ভেলেণ্টাইন ডেত বিকু (জ্যোতি প্ৰকাশ নাথ)

ভেলেণ্টাইন ডেত বিকু (জ্যোতি প্ৰকাশ নাথ)

: ছেহ: কি কৰা যায় বাৰু এতিয়া আপুনি কালিয়েই মোক এবাৰ কব পাৰিলেহেঁতেন কপিলদা ।

বাইকখনত তেল নাইকীয়া বুলি গম পাই জপিয়াই উঠিল বিকু । কি কৰিব এতিয়া সি একো ভাৱিব পৰা নাই । কালিয়ে কপিলদাক কৈ থৈছিল সি যে কাইলৈ ভেলেণ্টাইন আৰু ৰাতিপুৱা আঠ বজাৰ পৰা নিকিৰ একজাম আছে গতিকে আপোনাৰ বাইকখনত তাইক হোষ্টেলৰ পৰা উঠাই নি স্কুলত থৈ আহিম আৰু লগতে ৰেড ৰোজটোও দি দিম । আৰু এতিয়া তেল নাইকীয়া বুলি কলে কাৰ নো মুৰ গৰম নহব কওকচোন বাৰু । কপিলদা হোষ্টেলত নতুনকৈ আহিছে এম আৰ হয়, পালচাৰ খন আছিলেই আৰু আহিয়ে টিভি এটাও কিনি আনিলে ৰুমলৈ । বিকুহতৰ হোষ্টেলত টিভি নাছিল আগতে গতিকে কপিলদাৰ ৰুম গিজগিজাই থাকে । আচলতে বিকুৱে ভাৱিছিল স্কুল পোৱাৰ আগতে হাইৱেৰ মুকলি ঠাইখিনিত বাইক ৰখাই ফুলষ্টেণ্ড দি নিকিক ওপৰত বহাই সি এটা আঠু মাটিত পেলাই এন্টনিঅ’ বেণ্ডাৰ্ছৰ ষ্টাইলত পকেটৰ পৰা কালি ৰাতি চুৰি কৰি অনা ৰোজ তিনিটাৰে নিজ হাতে বনোৱা বুকেটো তাইক দি ক’ব “হেপ্পি ভেলেণ্টাইন ডে বেবি ! বি মাই ভেলেণ্টাইন ফ’ৰ দা হোল লাইফ !” কিন্তু এতিয়া দেখিছো চব পণ্ড হ’ব সিফালে চিক্স থাৰ্টী হ’লেই ।

বিকু থকা প্ৰাইভেট হোষ্টেল খনৰ পৰা এক কিলোমিটাৰ মান আতৰত থকা আন এখন প্ৰাইভেট গাৰ্লছ হোষ্টেলত নিকি থাকে, কেবিৰ ষ্টুডেন্ট এইবাৰ হায়াৰ চেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ দিব তাই । সম্পূৰ্ণ এমাহ পিছে পিছে ঘুৰাৰ পিছত ইয়েছ কৈছে তাই তাক । বিকু আৰু নিকিৰ লাভষ্টৰি আৰাম্ভ হোৱা ডেৰমাহমান হৈছেহে তাতেই আহি পালে ভেলেণ্টাইন ডে । বিকুক কোনে পায় আৰু । হোষ্টেলৰ মুকুটৰ লগত চৰ্ত্ত লাগি ঠিক কৰিছে নিজ হাতেৰে বনোৱা বুকেহে দিব এইবাৰ সি ভেলেণ্টাইনত, তেতিয়াহে যদি ৰয় আৰু এইবাৰৰ জনী । কিমান আৰু ছোৱলী পতাব সি, এইজনী সাত নম্বৰ দেখাতো মৰমলগা আৰু ভাল ও হয় তাই, তাতে সিয়ে প্ৰথম তাইৰ লাইফত গতিকে এক্ক্স বিলাকৰ লাফৰাও নাই এইবাৰ । আগৰ এজনীও তিনিমাহতকৈ বেছি দিন নিটিকিলে তাৰ লগত গতিকে এইজনীৰ লগতে লাইফটো ছেটেল কৰিব বুলি ভাৱিছে বিকুৱে । কালি ৰাতি বাৰ বজাত ওলাইছে ৰেড ৰোজ বিছাৰি আৰু গোটেই কলনিটো ঘুৰি মাত্ৰ পাঁচটা ৰোজ গোটাই তিনি বজাত হোষ্টেল সোমাইছে দুয়োটাই । ৰাতিতে আগতেই আনি থোৱা প্লাষ্টিক আৰু চেল’ টেপেৰে দুঘন্টা যুজ বাগৰ কৰি এটা ধুনীয়া বুকে বনাই ৰেদি ।

অলপ দেৰি ভাৱি চিন্তি ৰাজুদাক ফ’ন লগালে সি । ৰাজুদা আপোনাৰ বাইকখন দিয়ক না অলপ, নিকিক স্কুলত থৈ আহিব লাগে প্লিজ প্লিজ প্লিজ । ৰাজুদা নিকিৰ হোষ্টেলৰে আন এজনী ছোৱালী মালা বাৰ বয়ফ্ৰেণ্ড, বিজনেছ কৰে, নিকিৰ থ্ৰ’ত চিনাকী । বিকুক ভাল পায় ৰাজু দায়ে কেতিয়াবা মাটি নি দোকানত বহুৱাই চাহ মিঠাই খুৱায় আৰু বাহিৰত আহি অকলে গোল্ড ফ্লেক কিং চাইজ খায়, এটানো নিদিয়ে । এতলিষ্ট অলপ ৰজনীগন্ধা বা শিখৰ এপেকেটকেইটো খুৱাব পাৰে । বিকুতো আৰু এতিয়া সৰু হৈ থকা নাই । ৰাজুদায়ে কলে তই মোৰ ঘৰলৈ আহি থাক মই দেউতাক থবলৈ এ এস টি চি আহিছো, মই গৈ পালে ঘৰৰ পৰা তই লৈ যাবি, কিন্ত নটাৰ আগতে মোক বাইক লাগিব দেই কৈ দিছো হ’লে । হেই আপুনি চিন্তাই নকৰিব ৰাজুদা মই চাৰে আঠটাতে পামহি ।

ৰাজুদাৰ ঘৰটো নিকিৰ হোষ্টেলৰ কাষতে গতিকে সি ভালেই পালে । তাৰ ভাল জেকেট নাই গতিকে সি মুকুটৰ জেকেটটোকে পিন্ধি ওলাল । আচলতে দেটিঙত গ’লে সদায় বেলেগৰ চোলা পেন্ট আদি পিন্ধি যাবলৈ বেছি ভাল লাগে আৰু হোষ্টেলত থাকিলে এইটো ক্ষেত্ৰত বেছি সুবিধা হয় । এখোজ দুখোজকৈ আহি সি ৰাজুদাৰ ঘৰৰ ফ্ৰন্ট পালে, ইতিমধ্যে সাত বাজি দহ মিনিট গ’ল । ইফালে নিকিৰ মেছেজ আহিলেই “গুদমৰ্নিঙ জানু, হেপ্পিইইইইইইইইইই ভেলেণ্টাইন ডে, লাভ ইউ চোওওওওওও মাচ্ছ । ক’ত আছা তুমি মোক থবলৈ নোযোৱা নেকি মই হোষ্টেলৰ আগত থিয় হৈ ৰখি আছো জানা । আহানা জল্ডি জল্ডি ।” লগে লগে বিকুৱে লিখিলে “হেপ্পি ভেলেণ্টাইন টুউ বেবি, মই এতিয়াই পাম ৰবা দেই । লাভ ইউ ছুইটি ।” মনটো ভাল লাগি গল তাৰ আৰু কেনেকৈ বেছি ভাল কৈ প’জ দি বুকেটো দিলে নিকিয়ে আৰু বেছি ভাল পাব তাৰে কথাই ভাৱিব ধৰিলে সি ।

আৰু এটা মেচেজ আহোতেহে সম্বিত ঘুৰি আহিল তাৰ, “কি হ’ল জানু তোমাৰ দেখা দেখিয়ে নাই দেখোন কৰবাত পৰিলা নেকি ? ফ’ন এটা কৰানা !” এই যে ছোৱালী বিলাক আৰু কেবল মিচকল আৰু মেছেজ হে দিব পাৰে কল কৰিব লাগিলে মৰি যাব পাৰে ইহত ।

: হেল্লো বেবি, ৰখানা অকন মই কপিলদাৰ বাইকখন নাপালো জানানে !

: কি ? তো কি হ’ব এতিয়া মই কাৰ লগত যাম ? ক’ত আছা তুমি ?

: তুমি মোৰ লগতে যাবা ৰবা মই ৰাজুদাক ৰখি আছো, তেওঁ আহি পালে বাইকখন লৈ যাম ।

: নালাগে যোৱা, তুমি সদ্দায় এনেকুৱা কৰা, কেতিয়া আহিব ৰাজুদা কেতিয়া মোক থবলৈ যাবা তুমি ছেভেন থাৰ্টী হ’ল আঠটাত আৰম্ভই হ’ব একজাম ।

: জান পালেহিয়ে আৰু ৰাজুদা, তোমাক মই পাছ মিনিটত স্কুল পোৱাই দিম নহয় কিয় চিন্তা কৰিছা তুমি ?

: নালাগে নাজাও মই তোমাৰ লগত, স্কুল বাছ খন আহিছে তাতেই যাও । নামাটিবা তুমি মোক আজিৰ পৰা । কোনো ৰিলেচন নাই তোমাৰ লগত মোৰ আজিৰ পৰা । বাই ।

: জান ৰবানা জান ……….

টিত টিত টিত……….. ধেই কাটিলেই এইজনীয়ে ! এই ৰাজুদাটোও যে, কি কৰিছে বাৰু সি এতিয়ালৈকে আহিব নাপায়নে আৰু । ফ’ন লগাও ৰ……..”দ্যা ৰিলায়েন্স কাষ্ট’মাৰ ইউ আৰ কলিং ইজ নাউ অন থ্ৰীজি…….”

: হেল্ল’ ৰাজুদা ক’ত আপুনি ?

: অ বিকু এইয়া দেউতা গাড়ীত উঠিলে ময়ো বাইক ষ্টাৰ্ট দিছো, পাঁচ মিনিটত পাই আছো ৰবা । টিট টিট টিট………..

ধেই এতিয়ালৈকে ষ্টাৰ্ট দিয়ে আছে সেইডালে আজি হৈছে আৰু মোৰ, ৰ এইফালে ফ’ন লগাও……

: হেল্ল’ বেবি ৰবা মই পালোহিয়ে ……….

: কোনো দৰকাৰ নাই তুমি অহাৰ, মই বাছত উঠিলো আৰু কৈছো নহয় আই ডোন্ট হেভ এনি ৰিলেছন উইথ ইউ, দেন হোৱাই ইউ আৰ কলিং ? নেভাৰ কল মি বেক, আন্ডাৰষ্টুদ ! টিট টিট টিট ………..

মুখখন শুকাই গ’ল বিকুৰ, হ’ল আৰু এইজনীও গ’ল এতিয়া হাতৰ পৰা, কি কৰা যায় বাৰু ছেহ: আৰু এই বুকেটো ! ইমান কষ্ট কৰি ইমান ধুনীয়াকে বনাই এতিয়া পেলাই দিলেহে হ’ব । বিকুৰ মগজটো খৰকৈ চলিবলৈ ধৰিলে । যোৱা সপ্তাহত মুকুটৰ গাৰ্লফ্ৰেণ্ডৰ লগত এজনী চোৱালী আহিছিলে পাতলকৈ বগাকৈ, কি আছিলে নামটো নামটো নামটো অ পৰিছে মনত, বাবলি । কিয় তাইটো নাম্বাৰটও দি গৈছিল তাক আৰু ৰাজুদাৰ বাইক খনো পোৱা যাব নটালৈকে । চেলটো চেক কৰি চালে সি, আছে আছে সচাঁকে নাম্বাৰটো আছে লিষ্টত ।

: হেল্ল’ ইজ ইট বাবলি স্পিকিং ?

: যেছ, হু ইজ দিছ ?

: বাবলি মই বিকুৱে কৈছো চিনি পাইছানে সেইদিনা যে মুকুটৰ লগত চাট হাউছত পাইছিলো………

: অ কিয় নাপাম ? কি খবৰ কোৱা …………..

: হেপ্পি ভেলেণ্টাইন ডে বাবলি, এটা কথা ক’বলে কল কৰিলো তোমাক আচলতে……….. বাৰু এনেকে ফ’নত কবলৈ ভাল লগা নাই । মই তোমাৰ হোষ্টেলৰ ফ্ৰন্টলৈ আহি আছো তুমি অকন ওলাই আহাছোন ………..

জ্যোতি প্ৰকাশ নাথ ১১/০২/১২

 

One thought on “ভেলেণ্টাইন ডেত বিকু (জ্যোতি প্ৰকাশ নাথ)

  • June 6, 2012 at 11:38 pm
    Permalink

    Dear writer, your writing is very good I thing you are a great writer.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!