মচলা চিকেন (ড্ৰাই)- পূৰৱী দেৱী

উপকৰণসমূহ:

১/ কুকুৰা মাংস – আধা কে.জি.
২/ পিঁয়াজ- ২ টা(মজলীয়া)
৩/ বিলাহী-১টা (মজলীয়া আকাৰৰ)
৪/ নহৰু- ‍১০/১২ কোঁহমান
৫/ আদা- এটুকুৰা (২ ইঞ্চি)
৬/ জিৰা গুড়ি
৭/ ধনিয়া গুড়ি
৮/ গৰম মচলা
৯/ নিমখ
১০/ হালধি
১৩/ জলকীয়া
১৪/ শুকান জলকীয়া
১৫/ তেজপাত
১৬/ মিঠাতেল
১৭/ কাশ্মিৰী লাল মিৰ্ছ পাউডাৰ (নিদিলেও হয়)

প্ৰণালী: মাংসখিনি ভালদৰে ধুই পানী নিগৰাই নিমখ, হালধি, জিৰা গুড়ি ধনিয়া গুড়ি, জলকীয়া গুড়ি, গৰম মচলা আৰু মিঠাতেল অলপ মানেৰে সানি লৈ এক ঘণ্টাৰ বাবে মেৰিনেড কৰি থ’ব৷ তাৰ পাছত মিক্সিত পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু বিলাহী একেলগে দি মিহি পেষ্ট এটা বনাই ল’ব৷ কেৰাহী এখনত সৰহকৈ তেল গৰম কৰি তেজপাত শুকান জলকীয়া দি মিক্স মচলাৰ পেষ্টটো দি মিডিয়াম ফ্লেমত খুউব ভাজিব৷ যেতিয়া মচলাটোৰ পৰা তেল বিৰিঙি ভজা ভজা গোন্ধ ওলাব আৰু কাঢ়া ৰঙচুৱা বৰণ ধৰিব তেতিয়া মেৰিনেড কৰি থোৱা মাংসখিনি ঢালি দি কম জুইত ভাজি থাকিব৷ আৰু মাজে মাজে এক দুই ছিটা পানী মাৰি থাকিব যাতে মাংসখিনি লাগি নধৰে আৰু সিজি আহে৷ এনেদৰে মাংসখিনি যেতিয়া সিজিব আৰু তেল ফুটি উঠি মচলাখিনি মাংসত লাগি ধৰিব গৰম মচলা এচিকুটমান দি (মাংস সানোতে দিয়া হৈছিল নিদিলেও কথা নাই) ভালদৰে লৰাই নমাই থ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!