মধুমেহ বা বহুমূত্ৰ ৰোগৰ বিষয়ে আলোচনা (ডাঃ ভূপেন শইকীয়া)

মধুমেহ বা বহুমূত্ৰ ৰোগৰ বিষয়ে ভাৰতবৰ্ষৰ চিকিৎসকসকল খৃষ্টপূৰ্ব ১৫০০বা তাৰো আগৰ পৰা অৱগত আছিল বুলি জনা যায়৷ প্ৰসাৱত মধু বা মিঠা পদাৰ্থ নিৰ্গত হোৱাত আৰু সেই প্ৰসাৱত পিপৰা জাতীয় কীটৰ আগমণেই ৰোগৰ প্ৰাৰম্ভিক পৰিচয় আৰু ‘মধুমেহ’ নামকৰণৰ কাৰক হৈ পৰে৷ বৰ্তমান ভাৰতৰ্ষত এই ৰোগীৰ সংখ্যা ৬৭ নিযুত (মিলিয়ন) ৷ ইয়াৰ লগত ৩০ নিযুত প্ৰি-ডায়েবেটিক লোকৰ সংখ্যাকো ওলাই কৰিব নোৱাৰি৷ ২০৩০চনত ভাৰতবৰ্ষ বিশ্বৰ ডায়েবেটিজৰ ৰাজধানী হৈ উঠিব বুলি আশংকা কৰা হৈছে৷ কেবল তেজত চুগাৰৰ পৰিমাণ বৃদ্ধিতেই ডায়েবেটিজ সীমাবদ্ধ বুলি ভাবিলে ভুল হব কাৰণ এই ৰোগে কিডনি, হৃদযন্ত্ৰ, চকুৰ ৰেটিনা, স্নায়ুতন্ত্ৰ আদিৰ গুৰুতৰ বিসংগতি কৰাৰ উপৰিও ডায়েবেটিক ক’মালৈ নি ৰোগীৰ প্ৰাণৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে৷ আজিৰ আলোচনাত থুলমুলকৈ বহুমূত্ৰ বা ডায়েবেটিজ ৰোগৰ কাৰণ, প্ৰকাৰ, লক্ষণসমূহ, লবলগীয়া সতৰ্কতা আৰু খাদ্যৰ বিষয়ে দুআষাৰ চৰ্চা কৰিম৷ পশু বিজ্ঞানীসকলৰ মতে কুকুৰ আৰু মেকুৰীৰো বহুমূত্ৰ ৰোগ হয়৷

মানৱৰ শৰীৰৰ পেটৰ (Abdomen) ভিতৰত অৱস্থিত পেনক্ৰিয়াজ নামৰ গ্ৰন্থিয়ে কেইবাবিধো হৰমোন নিৰ্গত কৰে৷ সেইবিলাকৰ ভিতৰত আইলেটচ অৱ লেংগাৰহেনৰ বিটা চেলৰ পৰা ওলোৱা ইনচুলিন নামৰ হৰমোনে আমাৰ তেজৰ চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰাখে৷ যদি পেনক্ৰিয়াজ গ্ৰন্থিৰ পৰা যথেষ্ট  পৰিমাণৰ ইনচুলিন নোলায় নাইবা শৰীৰৰ কোষবিলাকত ইনচুলিনৰ প্ৰভাৱ কমি যায়, তেতিয়া মানৱ দেহৰ তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি পায় যাৰ ফলত ৰোগৰ লক্ষণসমূহ দেখা দিয়ে৷ ঘাইকৈ বেচি প্ৰসাৱ লগা, বেচি  পিয়াহ লগা আৰু ভোক বেচিকৈ লগা— এই  তিনিটা বহুমূত্ৰ ৰোগৰ প্ৰমুখ লক্ষণ৷

ঘাইকৈ ডায়েবেটিজ তিনি প্ৰকাৰৰ৷ পেনক্ৰিয়াজ গ্ৰন্থিয়ে ইনচুলিন উৎপাদন কৰাত ব্যৰ্থ হলে টাইপ-১ বা ইনচুলিন নিৰ্ভৰশীল ডায়েবেটিজ হয়৷ সাধাৰণতে কিশোৰ অৱস্থাতে এই ৰোগ ধৰা পৰে বাবে ইয়াক জুভেনাইলডায়েবেটিজ আখ্যা দিয়া হয়৷ বিজ্ঞানীসকলে অনুমান কৰা মতে ভাইৰাচ (যেনে কস্কেকি বি-৪) বা কোনো বিষাক্ত পদাৰ্থ (টস্কিন) নাইবা অটোইমিউন ডিজিজৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত পেনক্ৰিয়াজ গ্ৰন্থিৰ অহিত হোৱাৰ ফলত ইনচুলিনৰ উৎপাদন বিঘ্নিত হয়৷ সাধাৰণ অৱস্থাত ইনচুলিন হৰমোনে শৰীৰৰ গ্লুকোজক শক্তিলৈ ৰূপান্তৰিত কৰি কোষক যোগান ধৰে৷ এতিয়া ইনচুলিন উৎপাদন বিঘ্নিত হোৱাত তেজত গ্লুকোজ বা চুগাৰৰ পৰিমাণ বাঢ়ি যায় আৰু ৰোগৰ লক্ষণসমূহ পৰিস্ফুট হ’বলৈ ধৰে৷

প্ৰাপ্তবয়স্কৰ (সাধাৰণতে ৪০বছৰৰ অধিক বয়সৰ) হোৱা টাইপ-২ডায়েবেটিজ বা ইনচুলিন অনিৰ্ভৰশীল ডায়েবেটিজ: ইনচুলিনৰ কোষসমূহৰ ওপৰত কাৰ্যকৰী ক্ষমতা কমি গ’লে নাইবা পেনক্ৰিয়াজ  গ্ৰন্থিয়ে ইনচুলিন উৎপাদন কমকৈ কৰিলে, নহ’লে বা  Insulin resistance হ’লে  এনে প্ৰকাৰৰ ডায়েবেটিজ হ’ব পাৰে৷

টাইপ-২ডায়েবেটিজ হোৱাৰ সম্ভাৱনা কাৰ বেচি ?

নিষ্ক্ৰিয় জীৱন যাপন, কোনো কচৰৎ বা ব্যায়াম নকৰালোক

উচ্চ ৰক্তচাপ থাকিলে

মেদবহুলতা আৰু চৰ্বিজনিত ৰোগ  (ডিচলিপিডেমিয়া)

ধূম্ৰপাণ

অতিমাত্ৰা টেনচন

মানসিক ৰোগ

পৰিয়ালৰ বংশানুগতি

 

ডায়েবেটিজ নথকা কিছুমান মহিলাৰ গৰ্ভধাৰণ কৰাৰ লগে লগে বহুমূত্ৰৰ লক্ষণ দেখা দিয়ে- এনে অৱস্থাক  প্ৰসৱকালিন ডায়েবেটিজ (Gestational Diabetes ) বোলে৷

এই তিনিবিধৰ উপৰি জেনেটিক বিসংগতিৰ ফলতো জন্মগত ডায়েবেটিজ ৰোগ হ’ব পাৰে৷ ষ্টেৰইডৰ অপপ্ৰয়োগেও ডায়েবেটিজ ৰোগ কৰিব পাৰে৷

টাইপ-১ ডায়েবটিজৰ লক্ষণসমূহ হ‘ল:

বেচি প্ৰসাৱ হোৱা, বেচি পিয়াহ লগা, বেচি ভোক লগা, অকাৰণত ক্ষীণাবলৈ ধৰা, চেতনাৰ তাৰতম্য অনুভৱ হোৱা, দৃষ্টিশক্তি হ্ৰাস হোৱা, যি কোনো ঘা শুকাওতে পলম হোৱা, হাত-ভৰি জিন-জিনোৱা, ভৰিৰ তলুৱাৰ চেতনা হ্ৰাস হোৱা, মুড সঘনে সলনি হোৱা, স্বভাৱ খিংখিঙিয়া হোৱা, শুষ্ক চৰ্ম, পেট বিষ,বমি হোৱা, মুখ শুকাই থকা, নিশ্বাসত ফলৰ ঘ্ৰাণ পোৱা আদি৷

টাইপ-2 ডায়েবটিজৰ লক্ষণসমূহ হ‘ল :

ওপৰৰ লক্ষণসমূহৰ ওপৰিও এইকেইটা লক্ষণ টাইপ-২ দেখা যাব পাৰে – সঘনাই যিকোনো ৰোগৰ সংক্ৰমণ সৰুসুৰা খহুৰ পৰা আৰম্ভ কৰি টি বি ৰোগত এনে ৰোগী সহজে ভুক্তভোগী হব পাৰে৷ জননেন্দ্ৰিয়ৰ খজুৱতি৷ অলপতে ভাগৰ লগা৷

এনে ৰোগীয়ে মনত ৰখা উচিত টাইপ-২ ডায়েবেটিজ এবিধ জীৱনজোৰা ক্ৰনিক ব্যাধি হ’লেও ইয়াক উপযুক্ত দৰব আৰু পৰিচালনাৰে ৰাখি সাধাৰণ স্বাভাবিক জীৱন যাত্ৰা অব্যাহত ৰখাটো সম্পূৰ্ণ সম্ভৱপৰ৷ পুনৰাই উল্লেখ কৰিছোঁ – তেজৰ বৰ্দ্ধিত গ্লুকোজে বিভিন্ন ৰক্তপ্ৰবাহী নলী আৰু স্নায়ুতন্ত্ৰৰ গুৰুতৰ বিজুটি ঘটোৱাৰ ফলতেই নানাধৰণৰ জটিলতাসমূহে দেখা দিয়ে৷ ফলত চকু, কিডনি, মগজু, হৃদযন্ত্ৰ, স্নায়ুতন্ত্ৰৰ নানা উপসৰ্গ দেখা দিয়ে৷ হাড়ৰ অষ্টিঅ’পৰোচিচ, ভৰিত ঘা-গেংগ্ৰিন, ছালত-মূখমণ্ডলত বেক্টেৰিয়া-ফাংগাচৰ সংক্ৰমণ হ’ব পাৰে৷ গৰ্ভৱতীৰ সন্তান মৃত প্ৰসৱ বা বিনষ্ট হ’ব পাৰে৷ মুঠতে এই জটিলতাসমূহ গাই শেষ কৰিব নোৱাৰি৷ এটা কথা উল্লেখ নকৰিলে লিখনিটো অপূৰ্ণ হ’ব – কেতিয়াবা একো একোজন লোক লক্ষণবিহীনো থাকিব পাৰে৷ চাকৰি বা ইঞ্চুৰেঞ্চ সংক্ৰান্তত তেজ পৰীক্ষা কৰাওতেহে তেজত উচ্চ পৰিমাণৰ গ্লুকোজ ধৰা পৰে৷ এনে লোকেও নিজৰ তেজৰ গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাটো বাঞ্ছনীয়৷

ৰোগৰ চিকিৎসা

টাইপ-১ত ডায়েবেটিজত ইনচুলিন আৰু টাইপ-২ৰ বাবে চুগাৰ নিয়ন্ত্ৰণ কৰা খোৱা ঔষধ (Oral Hypoglycemic Agent)৷ কিন্তু এটা বাক্যতে ইয়াক শেষ কৰিব নোৱাৰি৷ ডায়েবেটিজৰ চিকিৎসা এক বৃহৎ অধ্যায়৷ ৰোগী ভেদে ইনচুলিন আৰু দৰবো ভিন্ন ভিন্ন হয়৷ জীৱন ৰক্ষাকাৰী ইনচুলিন বেজীৰ আবিস্কাৰ ১৯২১চনত হয়৷ ইয়াক বেজীৰ সলনি খোৱাৰ ঔষধলৈ সলনি কৰাৰ প্ৰয়াস ভাৰতবৰ্ষৰ বিজ্ঞানীসকলে কৰি আছে আৰু তেওঁলোকে সোনকালেই এই প্ৰয়াসত সফল হ’ব বুলি জনাইছে৷ আনহাতে আজিকালি যথেষ্ট সংখ্যক  চুগাৰনিয়ন্ত্ৰণ কৰা খোৱা ঔষধ বজাৰত উপলব্দ্ধ হৈছে৷ চুগাৰ নিয়ন্ত্ৰণ কৰা খোৱা ঔষধৰ প্ৰধান বিপদ (পাৰ্শ্বক্ৰিয়াস্বৰূপে) হাইপোগ্লাইচেমিক ক’মা এই নতুন দৰববিলাকৰ ক্ষেত্ৰত অতি কম৷ হাইপোগ্লাইচেমিক ক’মা হ’ল তেজত চুগাৰৰ পৰিমাণ বিপদজনকভাবে কমি ৰোগীক অচেতন কৰি দিয়া৷ আনহাতে ডায়েবেটিক ক’মা বা হাইপাৰগ্লাইচেমিক ক’মাত তেজত চুগাৰৰ পৰিমাণ সাংঘাটিকভাবে বাঢ়ি ৰোগীক অচেতন কৰি দিয়া৷ হাইপোগ্লাইচেমিক ক’মা তুনামুলকভাবে বেচি বিপদজনক৷ যি কোনো জৰুৰীকালিন অৱস্থাত (যেনে অপৰেচনৰ প্ৰয়োজন হলে, কোনো গুৰুতৰ সংক্ৰমণ হলে) টাইপ-২ ডায়েবেটিজৰ ৰোগীকো হ্ৰস্বকালিনভাবে ইনচুলিনেৰে চিকিৎসা কৰা হয়৷ শেহতীয়া সংবাদমতে মেদবহুল বহুমূত্ৰ ৰোগীৰ অপাৰেচন কৰি (Gastric bypass and biliopancreatic diversion) সুফল লাভ কৰাটো প্ৰমাণিত হোৱাত এই চিকিৎসাৰ প্ৰতি দিন দিনে অধিকলোক আকৰ্ষিত হ’ব ধৰিছে৷

চমুকৈ কেইটিমান লাগতিয়াল কথা পাঠকসকলক জনাব খুজিছোঁ৷ ৰোগ চিনাক্ত হ’লে ভীতিগ্ৰস্ত নহৈ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ হেলা নকৰিব৷ আপোনাৰ জীৱনধাৰণৰ পদ্ধতিত প্ৰয়োজনীয় সংশোধনী আনিবলৈ প্ৰয়াস কৰক৷ফাষ্টফুড, শীতল ড্ৰিংকচ, ধূম্ৰপাণ,মদ্যপাণ বৰ্জন কৰক৷ এটা গ্লুকোমিটাৰ কিনি সময়ে সময়ে নিজৰ চুগাৰ পৰীক্ষা কৰি লিখি ৰাখক আৰু আপোনাৰ চিকিৎসকক সময়ত অৱগত কৰাওক৷ডায়েবেটিজ ৰোগীয়ে ভৰিকেইটা আঘাত নোপোৱাকৈ পৰিস্কাৰ কৰি সযতনে ৰাখিব৷ সময়ে সময়ে চকু পৰীক্ষা কৰাব নাপাহৰিব৷ খাদ্যত নিয়ন্ত্ৰণ আৰু ব্যায়ামৰ দ্বাৰা শৰীৰৰ ওজন নৰ্মাল বি এম আইৰ ওচৰত ৰাখিবলৈ যত্নপৰ হওক৷ বিজ্ঞাপনত ভোল গৈ কবিৰাজ বা পাবত গজা তথাকথিত ডাক্তৰৰ (Quake )কাষ চাপি জীৱন বিপদাপন্ন নকৰিব৷ এটি উদাহৰণ দিওঁ৷ কেইমাহমানৰ আগতে এজন কুৰি বছৰীয়া নেপালী যুৱকৰ টাইপ-১ ডায়েবেটিজৰ চিকিৎসা ইনচুলিন বেজীৰে আৰম্ভ কৰিলোঁ৷ তেজত চুগাৰৰ পৰিমাণ ৫৬৮ মিলিগ্ৰাম%ৰ পৰা কমি ২০০মিলিগ্ৰাম%ৰ তললৈ আহিল৷ ৰোগ নিয়ন্ত্ৰণত অহাত লক্ষণসমূহ নোহোৱা হ’ল আৰু স্বাস্থ্যৰ উন্নতি হ’বলৈ ধৰিলে৷ তেনে এটা অৱস্থালৈ যুৱকজনে দুমাহৰ ছুটীত ঘৰলৈ গ’ল৷ ছুটীৰ শেষত ঘৰৰ পৰা ঘূৰি আহিল ৪কেজি ক্ষীণাই গাত কেইটিমান খহুলৈ৷ তেজ পৰীক্ষা কৰিলত ওলাল চুগাৰ ৪৪৪মিলিগ্ৰাম%৷ ঘৰত হেনো ইনচুলিন নোলোৱাকৈ চুগাৰ ১২০ৰ তলত আছিল৷ কি চিকিৎসা কৰিছিল দেখোৱালে চাৰে ৭হেজাৰ টকীয়া ব্ৰেণ্ডেড কেইটিমান প্লাষ্টিকৰ বটলত থকা কেইবিধমান আয়ুৰ্বেদিক দৰব৷ ‘পুন: মুচিক: ভৱ’ হোৱা যুৱকজনৰ  ভ্ৰান্তি দূৰ কৰিবলৈ মই আধাঘণ্টাৰো অধিক সময় খৰছ কৰিবলগীয়া হ’ল৷ প্ৰত্যেকজন ডায়েবেটিজ ৰোগীয়ে কেইটিমান নৰ্মাল লেভেল জনাৰ আৱশ্যক৷ খালি পেটত (ফাষ্টিং)চুগাৰ হ’ল ৭০-১১০, আকস্মিক (ৰেণ্ডম) চুগাৰ হ’ল ১৪০-১৬৫, খোৱাৰ পিছত (পিপি) ১৬৫- ১৮০৷ ডায়েবেটিজ ৰোগীৰ গ্লাইক’চাইলেটেডহিমগ্লবিন (Hb A 1 C) ৬.৫% ৰ ওপৰত থাকে৷

এইবাৰ খাদ্যৰ বিষয়ে দুআষাৰকৈ লিখনি সামৰিম৷

কি কি খাব – যি খাদ্যই কাৰ্বোহাইড্ৰেটৰ শৰীৰত প্ৰবেশত বিলম্ব ঘটায় তেনে খাদ্য প্ৰচুৰ পৰিমাণে খাব লাগে৷ উদাহৰণ গাজী বুট বা মাহ, বীণ, মটৰ, চালাদৰ পাত, পচলা, কলডিল আৰু আন আন আঁহ থকা শাক-পাচলি৷ দুটা ভেন্দি ডোখৰ ডোখৰকৈ কাটি ৰাতি আধা গিলাচ পানীত তিয়াই থৈ তাৰ পানী পুৱা খালে কাৰ্বোহাইড্ৰেটৰ শৰীৰত প্ৰবেশত বিলম্ব ঘটে আৰু ফলত তেজত চুগাৰ নিয়ন্ত্ৰণত সহায়ক হয়৷ কেইবছৰমানৰ আগলৈকে ভাৰতবৰ্ষৰ জগত ফাৰ্মা নামৰ কোম্পানীয়ে  ‘কাৰবোটাৰ্ট’ নামৰ এবিধ পাউদাৰ বজাৰত উপলব্দ্ধ কৰিছিল৷ ছুজিৰ নিচিনা সেই পাউদাৰ পানীত মিহলাই  ভাত খোৱাৰ আধাঘণ্টা আগতে খালে চুগাৰ নিয়ন্ত্ৰণত সহায়ক হৈছিল৷ একেদৰেই বিহাৰীসকলৰ প্ৰিয় খাদ্য চাটুগুৰি আৰু ডলিয়াই কাম কৰে৷ মধুমেহৰ ৰোগীয়ে খালে লাভবান হব৷ ঢেকীয়া, লাই, মৰীচা, কলডিল, পচলা, গোমধান বা আন আঁহ থকা শাক পাচলি ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খোৱা উচিত৷ আৰৈ চাউলৰ পৰিবৰ্তে উখোৱা চাউলৰ ভাত খাব লাগে৷ এজাস ভাত এসাজৰুটি খোৱাৰ অভ্যাস কৰিব লাগে৷ মাছ, মাংস, কণী খাব পাৰিব৷ ৰন্ধনত অলিভ অইল নহ’লে চানফ্লাৱাৰ তেল ব্যৱহাৰ কৰিব৷  যিকোনো চৰ্বীজাতীয় খাদ্য পৰিত্যাগ কৰিব৷ কম চৰ্বীযুক্ত গাখীৰহে খোৱা ভাল৷ দৈ খাব, ক্ৰিম খোৱা বাদ দিব৷ মদ্যপান আৰু ধূম্ৰপাণ বৰ্জনীয়৷ ডায়েবেটিজ ৰোগীয়ে চকলেট, আইচক্ৰিম আৰু সকলো ধৰণৰ শীতল পানীয়ৰ মোহ পৰিত্যাগ কৰিব৷

আজিলৈই ইমানতে সামৰিলোঁ৷

 

5 thoughts on “মধুমেহ বা বহুমূত্ৰ ৰোগৰ বিষয়ে আলোচনা (ডাঃ ভূপেন শইকীয়া)

  • August 5, 2014 at 10:27 pm
    Permalink

    আপোনাৰ লেখাটোৰ পৰা বহুত উপকৃত হ’লো৷আপোনাক অশেষ ধন্যবাদ৷৷

    Reply
  • October 23, 2016 at 9:39 pm
    Permalink

    আপোনাৰ লিখনিটো ভাল লাগিল ।

    Reply
  • June 21, 2019 at 9:51 pm
    Permalink

    লেখাটোৱে বহুত সকাহ দিলে

    Reply
  • June 21, 2019 at 9:53 pm
    Permalink

    লেখাটোৱে বহুত সকাহ দিলে । ধন্যবাদ চাৰ

    Reply
  • May 3, 2020 at 10:56 pm
    Permalink

    আপোনাৰ লিখনি খিনি পঢ়ি ভাল লাগিছে | কিন্তু মোৰ ভৰি জিন জিন কৰি থাকে ভালদৰে খোজ কাঢ়িব নোৱাৰু ভৰিৰ শিৰা বোৰ মাজে মাজে টানি থাকে ডক্টৰৰ পৰামৰ্শ অনুসৰি MRI কৰিলোঁ কোনো অসুবিধা নাই | গতিকে আপোনি কিবা পৰামৰ্শ দিব পাৰিব নেকি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!