মনলৈ ওভতে লৰালি (২) – ধিৰাজ কলিতা

খুলুং..
“ৰিজাৰ্ভ বেংক , ৰিজাৰ্ভ বেংক কিনিব ? পইচা জমাব পাৰিব,হাতী কিনিব পৰিব |ৰিজাৰ্ভ বেংক…..” প্ৰায় সদায়ে ৰাতিপুৱা ৯.৩০ মানত আমাৰ ঘৰৰ সন্মুখৰে ফেৰীৱালা এজনৰ চিনাকি মাত |সাধাৰনতে কথা পাতিলে ফেৰীৱালা জনৰ মাতটো বেলেগ আৰু যেতিয়া বস্তু বিকিবলৈ চিঞৰে তেতিয়া সম্পুৰ্ন বেলেগ |ক্ৰেতাক আকৰ্ষিত কৰাৰ কাৰনে,ইমান হাই-উৰুমিৰ মাজতো ঘৰত থকা মানুহখিনিৰ কানত পৰিবলৈ অলপ আচহুৱাকৈ উলিয়াই মাতটো |সেয়া প্ৰায় ফেৰীৱালাৰ ক্ষেত্ৰতে মন কৰিছো |ৰেল গাড়ীত দেখো, ১০০ জন ফেৰীৱালাৰ ১০০টা ভিন্ন সুৰী কন্ঠ |এই ৰিজাৰ্ভ বেংক বিক্ৰী কৰিব অহা ফেৰীৱালা জনে আচলতে মাটিৰে সজাঁ হাটী, ঘোঁৰা,ৰঙালাউ,আম আদি বেচিব আহে যত ভিতৰভাগ ফোঁপোলা থাকে আৰু খুচুৰা পইচা জমা কৰিবৰ বাবে ব্যৱহাৰ হয় |এটকীয়াএটা সোমাব পৰাকৈ ওপৰেৰে এটা ছিদ্ৰ থাকে |তাকে আমি “খুলুং” বুলিছিলো |সৰুতে নিজৰ আয় বুলিবলৈতো একোৱেই নাছিল,তথাপিও স্কুলত যাওতে খাবলৈ দিয়া,দেউতাৰপকেটেৰ পৰা ,মাৰ বেগৰ পৰা চুৰি কৰা পইচা অকনমান খাই বাকীখিনি খুলুংঅত থৈছিলো |পুজালৈ দিন গনি থাকো,ভৰ্ত্তি হওক বা নহওঁক ভাঙিমেই “খুলুং |খৰছ নোহোৱালৈ দিনত কিমানবাৰ যে হিচাপ কৰো |
দ্বিতীয় খুলুংটো নিজেই বনাইছিলো,বাৰান্দা বা গোহালীৰ বাহৰ খুটাত | দীঘল পাব থকা বাহঁৰ খুটা এটাত ,পাবৰ ওপৰত এটকীয়া-দুটকীয়া খুচুৰা পইচা সোমাব পৰাকৈ পাবটোৰ ওপৰফালে গাঠিৰ ঠিক তলতেই দা’ৰে কাটি পঠালিকে এটা ফুটা কৰো |পইচা এবাৰ সুমোৱাৰ পিছত, পাবটো নকটাৰ বাহিৰে পইচা উলিওৱা বেলেগ উপায় নাই |মাটিৰে বনোৱা খুলুংঅত,খুলুংটো ওলোটাই অলপ জোকাৰি দিলে পইচাওলাই অহাৰ চান্স থাকে ,বাহৰ খুটাৰ খুলুংঅত সেয়া অসম্ভৱ |৩-৪ মাহ যোৱাৰ পিচত চেককৰিবলৈ আৰম্ভ, এডাল বাহঁৰ মাৰি লৈ খুলুংটোত কোবাই কোবাই শব্দ শুনি অনুমান কৰিব পাৰি কিমান দুৰলৈ পইচা জমা হৈছে |ঘৰৰ চাৰিজনে চাৰিটা খুটাত চাৰিটা খুলুং কাটিলে,পইচা উলিয়াবৰ সময়ত যেতিয়া খুটাটো কটা হয় ,খুটাটোৰ জোৰ কমি যায় |সাধাৰন বতাহ এজাকতে আমাৰ গোহালি ঘৰ টো বাগৰি পৰিছিল |তাৰ পিচৰ পৰা বাহৰখুটাত খুলুং বনোৱা বন্ধ |আমিও ৩-৪ টকাৰে ফেৰীৱালা জনৰ পৰা “ৰিজাৰ্ভ বেংক (ওৱান টাইম ইউজ)” কিনি পইচা সাঁচিব ধৰিলো |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!