ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰসাল ঘটনা

তৰংগম ডেকা

কেইবছৰ মান আগৰ কথা, থিয়েটাৰ চাবলৈ গৈছিলোঁ, কহিনুৰ থিয়েটাৰ। নাটক খনৰ নাম পাহৰিলোঁ। যি নহঁওক নাটক চলি আছে। এনেতে নাটকখনৰ মতে এটা scene’t নায়িকা গৰাকীৰ ম’বাইল ফোনটো বাজি উঠা কথা। সকলো ঠিকেই আছিল এইখিনি লৈকে, নায়িকাৰ ফোন বাজি উঠিল,
নায়িকাই ৰিচিভ কৰি ক’লে-হেল্ল’..
তেনেতে গেলাৰীৰ পৰা এজনে ডাঙৰ কৈ চিঞৰিলে- মই কৈছোঁ হে গেলাৰীৰ পৰা, আপোনাৰ ভালনে????
দৰ্শকে হাহিঁলে। পিছে নায়িকাৰো উঠি গ’ল নহয় হাহিঁ।  পিছত যেনিবা নিজৰ উপস্থিত বুদ্ধিৰ সহায়ত নায়িকা গৰাকী সেই পৰিস্থিতিৰ পৰা ওলাই আহিবলে সক্ষম হ’ল। গেলাৰীত থিয়েটাৰ চোৱাৰ এটা বেলেগ মজা আছে।

দেবব্ৰত গগৈ

এবাৰ নাটক এখনত বিয়াৰ দৃশ্য এটাত গেলেৰীৰ পৰা বিয়া নামৰ উজান আহিল। প্ৰথমতে দুটামান ল’ৰাই আৰম্ভ কৰিছিল , অলপ পাছত সকলোকে আচৰিত কৰি চাৰিজনীমান ছোৱালীৰ মাত শুনা পালো। আমি গেলেৰীৰ দৰ্শকবোৰে তেতিয়াহে গম পালোঁ গেলেৰীত ছোৱালী দৰ্শকো আছে বুলি। থিয়েটাৰখন হেঙুল আছিল , নাটকখনৰ নামটো পাহৰিলোঁ। নব্বৈ দশকৰ কথা।

 

 

উদ্দীপ তালুকদাৰ

আগতে ভ্ৰাম্যমানৰ নাটক শেষ হ’বলৈ (যৱনিকা পৰিবলৈ) দুটামান দৃশ্য বাকী থাকোতে যে গলগলীয়া মাত এটাই বহুত শলাগে-ধন্যবাদ যাঁচে শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, অহা কাইলৈ আমাৰ অন্তিম নিশা। যোৱা তিনিটা নিশা আপোনালোকৰ বিপুল সঁহাৰিৰে আমাক উৎসাহিত কৰাৰ বাবে ধন্যবাদ। কাইলৈ আমি আপোনালোকৰ মাজৰপৰা আঁতৰি যাম। লগত লৈ যাম আপোনালোকৰ মৰম, ভালপোৱা আৰু নাটকৰপৰা দেখুওৱা অলেখ…’
তেনেতে গেলেৰীৰপৰা প্ৰচণ্ড চিঞৰ: ‘আৰো টাকা নেনা! টাকা! টাকা!’

আজিকালি সেইকাৰণে কি কি লৈ যাব সেইটো নকয়.. (মন কৰিবচোন।)
(এইটো ভবেন্দ্ৰনাথ শইকীয়াই লিখিছিল, প্ৰান্তিকৰ ‘সম্পাদকৰ কোঠালীত’ শিতানত।)

পল্লবপ্ৰাণ গোস্বামী

এবাৰ এখন থিয়েটাৰ চাবলৈ গ’লোঁ। নাটকৰ শেষত যে কমিটিৰ ফালৰ পৰা পিছৰ দিনাৰ নাটকৰ ঘোষণা দিয়ে, তেনেকৈ ঘোষণা দি আছে— “আপোনালোকৰ সহায়-সহযোগিতা আমি আগন্তুক দিনকেইটাতো আশা কৰিছোঁ। প্ৰথম নিশাৰ অভূতপূৰ্ব সফলতাৰ পিছত কাইলৈ ‘অমুক থিয়েটাৰে’ নিবেদন কৰিব ষাঠি ভবেন্দ্ৰ নাথ শইকীয়াৰ এখনি মঞ্চসফল সামাজিক নাটক শতাব্দী।” আমি বোলো, এই ষাঠি ভবেন্দ্ৰ নাথ শইকীয়া কোন? আৰু যদি আমি জনা ভবেন্দ্ৰ নাথ শইকীয়াজনেই হয়, তেনেহ’লে “ষাঠি’টো আকৌ কি? পিছত মিলাই ল’লোঁ— আচলতে ষাঠি নহয়, এই ড0 “ডক্টৰ”টো যে চমুকৈ লিখে ” বুলি, বপুৰাই সেইটোক “ষাঠি’ (৬০( বুলি পঢ়িলে।

One thought on “ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰসাল ঘটনা

  • September 20, 2011 at 1:27 am
    Permalink

    লেখাটো পঢ়ি বৰ ভাল লাগিল ৷ বহুত পুৰণি কথা মনত পৰিছে ৷ বহুদিন ভ্ৰাম্যমান থিয়েটাৰ চোৱাৰ সুবিধা পোৱা নাই ৷ এইবাৰ অসমলৈ গ্’লে নিশ্চয় চাম ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!