মস্তিষ্কৰ বিষয়ে কেইটিমান জানিবলগীয়া কথা: (প্ৰাঞ্জল চক্ৰৱৰ্তী)

মানুহকে ধৰি সকলোবোৰ প্ৰাণীৰেই আটাইতকৈ বিকশিত অংগটোৱেই হৈছে মস্তিষ্ক । মস্তিষ্কই স্নায়ুৰ সহায়ত শৰীৰৰ বিভিন্ন ধৰণৰ কাৰ্য্য সম্পন্ন তথা সিহঁতৰ মাজত সমন্বয় ৰক্ষা কৰে । আহকচোন, এই বিশেষ অংগবিধৰ কেইটিমান বিশেষ কথা আলোচনা কৰোঁ ৷
(১) এটা আদৰ্শ মস্তিষ্ক দেহৰ মুঠ ওজনৰ প্ৰায় ২%, কিন্তু ই মুঠ শক্তি আৰু অক্সিজেনৰ ২০% ব্যৱহাৰ কৰে ।
(২) মস্তিষ্কত পানীৰ পৰিমাণ প্ৰায় ৭৩%, কিন্তু ই কেৱলমাত্ৰ ২% নিৰ্জলীকৰণ (ডিহাইড্ৰেচন্)হে হ’বলৈ দিয়ে ।
(৩) শৰীৰৰ পৰা ৯০ মিনিট একেৰাহে ঘাম নিৰ্গত হোৱাটোও ক্ষতিকাৰক হ’ব পাৰে । ইয়াৰ ফলত মগজুৰ অস্বাভাৱিক সংকোচন ঘটিব পাৰে যিটো এবছৰত হোৱা মগজুৰ সংকোচনৰ সমান ।
(৪) আমাৰ দেহৰ আটাইতকৈ ফেটী (চৰ্বি যুক্ত) অংগটোৱেই হৈছে মস্তিষ্ক বা মগজু । ইয়াৰ শুষ্ক ওজনৰ প্ৰায় ৬০% শতাংশই হৈছে ফেট বা চৰ্বি ।
(৫) দেহৰ প্ৰায় ২৫% ক’লেষ্টেৰ’ল মস্তিষ্কতেই পোৱা যায় । পৰ্য্যাপ্ত ক’লেষ্টেৰ’লৰ অভাৱত স্নায়ুকোষ বা নিউৰণবোৰ নষ্ট হৈ যায় ।
(৬) এটা বালিকণাৰ সমান মস্তিষ্কৰ অংশত ১০০,০০০ অৰ্থাৎ এক লাখ নিউৰণ বা স্নায়ুকোষ থাকিব পাৰে ।
(৭) কেৱলমাত্ৰ ৫ মিনিট অক্সিজেনৰ অভাৱত থাকিলেই মস্তিষ্কৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ।
(৮) যৌৱনাৱস্থাত মস্তিষ্কৰ পূৰ্ণ বিকাশ সম্ভৱ নহয় । প্ৰায় ২৫ বছৰ বয়সতহে মস্তিষ্কৰ পূৰ্ণ বিকাশ হয় ।
(৯) মস্তিষ্কই ১২-২৫ ৱাট বিদ্যুৎ উৎপন্ন কৰিব পাৰে যিখিনি এটা এল.ই.ডি বাল্ব জ্বলাবৰ বাবে পৰ্য্যাপ্ত ।
(১০) প্ৰতিদিনে মস্তিষ্কই গড়ে প্ৰায় ৫০,০০০ চিন্তা কৰিব পাৰে । কিন্তু আশ্চৰ্য্যজনকভাবে এই চিন্তাবোৰৰ প্ৰায় ৭০% নেতিবাচক অৰ্থাৎ ঋণাত্মক হয় ।
(১২) প্ৰতি ছেকেণ্ডত মস্তিষ্কত প্ৰায় ১,০০,০০০ (এক লাখ) ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় ।
(১৩) দেহৰ আকাৰ সৰু হ’লেও পুৰুষৰ মস্তিষ্কৰ আকাৰ সদায় স্ত্ৰীতকৈ ১০% বেছি হয় ।
(১৪) ভিক্ট’ৰিয়ান সময়ৰ পৰা প্ৰতি দশকত আমাৰ গড় আই.কিউ. (সাধাৰণভাৱে বুদ্ধিমত্তা) প্ৰায় ১.৬ পইণ্টকৈ কমি আহিছে । এই হিচাবত, সেই সময়ৰ পৰা এতিয়ালৈ প্ৰায় ১৩.৩৫ পইণ্ট আই.কিউ. (I.Q.) কমিছে । কবলৈ গলে আমাৰ স্মাৰ্টনেছ কমি আহিছে ।
(১৫) মস্তিষ্কৰ স্মৃতিশক্তি সংৰক্ষণ ক্ষমতা (ষ্ট’ৰেজ কেপাচিটি) সদায় অসীমিত অৰ্থাৎ ই কম্পিউটাৰত ব্যৱহাৰ হোৱা “ৰেম”ৰ নিচিনাকৈ কেতিয়াও ভৰ্ত্তি হৈ নাযায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!