰ্ড যোগে পেয়মেন্ট কৰিব পাৰিব ৷ শুভেচ্ছাজনাইছো, সুন্দৰ সন্তানৰ গৰাকী হওক !  ”

ডাক্তৰক ধন্যবাদ জনাই দম্পত্তিহাল বিশেষ কক্ষটোলৈ সোমাই গ’ল ৷

*****************************

“এক্সিউজ মি৷ ” এটা মিঠা মাত আৰু  চেদাক্টিভ্ পাৰফিউমৰ গোন্ধত মোৰ তন্দ্ৰা ভাগিল ৷ মোৰকাষতে বহি  অহা সুন্দৰী যুৱতীগৰাকী নামিবৰ হৈছে ৷ মইও চকু মোহাৰি বাহিৰলৈ চালো ৷ ধেট্তেৰিকা মই নামিব লগীয়া বাছ আস্থানৰ পৰা দুটা ষ্ট’প আগুৱাই আহিলো ৷ মইও খপজপকৈষোড়শী গৰাকীৰ লগতে নামি পৰিলো ৷  Patrick Süskind নামৰ জাৰ্মান লিখকজনৰ উপন্যাসৰ আধাৰত নিৰ্মাণ হোৱা হ’লীউদৰ প্ৰখাত পাৰ্ফিউম নামৰ ছবিখনৰ Jean-Baptiste Grenouille চৰিত্ৰটোলৈ মনত পৰিল ৷ এনে সুগন্ধিৰ নিচাত পৰিয়েই বেচেৰাই এজনীৰ পাচতআনজনীকৈ সুন্দৰীক হত্যা কৰিছিল, সিঁহতৰ শৰীৰৰ বিশেষ বিশেষ অংগৰ পৰা নিঃশৰিতগন্ধৰ সংমিশ্ৰণেৰে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চেদাক্টিভ পাৰ্ফিউম (ফেৰ’মন) তৈয়াৰ কৰিবলৈ ৷ ভোক,ভাগৰ, তুষাৰপাত, সুন্দৰীৰ দেহৰ চেদাক্টিভ্ পাৰফিউম আৰু পুৰণি অসমীয়া গানৰ নিচাৰমায়াপুৰীত মই প’ষ্ট জিন’ম চায়’ফিক সপোন এটা দেখি বাছৰ পৰা  নামিবলৈ পাহৰি থাকিলো ৷কলেজৰ ছাত্ৰ হৈ থাকোতে মোৰ মুৰলৈ এটা আইদিয়া আহিছিল “যদি কেনেবাকৈ জেনেটিকইঞ্জিনীয়াৰিং কৰি ফেৰ’মনৰ জিনটো আমাৰ কপৌফুল জোপাত সংস্থাপিত কৰি দিব পাৰি,ৰাতাৰাতি অমুকা বিল গেট্ছকৈও ধনী আৰু আমাৰ কপৌফুল জোপাও মাইক্ৰ’ছোফ্ট পিচিৰনিচিনা গ্লবেল ব্ৰেণ্ড হৈ গ’লহেতেন ৷”  আপুনি   কল্পনা কৰকছোন শোৱাকোঠাৰ টাবটোত বাপ্ৰিয়জনক আগবঢ়াই দিয়া ফুলৰ কুকীটোত এজোপা ফেৰ’মোন নিঃসৰণ কৰা কপৌফুল৷ হাঃহাঃ কৈশোৰৰ বলিয়ালি চিন্তাবোৰৰ কথা মনত পৰাত মই  মনে মনে হাঁহিলো ৷ সুন্দৰীযুৱতীজনীৰ চকুৱে চকুৱে পৰাত তাইয়ো হাঁহিলে ৷ কাঁউটটটটটটটটট ….. উফ্   পেটৰভোকটোৱে আকৌ কলমকটীয়াই ধৰিলে ৷ য’তে বাঘৰ ভয় ত’তে ৰাতি হয় !

এপাৰ্টমেন্টত সোমাবলৈ দুৱাৰমুখত ৰঁওতেই কাষৰ নিৱাসী মুকেশৰ লগত মুখা-মুখি হ’লো ৷দিল্লীৰ নিৱাসী মুকেশে আই আই টি ৰুৰকী আৰু আই আই টি দিল্লীৰ পৰা এম টেক্ আৰু পিএইচ্ ডি কৰি বৰ্তমান আমাৰ ইউনিভাৰ্ছিটিতে পোষ্ট ডক্তৰেট ছায়েন্টিষ্ট ৷ তাৰ পত্নী থাকেআমেৰিকাত , তাৰে এক প্ৰতিস্থানত স্থায়ীভাৱে কৰ্মৰত ৷ মুকেশো আছিল কিছুদিনআমেৰিকাত, কিন্তু জীৱিকাৰ বাবে নৰৱেলৈ অহা এবছৰমানো হোৱা নাই ৷ প্ৰায়ে মোৰ ওচৰলেআহি সুখ-দুখৰ কথা কয় , নিজৰ হাতৰ পেন্টাগ’নেল কিম্বা হেক্সাগ’নেল আধাসিঁজা বাজ্বলিজোৱা ৰুটী কেইখন হাতত লৈ  ঘৈণীয়েকে ৰান্ধি দিয়া সুস্বাদু ৰুটী কেইখনৰ কথা মনতপেলায়৷ বাৰু যি কি নহওক, আনদিনা হ’লে সি মোৰ লগতে  মোৰ এপাৰ্টমেন্টলৈ আহিলহেতেন৷ সি ক’লে যে তাৰ অনলাইন মিটিং এখন আছে গতিকে ৰুমলৈ যাব ৷ মই সুধিলো-” কিমিটিং”?  সি বোলে পত্নীৰ লগত মিটিং ৷ মই জোৰেৰে হাঁহিলো ৷ বোলো- “হেৰৌ মৰজাত মৰা,ঘৈণীয়েৰৰ লগত ই-দেটিং বুলি ক , কিহৰ মিটিং আকৌ ?”  সি বোলে সঁচাকৈ মিটিং ৷ঘৈণীয়েকৰ গা-ভাল নাই ৷ তাই থাকে অ’হায়’ত ৷ ডাক্তৰ আছে নিউয়ৰ্কত ৷ ডাক্তৰে তাইৰলগত অনলাইন মিটং কৰিব ৷ সিয়ো ইয়াৰ পৰা যোগ দিব ৷ মই নিজেও অফিচত অনলাইনভিডিঅ’ কনফাৰেঞ্চিং কৰিছো , সাহিত্য ডট্ অৰ্গ, ই-জোনাকী যুগ আদিৰ বাবে বহুত অনলাইনমিটিং কৰিছো , মা-দেউতাৰ লগতো দৈনিক ভিদিঅ’ বাৰ্তালাপ কৰিছো, কিন্তু মুকেশৰকথাকেইটাই মোক বহু কথা ভৱাই তুলিলে ৷  মনত পৰিছিল  মই যোৱাবছৰ  কোপেনহেগেনতথাকোতে দেউতা গুৱাহাটীৰ আই চি উ ত থকাৰ সময়ৰ কথা; মনত পৰিছিল সিদিনা ফ্ৰান্সতথকা বন্ধু ভগতলাল দত্তৰ মুম্বাইত থকা অকনমাণি ল’ৰাটোৰ জ্বৰহোৱাৰ দিনা সদায় ফুৰ্তিবাজ ভগতৰ সামান্য হ’লেও উদাস মুখখন কথা ৷    মুকেশে হাঁহি হাঁহি ভিতৰলৈ সোমায় গ’ল যদিওমই তাৰ হাঁহিৰ ফাঁকেৰে সৰকি অহা হুমুনিয়াহটো উপলব্ধি কৰিলো ৷ মানুহ যিমানেই যান্ত্ৰিকসুবিধাৰে সজ্জিত নহওক কিয় প্ৰেম, ভালপোৱা বা আপোনতাৰ এই শিকলিডাল হয়টোবিশ্বজনীন ৷ আজিকালি ক’ৰবাত-ক’ৰবাত  এই শিকলিডালটো যে মামৰে ধৰিছে সত্য, হ’লেওসেইবোৰ নিশ্চয় প্ৰাকৃতিকভাৱে নহয় পাৰিৱেশিকভাৱে হোৱা মিউটেছনৰ (আধুনিক বিজ্ঞানৰভাষাত এপিজেনেটিক ইফেক্ট বুলি কয়) ফল ৷

*****************************************************

ৰান্ধনিঘৰলৈ সোমায় গ’লো ৷ এইবাৰ ঘৰলৈ যাঁওতে মই গম নপোৱাকৈয়ে  মায়ে সান্দহৰটোপোলা দুটা বাকছত দি পঠাইছিল ৷ ভাগ্যক্ৰমে  অলপমান বাকি আছিলগৈ ৷ বাটি এটাতউবুৰিয়াই  লৈ  কল এটা আৰু বাটাৰ অকনমাণৰ সৈতে গাখীৰ অলপ ঢালি হাতেৰে ফেনেকিল’লো ৷ হাতো ধোৱা নহ’ল ৷ ঘৰত মায়ে দেখা হ’লে দিলেহেতেন এজাউৰি ভালকৈ ৷ বাহিৰৰপৰা অহা কাপোৰ সলাই হাত-ভৰি নোধোৱাকৈ খোৱা বাদ , পাকঘৰত প্ৰৱেশ নিষিদ্ধ ৷ “প্ৰৱাসতনিয়মাং নাস্তি” ৷ গতিকে একো নহয় ৷ লাডু কৰি কৰি সান্দহ খাইছো আৰু এক অজান তৃপ্তিতদেহ-মন পৰিতৃপ্ত হৈ পৰিছে ৷  বাৰু যিকি নহওক, খাই লৈ হাতখন ধুই  ৰুমলৈ আহিলো ৷

চেহ্ আজি মা-দেউতাৰ লগত কথা পতাও নহ’ল, মনতো অলপ বেয়া লাগিল ৷ এই জিন’মৰপোকডালে মাথাটো খাব মোৰ ৷ লেপটপটো খুলি লৈ আজিৰ পেপাৰখনত চকু ফুৰালো ৷ এখন আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰি কাকতৰ বক্স নিউজ – Ash’s lookalike shoots erotic video;  Sunny Leone’s latest  Twitpics ৷ এতিয়াও আধা জনসংখ্যাই এখন ৰুটীৰ বাবে হাঁহাকাৰ কৰি থকা  দেশত  যোৱা দুদিন ধৰি একে জেগাতে প্ৰথম পৃষ্ঠাত এই দুটা মুখ্য বাতৰি৷ হঠাৎদেখিলো  হেদলাইন  IPS officer crushed to death by mining mafia in Madhya Pradesh ৷ বাতৰিটো পঢ়ি ক্ষোভ, খং, হতাশাৰে জৰ্জৰিত মনটোক কিবা এটা অজান শোকেখুন্দা মাৰি ধৰিলে ৷  মাফিয়াৰ হাতত মৃত চম্বলত কৰ্মৰত মেধাৱী আই পি এছ বিষয়া নৰেন্দ্ৰকুমাৰ আৰু প্ৰসৱকালীন ছুটীত থকা দুৰ্ভগীয়া পত্নী গোৱালিয়ৰত কৰ্মৰতা আই এ এছ বিষয়ামধুৰাণীৰ কথা ভাৱিলো ৷ কেইদিননো চাগে তেঁওলোক দুয়োজনে একেলগে কটাবলৈ পালে ?দুয়োজনেইটো সুখৰ সংসাৰ কৰিব পাৰিলহেতেন, কিহৰ তাড়নাতনো  নৰেন্দ্ৰই অকলেমাফিয়াক প্ৰত্যাহ্বান জনাবলৈ গৈছিল , সমগ্ৰ ৰাজকীয় চিষ্টেমটোৱেই দেখোন ঘোৰ নিদ্ৰাত !আন বহুতক উৎসাহ জনোৱাৰদৰেই  যোৱা নিশা দিল্লীত অধ্যয়নৰত এজন ভাতৃ-সমন্ধীয়অসমীয়া ছাত্ৰক  সৰ্বভাৰতীয় প্ৰতিযোগিতা দি আই এ এছ /আই পি এছ হ’বলৈ জোৰ দিছিলো৷ তেঁও কৈছিল “কোনে এই দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক মাফিয়াৰ ভৃত্য হৈ কাম কৰিব?”  মই বহুতেঁওক যুক্তিৰে বুজাইছিলো যে তেনেকৈ চিষ্টেমটোক দোষ দি গা-এৰা দিলে নহ’ব ৷ আমাকভাল বিষয়া লাগিব , ভাল অসমীয়া বিষয়া লাগিব ৷ কাৰণ নামত গণতন্ত্ৰ হ’লেও আমাৰ শাসনব্যৱস্থা প্ৰকৃততে ব্যুৰোক্ৰেটেই চলায় ৷ অসমৰ দম আৰু দাম কেন্দ্ৰত বৃদ্ধি কৰিবলৈ  দিল্লীৰঅফিছে অফিছে অসমীয়া বিষয়া লাগিব, অসমৰ চুকে কোনে সৎ  অসমীয়া বিষয়া লাগিব ৷  আজি  দিনত কামৰ মাজটো তেজৰ নহ’লেও মনৰ সম্পৰ্কত এজন ভাতৃ-স্থানীয় বন্ধুৰ লগতআই এ এছ, আই পি এছ আদিৰ ইন্টাৰভিউ সংক্ৰান্তীয় কথা পাতি আছিলো ৷  হঠাতেই মনটোকলীয়া ডাৱৰে আগুৰি ধৰিলে ৷ লেপটপটো বন্ধ কৰি শুই পৰিলো ৷ মায়ে দি পঠোৱা সাদৰিহাতেৰে বনোৱা চেনেহৰ সান্দহখিনিয়ে পেটৰ ভোক নিমিশতে নাইকীয়া কৰিছিল ৷ সেইদিনাআৰু কিবা খোৱাৰ কোনো মানসিক প্ৰস্তুতি নাছিল ৷

ভাৰ্চুৱেল পৃথিৱীৰ তিক্ত ৰিয়েলিটী আৰু কিছুমান ষ্টুপিদ ইম’ছ’ন ৷ ডায়েৰীত অসম্পাদিত ৰূপতলিখি থ’লো ৷

 

(ইচ্ছাকৃত ভাৱেই বহুঠাইত অসমীয়া পৰিশব্দ ব্যৱহাৰ কৰা হোৱা নাই !)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!