ভিয়েটনাম যুদ্ধৰ জীৱন্ত প্ৰতীক ’নেপম গাৰ্ল’ কিম ফুক… —পাৰ্থজ্যোতি বৰুৱা

সকলোৱে নাজানিবও পাৰে৷ গতিকে কথাৰ পাতনি মেলাৰ আগতে নেপম (Napalm) মানে কি জানি লওঁ আহক৷ নেপম হৈছে প্লাষ্টিক পলিষ্টাইৰিণ, হাইড্ৰ’ কাৰ্বন আৰু গেছ’লিনৰ এক সংমিশ্ৰণ৷ দেখাত জেলিৰ দৰে৷ লুপথুপীয়া, আঠালেটিয়া৷ যুদ্ধত বোমা হিচাপে ব্যৱহাৰ কৰা এই নেপম প্ৰকৃততে এবিধ অতি উচ্চ ক্ষমতা সম্পন্ন প্ৰজ্বালক৷ সাধাৰণতে গভীৰ অৰণ্যত শত্ৰু লুকাই থকাৰ সম্ভেদ পালে প্ৰতিপক্ষই এই নেপম নিক্ষেপ কৰি অৰণ্যাঞ্চল জ্বলাই দিয়া হয়৷ নেপম জ্বলনে সাংঘাতিক উষ্ণতাৰ সৃষ্টি কৰে৷ ২১২ ডিগ্ৰী ফাৰেনহাইট উষ্ণতাত পানী উতলে৷ কিন্তু নেপম জ্বলনৰ উষ্ণতা ১,৫০০ ৰ পৰা ২,২০০ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত হ’ব পাৰে৷ গতিকে অনুমান কৰক, নেপমৰ জ্বলন কিমান ভয়ংকৰ আৰু ভুক্তভোগীৰ বাবে কিমান যন্ত্ৰণাদায়ক৷ এইবাৰ আহোঁ আচল কথালৈ৷

’কিম’ নামৰ ছোৱালীজনীক মনত আছেনে আপোনাৰ? সেই যে ১৯৭২ চনৰ ভিয়েটনাম যুদ্ধৰ সময়ত অন্য কেইটামান শিশুৰ সৈতে প্ৰাণ বচাবলৈ অগ্নিদগ্ধ নগ্ন দেহাৰে হাতদুখন মেলি যন্ত্ৰণাত চিৎকাৰ কৰি কৰি আলিবাটেৰে দৌৰা নবছৰীয়া ছোৱালীজনী? হয়, তাইৰ কথাই ক’বলৈ লৈছোঁ৷ আপুনি হয়তো জানে সমগ্ৰ বিশ্বই তাইক ’নেপম গাৰ্ল’ বুলিয়েই চিনি পায়৷ ১৯৭২ চনৰ ৮ জুনত দক্ষিণ ভিয়েটনামী যুঁজাৰু বিমানে নিক্ষেপ কৰা নেপম বোমাৰ আক্ৰমণত খুব বেয়াকৈ আহত হৈছিল তাই৷ অকণমানি দেহটোৰ ৩০% শতাংশই অগ্নিদগ্ধ হৈছিল৷ যন্ত্ৰণাকাতৰ ছোৱালীজনীক দেখি নিক ওট(Nick Ut) নামৰ একৈছ বছৰীয়া ফটো সাংবাদিকজনে চিঞৰি উঠিছিল৷ ল’ৰালৰিকৈ নিকে তাই দৌৰি অহাৰ এখন ফটো তুলিছিল অতি ধৈৰ্যৰে৷ ফটোখন তুলিয়েই সাংবাদিকজনে তাইক লৈ গৈছিল চিকিৎসালয়লৈ৷ সাংবাদিকৰ পৰিচয় পত্ৰ দেখুৱাই নিকে চিকিৎস্যকৰ পৰা ছোৱালীজনীৰ তাৎক্ষণিক চিকিৎসা দাবী কৰিছিল৷ অচেতন কিমৰ চিকিৎসা আৰম্ভ হৈছিল ততালিকে৷ আৰু এনেদৰেই ঈশ্বৰৰ ইচ্ছাত ছোৱালীজনীৰ প্ৰাণ বাচিছিল৷ “মই যদি তাইক সহায় কৰাৰ সুবিধা নাপালোঁহেতেন বা ঈশ্বৰে নকৰক তাইৰ যদি কেনেবাকৈ মৃত্যু হ’লহেঁতেন, মই নিশ্চিতভাৱে আত্মহত্যা কৰিলোঁহেঁতেন“…..কিমৰ ফটোখন তুলি প্ৰথমাৱস্থাত সাংঘাতিক মানসিক অস্বস্তিত ভোগা ফটো সাংবাদিকগৰাকীয়ে মন্তব্য কৰিছিল৷

দুদিন পাছতেই সংবাদ মাধ্যমত প্ৰকাশ পাইছিল অগ্নিদগ্ধ হৈ দৌৰি অহা কিমৰ নাঙঠ ফটোখন৷ আপুনি হয়তো এয়াও জানে যে, পৰৱৰ্তী সময়ত এই ফটোখনে সমগ্ৰ বিশ্বতে খলকনি তুলিছিল৷ সেইসময়ত এনেকুৱা এখন দেশ, এনেকুৱা এখন ৰাজ্য, নগৰ, গাঁও অথবা এটা চুবুৰী নাছিল য’ত এই বিশেষ ফটোখন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা নাছিল৷ ফটোখনে বিশ্ববাসীক অতিশয় মৰ্মাহত কৰিছিল৷ যুদ্ধৰ প্ৰতি বিশ্ববাসীৰ মনত চূড়ান্ত ঘৃণাৰ ভাৱ সৃষ্টি কৰিছিল৷ ফটোখনে বাৰে বাৰে প্ৰমাণ কৰিছিল যুদ্ধৰ নামত ভিয়েটনামত চলা আমেৰিকাৰ এই আক্ৰমণ কিমান ভয়াবহ আৰু বৰ্বৰ আছিল৷ ফটোখন বাতৰিকাকতত প্ৰকাশ কৰাক লৈ শ’লঠেকত পৰিছিল নিক ওট নামৰ ফটো সাংবাদিকগৰাকী৷ সম্পাদকসকলে সাহস কৰিব পৰা নাছিল ফটোখন প্ৰকাশ কৰিবলৈ৷ কাৰণ সম্পূৰ্ণ নগ্ন ছোৱালী এজনীৰ ফটো প্ৰকাশ কৰাটো সংবাদ মাধ্যমৰ নীতিৰ পৰিপন্থী আছিল৷ অৱশেষত নিকে কাম কৰা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীগৰাকীয়ে অত্যন্ত সাহসীকতাৰে ফটোখন প্ৰকাশ কৰিবলৈ সম্পাদকসকলক নিৰ্দেশ দিছিল৷ ’মই জানো, এই ফটোখনে সংবাদ মাধ্যমৰ সকলো সীমাবদ্ধতাক চেৰ পেলাব আৰু সমগ্ৰ বিশ্ব কঁপাই তুলিবলৈ সক্ষম হ’ব’…ফটোখন প্ৰথমবাৰ দেখিয়েই স্বত্বাধিকাৰীগৰাকীৰ প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ৷ সঁচাই, ঠিক তেওঁ ভৱাৰ দৰেই হ’ল৷ আৰু ফটোখনৰ বাবে নিক ওট নামৰ ফটো সাংবাদিকগৰাকীয়ে ১৯৭৩ চনৰ পুলিৎজাৰ বঁটা আঁজুৰি আনিবলৈ সক্ষম হৈছিল৷

চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত সম্পূৰ্ণ চৈধ্যমাহ কিমৰ চিকিৎসা চলিছিল৷ চৈধ্যমাহত মুঠ সোতৰটা অস্ত্ৰোপচাৰৰ সন্মুখীন হৈছিল নবছৰীয়া ছোৱালীজনী৷ চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ পাছত কিমৰ দেউতাকে তাইক ফটোখন দেখুৱাইছিল৷ ’ইমান বিভৎস, ইমান কুৎসিত ফটোখন৷ তেওঁ (নিক) এই ফটোখন নোতোলা হ’লেই ভাল পালোঁহেঁতেন মই’….কিমৰ প্ৰতিক্ৰিয়া আছিল এয়া৷ পৰৱৰ্তী সময়ত ফটোখনে অশান্ত কৰি তুলিছিল তাইক৷ ফটোখনক লৈ যিমানেই বিশ্বজোৰা চৰ্চা চলিছিল ঠিক সিমানেই বিব্ৰত হৈছিল কিম৷ বাৰে বাৰে তাই আঁতৰি আহিবলৈ চেষ্টা কৰিছিল ফটোখনৰ পৰা৷ কিন্তু যিমানেই আঁতৰি আহিবলৈ চেষ্টা কৰিছিল সিমানেই তাই যেন সংপৃক্ত হৈ পৰিছিল ফটোখনৰ সৈতে৷ এটা মুহূৰ্তও যেন তাইক ফটোখনে লগ এৰা নাছিল৷ মুহূৰ্তে মুহূৰ্তে ফটোখনে তাইৰ মনত বিভীষিকাৰ সৃষ্টি কৰিছিল, নাকত লগাই দিছিলেহি ধোঁৱা আৰু তাইৰ দেহৰ পোৰা মঙহৰ গোন্ধ৷ ফটোখনে মনত পেলাই দিছিল কিদৰে মাক-দেউতাক, ককায়েক আৰু একাংশ গাঁওবাসীৰ সৈতে তাই ট্ৰাং বাং নামৰ গাঁওখনৰ বৌদ্ধ মন্দিৰৰ ওচৰত তিনিদিন ধৰি শৰণাৰ্থী হৈ আছিল, কিদৰে যুঁজাৰু বিমানে তাইৰ নিচেই কাষতে নেপম বোমা পেলাইছিল, কিদৰে গাঁওখন মুহূৰ্ততে দপদপাই জ্বলি উঠিছিল৷ উস! ভীষণ অসহনীয় আছিল ফটোখন৷

অৱশ্যে লাহে লাহে ফটোখন সহজ হৈ পৰিল কিমৰ বাবে৷ স্বাভাৱিক হৈ পৰিল৷ তাইৰ বিবাহ হ’ল৷ দুটি সন্তানৰো মাতৃ হ’ল কিম৷ কেতিয়াবা ফটোখনৰ ছোৱালীজনীৰ ঠাইত কিমে তাইৰ সন্তানক থিয় কৰাই চায়৷ আস! নোৱাৰি! এই যন্ত্ৰণা, এই চিৎকাৰ সহ্য কৰিব নোৱাৰি৷ পৃথিৱীৰ কোনোটো শিশুকেই এনে শাস্তি নিদিবা অ’ ঈশ্বৰ৷ কি অপৰাধ কৰে এনেবোৰ নিষ্পাপ শিশোৱে তোমাৰ ওচৰত? নিজৰ সন্তানক সাৱটি কঁপি উঠে কিম৷ তাইৰ মন যায় কেতিয়াবা যুদ্ধত আহত হোৱা শিশুবোৰৰ বাবে কিবা এটা কৰিবলৈ৷ কিমৰ এই ইচ্ছা, এই হেঁপাহ লাহে লাহে তীব্ৰ হৈ আহিবলৈ ধৰিলে৷ অশেষ পৰিকল্পনা, অনেক যোগাযোগ আৰু গভীৰ অধ্যয়নৰ পাছত এসাগৰ আশা আৰু সাহস বুকুত বান্ধি ১৯৯৭ চনত কিমে গঠন কৰিলে ’কিম ফুক ফাউণ্ডেশ্যন’ নামৰ এটা স্বেচ্ছাসেৱী সংস্থা৷ এই সংস্থাৰ জৰিয়তে কিমে ইউনেস্ক’কে আদি কৰি যুদ্ধত আহত হোৱা শিশুৰ বিনামূলীয়া পৰিচৰ্যাৰ বাবে সেৱা আগবঢ়োৱা আন্তৰ্জাতিক সংস্থাসমূহক সহযোগ কৰাৰ কাম আৰম্ভ কৰিলে৷

ছোৱালী বুলিছোঁ যদিও, কিম আৰু এতিয়া ছোৱালী হৈ থকা নাই৷ তেওঁ এতিয়া ৫৫ বছৰীয়া এগৰাকী ভদ্ৰ মহিলা৷ কানাডাৰ স্থায়ী বাসিন্দা৷ ’কিম ফুক ফাউণ্ডেশ্যন’ৰ জৰিয়তে তেওঁ সুদীৰ্ঘদিন ধৰি যুদ্ধত আহত শিশুসকলৰ পৰিচৰ্যা কৰাৰ কামত মনোনিবেশ কৰি আহিছে৷ এই সেৱাৰ জৰিয়তে তেওঁ বিশ্ববাসীক অন্য এগৰাকী কিম ফুকৰ সৈতে পৰিচয় কৰোৱাই দিছে৷ এগৰাকী সুলেখিকা হিচাপেও প্ৰতিষ্ঠিত হৈছে কিম৷ বিশ্বৰ বহু আগশাৰীৰ কাকত আলোচনীত বিশ্বশান্তি কামনা কৰি নিয়মিতভাৱে নিবন্ধ লিখি আহিছে৷ ২০১৭ চনত প্ৰকাশিত কিমৰ Fire Road (অগ্নিপথ) নামৰ গ্ৰন্থখনে সমগ্ৰ বিশ্বতে সমাদৃত হৈছে৷ এই গ্ৰন্থখনতে কিমে বৰ্ণনা কৰিছে সেই বিভীষিকা৷ যুদ্ধ বৰ্জিত এখন শান্তিৰ পৃথিৱী গঢ়াৰ উদ্দেশ্যেত কিমৰ কলমে সদায় অগ্ৰদূতৰ ভূমিকা পালন কৰি আহিছে৷ কিমৰ জীৱনৰ অন্যতম কৃত্বিত্ব হৈছে, ১৯৯৪ চনত ইউনেস্ক’ (UNESCO)ই তেওঁক ’গুড উইল এম্বেছাদৰ’ হিচাপে নিযুক্ত কৰাটো৷ এই কৃত্বিত্বৰ সুবাদতে কিমে ইউনেস্ক’ক প্ৰতিনিধিত্ব কৰি পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠিত হোৱা বিভিন্ন আন্তৰ্জাতিক সন্মিলন তথা সভা সমিতিত বিশ্বশান্তি আৰু ভ্ৰাতৃত্ববোধ প্ৰতিষ্ঠাৰ লক্ষ্যৰে বক্তৃতা প্ৰদান কৰে৷ গতিকে এগৰাকী সুবক্তা হিচাপেও কিমে বিশ্ববাসীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ কিমৰ বক্তৃতাৰ এটা বৈশিষ্ট্য্য হৈছে, মঞ্চত তেওঁ এগৰাকী ৫৫ বছৰীয়া মহিলা হিচাপে নহয়, ফটোত দেখা সেই অগ্নিদগ্ধ, উলংগ, যুদ্ধৰ ভয়াবহতাই খেদি নিয়া নবছৰীয়া ছোৱালীজনী হৈয়েই বক্তৃতা প্ৰদান কৰে৷ আৰু এনেদৰেই ক্ৰমশঃ কিম ফুক ভিয়েটনাম যুদ্ধৰ জীৱন্ত প্ৰতীক হৈ পৰিছে৷ উল্লেখ্য যে বিশ্বৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ে কিমলৈ সন্মানীয় আইনৰ ’ডক্টৰেট’ আগবঢ়াইছে৷ কিম এতিয়া কেৱল এগৰাকী সমাজকৰ্মী, লেখিকা অথবা বক্তা নহয়, তেওঁ এটা বৃহৎ শান্তিকামী অনুষ্ঠান, যাৰ ওপৰত বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে৷

আজি কিছুদিনৰ আগতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল কিমে৷ তেওঁৰ জীৱনৰ আটাইতকৈ ভাল খবৰটোৱে বিশ্ববাসীক উৎফুল্ল কৰি তুলিছিল৷ খবৰটো হ’ল– সুদীৰ্ঘদিন ধৰি যুদ্ধত আহত শিশুসকলৰ পৰিচৰ্যা কৰাত মনোনিবেশ কৰি অহাৰ লগতে ইউনেস্ক’ক সহযোগিতা কৰি অহাৰ বাবে কিম ফুকলৈ ২০১৯ চনৰ ’ড্ৰেচডেন আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা’ আগবঢ়োৱা হৈছে৷ ফেব্ৰুৱাৰী মাহৰ ১১ তাৰিখে ড্ৰেচডেন(জাৰ্মানী)ৰ চেম্পাৰ অ’পেৰাত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি কিমে কয় যে, …’সেই ফটোখনেই মোৰ জীৱনৰ গতি সলনি কৰি দিলে৷ যি পথৰ পথিক হোৱাৰ বাবে আজি মোলৈ এই বিৰল সন্মান যচাঁ হৈছে, সেই পথেৰে বাট বুলিবলৈ মোক এই ফটোখনেই উৎসাহিত কৰিলে, অনুপ্ৰাণিত কৰিলে৷ ’ কিমৰ পূৰ্বে ড্ৰেচডেন আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাক্তন ছোভিয়েট নেতা মিখাইল গৰ্বাচে’ভ আৰু আমেৰিকাৰ অসামৰিক অধিকাৰ কৰ্মী টম স্মিথলৈ আগবঢ়োৱা হৈছিল৷

কিম ফুকলৈ আমিও অভিনন্দন জ্ঞাপন কৰিছোঁ৷ আশা কৰিছোঁ, যুদ্ধৰ বিভীষিকাৰ পৰা বিশ্বাস, ক্ষমা আৰু শান্তিলৈ তেওঁৰ এই যাত্ৰা অবিৰত হওক, অধিক শক্তিশালী হওক৷ শান্তিৰ বোৱতী নৈ হৈ কিম বিশ্বজুৰি চিৰকাল বৈ থাকক৷ কিমৰ নেতৃত্বত আমি এনে এখন পৃথিৱী কামনা কৰোঁ, য’ত আমি নিৰ্ভয়ে ক’ব পাৰো….এতিয়া যুদ্ধ নহয়, এতিয়া কেৱল শান্তি.

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!