মই ‘অংশুমান’ক ভাল পাওঁ (অংশুমান বৰা)

মই অংশুমানক ভাল পাওঁ 

অংশুমান বৰা

১৯৮৪ চনৰ ডিচেম্বৰ মাহৰ ১৮ তাৰিখ মঙ্গলবাৰে নগাঁৱৰ হয়বৰগাঁও নিবাসী শ্ৰী লক্ষ্মীকান্ত বৰাৰ ঘৰত এটি শিশুৰ আগমন ঘটিল, মানে জন্ম হ’ল । চাৰে তিনি কেজি ওজনৰ পানীকেচুৱাটি ঘৰৰ আটাইৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল, কাৰণ নতুন প্ৰজন্মৰ প্ৰথম ল’ৰা আছিল সি । ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক অংশুমান গাইকোৱাডৰ নাম অনুসৰি বৰদেউতাকে তাৰ নাম বৰ মৰমেৰে অংশুমান ৰাখিলে । মই কাৰ কথা কৈছোঁ আপোনালোকে ইতিমধ্যে হয়তো বুজি পাইছে । হয়.. আপোনালোকে ঠিকেই ধৰিছে । ওপৰোক্ত কথাখিনি মই মোৰ পৰিয়ালৰ বিভিন্নজনৰ মুখৰ পৰা শুনা । বাৰু.. এতিয়া আচল কথাটোলৈ আহোঁ ।

মই আজিলৈকে লগ পোৱা ৫0 শতাংশ মানুহেই নিজৰ নামটোক লৈ অসন্তুষ্ট । মোক কয়; “ধুৰ… কি যে নাম এডাল ৰাখিলে মায়ে/দেউতায়ে/আইতায়ে | ইমান ‘কমন’ নাম” ইত্যাদি ইত্যাদি । মই কিন্তু বাকী ৫0 শতাংশৰ মাজত আছো । সৰুৰে পৰাই মই মোৰ নামটোক লৈ অত্যন্ত সুখী আছিলোঁ । ইয়াৰ মূলতে হৈছে নামটোৰ অদ্বিতীয় বা ‘ইউনিকনেচ্’ । খুব কম মানুহৰ হে এই নামটো থাকে(মোৰ ভুল ধাৰণা ) । এল.পি. স্কুলত মোৰ সৈতে একে নামৰ আন কোনো নাছিল । গতিকে ছাৰ-বাইদেউসকলে অংশুমান বুলি মাতিলে মোকেই মাতিছে বুলি মই ১00% নিশ্চিত আছিলো । হাইস্কুলত সেই নিশ্চিততাৰ শতাংশ কমি ৫0% হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল । কিন্তু আনগৰাকীৰ দেউতাকৰ নগাঁৱৰ পৰা আন কোনো ঠাইলৈ বদলি হোৱাত শতাংশৰ মান একেই থাকিল । হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰীলৈকে একে নামৰ কোনো মোৰ লগত পঢ়া মনত নপৰে । কিন্তু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্ত্তিৰ লগে লগেই মোৰ অতি মৰমৰ নামটোৰ দিন বেয়ালৈ গতি কৰিলে ।

নামভৰ্ত্তিৰ পাছতেই দেউতাৰ অলপ অসুখ হোৱাত প্ৰথম এসপ্তাহমান কলেজ যাব পৰা নাছিলোঁ । কলেজলৈ যোৱাৰ দিনা গম পালোঁ মোৰ একে শ্ৰেণীৰে এজন নহয়, দুজনকৈ সহপাঠীৰ নাম অংশুমান । এজনৰ উপাধিটোও একে । ত্ৰিশজন ছাত্ৰ-ছাত্ৰীৰ তিনিজনৰ নামেই অংশুমান, মানে ১0% । মনটো সেমেকি গ’ল । অংশুমান গাইকোৱাড যে মোৰ বৰদেউতাৰ বাহিৰে আন কাৰোবাৰো ফেভাৰিট হ’ব পাৰে সেইদিনাহে উপলব্ধি কৰিলোঁ । সমস্যাটো তাতে শেষ হোৱা নাছিল । মোৰ নিশ্চিততাৰ শতাংশ ১00 ৰ পৰা একেকোবে হনুমানে জপিওৱাদি আহি ৩৩.৩৩ ত হামখুৰি খাই পৰিলেহি । ছাৰ-বাইদেউৱে আমাৰ নাম ধৰি মাতিলে, আমি তিনিওটাই ইটোৱে সিটোৰ মুখলৈ ভেবা লাগি চাই থাকোঁ । তাৰ পিছ্ত ছাৰে আঙুলিৰে নিৰ্দিষ্টকৈ দেখুৱাই দিলেহে আমাৰ খেলিমেলি দূৰ হয় । তাতকৈও অসুবিধাত পৰিল আমাৰ ছিনিয়ৰ দাদা-বাইদেউসকল আৰু আমাৰ বন্ধু-বান্ধৱীসকল । ইয়াৰ সমাধান হিচাপে লগৰ মখাই প্ৰথমে এক নং, দুই নং আৰু তিনি নং অংশুমান বুলি মতাৰ কথাটো চিন্তা-চৰ্চা কৰিলে । কিন্তু আমি তিনিওটাই প্ৰস্তাৱটো একমুখে নাকচ কৰিলোঁ । কাৰণ আমাৰ কোনোজনেই দুই বা তিনি নং অংশুমান হোৱাৰ পক্ষত নাছিলোঁ । আমাক নতুনকৈ নামাকৰণ কৰাৰ কামটোত আনবোৰ সহপাঠীয়ে দিন-ৰাতি এক কৰি পেলালে । প্ৰতিদিনেই ৰাতিপুৱা ক্লাছৰ সদনত আমাৰ বাবে নতুন নতুন নাম উপস্থাপন কৰা হয় । কেতিয়াবা কোনোবাই নাকচ কৰে আৰু কেতিয়াবা আন কাৰোবাৰ অপচন্দ হয় ।

এনেকৈ প্ৰায় এসপ্তাহমানৰ নাম বিচৰা পৰ্বৰ পাছত হোষ্টেলৰ লগৰ এজন আহি তেওঁ আমাক দিয়া নামকেইটাৰ বিৱৰণ আৰু কাৰণ এনেকৈ দৰ্শালে.. “কালি ফাঁচী বজাৰলৈ যাওঁতে এখন সুৰাৰ বিপনী চকুত পৰিল আৰু লগে লগেই মোৰ মনত এটা কথা খেলালে । ইহঁতৰ মুখকেইখনৰ উপৰিও তিনিওটাকে পৃথক কৰে ইহঁতৰ উচ্চতাই । ই(মোলৈ আঙুলি টোৱাঁই) তিনিওটাৰ ভিতৰতে ওখ, গতিকে ইয়াৰ নাম দিয়া যাওঁক ‘ফুল’ । ই(আন এজনৰ ফালে টোঁৱাই) ফুলতকৈ অলপ চাপৰ, গতিকে ইয়াৰ নাম হ’ব ‘হাফ’ আৰু ইয়াৰ (আটাইতকৈ চাপৰ অংশুমানজনৰ ফালে আঙুলি টোৱাঁই) নাম হ’ব ‘কোৱাৰ্টাৰ’ ।” সকলোৰে মাজত পানীয়বিধ পপুলাৰ হোৱা বাবে আটায়ে একমুখে প্ৰস্তাৱটোৰ সমৰ্থন কৰিলে । তাৰ পিছৰে পৰা আমাৰ তিনিওজনৰ নামৰ বাবে হোৱা খেলিমেলিবোৰ দূৰ হ’ল আৰু আমাক আটায়ে নতুন নামেৰে মাতিবলৈ ধৰিলে । মোক কোনোৱে ‘ফুল’ বুলি মতা শুনিলেই মোৰ মৰমৰ “অংশুমান” নামৰ ‘নাম’টোক চাৰিজন মানুহে চাঙীত তুলি লৈ অহা যেন অনুভৱ হৈছিল ।

নতুন নামাকৰণেও আগৰ নামটোৰ প্ৰতি মোৰ থকা মোহক কমাব পৰা নাছিল । প্ৰথমে মোৰ নামটোক অদ্বিতীয়তাৰ বাবে ভাল পাইছিলোঁ যদিও লাহে লাহে তাক ভালপোৱাৰ কাৰণটো সলনি হ’বলৈ ধৰিলে । আগতে পঢ়া কোনো এক লিখনিত লেখকে কোৱা মনত আছে.. “যদি তুমি আনক ভাল পাব বিচাৰা বা আনে তোমাক ভাল পোৱাতো বিচাৰা তেন্তে প্ৰথমে তুমি নিজক ভাল পাবলৈ শিকা আৰু নিজক ভাল পোৱাৰ প্ৰথম স্তৰ হৈছে তোমাৰ নামটো ভাল পোৱাটো । কাৰণ তোমাক আৰু তোমাৰ পিতৃ-মাতৃক তোমাৰ সুকৰ্মৰ জৰিয়তে নামটোৱেহে অমৰত্ব প্ৰদান কৰিব ।” মোৰ সৰুকালত দেউতাই এবাৰ মোক কৈছিল;“আজি তোক মানুহে লক্ষ্মীকান্ত বৰাৰ ল’ৰা বুলি চিনি পায়, কিন্তু পাছত মোক অংশুমান বৰাৰ দেউতাক বুলি চিনি পাব ।” সেয়েহে মই আজিও মোৰ নামটো বৰ ভাল পাওঁ । কাৰণ ইয়াৰ লগত মোৰ মা, দেউতা আৰু মোৰ পৰিয়ালৰ নাম জড়িত হৈ আছে । এই একে নাম থকা আন কোনো মানুহৰ কিবা বেয়া খবৰ শুনিলেও মা-দেউতা উচপ খাই উঠে । হয়, মই মোৰ নামটো ভাল পাওঁ… মই ‘অংশুমান’ক ভাল পাওঁ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!