মই এগৰাকী সাধাৰণ নাৰীয়ে কৈছো… (ৰেখা বৰুৱা)

হয়, মই এগৰাকী তেনেকৈ সাধাৰণ নাৰীয়ে কৈছোঁ৷ ৰঙা বেলিটোৰ দৰে ফোটটি লৈ,
শিৰত তেজ ৰঙা সেন্দূৰ বোলাই নিজকে আটাইতকৈ সুন্দৰ মহিলা বুলি কল্পনা কৰা
এগৰাকী সাধাৰণ নাৰীয়ে কৈছোঁ৷
নেজানো মই পুঁজিবাদ, ফেছিবাদ, সাম্ৰাজ্যবাদ বা সাম্যবাদৰ দৰে জটিল শব্দৰ
অৰ্থ৷ বুজি নেপাওঁ মই একৈশ শতিকাৰ দুৱাৰ দলিত থিয় হৈ দুশ বছৰীয়া নাৰী
স্বাধীনতা আন্দোলনৰ পৰিণতিৰ যোগাত্মক বা বিয়োগাত্মক ফলাফল৷ বুজি নেপাওঁ
ৰাজনীতিত নাৰীৰ ৩০ বা ৫০ শতাংশ আৰক্ষণ বা সংৰক্ষণৰ টনা-আজোৰা…৷ বুজি
নাপাওঁ সংবাদ মাধ্যমত মহিলা সৱলীকৰণত বুদ্ধিজীৱিসকলৰ যুক্তিতৰ্ক৷ বা বুজি
নাপাওঁ নাৰীৰ হকে অহৰহ শ্ল’গান দি থকা মহিলা আয়োগ বা মহিলা সমিতিবোৰৰ
কাৰ্যপন্থা৷ খুবেই সাধাৰণ নাৰী মই৷
জাক-জাক আয়তীৰ উৰুলিৰ মাজেৰে ন-বোৱাৰীৰ সাজেৰে স্বামী গৃহত সোমাই নিজক
স্বগৌৰৱেৰে গৌৰবাম্বিত কৰা নাৰী মই৷ মই কোনো জনপ্ৰিয় বোলছবিৰ নায়িকা নহয়,
বা নহয় কোনো প্ৰখ্যাত ব্যক্তিৰ বিখ্যাত পত্নী৷ মই কোনো অসাধাৰণ
ব্যক্তিত্বৰো গৰাকী নহয়, বা নহয় কোনো ধনীৰ ঘৰৰ দুলাৰী৷
সৰুতে চাদৰ-মেখেলা পিন্ধি, ভাত ৰন্ধা খেলি নিজকে পূৰ্ণ নাৰীৰ ৰূপত কল্পনা
কৰি ভাল পোৱা এগৰাকী সাধাৰণ নাৰী মই৷
বুজি নাপাওঁ মই ওৰণি তলৰ পৰা নেদেখা নাৰী-পুৰুষৰ সম-মৰ্যাদাৰ নতুন
পৃথিৱীখন৷ কাৰণ সেইখন আঁতৰাব নোৱাৰো মই৷ নোৱাৰো মই মই ভাঙিব মোৰ সামাজিক
পৰিধি৷ স্বামী গৃহৰ দুৱাৰ দলিত থিয় হৈ দেখিব নোৱাৰো মই স্বাৱলম্বী হোৱাৰ
সপোন৷ সমাজ শুদ্ধৰোৱাটো দূৰৰ কথা, নিজৰ ঘৰখনৰ ভুলবোৰো আঙুলিয়াই দেখোৱাব
নোৱাৰো মই৷ বিশ্ব দৰবাৰত নিজক থিয় কৰোৱাটো বাদেই, নিজৰ বুলি ভবা ঘৰখনতো
একো ভূমিকা লব নোৱাৰো মই৷ পুৰুষৰ সমানে হাতত হাত থৈ আগবাঢ়ি যোৱাটো অলিক
কল্পনা মোৰ বাবে, গাঁৱৰ কোনো এজন ল’ৰাক হাঁহি মতাৰ অধিকাৰ নাই মোৰ…৷
কাৰণ এগৰাকী খুবেই সাধাৰণ নাৰী মই৷
মহিলা আয়োগ বা সংস্থাসমূহে সমাজৰ পৰা নিচাযুক্ত সামগ্ৰী বহিষ্কাৰ কৰাৰ
সময়ত মই মোৰ স্বামীকো ৰাগীয়াল বস্তু সেৱনৰ পৰা আতঁৰত ৰাখিব নোৱাৰো৷
নিচাসক্ত যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ গুৰুতৰ অপৰাধত অপৰাধীসকলক ফাঁচী
দিয়াৰ দাবী কৰাৰ সময়ত এটা ৰাতিও স্বামী শৰ্য্যাৰ পৰা বিৰত থকাৰ আপত্তি
কৰিব নোৱাৰো মই৷
নাই, নাই, একোৱেই কৰিব নোৱাৰো মই৷ আনকি এই সকলোৰে পৰা মুক্তি পাবলৈ
আত্মহত্যাও কৰিব নোৱাৰো মই৷ কাৰণ মই যে সাধাৰণ নাৰী৷ হাতত তামোল-পানৰ
বঁটা লৈ দ্বিতীয়বাৰ আত্মহত্যাৰ চেষ্টা নকৰো বুলিতো সামাজিকভাবে মইয়েই
ক্ষমাপ্ৰাৰ্থী হ’ব লাগিব! !
নাৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আদালতে বান্ধি দিয়া আইনী সুৰক্ষা
বিচাৰিবও পাৰিম জানো? ? বা পাৰিলেও সেইয়া জানো সামাজিক সংস্কাৰ বৰ্হিভূত
নহ’ব? ? “লক্ষিমী“ শব্দৰ বিপৰীতে বিভিন্ন বিভূষণেৰে বিভূষিত নহ’ম জানো
মই? ? আত্মাৰক্ষাৰ বাবে মই লোৱা যি কোনো পদক্ষেপেই মোৰ বাবে হৈ নুঠিবজানো
অন্ধকাৰ ভৱিষ্যত? ? সহি থাকিব পৰাটোৱেই মোৰ বাবে ভাল! ! কিয়নো “লক্ষিমী“
নাৰী মই…৷ আৰু তাৰ বিপৰীতে গ’লেই যে মোৰ চৰিত্ৰত দোষ…! !
এখন “অসাধাৰণ“ সমাজৰ এগৰাকী খুবেই সাধাৰণ নাৰী মই৷ এগৰাকী নাৰীয়ে সমগ্ৰ
ৰাষ্ট্ৰ পৰিচালনা কৰাৰ সময়ত মই মোৰ ক্ষুদ্ৰ স্বাভিমানকো ধৰি ৰাখিব
নোৱাৰো৷ কাৰণ সোঁতৰ বিপৰীতে যাব নোৱাৰো মই…৷ কাৰণ এই সমাজত নাৰীমুক্তিৰ
শ্ল’গান যিমানেই প্ৰভাৱশালী নহওক কিয় সমগ্ৰ পুৰুষসত্বাক বাদেই এজন
পুৰুষৰ দাম্ভিকতাৰ বিৰুদ্ধেও মাতিব নোৱাৰো মই৷ নাৰী স্বাৱলম্বীৰ বাবে,
না�ৰীৰ যোগ্যপ্ৰাপ্যৰ বাবে, নাৰী সমমৰ্যাদাৰ বাবে, নাৰীৰ অধিকাৰৰ বাবে,
নাৰী সৱলীকৰণৰ বাবে, নতুন নতুন আইন প্ৰণয়নৰ বাবে আজীৱন কৰি যোৱা সকলো
মহান মহীয়সীৰ অসীম ত্যাগক ভেঙুচালী কৰি থকা এই পুৰুষ প্ৰধান সমাজৰ ৮০
শতাংশ মহিলাৰ মাজৰ এগৰাকী সাধাৰণ নাৰী মই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!