ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড আৰু এণ্ট্ৰপে’(- দীপাংকৰ চেতিয়া)

আপোনাৰ খুউব দৰকাৰী কোনো বস্তু আপুনি এখন ক্ৰেডিট কাৰ্ড নথকাৰ বাবেই কিনিব পৰা নাই নেকি? নাইবা আপোনাৰ ফোনত (আই-ফোন বা এণ্ড্ৰইডত) কিবা এটা এপ্লিকেচনো আপুনি ক্ৰেডিট কাৰ্ড এখন নথকাৰ বাবেই কিনিব পৰা নাই। ইণ্টাৰনেটৰ ড’মেইন এটা কিনিব বিচাৰিছে, সেইটোৰ বাবেও আপোনাৰ ওচৰত থকা ডেবিট কাৰ্ডখন কামত অহা নাই আৰু আপোনাক এখন ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন হৈছে।
কিন্তু এইবোৰৰ বাবে আপুনি বিচাৰিলেই সহজেই যে ক্ৰেডিট কাৰ্ড এখন পাব সেইয়া আশা কৰিব নোৱাৰি, পশ্চিমীয়া দেশৰ তুলনা ভাৰতত ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ একেবাৰেই নগণ্য, ৰিজাৰ্ভ বেংকৰ নিয়ম-কানুন অনুসৰণ কৰি আৰু বেংক এটাক আপোনাৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে পতিয়ন নিয়াই (সকলোৰে বাবে যিটো সম্ভৱো নহয়) কাৰ্ড এখন পোৱালৈ আপোনাৰ দেহৰ ভালেখিনি ঘাম বাহিৰ হ’ব। এইক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰিব পৰা বিকল্প ব্যৱস্থাটো হৈছে, ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড। যদিহে আপোনাক প্ৰতিদিনে ক্ৰেডিট কাৰ্ড এখনৰ প্ৰয়োজন নাই, আৰু আপোনাক মাজে মাজে দুই এটা কামৰ বাবেহে ক্ৰেডিট কাৰ্ড এখন লাগে তেনেহ’লে ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড এখনেই আপোনাৰ বাবে উত্তম।
ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড (VCC) নো কি?

ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড হৈছে ইণ্টাৰনেটতে সৃষ্টি কৰিব পৰা আৰু ইণ্টাৰনেটতে ব্যৱহাৰ কৰিব পৰা এক ধৰণৰ ক্ৰেডিট কাৰ্ড, এনে এখন কাৰ্ডৰ বাবে আপুনি সাধাৰণ ক্ৰেডিট কাৰ্ডৰ দৰে কাৰ্ড নম্বৰ, CVV নম্বৰ, বৈধতাৰ তাৰিখ লাভ কৰিব। আৰু সাধাৰণ ক্ৰেডিট কাৰ্ডৰ দৰে এই নম্বৰ সমূহ ব্যৱহাৰ কৰি আপুনি ইণ্টাৰনেটত আপোনাৰ প্ৰয়োজনীয় যিকোনো সামগ্ৰী কিনিব পাৰিব বা অন্য ধৰণৰ লেন-দেন কৰিব পাৰিব।
ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড (VCC) এখন কেনেকৈ পাব পাৰিব?
ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড এখন আপুনি দুই প্ৰকাৰে লাভ কৰিব পাৰে, প্ৰথম উপায়টো হৈছে আপোনাৰ এটা ইণ্টাৰনেট বেংকিং একাউন্ট থাকিব লাগিব। (আজিকালি SBIকে ধৰি ভাৰতৰ প্ৰায়বোৰ আগশাৰীৰ বেংকে ব্যৱহাৰকাৰীক VCCৰ সুবিধা দিয়ে।) দ্বিতীয়টো উপায় হৈছে আপুনি আন কোনো ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড (VCC) সেৱা প্ৰদানকাৰীৰ তাত অনলাইন একাউন্ট খুলিব লাগিব (চিন্তা নকৰিব এইটো প্ৰক্ৰিয়া ফেচবুকৰ একাউন্ট এটা খোলাৰ দৰেই সহজ।) দুয়োটা প্ৰক্ৰিয়াৰে কিছুমান লাভ আৰু কিছুমান সীমাবদ্ধতা আছে।

ইণ্টাৰনেট বেংকিং একাউণ্টৰ যোগেদি ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড সাজিবলৈ, বেংক একাউণ্টটোৰ লগত আপোনাৰ PANকাৰ্ডৰ নম্বৰটো সংযোগ হৈ থাকিব লাগিব, SBI (e-card), Axis Bank (e-Wallet Card), HDFC Bank (NetSafe Card), ICICI (PayDirect Card?) কে ধৰি আৰু কেইবাটাও বেংকে এনে কাৰ্ড প্ৰদান কৰে, এনেকুৱা এখন কাৰ্ড পাবলৈ আপুনি আপোনাৰ ইণ্টাৰনেট বেংকিং একাউণ্টত লগ-ইন কৰি, সেই বিশেষ কাৰ্ডৰ বাবে থকা পৃষ্ঠাটোলৈ গৈ খুউব সহজেই কাৰ্ডখন ’জেনেৰেট’ কৰিব পাৰিব। নামত ক্ৰেডিট কাৰ্ড যদিও এইবিলাক একপ্ৰকাৰৰ ডেবিট (বা প্ৰিপেইড ক্ৰেডিট) কাৰ্ডহে। অৰ্থাৎ, এনে এখন কাৰ্ডৰ পৰা আপুনি যিমান টকা খৰচ কৰিব সেইখিনি আপুনি অন্য ক্ৰেডিট কাৰ্ডৰ দৰে খৰচ কৰাৰ পাছত নিদি, কাৰ্ডখন সৃষ্টি কৰাৰ পূৰ্বেই দিব লাগিব। কাৰ্ডখন সৃষ্টি কৰাৰ আগত আপুনি কিমান টকাৰ কাৰ্ড সাজিব সেইয়া নিৰ্দিষ্ট স্থানত উল্লেখ কৰিব লাগিব, তাৰ পাছত জেনেৰেট বুটাম ক্লিক কৰিলেই আপুনি আপোনাৰ ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ডৰ নম্বৰ, CVV নম্বৰ, বৈধতাৰ তাৰিখ লাভ কৰিব।

সুবিধা:
১) সাধাৰণ ক্ৰেডিট কাৰ্ডৰ দৰে ইণ্টাৰনেটৰ যোগেদি কৰা লেন-দেনত ব্যৱহাৰ কৰিব পাৰি।
২) প্ৰিপেইড হোৱাৰ বাবে আপুনি কিমান খৰচ কৰিব আগেয়ে নিৰ্ধাৰণ কৰিব পাৰিব।
৩) বৈধতাৰ তাৰিখ পাৰ হৈ যোৱাৰ পাছতো কাৰ্ডৰ সকলো টকা খৰচ নকৰিলে এইখিনি আপোনাৰ বেংক একাউণ্টলৈ আকৌ ঘূৰি আহিব।
অসুবিধা:
১) প্ৰায়বিলাকৰে বৈধতা মাত্ৰ এদিন, অৰ্থাৎ প্ৰতিবাৰেই লেনদেন কৰাৰ আগত আপুনি এখন নতুন কাৰ্ড সাজিব লাগিব।
২) প্ৰায়বিলাক কাৰ্ড মাত্ৰ ভাৰতীয় ৱেবচাইটতহে কাম কৰিব, টকাৰ বাহিৰে ডলাৰ বা পাউণ্ডত দাম উল্লেখ থকা বস্তু আপুনি এইবোৰেৰে কিনিব নোৱাৰিব।

ওপৰত দিয়া অসুবিধা সমূহৰ পৰা হাত সাৰিবলৈ আপুনি দ্বিতীয় প্ৰকাৰৰ ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব পাৰে। ইণ্টাৰনেটত বহুতো ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড (VCC) সেৱা প্ৰদানকাৰী আছে তাৰে কোনো এটাত আপুনি চাইন আপ কৰি আপুনি এখন VCC পাব পাৰে। অৱশ্যে এনে সেৱা প্ৰদানকাৰী নিৰ্বাচন কৰোঁতে সাৱধান হ’ব, নহ’লে কেতিয়াবা আপোনাৰ কষ্টোপাৰ্জিত ধন পানীত পৰিব পাৰে।
ভাৰতীয় সকলৰ মাজত সকলোতকৈ জনপ্ৰিয় ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড সেৱা প্ৰদানকাৰী হৈছে Entropay (www.entropay.com) , এণ্ট্ৰপে সুৰক্ষিত আৰু ব্যৱহাৰ কৰিবলৈ সহজ।
Entropay VCC এখন পাবলৈ আপুনি প্ৰথমে ৱেবচাইটটোলৈ গৈ, ৱেবচাইটটোত চাইন আপ কৰক, চাইন আপ কৰোঁতে শুদ্ধ তথ্য দিব। চাইন আপ সম্পূৰ্ণ হ’লে পুনৰ চাইন ইন কৰক। Entropayৰ কাৰ্ডবোৰো ওপৰত উল্লেখ কৰা কাৰ্ডবোৰৰ দৰে প্ৰিপেইড, VCC এখন জেনেৰেট কৰাৰ পূৰ্বে আপুনি আপোনাৰ Entropay একাউন্টত আপোনাৰ যিকোনো এখন (বা একাধিক) ডেবিট কাৰ্ড সংযোগ কৰিব লাগিব, এনেকৈ সংযোগ কৰা কাৰ্ডখনে আপোনাৰ জেনেৰেট কৰিব লগা নতুন ক্ৰেডিট কাৰ্ডখনৰ Funding Source হিচাপে কাম কৰিব (এই প্ৰক্ৰিয়া সম্পূৰ্ণ সুৰক্ষিত Entropay VISAৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।) Funding Source (অৰ্থাৎ ডেবিট কাৰ্ডখন) সংযোগ কৰিবলৈ Add New Payment Methods ক্লিক কৰিলেই হ’ল , সেইয়া সম্পূৰ্ণ হ’লে ই আপুনি Entropay VCC সাজিব পাৰিব, নতুন ভাৰ্ছুৱেল ক্ৰেডিট কাৰ্ড এখন সাজিবলৈ Add New Card ক্লিক কৰিব, তেতিয়া আপুনি আপোনাৰ একাউণ্টত নতুন ভাৰ্চুৱেল ক্ৰেডিট কাৰ্ডখন দেখিবলৈ পাব, প্ৰথম অৱস্থাত কাৰ্ডখনত বেলেঞ্চ শূন্য থাকিব, এতিয়া আপুনি এই কাৰ্ডখন প্ৰিপেইড মোবাইল ৰিচাৰ্জ কৰাৰ দৰে, আগতে সংযোগ কৰি ৰখা ডেবিট কাৰ্ড খনৰ পৰা টকা দি টপ-আপ কৰিব পাৰিব (নূন্যতম টপ-আপ ২০ ডলাৰ বা প্ৰায় ১২০০ টকা।) এনেকৈ এবাৰ টপ-আপ কৰিলেই আপুনি কাৰ্ডখন সাধাৰণ ক্ৰেডিট কাৰ্ডৰ দৰে ব্যৱহাৰ কৰিব পৰা হৈ পৰিব। প্ৰতিবাৰ টপ-আপ কৰোঁতে আপোনাৰ পৰা Entropayই ৪.৯৫% চাৰ্ভিছ চাৰ্জ ল’ব (মানে ধৰক ২০ ডলাৰ ৰিচাৰ্জ কৰিবলৈ আপোনাক প্ৰায় ২০.৯৯ ডলাৰ মান লাগিব) এইয়াই তেওঁলোকৰ লাভ। ইয়াৰ বাহিৰে কোনো ধৰণৰ লুকাই থকা খৰচ নাথাকে এণ্ট্ৰপে’ত।
সুবিধা:
১) এখন কাৰ্ডৰ বৈধতা এবছৰ (বছৰৰ শেষত পুনৰ্নৱীকৰণ কৰিবও পাৰি।)
২) আন্তঃৰাষ্ট্ৰীয়, সকলো মুদ্ৰাৰ লগতে ব্যৱহাৰ কৰিব পাৰিব।
৩) টপ-আপ, বা লেনদেনৰ সংখ্যাত কোনো বাধা বাধকতা নাই (অৱশ্যে কাৰ্ডৰ বেলেঞ্চৰ সৰ্বোচ্চ মাত্ৰাৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে, কিন্তু ভাৰতীয় টকাৰ হিচাপত এইটো ইমান বেছি যে আমি সৰহ সংখ্যকেই সেই সীমা নাপাওঁগৈয়েই।)
৪) PayPalৰ লগত ব্যৱহাৰযোগ্য।
৫) একাধিক কাৰ্ডো সাজিব পাৰি একেটা একাউণ্টতে।
৬) প্ৰায় সকলোবোৰ ভাৰতীয় ডেবিট কাৰ্ডকেই ফাণ্ডিং চ’ৰ্চ হিচাপে ব্যৱহাৰ কৰিব পাৰি, ফাণ্ডিং চ’ৰ্চবোৰ আপোনালোকৰ নিজৰ নিজৰ বেংকৰ 3D-Secureপাছৱৰ্ডেৰে সুৰক্ষিত হৈ থাকে।
অসুবিধা:
১) সাধাৰণ ক্ৰেডিট কাৰ্ডৰ দৰে টেলিফোনৰ জৰিয়তে কৰা লেনদেনত ব্যৱহাৰ কৰিব নোৱাৰি।
২) দুই এটা ভাৰতীয় ৱেবচাইটে, আন্তঃৰাষ্ট্ৰীয় ক্ৰেডিট কাৰ্ড স্বীকাৰ নকৰে। এনেবোৰত এণ্ট্ৰ’পে ব্যৱহাৰ কৰিব নোৱাৰি (কিন্তু এনেবোৰত আপুনি আপোনাৰ ডেবিট কাৰ্ড খনে ব্যৱহাৰ কৰিব পাৰিব গতিকে চিন্তাৰ কাৰণ নাথাকে।)
সাৱধানতা: এণ্ট্ৰপে’ সুৰক্ষিত, কিন্তু আপোনাক অলপ গণ্ডগোল যেন পালে এণ্ট্ৰ’পেই আপোনাৰ একাউণ্টটো সাময়িক ভাৱে বাতিল কৰিব পাৰে, একাউণ্ট খোলাৰ দিনাই এসোপামান Funding Source এড্‌ কৰি নিদিব, বা ২০-৩০টা লেনদেন নকৰিব‍। ইয়াক সাধাৰণ ভাৱে ব্যৱহাৰ কৰক।
কেতিয়াবা যাদৃচ্ছিক ভাৱে (in Random Order) এণ্ট্ৰপে’ই আপোনাৰ ঠিকনাৰ প্ৰমাণ বা Funding Source বোৰৰ স্কেন বিচাৰিব পাৰে ভেৰিফিকেচনৰ বাবে, এণ্ট্ৰপে’ৰ একাউণ্টৰ জৰিয়তে আপুনি এইবোৰ পঠিয়াব পাৰিব, Funding Source (আপোনাৰ ডেবিট/এ.টি.এম. কাৰ্ড খনৰ) ৰ স্কেন দিওঁতে সদাই কাৰ্ড নম্বৰৰ প্ৰথম চাৰিটা আৰু শেষৰ চাৰিটাক বাদ দি বাকী খিনি পেইণ্ট বা আন চফ্টৱেৰৰ সহায়ত এডিট কৰি ধৰিব নোৱৰাকৈ ক’লা কৰি দিব, তেনেকৈ যদি কাৰ্ড খনৰ CVV নম্বৰ আৰু বৈধতাৰ তাৰিখ আছে সেইখিনিও ক’লা কৰি দিব। এণ্ট্ৰপে’ই আপোনাৰ তথ্যসমূহ অত্যন্ত গোপনভাৱে ৰাখে যদিও ইমান খিনি সাৱধানতা লোৱাতো উচিত।
(এইটো লেখা লিখোতে পঢ়ুৱৈ সকলে ইণ্টাৰনেটত ডেবিট কাৰ্ড বা এ.টি.এম. কাৰ্ডৰ লেনে দেন কৰি পাইছে বুলি ধৰি লোৱা হৈছে, লগতে ডেবিট কাৰ্ড বা এ.টি.এম. কাৰ্ডৰ 3D Secure Passwordৰ লগতো পৰিচিত বুলি ধৰা হৈছে। )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!