মাণ্ডেলাৰ দেশৰ ডায়েৰিৰ পাতৰ পৰা : -গ্লৰিয়াৰ সপোন (অগ্নিভ দত্ত)

২৫ ডিচেম্বৰ। প্ৰভু যীচুৰ জন্মদিন এই ২৫ ডিচেম্বৰটোক সমগ্ৰ বিশ্বতে বৰদিন বা খ্ৰীষ্টমাছ হিচাপে পালন কৰা হয়। বৰদিন কেৱল খ্ৰীষ্টানসকলৰেই এটা উৎসৱ নহয়, ই যেন সমগ্ৰ মানৱ জাতিৰ এক সম্প্ৰীতিৰহে মেলা। বৰদিনে কঢ়িয়াই আনে সকলোৰে মনলৈ তেজাল সপোন, শান্তি আৰু প্ৰেমৰ বতৰা।
স্কুলীয়া দিনবোৰ পাৰ হৈছিল ডিব্ৰুগড় চহৰতে। সৰু চহৰ খনত এটাই মাথোঁ গীৰ্জা ঘৰ। তাকো আমাৰ ঘৰৰ পৰাও যথেষ্ট দূৰৈত আৰু সেইসময়ত যাতায়ত ব্যৱস্থাও বৰ ভাল নাছিল। লাহে লাহে অকণমান ডাঙৰ হোৱাত নিজে চাইকেল মাৰি সেইফালে পাক এটা মৰা হ’লো। কেতিয়াবা বৰদিনৰ দিনা লগৰবোৰৰ লগত চাইকেল মাৰি উৎসৱমুখৰ গীৰ্জাটোত এবাৰ সোমাই আহোঁ। বিশেষ একো নাই দুৰ্গাপূজাত মানুহ চোৱাৰ দৰে মানুহ-দুনুহ চাওঁগৈ। মুঠতে ক’বলৈ গ’লে সেইসময়ত আমাৰ কাৰণে স্কুল ছুটিৰ এটা দিনৰ বাহিৰে বিশেষ একো নাছিল এই বৰদিনৰ দিনটো। লাহে লাহে সময়ে আনি আমাক মুম্বাই চহৰ পোৱালেহি।এটা দুটাকৈ কেবাটাও বছৰ মুম্বাইত পাৰ কৰিলোঁ। লগতে পাৰ কৰিলোঁ কেইবাটাও বৰদিন মায়াবী নগৰী মুম্বাইত। এক যান্ত্ৰিক জীৱন এই মহানগৰী মুম্বাইত, বৰদিন মানে যেন কেৱল শ্বপিং, শ্বপিং আৰু কেৱল খোৱা বোৱা গোটেই মানুহ গালৰ বাবে। সকলোতে ভিৰ অথচ সুন্দৰকৈ সজায় তোলে গোটেই মুম্বাই খন। মুম্বাইৰ পৰা এৰাতিৰ দূৰত্বৰ গোৱা চহৰতো বৰদিন পালো কোনোবা দুটা মান বছৰ। গোৱাৰ বৰদিন সঁচাই অতুলনীয়। গোটেই গোৱা চহৰখন যেন বছৰটোৰ এই দিনটোলৈহে খাপ পিটি ৰৈ থাকে। বজাৰ সমাৰ, সাগৰৰ পাৰ সকলোতে কেৱল যেন ৰঙৰহে উৎসৱ। সকলোৱে সুন্দৰকৈ বিভিন্ন ৰঙৰ সাজপোছাক পিন্ধি চহৰ খনৰ ৰাস্তাই ঘাটে বৰদিনৰ কে’ৰল গাই নাচিবাগি গোটেই গোৱা চহৰ খন বাংময় কৰি তোলে। সংগীত আৰু গোৱাৰ যেন চিঙিব নোৱাৰা সমন্ধ। এই বৰদিন উৎসৱৰ মাদকতা ল’বলৈ ভৰি পৰে দেশ বিদেশৰ অসংখ্য মানুহেৰে এই গোৱা চহৰ খন, কোনো জাতি ধৰ্ম্মৰ বাচ বিচাৰ নোহোৱাকৈ কেৱল সকলোৱে উপভোগ কৰে নিৰ্মল আনন্দ।
তাৰ পাছত আহি পালোহি ৰামধেনুৰ দেশ (The Rainbow Nation) দক্ষিণ আফ্ৰিকা। বিভিন্ন জাতি,বৰ্ণ, ধৰ্ম্মৰ মানুহেৰে ভৰা এখন দেশ। নৱেম্বৰ মাহ সোমোৱাৰ লগে লগেই মানুহবোৰৰ গাত তত নাইকিয়া হয়। জীৱনটোক উপভোগ কৰা দেশৰ মানুহ এইবোৰ। ডিচেম্বৰ মাহৰ ২ য় সপ্তাহৰ পৰা লাহে লাহে যেন সকলো স্থবিৰ হৈ পৰিব লয় দেশখন। উৎসৱমুখৰ হৈ উঠে গোটেই দেশখন। উত্তৰ গোলাৰ্ধৰ দেশসমূহত বৰদিনৰ সময়ত বৰফপৰি “হোৱাইট খ্ৰীষ্টমাছ” হোৱাৰ বিপৰীতে দক্ষিণ গোলাৰ্ধৰ দেশ হোৱাৰ বাবে ডিচেম্বৰ মাহটো গৰমৰ দিন হয় দক্ষিণ আফ্ৰিকাত। সোণোৱালী ৰ’দ আৰু আলফুলকৈ ফুলি উঠা বিভিন্ন ৰঙৰ ফুলেৰে গোটেই দেশখনৰ ৰূপ চাব লগা হৈ উঠে। স্কুল কলেজ বোৰ বন্ধ হয় পৰে সম্পূৰ্ণ। আৰু কাৰ্য্যালয় বিলাকত উপস্থিতি একেবাৰে সেৰেঙা হৈ পৰে। জাকে জাকে মানুহবোৰ সাগৰৰ পাৰৰ চহৰ ডাৰবান , কেপটাউনলৈ ঢাপলি মেলে নিজৰ নিজৰ পৰিয়াল, বন্ধু বান্ধবৰ সৈতে নিৰিবিলি সময় কটাবলৈ। আৰু কিছুমানে নিজৰ নিজৰ পৰিয়াল, বন্ধু বান্ধব আপোনজনৰ ঘৰলৈ গৈ একেলগে উৎসৱ পালন কৰে। গোটেই বজাৰ সমাৰ, শ্বপিং মল বিলাক খ্ৰীষ্টমাছ ট্ৰী, ছান্টা ক্লজৰ ড্ৰেচ, টুপি, বিভিন্ন উপহাৰেৰে ভৰি পৰে। খোৱা বোৱাতো বৰ চৌখিন ইয়াৰ মানুহ বিলাক। আলহীক মাতি এসাজ সুন্দৰকৈ খুৱাবলৈ পালে বৰ সুখ অনুভৱ কৰে মানুহবোৰে।
এইটো যোৱা বছৰৰ বৰদিনৰ সময়ৰ কথা। বৰদিনৰ সময়ত আমি ব্যস্ত থাকিম বুলি জানি মোৰ সহকৰ্ম্মী ইলুংগাই আগতীয়াকৈ ভাত এসাঁজ খাবলৈ মাতিলে বৰদিনৰ আগৰটো দেওবাৰে। তিনিটা সন্তানৰ সৈতে খুব সুখী পৰিয়াল ইলুংগাৰ। যথাসময়ত আমি গৈ দুপৰীয়াৰ আহাৰৰ বাবে ইলুংগাৰ ঘৰত উপস্থিত হ’লোগৈ। ঘৰৰ সকলোৱে আহি আদৰ সম্ভাষণ জনালেহি কেৱল ইলুংগাৰ মাজু ছোৱালী সুখ্যাতিৰে কেপটাউনৰ মেডিকেল কলেজত এডমিছন লোৱা গ্লৰিয়াৰ বাহিৰে। কথাই কথাই তাইৰ কথা ওলালত ইলুংগাই ক’লে তাই হেনো সৰু চাকৰি এটাত জইন কৰিছে বৰদিনৰ ছুটিৰ এমাহৰ কাৰণে। চাকৰি মানে তেওঁলোক বসবাস কৰা ভানড্যাৰবেলপাৰ্ক নামৰ চহৰ খনৰে ৰেষ্টুৰেণ্ট এখনৰ ৱেইট্ৰেছ (waitress ) হিচাপে। ইয়াৰ ল’ৰা ছোৱালী বিলাকে নিজৰ পঢ়াৰ খৰচ উলিয়াবৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰে যদিও ইলুংগাৰ দৰে উচ্চ পদস্থ বিষয়া এজনৰ একো বস্তুৰে অভাৱ নোহোৱা ছোৱালীয়ে সেইখিনি নকৰিলেও হয় বুলি মনতে ভাবি থলো।
ইতিমধ্যে গ্লৰিয়াই আমি অহা গম পাই দুঘন্টাৰ কাৰণে ছুটিলৈ আমাৰ লগত আহাৰৰ সময়ত যোগ দিবহি বুলি দেউতাকক ফোন কৰি জনাইছেই। তাই আহিবলৈ দেৰি আছে কাৰণে অলপ সময় কথাৰ মহলাকে মৰা আৰম্ভ কৰিলোঁ। ইটো সিটো কথাৰ পাছত ইলুংগাই গ্লৰিয়াৰ সৰু চাকৰিটো কৰাৰ উদ্দেশ্যটো ক’লে এফালৰ পৰা। ইলুংগাহঁতৰ ঘৰত মাছাচাবা নামৰ মানুহ এগৰাকী আহে দিনটোৰ কাম বনবোৰ কৰিবলৈ। গিৰিয়েক নথকা মানুহ জনীয়ে বৰ কষ্টত তিনিটাকে লৰা ছোৱালী তুলি তালি ডাঙৰ দীঘল কৰিছে লোকৰ ঘৰে ঘৰে কাম বন কৰি। জুন মাহত শীতকালীন বন্ধ উপলক্ষে গ্লৰিয়া ঘৰলৈ আহিছিল। খুব ঠাণ্ডা পৰে সেই সময়ত দক্ষিণ আফ্ৰিকাত। নূন্যতম তাপ মাত্ৰা মাইনাছ ১২ ডিগ্ৰি মান হয়গৈ মাজে মাজে। এদিন কিবা কথাত ওলাল যে, মাছাচাবাৰ লৰা ছোৱালী কেইটাৰ ভাল কাপোৰ কানি বিশেষকৈ গৰম কাপোৰ বুলিবলৈ নায়েই বোলে। এই কথাষাৰে হয়তো গ্লৰিয়াৰ অন্তৰৰ কোনোবা এটুকুৰাত বৰকৈ ছুই গল। লগতে গ্লৰিয়াই গম পালে মাছাচাবাৰ লৰা ছোৱালী কেইটাই হেনো আজিলৈ ভাল ৰেষ্টুৰেণ্ট এখনত এসাজ খাই পোৱা নাই ধনৰ অভাৱত ( অৱশ্যে কে এফ চি ৰ পৰা নি চিকেন খাই মাজে মাজে), অথচ দক্ষিণ আফ্ৰিকাৰ মানুহ বোৰে কিজানি জীৱনৰ আধা সময় ৰেষ্টুৰেণ্টতেই কটায়। এই কথাবোৰে হয়তো অকণমানি গ্লৰিয়াজনীক কিবা ভাবুক কৰি পেলালে। বন্ধৰ শেষত তাই আকৌ বিশ্ববিদ্যালয়ৰ হোষ্টেললৈ ঘুৰি গ’ল পঢ়া শুনাৰ কাৰণে। ১ ম বৰ্ষৰ পৰীক্ষা শেষ কৰিয়েই মাকক ফোন কৰি জনালে তাই হেনো এইবাৰ বৰদিনৰ বন্ধত ক’তো ফুৰিবলৈ নাযায়, তাই চাকৰি কৰিব বোলে ঘৰতে থাকি এইবাৰ। প্ৰথমে মাকহঁত আচৰিত হৈছিল যদিও যেতিয়া তাইৰ চাকৰি কৰাৰ উদ্দেশ্যটো গম পালে, মাকহঁতৰ অন্তৰ উথলি উঠিল তাইৰ প্ৰতি মৰমত। তাই বোলে ইতিমধ্যে অনলাইন এপ্লাই কৰিছেই চাকৰি ,কেৱল ঘৰলৈ গৈ জইন কৰিব লাগে। দিনে ৮ ঘন্টাকৈ এমাহ দিন চাকৰি কৰি তাই হেনো কেইবা ডলাৰও আৰ্জন কৰিব আৰু সেই উপাৰ্জনেৰে তাইহেনো এইবাৰ বৰদিনত মাছাচাবাৰ লৰা ছোৱালী কেইটাক একোজোৰ ভাল পোচাক দিব লগতে এখন ভাল ৰেষ্টুৰেণ্টত এসাঁজ ভালদৰে খুৱাব সিহঁত কেইটাক। কাৰোবাক অকণমান সুখ বিলাই দিবৰ কাৰণেই অকণমানি ছোৱালীজনীৰ মনৰ কি দৃঢ়তা! অতি সাধাৰণ, অথচ মানুহক ভাল পোৱাৰ, মানুহৰ মৰ্ম্ম বেদনাক উপলব্ধি কৰাৰ দৃঢ়তা। ইতিমধ্যে গ্লৰিয়া আহি পালেহি। অকণমানি গ্লৰিয়াজনীক যেন আমাৰবোৰৰ আৰু মৰম লাগি গ’ল। তাইক মুখেৰে একো নকয় আমি মাথো অন্তৰৰ পৰা হিয়া জুৰি আশীৰ্বাদ দিলোঁ তাইৰ সপোনটোৰ সফলতাৰ কাৰণে। তাহাঁতৰ ঘৰৰ পৰা ঘুৰি আহোঁতে অন্তৰত কঢ়িয়াই আনিলোঁ পৱিত্ৰ বৰদিনৰ এক অনাবিল তৃপ্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!