মাণ্ডেলাৰ দেশৰ ডায়েৰিৰ পাতৰ পৰা (অগ্নিভ দত্ত)

জ্ঞান, বিদ্যা বুদ্ধি আদি কম কাৰণেই কিজানি কিতাপ পত্ৰ আদিও কমকৈ পঢ়া হয়৷ তথাপি কৰবালৈ গলে তাত কিতাপৰ দোকান দেখিলে, দোকানখনৰ ভিতৰত নোসোমোৱাকৈ আহিবলৈ টান হয়৷ কিতাপ পত্ৰ পঢ়াৰ জোখেৰে জ্ঞান বুদ্ধি কম হলেও চখতেই হওক বা আন কিবা কাৰণতেই হওক কিতাপ কিনাৰ লোভ সামৰিব নোৱাৰো৷

সিদিনাৰ কথা, কিবা অলপ বজাৰ-সমাৰ কৰাৰ বাবে ম’ল ( Mall) এটালৈ ওলাই গৈছিলো৷ বজাৰ সমাৰ কৰি থাকোতেই তাত প্ৰকাণ্ড কিতাপৰ দোকান এখনৰ ফালে চকু পৰিল৷ সচৰাচৰ হোৱাৰ দৰেই দোকানৰ ৰঙ-বিৰঙৰ কিতাপৰ আকৰ্ষণে কিতাপৰ দোকানখনৰ ভিতৰলৈ মোক টানি লৈ গ’ল৷ সৰু সুৰা এখন দুখন কিতাপ কিনিবলৈ বুলি গোটেইখন দোকান পিটপিটাই ফুৰিছো৷ সাধাৰণতে কি়তাপৰ দোকানত সোমালে নিজৰ কাৰণে কিতাপ কিনাৰ লগতে ল’ৰাটোৰ বাবেও কিবা নহয় কিবা এখন কিতাপ কিনি লওঁ, সি পঢ়ে নপঢ়ে সেইটো পাছৰ কথা ৷

সেই ভাবিয়েই সৰু সুৰা বিজ্ঞানৰ কিতাপৰ ওপৰত চকু ফুৰাই আছো৷ তেনেতে ওচৰৰে ৰেকখনৰ ওপৰত চকু পৰিল৷ প্ৰাকৃতিক বিজ্ঞানৰ কিতাপেৰে ভৰি আছে৷ মোৰ আচলতে কিতাপৰ কাৰণে নহয়, ৰেকখনৰ কিতাপবোৰত জিলিকি থকা চিনাকি লগ’টোৰ (Logo) কাৰণেহে সেইফালে চকু পৰিল৷ লগ’টো আন একো নহয়, মই চাকৰি কৰা কোম্পানীটোৰ লগ’৷ অলপ আচৰিত হোৱাৰে পাল, কিতাপৰ দোকানত মই চাকৰি কৰা কোম্পানীৰ লগ’টো কিহৰ বাবে? মই চাকৰি কৰা কোম্পানীটোৰ কাম-কাজবোৰ তৈল-উদ্যোগ কেন্দ্ৰিক, গতিকে ইমানবোৰ কিহৰ কিতাপ, এই বুলি ভাবিয়েই কিতাপখিনিৰ ওচৰ পালোগৈ৷

কিতাপৰ ৰেকখনৰ ওচৰ পাই আচৰিত হৈ পৰিলো, মই চাকৰি কৰা কোম্পানীটোৱে এখন দুখন নহয়, প্ৰায় পোন্ধৰ বিশখনমান কিতাপ উলিয়াইছে, মানে কিতাপবোৰ স্পনচৰ কৰিছে৷ কিতাপবোৰ কোনো তেল উদ্যোগৰ বিষয়ে নহয়৷ কিতাপবোৰ দক্ষিণ আফ্ৰিকাকে ধৰি ‘চাব-চাহাৰা’ অঞ্চলত পোৱা চৰাই চিৰিকতিকে আদি কৰি বিভিন্ন জীৱ জন্তুৰ ওপৰত লেখা তথ্যসমৃদ্ধ কিতাপ৷ সৰু ডাঙৰ বিভিন্ন কলেৱৰৰ৷ এখন এখনকৈ কিতাপ পাত লুটিয়াই যাব ধৰিলো৷ চৰাইৰ বিষয়ে থকা কিতাপকেইখনত কেইবাশ বিভিন্ন প্ৰজাতি চৰাইৰ ফটো সহকাৰে তথ্য দিয়া আছে৷ ইয়াৰ উপৰিও সেই চৰাইবোৰ পোৱা প্ৰায় 300 স্থানৰ বিষয়ে আদি কৰি বিভিন্ন তথ্যৰে ভৰপুৰ৷ এই কিতাপবোৰ কেৱল কিতাপ বোলা ভুল হব, কেপটাউন বিশ্ববিদ্যালয়ৰ পক্ষীবিদ অধ্যাপক আদিকে ধৰি কেইবাজনো গৱেষকৰ কষ্টৰ ফল হ’ল এইবোৰ কিতাপ৷ আমি চাকৰি কৰা কোম্পানীটোৰ দক্ষিণ আফ্ৰিকাৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু তাক সকলোৰে মাজত জনপ্ৰিয় কৰাৰ লগতে সকলো তথ্য সহজে উপলদ্ধ কৰাৰ এয়া এক সামান্য প্ৰয়াস৷

আমি চাকৰি কৰা কোম্পানীটোৱে দক্ষিণ আফ্ৰিকাৰ কেইবাখনো বিশ্ববিদ্যালয়ক গৱেষণামূলক কাম কাজৰ কাৰণে কেইবাশ কোটি টকাৰ স্পনচৰ কৰে৷ সেইবোৰ মূলত তেল, গেছ আদি উদ্যোগৰ লগত জড়িত গৱেষণা হয়৷ গৱেষণা কৰা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে আমাৰ মানুহখিনিৰ লগত বুজা বুজিৰে গৱেষণাৰ কামবোৰ কৰে আৰু সফল হলে সেই গৱেষণাৰ ফলাফলবোৰ আমাৰ কাৰ্য্যক্ষেত্ৰত প্ৰয়োগ কৰা হয়৷ গতিকে তেনেকুৱা কামবোৰত কৰা স্পনচৰৰ কথাবোৰ আমাৰ অৱগত, লগতে বিভিন্ন খেলা ধুলাৰ উন্নতিৰ ক্ষেত্ৰত কৰা আৰ্থিক সহায় (ডাঙৰ ডাঙৰ ষ্টেডিয়াম স্থাপন কৰা, চুইমিং পুল স্থাপন কৰা আদি) লগতে আন আন সামাজিক কাম কাজ যেনে স্কুল প্ৰতিষ্ঠা কৰা, বিজ্ঞান কংগ্ৰেছ আদি অনুষ্ঠিত কৰা আদি কামৰ লগত আমি চাকৰি কৰা কোম্পানীটো জড়িত৷

আমাৰ বন্ধুবৰ মুকুট গোঁহাইয়ে গৱেষণাত সহায় কৰি থকা বিশ্ববিদ্যালয়খনতো আমি চাকৰি কৰা প্ৰতিষ্ঠানটোৱে গৱেষণাৰ কাৰণে ‘স্পনচৰ’ কৰাৰ কথা মুকুটে কৈয়েই থাকে৷ এনে একোটা প্ৰতিষ্ঠানে সমাজৰ কাৰণে এনেধৰণৰ বিষয়ত কাম কৰা কথাবোৰ আমাৰ মানুহকো জনোৱা উচিত বুলিও গোঁহাইয়ে প্ৰায়েই কয়৷ আমিও সদায় লিখিম লিখিম বুলি থাকো কিন্তু শনিবাৰে দেখা তেনেকুৱা এটা প্ৰকল্পই মোক এইখিনি কথা লিখিবলৈ নতুনকৈ প্ৰেৰণা যোগালে৷

আমাৰো অইল, অ এন জি চি, আই অ চি আদিৰ দৰে ডাঙৰ ডাঙৰ কোম্পানীবোৰে এনে কামবোৰ কৰি থাকে বা কৰা উচিত৷ কিন্তু আমাৰ অসমৰ দৰে ঠাইত এই প্ৰতিষ্ঠানবোৰে তেনেধৰণৰ কাম কৰিবলৈ সক্ষম হব পাৰিবনে? কিছুদিন আগতে ফেচবুকতে দাদা এজনে কৈছিল ডুলীয়াজানৰ আশে পাশে হেনো প্ৰায় দুশ পঞ্চাশটা (250) সৰু বৰ সংগঠন, সেই বিলাকৰ গড়ে প্ৰতি কিমান কি অভাৱ অভিযোগ থাকে সেয়া আমাৰ জ্ঞাত নহয়, কিন্তু অভিজ্ঞতাৰ পৰা কব পাৰো যে সেইবোৰ সংগঠনৰ অভাৱ অভিযোগ পুৰণ কৰি থাকোতে এইবোৰ ডাঙৰ প্ৰতিষ্ঠানে মন গলেও হয়তো সমাজৰ কামত অহাকৈ ভাল ভাল কাম হাতত লবলৈ সাহস গোটাব নোৱাৰে৷ যোৱা কোনোবা এটা বছৰত এই অভাৱ অভিযোগক লৈ হোৱা প্ৰতিবাদ আন্দোলন আদিৰ বাবে কেৱল অইলৰেই 200 কোটি টকা লোকচান হৈছিল৷ সেইবোৰ টকা লোকচান নহলে কিমান কাম কৰিব পৰা গ’লহেতেন৷

আশা কৰিম যে কেৱল আন্দোলন প্ৰতিবাদ আদিৰে সময় কটোৱাতকৈ আমাৰ দল সংগঠনবোৰে এই ডাঙৰ অনুষ্ঠান-প্ৰতিষ্ঠানবোৰক সহায় কৰক৷ সমাজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰতে এনেধৰণৰ কাম কৰিলে ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিঞ্চিতমান হলেও সহায় হ’ব৷ আমি ক্ষুদ্ৰ স্বাৰ্থ বাদ দি এনেধৰণৰ কাম কৰাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব পাৰিব লাগিব৷
☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!