মই ছলমান খান হ’ব নোৱাৰিলোঁ ( দিগন্ত কুমাৰ ভট্টাচাৰ্য্য )

দেউতাক নোকোৱাকৈ সন্ধিয়া ঘৰৰপৰা ওলোৱাটো মোৰ বাবে অসম্ভৱ আছিল। চিনেমা চাবলৈ গ’লে টাউনলৈ অহা-যোৱা মিলাই মুঠতে চাৰি ঘন্টা। নাই, ঘৰত গম পালে সম্ভাব্য বিপদৰ চিন্তাটো আগতেই আহিছিল।
সিদিনা আছিল হায়াৰ-ছেকেণ্ডাৰী পৰীক্ষাৰ অন্তিমখন কাকত।
‘কি চিনেমা চাবলৈ যাব সি?’ -আনটো কোঠাৰ পৰা মাক সুধিলে দেউতাই।
প্যাৰ-প্ৰেম আদি শব্দ মুখত আনিবলৈ দ্বিধাবোধ কৰিলোঁ। ‘মেইনে প্যাৰ কিয়া’ নামটো ক’বলৈ ঠিক নালাগিল। ‘অসমীয়া চিনেমা বুলি কৈ দিয়া, মা’- মাক ক’লোঁ।
মোনা এখনত দেউতাই নিজৰ তিনি বেটাৰীৰ টৰ্ছটো সোমোৱাই লৈ যাবলৈ ক’লে। আহোতে ৰাতি হ’ব, আন্ধাৰত চাইকেল চলাওতে অসুবিধা পাম। টাউনলৈ আমাৰ ঘৰৰপৰা প্ৰায় দহ কিল’মিটাৰৰ বাট।
বেছ কিছুদিন আগৰে পৰা টিভি আৰু ৰেডিঅ’ত ‘মেইনে প্যাৰ কিয়া’ৰ গানবোৰ শুনি শুনি মুখস্থই হৈ গৈছিল। দুদিন আগতে ক’লা টুপী এটা আনি মাক দিছিলোঁ। কুটুৰি কুটুৰি সন্মুখভাগত বগা সূতাৰে এম্ৰ’ইডাৰী কৰি লিখাই লৈছিলোঁ -‘FRIEND’, ঠিক ছলমানে পিন্ধাটোৰ দৰে।
চিনেমা চাই উৎফুল্লিত মন এটি কঢ়িয়াই পিছদুৱাৰেৰে ঘৰৰ ভিতৰলৈ সোমালোঁ। পোনে পোনে পাকঘৰ। মায়ে ভাত ৰান্ধি আছে। কাষতে দেখিলোঁ পীৰাত বহি আছে ছোৱালী এজনী। দীঘল চুলিয়ে মুখৰ এফাল ঢাকি ধৰিছিল তাইৰ।
‘দেউতাৰাৰ বন্ধু যে কলিতা খুৰা, তেখেতৰ ছোৱালী -সুমন। ক্লাছ টেনত পঢ়ে, ইংলিছ স্কুলত। তেওঁলোক ইয়ালৈকে ট্ৰান্সফাৰ হৈ আহিছে। ভাৰাঘৰ নোপোৱালৈকে এই ইয়াতে থাকিব’।
সুমন! চিনেমাত ভাগ্যশ্ৰীৰ নাম আছিল ‘সুমন’। আস: মোৰ নাম যদি ‘প্ৰেম’ হ’লহেঁতেন! দীঘল চুলি, সলাজ হাঁহি, মুখৰ অৱয়বো কিছু একেই…সুমনৰ মাজতে মই ছলমান খান হৈ ভাগ্যশ্ৰীক কল্পনা কৰিবলৈ আৰম্ভ কৰি দিলোঁ মূহুৰ্ত্ততে।
‘চিনেমা চাই আহিছা? ‘মেইনে প্যাৰ কিয়া’ ন? দেখিছোঁ পোষ্টাৰ। মই চাইছোঁ। ছলমান মোৰ এতিয়া ফেভৰিট। হি ইজ কিউট’ – সুমনে হাঁহিছিল।
মই আকাৰে-ইংগিতে মাহঁতক সেইখন চিনেমা চাবলৈ যে যোৱা নাই, বুজালোঁ। তাই সৰুকৈ ক’লে-ছ’ৰী! মই যেন মোৰ টুপীটো তাইৰ মূৰত থৈ কৈ উঠিম- ‘দোস্তী মে নো ছ’ৰী, নো থেংক ইউ!’
দুদিনমান পাছত সুমন গ’লগৈ নিজৰ ঘৰলৈ।

এদিন মাজতে সুমনহঁতৰ ঘৰলৈ গৈছিলোঁ। সুমনৰ কোঠাৰ বেৰত ছলমান খানৰ বহুকেইখন পোষ্টাৰ জিলিকি আছিল। ইমান প্ৰিয় তাইৰ ছলমান!
ছলমান খান হঠাতে যেন মোৰ আদৰ্শ হৈ পৰিল। ছলমানৰ খোজ-কাটল, চুলিৰ ষ্টাইল, ভংগীমা-সকলো। দুদিন পাছতে টাউনলৈ গৈ জেকেট এটা আনিলোঁ। জিনছ’ৰ বেগী পেন্ট আৰু বগা-নীলা স্প’ৰ্টছ্ শ্বু।
সুমনক প্ৰায়েই লগ পাওঁ। কিন্তু একো ক’বলৈ সাহস নহয়। তায়ো বোধহয় লাজ কৰিছিল মোক।
বছৰ বাগৰিল। সেইবছৰ বিএ ফাইনেল দিম। দেউতাক ‘বিজয় ছুপাৰ’ এখন কিনিবলৈ মান্তি কৰাইছিলোঁ। মাৰ আপত্তি আছিল। শিক্ষকৰ চাকৰি, জমা ধন তেনেই অলপ। ৰিটায়াৰ্ড হ’বলৈ বেছি দিন নাই, কিহৰ বাবে স্কুটাৰ এখন। তথাপিও একমাত্ৰ সন্তানৰ আবদাৰ এৰাই চলিব নোৱাৰিলে।
এদিন সন্ধিয়া সুমনক সিহঁতৰ ঘৰৰ আগতে দেখি ব্ৰেক মাৰি ৰখাইছিলোঁ স্কুটাৰখন। তাই লৰি আহিছিল। তাই চুই চাইছিল স্কুটাৰৰ আগফালৰ মিৰ’ৰখন। মোৰ জেকেটটো দেখি কিছুপৰ ৰৈ তাই ক’লে-‘সেই যে ‘দিল দিৱানা’ গানটোত ছলমানে পিন্ধা..ছেম, কৰেক্ট?’ মই মূৰ দুপিয়াইছিলোঁ।
‘তুমি কিন্তু বহুত সলনি হৈ গৈছা দেই। বহুদিনৰ মূৰত দেখিলোঁ, চিনিয়েই নাপালোঁহেঁতেন’- উজ্জ্বল হৈ উঠিছিল সুমনৰ দুচকু। এক অবুজ শিহৰণে কঁপাইছিল মোৰ মন।

ooo
সুমনৰ দেউতাক কলিতা খুৰা সন্ধিয়া ঘৰলৈ আহিল। তেওঁক মোৰ হঠাতে ‘মেইনে প্যাৰ কিয়া’ৰ অলক নাথ যেন লাগিল। হয়তো, মোক মাতি নি সুধিব-‘দেউতাৰাইতো অৱসৰ পাবলৈ দিনেই নাই। তুমি মোৰ ছোৱালীক বিয়া পাতিলে খুৱাবা কেনেকৈ?’
মই মনতে উত্তৰবোৰ ভাবি থৈছিলোঁ, ঠিক ছলমানৰ দৰে। কিজানিবা সুমনৰ কাৰণে মই সমস্ত দুখ-কষ্ট সহিবলৈ সক্ষম হ’ম। ট্ৰাক চলাম, মাটি কাটিম…হয়, ঠিক ছলমানৰ দৰেই।

সুমনৰ দেউতাকে মোলৈ চাই হাঁহিলে। একো নক’লে। তেওঁ যোৱাৰ পাছত কাহিনীত পাঁক লাগিল। দেউতা হৈ পৰিল ‘অলক নাথ’। দুদিন আগত সুমনক মই দিয়া চিঠিখন মোৰ মুখলৈ দলিয়াই চিঞৰিলে -‘ছোৱালী-, প্ৰেম, বিয়া-সেইবোৰ পাছে-পৰে। মোৰ পেঞ্চনৰ দুপইচাৰে সংসাৰ চলাবি? আগতে চাকৰি এটা যোগাৰ কৰ, ময়েই সিহঁতৰ ঘৰলৈ গৈ কথা পাতিম।’
মই চিঠিখন মোৰ ফাইলটোৰ ওপৰতে থৈ দিলোঁ। সদায় পুৱা-গধুলি চিঠিখন এবাৰ চোৱাটো মোৰ অভ্যাসৰ দৰে হ’ল। লাহে লাহে ফাইলটোৰ ওজন বাঢ়িল। বিভিন্ন চাকৰিৰ ইন্টাৰভিউৰ লেটাৰ, চাকৰি সংক্ৰান্তীয় বাতৰিৰ পেপাৰ কাট আদিৰ হেঁচাত চিঠিখনে ক্ৰমাৎ ফাইলটোৰ তললৈ গতি ল’লে। মাজতে সম্পৰ্কীয় দাদা এজনে গুৱাহাটীত চাকৰি এটা দিয়ালে। কোম্পেনীৰ সৰু চাকৰি। এমাহ থাকি গুচি আহিলোঁ। সুমনে কি ভাবিব মোক সৰু চাকৰি কৰা শুনিলে! চিনেমাত সকলো সম্ভৱ, কিন্তু নিজৰ ‘ছলমান’ক কষ্টত থকা তাই কিদৰেনো চাব!

ooo
‘খুৰা, ‘ৰেড’টো খাই থোৱা জল্ডি। এইটোত ‘টাচ্চ’ দি মাৰিবা’ -অৰূপৰ বাৰবছৰীয়া পুতেক ৰাজে ষ্ট্ৰাইকাৰটো আগবঢ়াই দিলে মোলৈ। অৰূপ মোৰ লগৰ। আজি তাৰ পুতেকে মোক কেনেকৈ কেৰম’ত ‘টাচ্চ’ দি মাৰিম শিকায়। এটি সেমেকা হাঁহি বিৰিঙি উঠে মোৰ ওঁঠত। আজিকালি তিনিআলিৰ চ’কটোত পুৱা-গধুলি কেৰম খেলাটো অভ্যাসেই হ’ল। সময় বোৰ পাৰ কৰোঁনো কেনেকৈ। মাৰ মৃত্যুৰ পাছৰে পৰা দেউতাও বিচনাত। ঘৰৰ কামখিনি ময়েই কৰোঁ। দেউতাক সন্ধিয়াতে ভাতৰ কাঁহীখন বিচনাৰ কাষত থৈ ওলাই আহোঁ। ক’লৈ যাও, কেতিয়া আহিম-দেউতাই এইবোৰ আৰু নোসোধে। ময়ো নকওঁ।
আমাৰ লগৰ গোবিন আহিলেহে খেলি ভাল লাগে। সৰু ল’ৰাকেইটাৰ লগত অলপ অসহজ বোধ হয়। গোবিনে সদায় সন্ধিয়া দুটুপি ধৰে। সেয়ে পলমকৈ উঠে পুৱা সি। ‘জীৱনত ভাই একোৱেই নহ’ল ও’-গোবিনে দুখ কৰে। তাৰ আচল নাম নৰোত্তম। তাৰো খুউব ‘গোবিন্দা’ৰ দৰে হ’বলৈ মন আছিল। আমি তাৰ নাম থৈছিলোঁ ‘গোবিন’, যেনেকৈ মোক এতিয়াও পুৰণা বন্ধুখিনিয়ে ‘খান’ বুলিয়েই মাতে।

গাড়ী এখন ৰৈছে। তিৰোতা এগৰাকী নামি আগুৱাই আহিছে। দেখিয়েই চিনি পালোঁ, সেয়া সুমন। বহুবছৰৰ মূৰত দেখিলোঁ। আগতকৈ অলপ শকত হৈছে। বিয়াৰ পাছত তাই টাউনতেই থাকে। বোধকৰোঁ আজি ঘৰলৈ আহিছিল। লগত তাইৰ ছোৱালীজনী। ডাঙৰেই হ’ল।
‘তুমি কিন্তু বহুত সলনি হৈ গৈছা দেই। বহুদিনৰ মূৰত দেখিলোঁ, চিনিয়েই নাপালোঁহেঁতেন’ -সেই একেকেইটাই বাক্য তাইৰ। এইবাৰ তাইৰ দুচকু উজ্জ্বল হোৱা নাই। হয়তো সেমেকিছে। মই গাল দুখন চুই চালোঁ। গালৰ হনু দুটা হয়তো এইকেইদিনত বেছিকৈয়ে ওলাইছে।
বহুদিন ডাড়ি খুৰোৱা নাই। খুৰোৱাৰ প্ৰয়োজনো অনুভৱ কৰা নাছিলোঁ। সন্মুখত থকা চুলিকেইডালতো ৰং কৰা হোৱা নাই বহু মাহ।  ছাৰ্টৰ ওপৰৰ বুটাম দুটা মাৰিম বুলি ভাবিও ৰৈ গ’লোঁ। বুটাম নাই। আঙুলিৰে চেপি ধৰিলোঁ। অলপ আগতে চেণ্ডেলযোৰৰ ফিটা দুডালত চিলাই কৰি দিবলৈ ওচৰৰে মুচীগৰাকীক দি আহিছিলোঁ। সুমনে মোৰ খালী ভৰি দুখন দেখিব পাৰে বুলি সতৰ্ক হ’লোঁ।
‘স্কুটাৰখন আছে নে তোমাৰ? মনত পৰে কেতিয়াবা’ – তাই হাঁহিছিল। মই মূৰ দুপিয়াইছিলোঁ। সঞ্চয়ৰ ধাৰ মাৰিবলৈ সেইখন বহু বছৰ আগতেই বিক্ৰী কৰা বুলি ক’বলৈ ভাল নালাগিল।
‘আজিয়েই যাবা উভতি?’ -সুধিলোঁ মই।
‘হয়, আমাৰ এওঁ আকৌ আজি নাইট শ্বো’ৰ টিকেট বুক কৰি থৈছে। এইজনীয়ে হাঁহাকাৰ লগাই আছে, মোৰ সিমান মন নাই বাৰু…’।
‘ছলমান খানৰ নিউ ৰিলিজ, চামেইতো!ছলমান খান মোৰ ফেভৰিট, হি ইজ কিউট..নহয় আংকল?’- সুমনৰ ছোৱালীজনীৰ মূৰত হাতখন থৈ হাঁহিলো মই। হাতখন কঁপিছিল মোৰ।

(প্ৰথম অংশটিত আন এটি লেখাৰ সামান্য ছাঁ পৰিছে)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!