ভৰি ফুলাৰ কাৰণসমূহৰ সৈতে পৰিচিত হওক – ডাঃ ভূপেন্দ্ৰ শইকীয়া

 

বহুত মানুহে চিকিৎসকৰ ওচৰলৈ আহে ভৰি ফুলাৰ আপত্তিলৈ ইয়াৰ প্ৰতিকাৰ বিচাৰি৷ আনহাতে বহু ৰোগী চিকিৎসকৰ ওচৰলৈ আহে আন ৰোগ দেখুৱাবলৈ আৰু তেওঁলোকৰ শৰীৰটো পৰীক্ষা কৰোতে ভৰি ফুলা ধৰা পৰে৷ চিকিৎসা বিজ্ঞানৰ ভাষাত এনে অৱস্থাক Oedema বোলে৷ ঘাইকৈ হৃদৰোগ, কিডনিৰ অসুখ, লিম্ফেটিক প্ৰণালীৰ অসুখ আৰু মহিলাৰ গৰ্ভৱস্থাত ভৰি ফুলিব পাৰে৷ এতিয়া এনে হোৱাৰ বিভিন্ন কাৰণ সমূহলৈ লক্ষ্য কৰক ঃ –
• হৃদৰোগ – নানান হৃদপিণ্ডৰ অসুখ হলে মানুহৰ ভৰি ফুলে৷ কনেজটিভ কাৰ্ডিয়াক ফেইলাৰ, কাৰ্ডিঅ’মায়পেথি (হৃদয়ৰ মাংসপেশীৰ ৰোগ), পেৰিকাৰ্ডাইটিচ আদিৰ নাম উল্লেখযোগ্য৷ প্ৰসাবৰ পৰিমাণ বঢ়োৱা দৰব (Diuretics) আৰু ৰোগৰ কাৰণ অনুসৰি চিকিৎসা ৰোগীক প্ৰদান কৰা হয়৷
• কিডনিৰ অসুখ – কিডনিৰ কাম হ’ল তেজ শোধন কৰি অপৰিষ্কাৰ দ্ৰব্যসমূহৰ প্ৰসাবৰ মাধ্যমেৰে শৰীৰৰ বাহিৰলৈ উলিয়াই দিয়া৷ সুস্থ কিডনিয়ে আমাৰ দেহৰ পানীৰ সন্তুলন বৰ্তাই ৰাখে৷ কিডনিৰ বিজুটি ঘটিলে যেনে নেফ্ৰটিক চিনড্ৰমত ইয়াৰ ফিল্টাৰ কৰাৰ ক্ষমতা হ্ৰাস পায়৷ ফলত শৰীৰত পানী আৰু খনিজ (Salt) জমা হবলৈ ধৰে৷ কিডনিৰ অসুখত ভৰি ফুলাৰ উপৰি মুখমণ্ডলো ফুলি উঠে (ঘাইকৈ পুৱাৰ ভাগত)৷
• লিভাৰৰ অসুখ – চিৰচিচ বা আন লিভাৰৰ অসুখ হলে লিভাৰৰ পৰা উৎপন্ন হোৱা এলবুমিনৰ উৎপাদন হ্ৰাস পায়৷ আকৌ লিভাৰৰ ভিতৰৰ প্ৰেছাৰ বাঢ়িলেও (পৰ্টেল হাইপাৰটেনচন) ভৰি ফুলা পৰিলক্ষিত হয়৷
• ৰক্তপ্ৰবাহী নলীৰ (Vein) বিজুটি – মানৱ দেহৰ ভেইন বিলাকে তেজ পাম্প কৰি হৃদযন্ত্ৰলৈ প্ৰেৰণ কৰে৷ এই ক্ৰিয়া মধ্যাকৰ্ষণৰ বিপৰীতে হয়৷ ভেইনসমূহত থকা ভালভে তেজৰ প্ৰবাহ বিপৰীতমুখি হব নিদিয়ে৷ কিন্তু সেই ভালভসমূহ দুৰ্বল হলে তেজৰ প্ৰবাহ বাধাগ্ৰস্ত হ’লে ভৰি ফুলা দেখা যায়৷
• ডিপ ভেইন থ্ৰম্বচিচ – কিছুমান বিশেষ অৱস্থাত তেজৰ গভীৰ নলীৰ প্ৰবাহ বাধাপ্ৰাপ্ত হ’লে Oedema হোৱা দেখা যায়৷ হাৰ্ট ফেইলাৰ, গৰ্ভাৱস্থা, সংক্ৰমণ আদিৰ ফলত এনে হব পাৰে৷
• গৰ্ভাৱস্থা – গৰ্ভকালীন অৱস্থাত গৰ্ভস্থ সন্তানৰ ওজনৰ ফলত তেজ আৰু লিম্ফৰ প্ৰবাহ বাধাপ্ৰাপ্ত হ’লে ভৰি ফুলিব পাৰে৷
• লিম্ফটিক প্ৰণালীৰ অবৰোধ – কৰ্কট ৰোগ, সংক্ৰমণ, ৰেডিয়েচন আদিৰ ফলত লিম্ফটিক প্ৰণালীৰ প্ৰবাহ বাধাপ্ৰাপ্ত হ’লে Oedema হব পাৰে৷
• বহু সময়ৰ নিষ্ক্ৰিয়তা- একে অৱস্থাত বহুসময় বহি থাকিলে বা ঠিয়হৈ থাকিলে (উদাহৰণ দীৰ্ঘকালৰ যাত্ৰাত) ভৰি ফুলা দেখা যায়৷
• ঔষধৰ প্ৰভাৱত – কিছুমান দৰবৰ পাৰ্শ্বক্ৰিয়াস্বৰূপে ভৰি ফুলিব পাৰে৷ তেনে কিছুমান দৰবৰ উদাহৰণ হ’ল – গৰ্ভনিৰোধক পিল, ষ্টেৰয়ড দৰব, হৰমোন, ডায়েবেটিজ আৰু উচ্চ ৰক্তচাপৰ কিছুমান ঔষধ (যেনে কেলচিয়াম চেনেল ব্লকাৰ), বিষহাৰক দৰব (আইব্ৰ’প্ৰফেন, নেপ্ৰক্সেন) আদি৷
• হাঁড়ৰ নানাবিধ ৰোগ – ৰিউমেটইড আৰ্থাইটিজ ৰোগ, অষ্টিঅ’আৰ্থাইটিজ ৰোগ, বৰ্ধিত ইউৰিক এচিডে কৰা গাউট ৰোগ আদিত ভৰি ফুলা সততে দেখা যায়৷
• মেদবহুলতা -এই অৱস্থাত প্ৰায়ে ভৰি ফুলা দেখা যায়৷
• আঘাত – ভৰি বা কঁকালত পোৱা যি কোনো দুৰ্ঘটনাৰ পৰিনাম স্বৰূপেও ভৰি ফুলিব পাৰে৷
• এনিমিয়া-গুৰুতৰ ৰক্তহীনতাৰ ফলত শৰীৰত খনিজ আৰু পানী জমা হোৱাৰ ফলত ভৰি ফুলিব পাৰে৷
• থাইৰয়েড হৰমোনৰ অভাৱ – হাইপোথাইৰয়েডিজমৰ ফলত শৰীৰত খনিজ আৰু পানী জমা হোৱাৰ ফলত ভৰি ফুলিব পাৰে৷

ভৰি ফুলাৰ কাৰণ চিনাক্তকৰণ আৰু চিকিৎসা ঃ –
এজন ৰোগীক প্ৰথম দৃষ্টিত চায়েই চিকিৎসকে ভৰি ফুলা বুলি গম পালেও তাক প্ৰমাণিত কৰিবলৈ এটি সহজ পদ্ধতিৰ প্ৰয়োগ কৰে৷ ৰোগীৰ ভৰিৰ হাঁড় যেনে টিবিয়া বা মেটাটাৰ্চেল ব’নৰ ওপৰত এটা আঙুলিৰে প্ৰায় এক মিনিট হেঁচি ধৰিলেই অংশটোত গাতৰ সৃষ্টি হোৱা দেখা যায় আৰু ইয়াকে Pitting oedema বোলে৷

লেবৰেটৰীত কৰিবলগীয়া লাগতিয়াল পৰীক্ষাসমূহ ঃ – প্ৰসাব পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী৷ মহিলাৰ গৰ্ভাৱস্থা প্ৰসাব পৰীক্ষাত চিনাক্ত হব পাৰে৷ কিডনিৰ, হৃদযন্ত্ৰৰ, লিভাৰৰ অসুখ আৰু ডায়েবেটিজ প্ৰসাব পৰীক্ষাত ধৰা পৰে৷ ৰুটিন তেজ পৰীক্ষাৰ দ্বাৰা এনিমিয়াৰ কথা জানিব পাৰি৷ তেজত চুগাৰ চালে ডায়েবেটিজ, থাইৰয়েড হৰমোনৰ পৰিমাণ পৰীক্ষা কৰিলে হাইপোথাইৰয়েডিজম চিনাক্ত হব৷ SGOT, SGPT, Alkaline phosphatise, Bilirubin, Serum Protein level আদি তেজৰ পৰীক্ষা কৰিলে লিভাৰৰ অসুখ ধৰা পৰিব৷ Urea, Creatinine, Uric acid, Serum Cholesterol, Sodium, Potassium, Calcium, Chloride আদি তেজৰ পৰীক্ষা কিডনিৰ অসুখ চিনাক্ত কৰিবলৈ কৰাৰ প্ৰয়োজন৷ বক্ষৰ এক্সৰে, ইচিজি, ইকোকাৰ্ডিঅ’গ্ৰাফি, তেজৰ Cardiac enzymes পৰীক্ষা হৃদৰোগ চিনাক্ত কৰিবৰ বাবে প্ৰয়োজনীয়৷ পেটৰ আলট্ৰাচাউণ্ড বা চি টি স্কেন বহুক্ষেত্ৰত হৃদৰোগ আৰু কিডনিৰ অসুখ চিনাক্ত কৰিবলৈ কৰিবলগীয়া হব পাৰে৷
থোৰতে চিকিৎসাৰ বিষয়ে কবলৈ হলে ফুলা কমাবলৈ নানাধৰণৰ
প্ৰসাব বৃদ্ধি কৰা দৰবৰ (Diuretics ) প্ৰয়োগ কৰা হয়৷ হাৰ্ট ফেইলাৰত ডিগক্সিন দি চিকিৎসা কৰা হয়৷ তদুপৰি Oedema হোৱাৰ কাৰণ উদ্ধাৰ কৰি সেইমতে প্ৰয়োজন হোৱা চিকিৎসা দিয়াতো আৱশ্যকীয়৷ খাদ্যৰ দিশত নিমখ খোৱাটো কমোৱাতো অতীব প্ৰয়োজনীয়৷

ডা০ ভূপেন শইকীয়া
২৯মে ২০১৮
ডোহা, কাটাৰৰ পৰা
যোগাযোগ ঃ ই-মেইল [email protected] ম’বাইল 0097433738722
ৱেবচাইট – www.drbhupensaikia.com

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!