মন যায়( – নীলাক্ষি দেৱী ডেকা)

মন যায়……
– নীলাক্ষি দেৱী ডেকা৷

মন যায় ….flower
তোৰে সতে পুৱাৰ দূবৰিৰ নিয়ৰ খচকি,
বুটলিবলৈ কোঁচভৰা শেৱালিৰ ফুল,
সময়খিনিক ৰাখিবলৈ বান্ধি
মালা গাঁথি গাঁথি৷ ৷
মন যায়….
তোৰে সতে নদীৰ নীলাখিনিত সাতুৰি নাদুৰি,
পাৰ কৰিবলৈ এক অলস দুপৰ,
আৰু সাজিবলৈ সপোনৰ ঘৰ,
নদীৰ পাৰৰ ঘূৰণীয়া শিল বুটলি বুটলি৷ ৷
মন যায়….
তোৰে সতে হাতত হাত ধৰি,
অনাই বনাই ফুৰিবলৈ ঘূৰি,
এটি অবাধ্য আবেলি,
এসোপামান সেউজীয়াক উশাহত টানি টানি৷ ৷
মন যায়….
তোৰে সতে কটাবলে এটি মিঠা গধূলি,
জোনাকীৰ চাকিৰে পতা দীপাৱলী,
নীৰৱতাক ভাষা দিয়া,
ঝিলী আৰু ভেকুলীৰ গান শুনি শুনি৷ ৷
মন যায়….
তোৰে সতে বাট বাট বুলিবলৈ,
জোনবাইৰ দেশলৈ বুলি,
ৰূপকথাৰ পক্ষীৰাজ ঘোঁৰাত উঠি,
হাটীপটীৰ বাটেদি পোহৰৰ পম খেদি খেদি৷ ৷
********************************

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!