মাছ ভাপত দিয়া – গীতাশ্ৰী গগৈ

উপকৰণ ঃ-
১)মাছ ২০০গ্ৰাম
২)পিয়াজৰ পেষ্ট তিনি/চাৰি চামুচ
৩)আদা, নহৰু, ধনিয়া পাতৰ পেষ্ট এক চামুচ
৪)কেঁচা জলকীয়া পেষ্ট আধা চামুচ
৫)নেমু ৰস তিনি চামুচ
৬)নিমখ

প্ৰণালী ঃ-
মাছখিনি বাচি ভালকে ধুই লব৷ এটা ষ্টিলৰ টিফিন বাটিত মাছখিনি দি উপকৰণত দিয়া সকলোখিনি সামগ্ৰী ভালকে মিহলাই দহ মিনিট মানৰ কাৰণে মেৰিনেট হব দিব৷ এটা কুকাৰত আধা গিলাচ পানী দি বাটিটো ঢাকন লগাই কুকাৰত বহাই দি তিনিটা মান হুইচেল মাৰিব দি নমাই থব৷ কুকাৰৰ গেছ গলে বাটিটো উলিয়াই আনি ভাতৰ লগত পৰিবেশন কৰিব৷ খাবলৈ বৰ সুৱাদ লগা আৰু স্বাস্থ্যকৰ ব্যঞ্জন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!