মঙ্গল গ্ৰহত পাৰমাণৱিক যুদ্ধ হৈছিল নেকি? (ৰঞ্জন ভূঞা)

অধিকাংশ বিজ্ঞানীয়ে মত প্ৰকাশ কৰে যে পৃথিৱীখনক বাদ দি আন বহুতো গ্ৰহতেই আমাতকৈ উন্নত অথবা আমাতকৈ পিছপৰা জীৱ আছে অথবা কিছুমান সভ্যতা হয়টো শেষ হৈ গৈছে৷

আজিকালি বৈজ্ঞানিক সকলে অন্য গ্ৰহৰ তুলনাত আমাৰ চুবুৰীয়া গ্ৰহ মঙ্গল গ্ৰহৰ বিষয়ে সবিশেষ জানিবলৈ যেন অলপ বেছি আগ্ৰহী৷
সৌৰজগতৰ চতুৰ্থ গ্ৰহ হৈছে মঙ্গল গ্ৰহ৷ পৃথিৱীৰপৰা এই গ্ৰহটো ৰঙা বৰণৰ দৰে দেখি৷ মঙ্গলগ্ৰহ সৌৰজগতৰ শেষ পাৰ্থিৱ গ্ৰহ৷ অৰ্থাৎ এই গ্ৰহটোৰো ভূ-ত্বক পৃথিৱী ভূ-ত্বকৰ সৈতে বহুখিনি সাদৃশ্য আছে৷ ইয়াত অতি ক্ষীণ বায়ুমণ্ডল আছে, আৰু ইয়াৰ ভূ-পৃষ্ঠত চন্দ্ৰৰ দৰে অসংখ্য খাদ, আৰু পৃথিৱীৰ দৰে আগ্নেয়গিৰি, মৰুভূমি আৰু মেৰুদেশীয় বৰফো আছে৷ সৌৰ জগতৰ সৰ্ববৃহৎ পাহাৰ এই গ্ৰহটোতেই অৱস্থিত৷ ইয়াৰ নাম অলিম্পাছ মন্‌চ৷
আপুনি জানেনে? বৈজ্ঞানিক সকলে মঙ্গল গ্ৰহত মানুহ থাকিব পৰাকৈ কলনি তথা বৈজ্ঞানিক পদ্ধতিৰে বিশেষ ভাৱে নিৰ্মিত একো একোখন গাঁও সজাৰ পৰিকল্পনাও কৰি আছে৷

““যদি আপুনি মঙ্গল গ্ৰহত যায় তেন্তে দূৰ দিগন্ত লৈকে দেখা পাব ৰঙচুৱা বালিৰ মৰুভূমি৷
আৰু দেখা পাব সৰু-ডাঙৰ -অসংখ্য গাত৷
মঙ্গল গ্ৰহৰ পৰা সূৰ্য্যটো যথেষ্ট দূৰত অৱস্থিত বাবে পৃথিৱীৰ তুলনাত ইয়াক সৰুকৈ দেখা পাব৷
মঙ্গল গ্ৰহত যথেষ্ট ঠাণ্ডা অনুভৱ কৰিব৷
ৰাতিৰ মনোৰম আকাশত অসংখ্য তৰাৰ মাজত দেখিবলৈ পাব চন্দ্ৰৰ দৰে জিলিকি থকা দুটি উপগ্ৰহ Phobos আৰু Deimos .“
মঙ্গল গ্ৰহত এটা দিন ২৪ ঘণ্টাতকৈ অলপ বেছি হয়৷ এই গ্ৰহটোত এটা বছৰ পূৰ হ’বলৈ পৃথিৱীৰ ৬৮৭ দিন সমান সময় লয়, মানে প্ৰায় ২৩ মাহৰ সমান৷
পৃথিৱীত থকা এজন মানুহৰ ওজন যদি ১০০ কেজি হয় তেন্তে ভৰশূন্য মঙ্গল গ্ৰহত তাৰ ওজন মাত্ৰ ৩৮ কেজিহে হ’ব৷ কিন্তু তাতোকৈও আচৰিত আৰু ৰোমাঞ্চকৰ কথাটো হ’ল পৃথিৱীৰ এশ কেজি ওজনৰ মানুহজন মঙ্গল গ্ৰহৰ Phobos উপগ্ৰহত গ’লে মাত্ৰ এশ গ্ৰামহে হ’ব৷
Phobos-ৰ দূৰত্ব আমাৰ সৌৰজগতৰ আন আন উপগ্ৰহৰ তুলনাত নিচেই ওচৰত৷ অৰ্থাৎ মঙ্গল গ্ৰহৰ পৰা ইয়াৰ দূৰত্ব মাত্ৰ ৬০০০ কিলোমিটাৰ য’ত নেকি আমাৰ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব প্ৰায় ৩, ৮৪, ৪০৩ কিলোমিটাৰ৷

মঙ্গল গ্ৰহত পাৰমাণৱিক যুদ্ধ হৈছিল নেকি?

এই বিষয়টো আলোচনা কৰাৰ আগতে মঙ্গল গ্ৰহৰ বিষয়ে আৰু দুটামান আশ্চৰ্যজনক কথা উনুকিয়াই থোৱা ভাল হ’ব৷
২০০৩ চনত “European Space Agency’s Mars Express“-য়ে মঙ্গল গ্ৰহত মিথেন গেছৰ উপস্থিতি ধৰা পেলাইছিল৷ পৃথিৱীৰ বাতাবৰণত সাধাৰণতে পচন হৈ যোৱা শাক-পাচলি বিশেষকৈ জীৱ-জন্তুৰ বিষ্ঠাত মিথেন গেছৰ উৎপত্তি বেছিকৈ পোৱা যায়৷
কিন্তু মঙ্গল গ্ৰহত বৰ্তমানলৈকে কোনো জীৱৰ অস্তিত্বৰ উমান পোৱা নাই সেইয়ে এইটো এটা ৰহস্য যে তাত মিথেন গেছৰ স্বৰূপ কি৷
এটি অনুমানিক ধাৰণাৰ মতে মঙ্গল গ্ৰহত পোৱা মিথেন এই গ্ৰহটোত আহিবলগীয়া আন্তৰিক প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হৈছে৷ কিন্তু এই প্ৰক্ৰিয়াৰ বিষয়ে এতিয়ালৈকে একো সম্ভেদ পোৱা নাই৷

কিছুমান বৈজ্ঞানিকৰ মতে মঙ্গলৰ ভূ-পৃষ্ঠৰ তলত থকা পানী আৰু কিছুমান সূক্ষ্ম অণুজীৱৰ দ্বাৰাও মিথেন সৃষ্টি হ’ব পাৰে৷ আন বেলেগ প্ৰক্ৰিয়াৰ দ্বাৰাও যেনে বিশ্বব্ৰহ্মাণ্ডৰ ধূলি কণা মঙ্গলৰ পৃষ্ঠত পৰাৰ বাবেও তাত মিথেন গেছ সৃষ্টি হ’ব পাৰে৷ অৱশ্যে এই সকলোবোৰ এক অনুমাণিক ধাৰণাহে এতিয়ালৈকে এইবিষয়ে কোনো স্পষ্ট প্ৰমাণ পোৱা নাই৷ ২০১৪চনত নাছাই প্ৰেৰণ কৰা এখন অন্তৰীক্ষ যানে অনুসন্ধান কৰি পালে যে মঙ্গল গ্ৰহত মিথেনৰ পৰিমাণ আগতকৈ সাত গুণে বৃদ্ধি পালে৷ এনেকুৱা কিয় হ’ল সেই বিষয়ে এতিয়ালৈকে জানিব পৰা নাই৷

পৃথিৱীৰ দৰেই মঙ্গল গ্ৰহটো উত্তৰ আৰু দক্ষিণ অংশত বৰফ পোৱা গৈছে৷ কিন্তু এই বৰফ পানীৰ নহয় জমা হোৱা কাৰ্বন ডাই অক্সাইডৰ দ্বাৰাহে সৃষ্টি হৈছে যাক সাধাৰণ ভাষাত Dry Ice বুলি জনা যায়৷ Dry ice-ৰ এটা বিশেষত্ব হ’ল অধিক তাপমাত্ৰাত ই গলিবলৈ আৰম্ভ কৰিলে চিধাই গেছলৈ ৰূপান্তৰিত হয়৷ মঙ্গলৰ দক্ষিণ অংশত থকা Dry ice-ৰ আকৃতি অতি ৰহস্যজনক তাৰে ভিতৰত এখন অসাধাৰণ ছবিয়ে বৈজ্ঞানিক সকলক আৰু অধিক কৌতূহলী কৰি তুলিছে৷ নাছাই প্ৰেৰণ কৰা “Mars Reconnaissance Orbiter“-যান খনে তাত এখন ফটো তুলিছিল য’ত স্পষ্টকৈ দেখা গৈছে Dry ice য়ে ঢাকি ৰখা সোণৰ দৰে কিছুমান সৰু বৰ ঢাকনি৷ বৈজ্ঞানিক সকলে এতিয়াও জানিব পৰা নাই ফটো খনত দেখি পোৱা সোণৰ দৰে সেই বস্তুবোৰ সঁচাকৈয়ে সোণ নে আন কিবাহে(?) তদুপৰি তাত বৰফৰ ইমান ডাঠ তৰপ কেনেকৈ সৃষ্টি হ’ল৷

এতিয়ালৈকে মঙ্গল গ্ৰহত পোৱা অধিকাংশ পানীয়েই কেৱল বৰফৰ ৰূপতহে পোৱা গৈছে৷ কেতিয়াবা বাষ্পীয় অৱস্থাতো পোৱা গৈছে অৱশ্যেই৷ মঙ্গল গ্ৰহৰ এই পানী বৰফৰ ৰূপত যিবোৰ ঠাইত পোৱা গৈছে সেইয়া মাথোঁ উত্তৰ আৰু দক্ষিণ অংশতেই৷ তাত পোৱা Dry ice ইমান বিশাল আকৃতিত মজুত আছে যে সেইবোৰ গলি পানী হ’ব লাগিলে সমগ্ৰ মঙ্গল গ্ৰহটোকেই পানীয়ে প্ৰায় ত্ৰিশ ফুট তলত ডুবাই ৰাখিব৷ মঙ্গল গ্ৰহত সেই পানীবোৰ জলীয় অৱস্থাত পোৱাৰ সম্ভাৱনা নাই বুলিবই পাৰি তাৰ বাতাৱৰণ চাই সেইবোৰ গলিলে চিধাই বাষ্প হৈ ওপৰলৈ উৰি যাব৷ কিন্তু বহুতেই ক’ব খোজে যে আজিৰ তুলনাত প্ৰাচীন কালত মঙ্গল গ্ৰহৰ বাতাবৰণ যথেষ্ট গৰম আৰু সাধাৰণ বাতাৱৰণেই আছিল৷ য’ৰ পৰা এইটো সম্ভাৱনা বাঢ়ি যায় যে এসময়ত তাত পৃথিৱীৰ প্ৰশান্ত মহাসাগৰতকৈও বিশাল এখন মহাসাগৰ আছিল৷

কিন্তু প্ৰশ্ন হয়, মঙ্গলতনো এনে কি হৈছিল যে বিশাল আকৃতিৰ এখন মহাসাগৰৰ সমস্ত পানী হঠাতে নিখোজ হৈ গ’ল!
তাৰ উত্তৰো বহুতেই বহুত ভাগেই দিছে৷ এইটো মানি লোৱা হয় যে পানী সৃষ্টি কৰিব পৰা হাইড্ৰ’জেনৰ পৰমাণু বায়ুমণ্ডলত উৰি যায় কাৰণ যিয়েই নহওক কিন্তু এনেকৈয়ে লাহে লাহে এই গ্ৰহটোৰ পানী আৰু পানী সৃষ্টি কৰিব পৰা ইক’চিষ্টেম ভাপ হৈ উৰি গ’ল কিন্তু এনেকুৱা কিয় হ’ল তাৰ কাৰণ আজিও অস্পষ্ট৷

২০১৪চনত Dr john Brandenburg য়ে এটা চমক লগা কথা ক’লে৷ তেওঁ কৈছে যে এসময়ত মঙ্গল গ্ৰহত আমাতকৈ উন্নত কোনো সভ্যতাই বসবাস কৰিছিল আৰু পাৰমাণৱিক যুদ্ধত সেই মঙ্গল সভ্যতা নিঃশেষ হৈ যায়৷ Dr. Brandenburg ৰ তত্ত্ব অনুসৰি মঙ্গল গ্ৰহত বেলেগ বেলেগ দুটি এলিয়েন সভ্যতাই শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিছিল৷ এটা ছাইদ’নিয়ম আৰু আনটো ইউট’পিয়ম৷ এই দুইটা সভ্যতাক আন কোনো তৃতীয় আগশাৰী উন্নত সভ্যতাই পাৰমাণৱিক অস্ত্ৰৰ দ্বাৰা নিঃশেষ কৰি দিয়ে৷

Brandenburg ৰ মতে আজিৰ পৰা প্ৰায় ওঠৰ কোটি বছৰ আগতেই মঙ্গল গ্ৰহত ডাঙৰ ডাঙৰ দুটা পাৰমাণৱিক ব’ম বিস্ফোৰণ কৰোৱা হয়৷
যি প্ৰায় দহ লাখ মেগাটন হাইড্ৰ’জেন ব’মৰ সমান শক্তিশালী হ’ব৷ যাৰ বাবে গোটেই মঙ্গল গ্ৰহতেই জীৱনৰ অস্তিত্ব শেষ হৈ যায়, যাৰ প্ৰমাণ আজিও পোৱা যায়৷ মঙ্গল গ্ৰহত পাৰমাণবিক যুদ্ধ হৈছিল বুলি এই কথাটোৰ সমৰ্থনত কেৱল Brandenburg য়েই নাই, ১৯৭৪ চনত Robin Collyns নামৰ এজন ব্যক্তিয়ে লিখা “Did Spacemen Colonise The Earth? “ নামৰ গ্ৰন্থ খনত এই তত্ত্বটোৰ পক্ষত লিখিছিল যে হয়টো কোনো এক উদ্দেশ্য আগত ৰাখিয়েই মঙ্গল গ্ৰহত পাৰমাণবিক যুদ্ধ হৈছিল৷

কিন্তু ২০১১ চনত বৈজ্ঞানিক সকলে মঙ্গল গ্ৰহ ৰঙা হোৱাৰ কাৰণ সম্পৰ্কে মত পোষণ কৰে যে তাত প্ৰাকৃতিকভাৱে থাৰ্মল নিউক্লিয় বিস্ফোৰণ হৈছিল যাৰ বাবে গ্ৰহটোৰ ৰেডিঅ এক্টিভ পদাৰ্থ ইউৰ’নিয়ম থ’ৰিয়ম আৰু ৰেডিঅ এক্টিভ পটেছিয়ামৰ এটা পাতল আৱৰণ সৃষ্টি হৈছিল৷ আৰু সেই বিস্ফোৰণ পদাৰ্থ গোটেই গ্ৰহটোত বিয়পি পৰিল৷

এই সকল বৈজ্ঞানিকৰ মতে মঙ্গল গ্ৰহত কোনো এলিয়েন যুদ্ধ হোৱা নাই কিন্তু Dr. Brandenburg য়ে তেওঁৰ তত্ত্বৰ সমৰ্থনত কয় যে মঙ্গল গ্ৰহৰ পৃষ্ঠত ইউৰ’নিয়াম আৰু থ’ৰিয়ম নিচিনা এলিমেণ্ট পোৱা গৈছে, জেনন-১২৯ৰ অধিকমাত্ৰা পোৱাৰ পিছত এইটো প্ৰায় নিশ্চিত যে তাত পাৰমাণৱিক যুদ্ধ হৈছিল৷ কিয়নো পৃথিৱীৰ য’ত পাৰমাণৱিক যুদ্ধ হৈছে যেনে নাগাছাকি আৰু হিৰোছিমা তাতো জেনন-১২৯ যথেষ্ট পৰিমাণে পোৱা গৈছে৷ Dr. Brandenburg য়ে কৈছে যে জেনন-১২৯ প্ৰাকৃতিক ৰূপতো পোৱা যায় কিন্তু মঙ্গল গ্ৰহত ইয়াৰ পৰিমাণ অধিক আৰু তাৰপৰাই প্ৰমাণ পোৱা যায় যে তাত পাৰমাণৱিক ব’ম বিস্ফোৰণ হৈছিল৷

২০১৪ চনৰ মাৰ্চ মাহত ভাৰতীয় মঙ্গল যানে এখন ফটো তোলে৷ সেই ছৱিখন ঠিক তেনেকুৱাই যেনেকৈ নিউক্লিয় বিস্ফোৰণৰ সময়ত হয়৷
তেখেতৰ তত্ত্ব অনুসৰি সেই সময়ত মঙ্গল গ্ৰহত হোৱা পাৰমাণৱিক যুদ্ধত হয়টো কিছুমান ব’ম বিস্ফোৰণ হোৱা নাছিল আৰু সেইয়া এতিয়া বিস্ফোৰণ হৈছে যিটো দৃশ্য ভাৰতীয় মঙ্গল যানে দেখা পালে৷

কিন্তু NASA-য়ে এই ফটোখনৰ বিষযে কয় যে এই বিস্ফোৰণ কোনো উল্কা পিণ্ডৰ বাবেও হ’ব পাৰে৷ অথবা এইয়া কোনো দৃষ্টি ভ্ৰম দৰে কথাও হ’ব পাৰে৷
Dr. Brandenburg-ৰ এই তত্ত্ব কিমান শুদ্ধ সেইয়াটো সময়ে ক’ব কিন্তু যদিহে সচাকৈয়ে মঙ্গল গ্ৰহত পাৰমাণৱিক যুদ্ধ হৈছিল তেন্তে আমি এইটো পাহৰিব নালাগে যে আমাৰ হাততো বৰ্তমান বহুত শক্তিশালী পাৰমাণৱিক অস্ত্ৰ আছে যি মুহূৰ্ততে পৃথিৱীৰ সমগ্ৰ জীৱকূল নিঃশেষ কৰিব পাৰে৷
মঙ্গল গ্ৰহৰ ৰহস্য উৎঘাটন কৰিবলৈ বৰ্তমান সময়ত আঠখন অন্তৰীক্ষ যানে কাম কৰি আছে তাৰে সাত খন আমেৰিকাৰ আৰু এখন ভাৰতৰ৷
২০৩০ চনত মঙ্গল গ্ৰহলৈ মানুহ নিব পৰা হ’ব বুলি নাছা খুবেই আশাবাদী৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!