ভুৱা বিত্তীয় প্রতিষ্ঠান আৰু সংবাদ মাধ্যমৰ কৰণীয় সম্পৰ্কে অলপ কথা (ৰক্তিম গোস্বামী)

(ব্যক্তিগত খণ্ডৰ বিত্তীয় প্রতিষ্ঠানৰ বিজ্ঞাপন প্রকাশ কৰাৰ আগতে বাতৰিকাকত বা অন্যান্য সংবাদ মাধ্যমসমূহে এই প্রতিষ্ঠানসমূহৰ সত্যনিষ্ঠতা বিচাৰ কৰি চোৱাৰ সম্পৰ্কত কিবা ব্যৱস্থা ল’ব পাৰে নেকি? অথবা এইক্ষেত্রত সকলো সংবাদ মাধ্যমে একগোট হৈ ব্যক্তিগত খণ্ডৰ বিত্তীয় প্রতিষ্ঠানসমূহৰ বিজ্ঞাপন প্রকাশৰ ক্ষেত্রত এক নিদিষ্ট আৰু কঠিন নিয়মাৱলী প্রস্তুত কৰি ভুৱা বিত্তীয় প্রতিষ্ঠানসমূহক বিজ্ঞাপন প্রকাশৰ কৰোৱা পৰা বিৰত ৰখাৰ কোনো প্রচেষ্টা সমূহীয়াভাৱে ল’ব পাৰে নেকি?)

উত্তৰ-পূব, বিশেষকৈ অসমৰ ৰইজৰ কষ্টৰে অৰ্জা ধন আত্মসাৎ কৰি অদৃশ্য হোৱা ভুৱা বিত্তীয় প্রতিষ্ঠানসমূহৰ লুণ্ঠনৰ বিষয়ে বাতৰি পঢ়িবলৈ পোৱা হয়তো আজি কেইবাবছৰো হ’ল। এই বিত্তীয় প্রতিষ্ঠানসমূহৰ বাবে ধন আত্মসাতৰ ক্ষেত্রত উত্তৰ-পূবৰ ভৌগোলিক পৰিসীমা ম’হৰ খুঁতিৰ লেখীয়া হৈছে। অনায়াসে ৰাইজক ঠগি লুটিছে কৌটি কৌটি টকা। সংবাদ মাধ্যমত নিয়মীয়াকৈ ডাঙৰ ডাঙৰ আখৰেৰে প্রকাশ হৈ আহিছে এনেবোৰ ঠগ-প্রবঞ্চনাৰ সবিশেষ। এইটো সম্প্ৰতি এটা বৃত্তৰ লেখীয়া পৰিস্থিতিলৈ পৰিৱৰ্তন হৈছে। গোটেই প্রক্রিয়াটো ভালকৈ যুকিয়াই চালে এইক্ষেত্রত সংবাদ মাধ্যমসমূহৰ বিশেষ কৰণীয় আছে বুলি অনুভৱ হয়। কিয়নো এই ভুৱা বিত্তীয় প্রতিষ্ঠানসমূহে প্রথমে আমাৰ সংবাদ মাধ্যমসমূহৰ আশ্রয় লৈয়েই ৰাইজৰ লগত সংযোগ স্থাপন কৰে আৰু অতি কম সময়তে ডাঙৰ ডাঙৰ আৰু লোভনীয় বিজ্ঞাপনেৰে ৰাইজক ছলনা কৰি লুটি লৈ যায় অলেখ ধন।
ব্যক্তিগত খণ্ডৰ বিত্তীয় প্রতিষ্ঠানৰ বিজ্ঞাপন প্রকাশ কৰাৰ আগতে বাতৰিকাকত বা অন্যান্য সংবাদ মাধ্যমসমূহে এই প্রতিষ্ঠানসমূহৰ সত্যনিষ্ঠতা বিচাৰ কৰি চোৱাৰ সম্পৰ্কত কিবা ব্যৱস্থা ল’ব পাৰে নেকি? অথবা এইক্ষেত্রত সকলো সংবাদ মাধ্যমে একগোট হৈ ব্যক্তিগত খণ্ডৰ বিত্তীয় প্রতিষ্ঠানসমূহৰ বিজ্ঞাপন প্রকাশৰ ক্ষেত্রত এক নিদিষ্ট আৰু কঠিন নিয়মাৱলী প্রস্তুত কৰি ভুৱা বিত্তীয় প্রতিষ্ঠানসমূহক বিজ্ঞাপন প্রকাশৰ কৰোৱা পৰা বিৰত ৰখাৰ কোনো প্রচেষ্টা সমূহীয়াভাৱে ল’ব পাৰে নেকি? বিজ্ঞাপন বাতৰি কাকত অথবা বৈদ্যুতিন মাধ্যমৰ যিকোনো সংবাদ প্ৰতিষ্ঠানৰ বাবে আজিৰ তাৰিখত অপৰিহাৰ্য। কিন্তু আজিৰ শেষপৃষ্ঠাৰ এটা ৰঙীন বিজ্ঞাপন কালিলৈ প্রথম পৃষ্ঠাৰ এটা দুখৰ বাতৰিলৈ পৰ্যবসিত হোৱাৰ চিনাকী প্রক্রিয়াটোৱে সংবাদ মাধ্যমৰ স্ব-বিৰোধিতাকে যেন উজাগৰ কৰিছে। সকলো সচেতন আৰু ৰাইজৰ মংগলকামী সংবাদ মাধ্যম আৰু সংবাদকৰ্মীয়ে ঐক্যবদ্ধ হৈ এইক্ষেত্রত এক ফলপ্রসূ চিন্তাৰে সিদ্ধান্তত উপনীত হৈ ভুৱা বিত্তীয় প্রতিষ্ঠান নামৰ বীজাণুটোৰ পৰা সাধাৰণ ৰাইজক উদ্ধাৰ কৰিবলৈ যথোচিত কাৰ্যকৰী প্রচেষ্টা হাতত ল’বলৈ হাতে-কামে লাগিব লাগে। নহ’লে বাংগালুৰু-কাণ্ডৰ পিছত ৰাষ্ট্ৰীয় মাধ্যমত এটা পলৰীয়া জাতিৰ কু-পৰিচয় পোৱা আমাৰ গৌৰৱময় জাতিটোৱে সহজতে বাহিৰা লোকে ঠগিব পৰা এটা ‘মূৰ্খ জাতি’ৰ অভিধা পাবলৈ বেছি সময় নালাগিবগৈ।

(লেখাটো সংবাদ মাধ্যমকেন্দ্রিক। সেয়েহে গ্রাহকে ল’বলগীয়া সজাগতা অথবা গ্রাহকৰ ভুলবোৰ লেখাটোত সামৰা হোৱা নাই।)

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!