মধুপুৰ বহুদূৰ নহয় (নয়নমনি হালৈ)

(১)
আলিপুৰদুৱাৰৰ পৰা কোচবিহাৰ অভিমুখী বাচখনত উঠোতেই বৰষুণজাক আৰম্ভ হৈছিল। আৰু আমি যেতিয়া কোচবিহাৰ পাইছিলোঁ, কলহৰ কাণে ঢলা বৰষুণ এজাকে আমাক স্বাগতম জনাইছিল। হোটেলৰ খিৰিকীৰে প্ৰকৃতিৰ তাণ্ডৱ-লীলা চাই থকাৰ বাহিৰে ৰাতিপুৱাৰ বেলাটোত আমাৰ আৰু একো কাম কৰা নহ’ল। আবেলিলৈ বতৰ ফৰকাল হ’ল যদিও আকাশত মেঘ আৰু গুমগুমনিৰ বৰঢোল বাজিয়ে থাকিল। দিনটো আছিল যোৱা দুৰ্গাপূজাৰ নৱমীৰ দিন। অ’টো এখন ঠিক কৰিলো ‘মধুপুৰ’লৈ বুলি। উদ্দেশ্য – সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াজনৰ সমাধিস্থল দৰ্শন কৰা তথা গুৰুজনাৰ শেষ বয়সৰ লীলাভূমিত ক্ষন্তেক মূৰ দোৱাই জাতিলৈ আগবঢ়োৱা পৰ্বতসম অৱদানৰ কিঞ্চিত ঋণ পৰিশোধ কৰা।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ‘বৈষ্ণৱ ধৰ্ম’ত দীক্ষা লোৱা মই এজন ভকত বা বৈষ্ণৱ নহয়। আনহাতে শংকৰদেৱৰ বিষয়েও মোৰ জ্ঞান বা ধাৰণা বৰ বিশাল নহয়। বৰঞ্চ মেট্ৰিক দিয়া সময়লৈকে ‘শংকৰদেৱ নগাঁৱৰ আলিপুখুৰীত জন্মিছিল, মাকৰ নাম সত্যসন্ধা, আইতাকৰ নাম খেৰসুতি, ভৰা ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল, কীৰ্তন ঘোষা লিখিছিল..’ এনে ধৰনৰ সৰুসুৰা কিতাবীয় জ্ঞানতে আৱদ্ধ আছিল মোৰ শংকৰদেৱ। কলেজত পঢ়া দিনত এটি বৰ্ষনমুখৰ দিনত হঠাত্‍ কিতাপ পঢ়িবলৈ মনেৰে তাগিদা অনুভৱ কৰাত, ওচৰত একো কিতাপ নথকা দিন এটাত হাতত তুলি ললো ‘কীৰ্তনঘোষা’খন। কীৰ্তনঘোষা সেইসময়ত গোসাঁইঘৰত ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা বস্তু বুলিয়ে ভাবিছিলোঁ। যিটো অধ্যায় মেলি লৈ মই পৰম গো-গ্ৰাসে পঠন কৰিবলৈ ধৰিলো, সেই অধ্যায়টোৰ নাম ‘হৰমোহন’। বেছি নিলিখো, আজিৰ পৰা ছশ বছৰ আগতে এজন কবিৰ কলমত নাৰী আৰু প্ৰকৃতিৰ ইমান সুন্দৰ উপমা, ব্যঞ্জনা আৰু হাস্যৰসৰ মাজেৰে অনুপম ভক্তিসুধা বোৱাই দিব পৰা কবিজনাৰ কবিত্বশক্তিত মই মোহিত হৈ পৰিলো। তাৰপিছৰ পৰা যেতিয়াই গুৰুজনাক অধ্যয়ন কৰিছোঁ তেতিয়াই ধৰ্মগুৰুৰ চোকোৰা ভাঙি গুৰুজনা মোৰ ওচৰত বিশাল প্ৰতিভাধৰ এজন পুৰুষ, সমাজসংস্কাৰক, সাহিত্যিক, নাট্যকাৰ, বাদক, অনুবাদক আৰু দাৰ্শনিক ৰূপেই ধৰা দিছে। গুৰুজনাৰ সমগ্ৰ কৃতিৰ বাবে আমি যিজন ব্যক্তি বা যিখন সমাজক প্ৰথমেই কৃতজ্ঞতা জনাব লাগিব, সেইজন হৈছে কোচৰজা নৰনাৰায়ণ তথা সমসাময়িক কোচ সমাজখন। কাৰণ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা অবিহনে গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰো বহু সৃষ্টি যে স্তিমিত হৈ পৰিলহেঁতেন, তাত কাৰো সন্দেহ নাই। সেই তেতিয়াই মনত উকমুকনি দিছিল যে কোচবিহাৰৰ মধুপুৰলৈ নোযোৱালৈ মোৰ গুৰুজনাক জনা অসম্পূৰ্ণ। মধুপুৰ নেদেখালৈ মই কেতিয়াও শান্তি নাপাম। হয়তো মধুপুৰেই অসমীয়া জাতিৰ কৃতজ্ঞতা স্বীকাৰৰো একমাত্ৰ স্মাৰক।

(২)
১৮৮৮ চনত বৰ্তমানৰ বাংলাদেশৰ পাবনা জিলাৰ হিমাইতপুৰ নামেৰে গাঁৱত এজন ব্যক্তিৰ জন্ম হৈছিল, যাৰ নাম আছিল অনুকূল চন্দ্ৰ চক্ৰৱৰ্তী (অনুকূল ঠাকুৰ)। জীৱনীকাৰসকলে এইজনা ব্যক্তিৰ অসংখ্য লৌকিক-অলৌকিক কাহিনী লিখি থৈ গৈছে। কিন্তু মূল কথা হ’ল এইজনা ব্যক্তিয়ে তদানীন্তন বংগীয় সমাজখন ‘সংস্কাৰ’ৰ বাবে কিছুমান অভূতপূৰ্ব কাৰ্যসূচী হাতত লৈছিল। তেওঁ পাবনাত যিখন ‘সৎসঙ্গ আশ্ৰম’ আৰম্ভ কৰিছিল, সিয়ে সেইসময়ত সমগ্ৰ উত্তৰ আৰু পূৱ ভাৰতত একধৰণৰ ‘বিস্ময়কৰ বিপ্লৱ’ সাধন কৰিছিল। তদানীন্তন ভাৰতৰ প্ৰায় সকলো গুণীজ্ঞানী, বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তিৰ আগমন ঘটিছিল উক্ত আশ্ৰমলৈ। মহাত্মা গান্ধী, দেশবন্ধু চিত্তৰঞ্জন দাস, নেতাজী সুভাষ (সুভাষ বসুৰ পিতৃ-মাতৃ অনুকূল ঠাকুৰৰ পৰম ভক্ত আছিল), আনকি আমাৰ অসমৰ পৰাও গোপীনাথ বৰদলৈ, ৰোহিনী চৌধুৰীৰ দৰে ব্যক্তিও অনুকূল ঠাকুৰৰ সান্নিধ্য পাবলৈ আশ্ৰমলৈ গৈছিল। ঠাকুৰৰ সেই আশ্ৰমখনক কোৱা হৈছিল ‘Man Making Industry’। জীৱন-চলন পথ নিৰ্দেশ কৰা ঠাকুৰ অনুকূল চন্দ্ৰৰ বাণীৰ সংখ্যা ষাঠী হাজাৰতকৈও অধিক। যিয়ে নহওক, ৰাজনৈতিক পাকচক্ৰত স্বাধীনতাৰ পৰৱৰ্তী কালত ১৯৪৮ চনত ঠাকুৰে সেই আশ্ৰম পৰিত্যাগ কৰি ভাৰতবৰ্ষলৈ গুচি আহে আৰু বিহাৰৰ (বৰ্তমান ঝাৰখণ্ড) ‘দেওঘৰ’ নামে ঠাইত আশ্ৰম প্ৰতিষ্ঠা কৰে। কোৱা হয়, ঠাকুৰে যি ঠাইত আশ্ৰম পাতিছিল, সেই ঠাই তপত বালি আৰু শিলেৰে মৰুভূমি সদৃশ আছিল। কিন্তু আজি ইয়াৰ ৰূপ সম্পূৰ্ণকৈ পৃথক।

শংকৰদেৱৰ প্ৰসংগ আৰম্ভ কৰি মইনো ঠাকুৰ অনুকূল চন্দ্ৰৰ কথা কিয় ক’লো, সেই কথা নিশ্চয় ক’ম। কিন্তু তাৰ আগতে আৰু দুটামান কথা কৈ লও। ঠাকুৰ অনুকূল চন্দ্ৰ প্ৰতিষ্ঠিত সৎসঙ্গৰ দীক্ষা গ্ৰহণ কৰা লোকসকলক কোৱা হয় ‘সৎসঙ্গী’। সৎসঙ্গীসকলে বছৰত এবাৰ দেওঘৰলৈ যোৱাটো এক পবিত্ৰ কৰ্তব্য ৰূপে জ্ঞান কৰে। কোনোবাই বছৰত নোৱাৰিলেও দুই-তিনিবছৰৰ মূৰত হ’লেও এবাৰ দেওঘৰলৈ যায়। দেওঘৰ আশ্ৰমত বছৰত দুটা উৎস‍ৱ হয়, সেই উৎসৱত লক্ষ্য লক্ষ্য মানুহৰ ভীৰত সৎসঙ্গ নগৰত খোজ দিবলৈ ঠাই নাইকিয়া হয়। আৰু বছৰৰ প্ৰায় সকলো সময়তে কেইবাহাজাৰ দৰ্শনাৰ্থী আশ্ৰমত থাকেই। একমাত্ৰ সৎসঙ্গ আশ্ৰমৰ বাবেই আজি ঝাৰখণ্ডৰ ‘দেওঘৰ’ হৈ পৰিছে পৰ্যটনৰ উল্লেখনীয় ক্ষেত্ৰ। সৎসঙ্গ নগৰত গঢ়ি উঠিছে কেইবামহলীয়া কেইবাটাও অতিথিশালা, হোটেল, ল’জ, খোৱা-লোৱাৰ বাবে সাতমহলীয়া বিশাল ‘আনন্দবাজাৰ গৃহ’ (য’ত পচিশ হাজাৰ মানুহে একেলগে বহি খাব পাৰে), সকলো সময়তে গাড়ী-মটৰৰ সুবিধা, ওচৰেৰে বৈ যোৱা ‘দ্বাৰৱা’ নদীৰ পৰা পানী যোগানৰ ব্যৱস্থা, গঢ়ি উঠিছে সৎসঙ্গ হাস্পতাল, সৎসঙ্গ ডাকঘৰ, প্ৰেছ, কম্পিউটাৰ কেন্দ্ৰ, পুথিভড়াল ইত্যাদি। আশ্ৰমলৈ যোৱা লোকসকলে ওচৰ-পাজৰৰ ঠাইসমূহো চাবলৈ বিচাৰে বাবে দ্ৰুত উন্নয়ন হৈছে দাঁতি-কাষৰীয়া বাবাধাম, চিত্ৰকূট, মধুবন, নৱলক্ষ আদি তীৰ্থস্থল সমূহৰো। পৰ্যটন ক্ষেত্ৰ এখনৰ হয়তো এনেদৰেই বিকাশ সাধন হয়।

কিন্তু দেওঘৰত চাবলগীয়া আছে কি? ঠাকুৰ অনুকূল চন্দ্ৰই ব্যৱহাৰ কৰা ঘৰবোৰ, গছ-লতিকা, এটা বিশাল প্ৰাৰ্থনা গৃহ, স্মৃতিজড়িত সা-সামগ্ৰী (দাঢ়ি খুৰোৱা ৰেজৰটোৰ পৰা আচাৰৰ বৈয়ামটোলৈ) আৰু আলোকচিত্ৰ সমূহৰে এটা সংগ্ৰাহলয় আৰু সমাধিক্ষেত্ৰ। কিন্তু ইয়েই ভক্ত সকলৰ বাবে পৰম সম্পদ, পৰম আবেগ। সমাধিক্ষেত্ৰত মূৰটো দোৱাব পৰাটোৱেই যেন ভক্তসকলৰ পৰম হাবিয়াস। এতিয়া আহো শংকৰগুৰুজনাৰ সমাধিক্ষেত্ৰ মধুপুৰলৈ।

(৩)
দবাপিটা বৰষুণজাক আবেলিলৈ শাম কাটিলে। বেলিটো চাবৰ উপায় নাই, গোটেই আকাশজুৰি গোমাগোমে মেঘ। অনুমান কৰিলো বেলি পশ্চিমৰ দিশে লহিয়াইছে। আমি হোটেলৰ পৰা ওলাই আটো এখন ঠিক কৰিলো। কোচবিহাৰৰ স্থানীয় মানুহে মধুপুৰক ‘ধাম’ বুলি ক’লেই চিনি পায়। মূল পথেৰে প্ৰায় সাত কিঃমিঃ যোৱাৰ পিছত অটোখন এটা সৰু ৰাস্তাৰে ঘূৰিল। আগবেলা হৈ যোৱা তাণ্ডৱৰ চিনস্বৰূপে ঠায়ে-ঠায়ে উভালি পৰা গছ, গছৰ ডাল, ঘৰৰ মুধচ আদি পৰি থকা দেখিলো। কিছুদূৰ গৈয়ে গাড়ীখন এঠাইত ৰ’ল আৰু লগে-লগে এটা কেচেমা-কেচেম ওকালি অহা গোন্ধ আমাৰ নাকত লাগিল। দেখিলো ঠাইখনত এখন সৰু বজাৰ বহিছে। বোধকৰো অস্থায়ী সাপ্তাহিক বা দৈনিক বজাৰ। কেঁচা শাক-পাচলিতকৈ বেছিভাগ দোকানেই শুকান মাছৰ। স্থানীয় বিভিন্ন প্ৰকাৰৰ মাছ আৰু গোন্ধেৰে বৰ বিচিত্ৰ বজাৰখন পাৰ হৈয়ে এখন অস্থায়ী দুৰ্গাপূজা মণ্ডপ। বতাহত গোটেই মণ্ডপখনেই হাওলি আছিল। পূজা মণ্ডপৰ সন্মুখৰ পৰাই চকুত পৰিল নাতিদূৰৈত সেইখন সত্ৰৰ বাটচ’ৰা। মধুপুৰ অসমৰ পৰা বেছিদূৰ নহয়, কবলৈ গ’লে ঘৰৰ কাষতে। কিন্তু সত্ৰলৈ গৈ থকা এইখিনি সময়তে আমাৰ মনলৈ এনে ভাৱ আহিছিল যেন মধুপূৰ বহু দূৰ। বহুদূৰ বিদেশৰ কৰবাত যেন যুগ-যুগ ধৰি সত্ৰৰ বাটচ’ৰা অকলে থিয় হৈ আছে, আমালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে। সত্ৰৰ বাটচ’ৰাতে দেখিলো সৰু এখন দোকান। তাত গুৰুদুজনাৰ কেইবাখনো পুথি, অসমীয়া আৰু বাংলা ভাষাৰ আন-আন পুথি, সত্ৰৰ ভিতৰৰ আলোকচিত্ৰ, ধূপকাঠি, মাহ-প্ৰসাদ আদি থকা দেখিবলৈ পালো। বিক্ৰেতাজন স্থানীয় কোচ-ৰাজবংশী সম্প্ৰদায়ৰ ল’ৰা, তেওঁ ভালকৈয়ে অসমীয়াত কথা-বতৰা পাতিলে। লৰাজনৰ মুখতেই আৰু এটা নতুন কথা গম পালো যে, এইখন সত্ৰৰ মূল মন্দিৰত হেনো মাহ-প্ৰসাদৰ লগতে নিমখ দিয়াটো নিয়ম। আমি মাহ-প্ৰসাদৰ লগতে নিমখ আৰু অক্ষয় বন্তিত দিবলৈ মিঠাতেলৰ পেকেট একোটাও ল’লো। দক্ষিণমুৱাকৈ থকা বাটচ’ৰাৰে ভিতৰলৈ সোমায়েই চকুত পৰিল পশ্চিমমুৱাকৈ থকা ‘সমাধি মন্দিৰ’। গুৰুজনাই সমাধি প্ৰাপ্ত হোৱা স্থানটুকুৰাতে এই মন্দিৰ। মন্দিৰৰ সোঁদিশে পূৱমুৱাকৈ আছে বিশাল কীৰ্তনঘৰ। কীৰ্তনঘৰৰ গাতে লগাকৈ এটা নাট-মণ্ডপ নিৰ্মিয়মান অৱস্থাত থকা দেখিবলৈ পালো। কীৰ্তনঘৰৰ ঠিক সন্মুখতে পুখুৰী। পুখুৰীৰ চাৰিওপাৰ, হাত-ভৰি ধুৱা ঘাট আদি সুদৃশ্যকৈ শিলেৰে বন্ধোৱা আছে। পুখুৰীৰ আনটো পাৰত সত্ৰৰ চোৱা-চিতা কৰা ভকতসকল আৰু সত্ৰাধিকাৰৰ বাসস্থান। মন্দিৰৰ বাওফালে গুৰুজনাৰ সম্পূৰ্ণ অবয়ৱৰ এটি মূৰ্তি। (গুৰুজনাই কোৱা ‘মূৰ্তিকো নাচাবা প্ৰসাদো নাখাবা’ কথাষাৰ তেৰাৰ ভকতসকলে বৰ কট্টৰভাৱে পালন কৰে, পিছে এই মূৰ্তিটোৰ ক্ষেত্ৰত ভকতসকলৰ প্ৰতিক্ৰিয়া কি মোৰ এবাৰ জানিবৰ মন আছিল।) মূৰ্তিটোৰ পৰা বাওঁদিশে কিছুদূৰ গৈ জিৰণি-চ’ৰা, প্ৰস্ৰাৱঘৰ, অতিথিশালা ইত্যাদি। সকলোবোৰেই আছে, নাই কেৱল মানুহ। সমাধিমন্দিৰত সেৱা জনাই, সত্ৰাধিকাৰ গৰাকীৰ লগত মন্দিৰৰ মজিয়াত বহিয়ে কিছু কথা-বতৰা পাতিলো। উল্লেখযোগ্য যে মধুপুৰ সত্ৰতে গুৰুদুজনাই ব্যৱহাৰ কৰা ভালেকেইপদ সামগ্ৰী, যেনে অংগবস্ৰ, জপমালা, বাদ্য, সাঁচিপাত আদি আৰু গুৰুজনাৰ অস্থি সংৰক্ষিত হৈ আছে। কিন্তু সেয়া দৰ্শনাৰ্থীয়ে চাবৰ উপায় নাই। বছৰৰ মাত্ৰ দুটা দিনতহে হেনো সামগ্ৰীবোৰ দৰ্শনৰ বাবে উলিয়াই দিয়া হয়। মনেৰে কিছু অসন্তুষ্টি বোধ কৰিলো। সত্ৰলৈতো পৱিত্ৰ মন এটাৰেই যোৱা হয়। তেন্তে কিয় প্ৰতিদিনেই দৰ্শন কৰিব পৰাকৈ বিজ্ঞানসন্মত সংগ্ৰহালয় এটা গঢ়ি উঠা নাই ! আনহাতে বছৰৰ মাত্ৰ দুটা দিনৰ বাহিৰে বাকী দিনবোৰত কাপোৰেৰে ঢাকি থোৱাৰ ফলত বস্তুবোৰ ভালে আছেনে ? সুধিব খুজিছিলোঁ তেখেতক, নুসুধিলো। পিছে সত্ৰাধিকাৰৰ কথাতো বিষাদৰ সুৰ স্পষ্ট। ভকতৰ আগমনতহে হেনো ভগৱানৰ আনন্দ। কিন্তু মধুপুৰলৈ যোৱা ভকতৰ সংখ্যা ইমান কম যে বছৰৰ সৰহভাগ দিনেই মধুপুৰ নিজম পৰি থাকে। আমি যেতিয়া গৈছিলো সেইসময়ত পূজাৰ বন্ধ চলি আছিল। তথাপিও দৰ্শনাৰ্থী বুলিবলৈ কোনো নাছিল। যিটো সময়ত বাংলাদেশত জন্ম লৈ ঝাৰখণ্ডলৈ অহা অনুকূল ঠাকুৰৰ আশ্ৰম লোকে-লোকাৰণ্য হৈ থাকে, সেই সময়ত গুৰুজনাৰ মধুপুৰৰ চোতালত ভকতৰ অভাৱত ঘাহ-বন গজে। গুৰুৰ লীলাভূমি দৰ্শন কৰিবলৈ দেওঘৰত ভকতে উখল-মাখল লগায়, মধুপুৰে ভক্তলৈ ৰৈ থাকে বছৰটোৰ সৰহভাগ কাল।

(৪)
শংকৰদেৱ কেৱল শৰণ লোৱা ভকতসকলৰ বাবেহে নেকি! চুৰিয়া পিন্ধি নাম-প্ৰসংগ কৰা, সংঘৰ অধিবেশনলৈ বাছভাড়া কৰি যোৱা ভকতসকলৰ বাবেহে নেকি শংকৰদেৱ! তাৰ বাহিৰে শৰণ নোলোৱা অভকতকে ধৰি বিভিন্ন সম্প্ৰদায়, জাতি, বৰ্ণ বা আন ধৰ্মৰ বাবে শংকৰদেৱ আজি কিয় সমানে প্ৰাসংগিক হৈ উঠা নাই? আজিৰ প্ৰজন্ম দুৰ্গাপূজা বা সৰস্বতী পূজাক লৈ যিমান উৎসাহী, গুৰুদুজনাৰ প্ৰতি সেইকণ উৎসাহ আমি প্ৰদৰ্শন কৰিব পৰা নাই কিয়? কিয় এই বিশাল অসম ভূখণ্ডৰ প্ৰতিটো জাতি, জনজাতি, সম্প্ৰদায়, বৰ্ণ বা ধৰ্মৰ বাবে শংকৰদেৱ এক সাৰ্বজনীন গৌৰৱ হৈ উঠা নাই? কেৱল অসমৰ বাহিৰত হোৱা বাবেই যদি গুৰুজনাৰ পদৰেণুৰঞ্জিত মধুপুৰলৈ অসমীয়া জাতিয়ে উদাসীনতা দেখুৱাব পাৰে, তেন্তে অন্য প্ৰান্তত শংকৰী স্মাৰক প্ৰতিষ্ঠা হব কিদৰে? কিয় শংকৰদেৱৰ গৌৰৱগাঁথাক আমি ভাৰতবৰ্ষৰ চুকে-কোণে লৈ যাব পৰা নাই? কিহৰ বাবে এই উদাসীনতা?.. সত্ৰৰ পৰা ঘূৰি আহোঁতে এই প্ৰশ্নবোৰেই মোক বৰকৈ আমনি কৰিছিল।
কিন্তু এইবোৰ প্ৰশ্নৰ সঠিক উত্তৰ মোৰ হাততো নাই। কিন্তু মই নিশ্চিত যে, শৰণ লোৱা ভকতসকলে বা শংকৰ সংঘৰ সদস্যসকলে যেতিয়ালৈ শৰণ নোলোৱা বিশাল জনগণৰ প্ৰতি বৈষম্য আৰু বিদ্বেষভাৱ পোষণ কৰি থাকিব, তেতিয়ালৈ এয়া সম্ভৱ নহয়। এটা সৰু উদাহৰণ, শংকৰ সংঘৰ সদস্য এজনে হয়তো ঘৰৰ কাষৰে সত্যনাৰায়ণ পূজাখনলৈ তীব্ৰ ঘৃণা নিক্ষেপ কৰিছে, ‘ধৰ্ম হৈবে ব্যভিচাৰ’ বুলি ভাবি যদি তেওঁ সৰস্বতী বা লক্ষ্মীৰ প্ৰতিমাটিক অৱজ্ঞা কৰিছে, পূজাৰ প্ৰসাদখিনি ‘বিষ্ঠা সম’ হৈ পৰা বুলি যদি তেওঁ ভাবিছে, তেন্তে কেতিয়াও তেওঁ ভাবিব নালাগে যে সেই চুবুৰীয়াজন এদিন সংঘ বা গুৰুজনাৰ প্ৰতি শৰণাপন্ন হব। চুবুৰীৰ দুৰ্গাপূজাখনক যদি ভকতে অধৰ্ম, অনাচাৰ বুলি জ্ঞান কৰে, তেন্তে ভকতৰ পথটোকো চুবুৰীটোৱে অধৰ্ম, অনাচাৰ বুলি ভবাটোৱে স্বাভাৱিক। অসমত এতিয়া ঠিক সেইটোৱেই হৈছে। (ইয়াত সত্যনাৰায়ণ বা দুৰ্গাপূজাখনক প্ৰতীক হিচাপেহে কোৱা হৈছে।) পথ বেলেগ হ’লেও সহনশীলতা আৰু উদাৰ দৃষ্টিৰে সকলো সামৰি লব পাৰিলেহে উদ্দেশ্যত সফলতা লাভ কৰিব পৰা যায়। মান্ধাতাকলীয়া যুগ এটাত শংকৰদেৱ এজন আধুনিক পুৰুষ হৈ জন্মলাভ কৰিছিল। কিন্তু এতিয়াৰ আধুনিক (!) যুগত মান্ধাতাকলীয়া চিন্তা পৰিহাৰ কৰিবৰ হ’ল। মৃতকৰ কাজ দহদিনত পাতিম নে তেৰদিনত, চুলি খুৰাম নে নুখুৰাম, মোচ ৰাখিম নে নাৰাখিম এই ধৰণৰ অতি সংকীৰ্ণ চিন্তাই গুৰুজনাৰ আদৰ্শকে অপমান কৰিছে। দুৰ্গাপূজা পতা এজন ব্ৰাহ্মণৰ মনতো শংকৰদেৱৰ প্ৰতি অতি উচ্চ সন্মানবোধ, প্ৰগাঢ় ভক্তি আৰু আদৰ্শগত মিল থাকিব পাৰে। অমিলবোৰ বাদ দি মিলবোৰ বিচাৰি লৈ সকলোৱে একেলগে শংকৰদেৱক তুলি ধৰিলেহে বিশ্বই গুৰুজনাক জনাটো সম্ভৱ হব। শংকৰদেৱে দেখুওৱা ভক্তিমাৰ্গ শুদ্ধ নে শাক্তসকলৰ পূজা-পাতল শুদ্ধ সেই লৈ দ্বন্দ-বিবাদত সময় নষ্ট কৰাতকৈ এতিয়া সময় আহিছে দুয়োপক্ষই হাতত ধৰাধৰিকৈ শংকৰদেৱক বিশ্বৰ নাগৰিকৰ চকুত উজলাই তুলিবলৈ। অন্যথা আমাৰ মাজত থকা ঠেক গণ্ডীটোতে আৱদ্ধ হৈ থাকিব বিশ্বৰ বাবে প্ৰাসংগিকতা থকা শংকৰদেৱ গুৰুজনাৰ আদৰ্শ।

One thought on “মধুপুৰ বহুদূৰ নহয় (নয়নমনি হালৈ)

  • August 9, 2019 at 12:13 pm
    Permalink

    ঠাকুৰৰ কথা কিয় নিলিখিলে আৰু?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!