মাতৃভাষা, আদৰ আৰু অনাদৰ ইত্যাদি—( হৃষীৰাজ শৰ্মা )

আক্ষেপ সদায়েই কৰোঁ, কৰিমেই| সুৰেণ চাৰৰ এচাৰিৰ কোব খাই বৃত্তি লৈছিলোঁ| শুদ্ধকৈ বানান লিখিব নোৱাৰিলে আইয়ে ঘৰৰ বাহিৰত উলিয়াই থৈ কৈছিল-“তোক শিয়ালে আহি লৈ যাওক”| বেতৰ আগত বিদ্যা নে ভয় আৰু শ্ৰদ্ধাৰ মাজত বিদ্যা আয়ত্ত্ব কৰিছিলোঁ নাজানোঁ; কিন্তু জানোঁ, মোৰ দৰে এনেকুৱা বহুতো লোক আছে যাৰ অন্তৰত নিজৰ মাতৃভাষা স্নেহ উপচি কপিলীৰ বান সদৃশ হৈ আছে| সেয়েহে কিজানি কোনোবাই অসমীয়া ভাষাটোৰ লগত বেছি “পণ্ডিতালি” কৰিলে গাটো পিৰপিৰায়| আমি হৈছোঁ “তথাকথিত”/”খাৰখোৱা”/”গঞা”/”ঢেকেৰী”..(যি নাম দি মাতা, সেয়েই মিঠা..) অসমীয়া| বিশেষকৈ নিজৰ মানুহে যেতিয়া বিপৰ্যয়ৰ পথটি আৰু সহজলভ্য কৰি তোলে, তেতিয়া দুঃখ লাগে| পুৰণি বিতৰ্ক: “ইংৰাজী মাধ্যম জগৰীয়া নেকি?”..কোনোবাই হয়তো ক’ব অভিভাৱকৰ গুৰুত্ত্বহীনতাৰ ফলশ্ৰুতিতেই শিখন্দীসদৃশ আধাফুটা অসমীয়াৰে গৰ্ব্ব কৰিব জনা লোকৰ আৱিৰ্ভাব| ই সত্য জানো? কেৱল ঘৰখনেই জগৰীয়া নে? চহৰীয়া ধুন-পেচেৰে আভিজাত্যৰ কৃত্ৰিম পৰশ দেহত বিয়পাই ৰাখিলেও পাগলাদিয়াৰ পাৰৰ বোকাৰ গোন্ধ জানো তেওঁলোকৰ নাকৰ পৰা আঁতৰিছে? মাধ্যম জগৰীয়া| ওপৰৰ চিৰি বগাবলৈ আপুনি তলৰ চিৰিটোত ভৰিখন থ’ব‍ই লাগিব| শিশুৰ চৰিত্ৰ গাঁঠনিত বিদ্যালয়ৰ ভূমিকা অপৰিসীম| বিদ্যালয়ে যি দিছে শিশুৱে তাকেই গ্ৰহন কৰি আহিছে| চাৰিওপিনে অসমখনক নোহোৱা কৰি পেলোৱা হৈছে| মোৰ আইয়ে আক্ষেপ কৰে, “আজিকালি কোনেও বুঢ়ী আইৰ সাধুৰ নাম নাজানে”| জনালেহে জানিব..বিদ্যালয়ত জনাব নোৱাৰে নেকি? অভিভাৱক সকলক বাদ দিয়া নাই, তেওঁলোকৰ কথাও আমি আলোচনা কৰিম, এই গুৰুত্ত্বপূৰ্ণ বিষয়টো আমি এখোজ দুখোজকৈ ভালকৈ আলোচনা কৰি এটা ভাল সিদ্ধান্তলৈ অহাৰ উপায় চিন্তিবৰ হ’ল|
পাঠদান যি মাধ্যমতেই নহওঁক কিয়, আমাৰ ক’বলৈ একো নাই| কিন্তু সমান্তৰালভাৱে অসম আৰু অসমীয়াৰ জনজীৱন, জাতীয় জীৱন, কৃষ্টি-সংস্কৃতি, ভৌগলিক-ঐতিহাসিক, সমাজ বিষয়ক সকলো তথ্য আৰু জ্ঞানেৰে আমাৰ ছাত্ৰ-ছাত্ৰী সকলক চহকী কৰি তোলক| তেওঁলোকে দেশ বিদেশৰ খবৰ ৰাখক, কিন্তু নিজৰ ওপজা ঠাইখনৰ বিষয়ে জানিবলৈও আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু এই অধিকাৰৰ পৰা বিদ্যালয় সমূহে ছাত্ৰ-ছাত্ৰী সকলক বঞ্চিত কৰাটো অনুচিত| ইংৰাজী মাধ্যমত পঢ়িলেও আমাৰ ছাত্ৰ-ছাত্ৰী সকল যে “অসমীয়া” এইটো ভাৱ তেওঁলোকৰ মনত সুমোৱাই দিব পৰাটোহে আচল কথা| চৰকাৰ বা যিকোনো বেচৰকাৰী সংস্থা সমূহ আগবাঢ়ি আহক আৰু আমাৰ আপুৰুগীয়া অসমীয়া লেখা-মেলা সমূহ ইংৰাজীলৈ অনুবাদ/তৰ্জমা কৰক আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহত সেইবোৰৰ প্ৰচলন ঘটাওক| যদিহে তৃণমূল পৰ্য্যায়ৰ পৰা আমি পদক্ষেপ ল’ব নোৱাৰোঁ, তেনেহ’লে পিছত আক্ষেপ কৰি একো ফল নধৰিব|
ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহক প্ৰত্যক্ষভাবে জগৰীয়া কৰিম| এই ক্ষেত্ৰত বিদ্যালয় বুলি কওঁতে বিদ্যালয় এখনৰ লগত সংশ্লিষ্ট সকলো দিশকে সামৰি লোৱা হৈছে| ছাত্ৰ-ছাত্ৰী সকলে red riding hoodৰ কথা জানে, কিন্তু তেজীমলাৰ কথা নাজানে| আচলতে নজনা নহয়, জানিবলৈ দিয়া হোৱা নাই| বিদ্যালয়ৰ পাঠ্যপুথি সমূহ পঢ়ি চাব, তাত অসমৰ খবৰ নাথাকেই| পাঠ্যক্ৰম বহিৰ্ভূত শিক্ষাখিনিয়েও অসমক কেতিয়াও কোনোক্ষেত্ৰতে প্ৰতিনিধিত্ত্ব কৰিব পৰা নাই| কুমলীয়া বাঁহ, যেনেকৈ ভাঁজ দিব তেনেকৈয়ে ভাঁজ ল’ব| সৰুৰ পৰায়ে এইচাম ছাত্ৰ-ছাত্ৰীক এটা বেলেগ সাঁচত বেলেগ ধৰণে বেলেগ এখন পৃথিৱীৰ মুখামুখি হ’বলৈ তৈয়াৰ কৰা হৈছে; ফলত ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোকৰ হাড়ত ধনুষ্টংকাৰে বাহ লৈছে| যিহেতু নিজৰ সমাজত থাকি এইচাম ছাত্ৰ-ছাত্ৰী কেৱল বিদ্যালয়ৰ অনুগ্ৰহতেই চকুৰে নেদেখা সমাজ এখনৰ বাসিন্দা হ’বলৈ প্ৰস্তুত কৰা হৈছে, সেয়েহে পাশ্চাত্য সংস্কৃতিৰ সু প্ৰভাৱে এওঁলোকৰ অন্তৰ চুব নোৱাৰিলে| বিদেশী সভ্যতা আৰু সংস্কৃতি এওঁলোকে হৃদয়ংগম কৰিব নোৱাৰিলে| নিজৰ ঘৰত অভিভাৱকৰ পৃথিৱী আৰু ঘৰৰ বাহিৰত তেওঁলোকক সাঁচত গঢ় দিব খোজা পৃথিৱীৰ এক শীতল যুদ্ধৰ ফলশ্ৰুতিতেই আজিৰ যুৱচাম পথভ্ৰষ্ট হৈছে, নিজস্বত্ত্ব নোহোৱা হৈছে আৰু লগে লগে সমনীয়াৰ সৈতে এখন নতুন পৃথিৱীৰ সন্ধানত ব্ৰতী হৈছে, যি পৃথিৱীত উন্মত্ততা, সুৰা, অশ্লীলতা ইত্যাদি প্ৰধান উপাদান| বিদ্যালয়ক জগৰীয়া নুবুলি উপায় কি? ছাত্ৰ-ছাত্ৰী সকলক সম্পূৰ্ণৰূপে বিদেশী ৰূপ দিব‍ও নোৱাৰিলে আৰু তেওঁলোকে উপায়হীন হৈ বাপতিসাহোন ৰূপটিকো পৰিত্যাগ কৰিবলৈ বাধ্য হ’ল| তেওঁলোক যেন মাজপানীত ৰৈ যোৱা একো একোখন নাও..কোনফালে গতি কৰিব সি সন্ধানহীন.!! গতিকে তেওঁলোকৰ মুখত অসমীয়া ভাষাৰ পুতৌলগা উচ্চাৰণ নতুবা অসম সম্বন্ধে তেওঁলোক অজ্ঞ বুলি কোৱা কথাটো সমুলি যুক্তিকৰ..তেওঁলোকক সেই অমৃতৰ ভাগ দিবলৈ বিদ্যালয় কৰ্তৃপক্ষ আপাৰগ হৈ ৰ’ল| আমি আজিও নুবুজিলোঁ, এই বিদ্যালয় সমূহে প্ৰ্কৃততে কি বিচাৰে? ছাত্ৰ-ছাত্ৰী সকলক অসম্পূৰ্ণ কৰি কিয় ৰখা হ’ল.! অসমত থাকিও তেওঁলোক আধৰুৱা জীৱন এটা কিয় যাপন কৰিব লগীয়া হ’ল..!! ভুল মাথোঁ এইটোৱেই নেকি, যে অভিভাৱকে তেওঁলোকক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্ত্তি কৰাই দিলে? কিন্তু তেতিয়াতো তেওঁলোক অবোধ শিশু, তেওঁলোকে ভুল-ভাল একো নাজানে| মাক দেউতাকে যিখন বিদ্যালয়তেই নাম লগাই দিব, তেওঁলোকে তাতেই পঢ়িব আৰু বিদ্যালয়ত তেওঁলোকক যেনেকৈ গঢ় দিয়া হ’ব তেওঁলোকে তেনেকৈয়ে গঢ় ল’ব| এইক্ষেত্ৰত এইসকল ছাত্ৰ-ছাত্ৰীক অসমীয়া নাজানে বুলি সমালোচনা কৰাতকৈ এই সমস্যাৰ ঘাই শিপাডাল উঘালিবলৈ চেষ্টা কৰাটো ভাল| ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহৰ এই অদূৰদৰ্শীতাক আমি বাধা দি নতুন অসম প্ৰতিষ্ঠা কৰাত তেওঁলোকক শুদ্ধ পথ দেখুৱাব পাৰিমনে?
ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহক প্ৰত্যক্ষভাবে জগৰীয়া কৰিম| এই ক্ষেত্ৰত বিদ্যালয় বুলি কওঁতে বিদ্যালয় এখনৰ লগত সংশ্লিষ্ট সকলো দিশকে সামৰি লোৱা হৈছে| ছাত্ৰ-ছাত্ৰী সকলে red riding hoodৰ কথা জানে, কিন্তু তেজীমলাৰ কথা নাজানে| আচলতে নজনা নহয়, জানিবলৈ দিয়া হোৱা নাই| বিদ্যালয়ৰ পাঠ্যপুথি সমূহ পঢ়ি চাব, তাত অসমৰ খবৰ নাথাকেই| পাঠ্যক্ৰম বহিৰ্ভূত শিক্ষাখিনিয়েও অসমক কেতিয়াও কোনোক্ষেত্ৰতে প্ৰতিনিধিত্ত্ব কৰিব পৰা নাই| কুমলীয়া বাঁহ, যেনেকৈ ভাঁজ দিব তেনেকৈয়ে ভাঁজ ল’ব| সৰুৰ পৰায়ে এইচাম ছাত্ৰ-ছাত্ৰীক এটা বেলেগ সাঁচত বেলেগ ধৰণে বেলেগ এখন পৃথিৱীৰ মুখামুখি হ’বলৈ তৈয়াৰ কৰা হৈছে; ফলত ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোকৰ হাড়ত ধনুষ্টংকাৰে বাহ লৈছে| যিহেতু নিজৰ সমাজত থাকি এইচাম ছাত্ৰ-ছাত্ৰী কেৱল বিদ্যালয়ৰ অনুগ্ৰহতেই চকুৰে নেদেখা সমাজ এখনৰ বাসিন্দা হ’বলৈ প্ৰস্তুত কৰোৱা হৈছে, সেয়েহে পাশ্চাত্য সংস্কৃতিৰ সু প্ৰভাৱে এওঁলোকৰ অন্তৰ চুব নোৱাৰিলে| বিদেশী সভ্যতা আৰু সংস্কৃতি এওঁলোকে হৃদয়ংগম কৰিব নোৱাৰিলে| নিজৰ ঘৰত অভিভাৱকৰ পৃথিৱী আৰু ঘৰৰ বাহিৰত তেওঁলোকক সাঁচত গঢ় দিব খোজা পৃথিৱীৰ এক শীতল যুদ্ধৰ ফলশ্ৰুতিতেই আজিৰ যুৱচাম পথভ্ৰষ্ট হৈছে, নিজস্বত্ত্ব নোহোৱা হৈছে আৰু লগে লগে সমনীয়াৰ সৈতে এখন নতুন পৃথিৱীৰ সন্ধানত ব্ৰতী হৈছে, যি পৃথিৱীত উন্মত্ততা, সুৰা, অশ্লীলতা ইত্যাদি প্ৰধান উপাদান| বিদ্যালয়ক জগৰীয়া নুবুলি উপায় কি? ছাত্ৰ-ছাত্ৰী সকলক সম্পূৰ্ণৰূপে বিদেশী ৰূপ দিবও নোৱাৰিলে আৰু তেওঁলোকে উপায়হীন হৈ বাপতিসাহোন ৰূপটিকো পৰিত্যাগ কৰিবলৈ বাধ্য হ’ল| তেওঁলোক যেন মাজপানীত ৰৈ যোৱা একো একোখন নাও..কোনফালে গতি কৰিব সি সন্ধানহীন.!! গতিকে তেওঁলোকৰ মুখত অসমীয়া ভাষাৰ পুতৌলগা উচ্চাৰণ নতুবা অসম সম্বন্ধে তেওঁলোক অজ্ঞ বুলি কোৱা কথাটোত আচৰিত হ’ব লগীয়া একো নাই, ই সমুলি যুক্তিকৰ..তেওঁলোকক সেই অমৃতৰ ভাগ দিবলৈ বিদ্যালয় কৰ্তৃপক্ষ আপাৰগ হৈ ৰ’ল| আমি আজিও নুবুজিলোঁ, এই বিদ্যালয় সমূহে প্ৰ্কৃততে কি বিচাৰে? ছাত্ৰ-ছাত্ৰী সকলক অসম্পূৰ্ণ কৰি কিয় ৰখা হ’ল.! অসমত থাকিও তেওঁলোক আধৰুৱা জীৱন এটা কিয় যাপন কৰিব লগীয়া হ’ল..!! ভুল মাথোঁ এইটোৱেই নেকি, যে অভিভাৱকে তেওঁলোকক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্ত্তি কৰাই দিলে? কিন্তু তেতিয়াতো তেওঁলোক অবোধ শিশু, তেওঁলোকে ভুল-ভাল একো নাজানে| মাক দেউতাকে যিখন বিদ্যালয়তেই নাম লগাই দিব, তেওঁলোকে তাতেই পঢ়িব| বিদ্যালয়ত তেওঁলোকক যেনেকৈ গঢ় দিয়া হ’ব তেওঁলোকে তেনেকৈয়ে গঢ় ল’ব| এইক্ষেত্ৰত এইসকল ছাত্ৰ-ছাত্ৰীক অসমীয়া নাজানে বুলি সমালোচনা কৰাতকৈ এই সমস্যাৰ ঘাই শিপাডাল উঘালিবলৈ চেষ্টা কৰাটো ভাল| ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহৰ এই অদূৰদৰ্শীতাক আমি বাধা দি নতুন অসম প্ৰতিষ্ঠা কৰাত তেওঁলোকক শুদ্ধ পথ দেখুৱাব পাৰিমনে?
এতিয়া আন এটা দিশলৈ আঙুলিয়াবলৈ খুজিছোঁ| কথাবোৰ ইমানতে শেষ হোৱা নাই| আমি সদায় অসমীয়া-অনা অসমীয়া, অসমীয়া মাধ্যম-ইংৰাজী মাধ্যম ইত্যাদি কথাবোৰক লৈ তৰ্ক-বিতৰ্ক কৰি আহিছোঁ| আজি অভিভাৱকসকল কিছু দূৰদৰ্শী, ল’ৰা-ছোৱালীক অসমত ইংৰাজী মাধ্যমত পঢ়ায়, তাৰ যুক্তি নথকা নহয়, সকলোৱে বিচাৰে নিজৰ সন্তানে science পঢ়ক, পাছলৈ AIEEE, JET আদি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হওঁক আৰু দেশৰ যিকোনো এখন ভাল কলেজত পঢ়ি শুনি ভাল চাকৰি এটা লওঁক| সমাজত নিজৰ স্থিতি সবল কৰক, কাৰণ আজিৰ সমাজ ভোগসৰ্বস্ব..! যিটো মোৰ আই বোপাইয়ো বিচাৰিছিল, সকলোৱে বিচাৰে| এই বিচৰাখিনিত একো ভুল নাই| সন্তানৰ মংগল সকলো পিতৃ-মাতৃয়ে কামনা কৰে| কোনোৱে প্ৰশ্ন উত্থাপন কৰে, “আগৰ দিনত অসমীয়া মানুহে সৰ্বোচ্চ মাধ্যমত একো কাম কৰা নাছিল নেকি? অসমৰ প্ৰায়ভাগ মূধাফুটা ব্যক্তি অসমীয়া মাধ্যমত পঢ়িয়েই আজিৰ অৱস্থা পাইছে| যদি আগতে হ’ব পাৰিছিল, আজি কিয় নোৱাৰে?” উত্তৰ: তেহিনো দিৱসা গতাঃ| এইটোৱেই মূল সমস্যা, যাৰ কাৰণে ভাষাৰ আদৰ মষিমূৰ হ’বলৈ ধৰিছে| প্ৰশ্ন হ’ল আমি যদি সকলোৱে ভোগবাদীতাৰ পিনেই ধাৱমান হওঁ, ভাষাটোক কোনে জীয়াই ৰাখিব? মোৰ বোধেৰে “অনুগ্ৰহে”| আপোনাৰ অনুগ্ৰহ আছে, আপুনি কাম কৰি দেখুৱাওক| গুৱাহাটীৰ অধিকাংশ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ অসমীয়া ছাত্ৰই “অসমীয়া” বিষয়টোৰ সলনি “হিন্দী” নিৰ্বাচন কৰে; এটাই যুক্তি “অসমীয়াত কম নম্বৰ পায়”| মিছা নেকি? স্কুলীয়া ছাত্ৰক নম্বৰ আৰু percentageৰ কথা নকৈ ভাষা জীয়াই ৰখাৰ কথা ক’লে “গৰুৰ আগত টোকাৰী বায়..” হ’ব| কি কৰা উচিত? বৰ্ণালী বাইদেৱে ঘৰতে নিজৰ সন্তানক অসমীয়া ভাষাৰ শিক্ষা দিছে, শলাগিছোঁ; কিন্তু সকলো মানুহৰে মানসিকতা তেওঁৰ দৰে নহয়| মোৰ চিনাকী দুঘৰ মান গুৱাহাটীৰ বৰপেটীয়া মানুহে নিজৰ ল’ৰা ছোৱালীয়ে বৰপেটীয়া কথিত ভাষাত কথা ক’লে গালি পাৰে, কিন্তু বিদেশী গান গাই থাকিলে বৰ ভাল পায়, আনকি তেওঁলোকৰ কাৰোবাৰ বিয়াত নিজৰ ছোৱালীক প্ৰচলিত ধাৰা অনুসৰি বিদেশী গোৱাইছে; কিন্তু বৰগীত কি নাজানে..! হাস্যকৰ| এইবোৰ একো একোটা উদাহৰণ, এয়াই শেষ কথা নহয়| যদি অধিকাংশ অসমীয়া মানুহৰ এই অৱস্থা, তেনেহ’লে কোনে সমাজখন শুধৰাব? ভাষাৰ পিনে, সংস্কৃতিৰ পিনে কোনে চকু দিব? “কবিতা লিখি খাব পাৰিবি জানোঁ? ভালকৈ পঢ়, ডাক্টৰ হ’ব লাগিব”’ মিছা নেকি? ষোল্ল অনাই সত্য| তেনেহ’লে ইংৰাজী মাধ্যমৰ বিকল্প কি? বিকল্প আছে| মহাৰাষ্ট্ৰলৈ চাওক, কিছু কথা গম পাব| …”অসমত যদি শিক্ষাৰ মাধ্যম সম্পূৰ্ণ ৰূপে ইংৰজী কৰি দিয়া হয় আৰু MIL অসমীয়া বাধ্যতামূলক কৰি দিয়া হয়, তেনেহ’লে ল’ৰা-ছোৱালীয়ে অসমীয়া পঢ়িবলৈ বাধ্য হ’ব আৰু যিজনৰ উচ্চ কাৰিকৰী শিক্ষা লোৱাৰ ইচ্ছা, তেওঁৰো লাভ হ’ব|”
বেলেগ কোনো জাতীয়তাবাদী চিন্তা চৰ্চ্চা কৰাৰ এইক্ষেত্ৰত দৰকাৰ নাই| ভাষাটো গ’ল গ’ল বুলি আক্ষেপ কৰাৰো কোনো দৰকাৰ নাই| মোৰ বোধেৰে এইটোৱেই একমাত্ৰ সমাধান, যিটো মাহাৰাষ্ট্ৰত লাহে লাহে গঢ়ি উঠিছে…
আমাৰ জাতিটোৰ হকে, ভাষাটোৰ হকে নিজৰ সন্তানক উচিত শিক্ষা দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে মাধ্যম জগৰীয়া হ’ব নোৱাৰে| জগৰীয়া যদি হয় তেনেকুৱা মাধ্যম চলাই নিয়া বিদ্যালয় আৰু প্ৰশাসকসকল, যিসকলৰ প্ৰৰোচনাত আমাৰ ল’ৰা-চোৱালীহঁতৰ অন্তৰৰ পৰা ভাষাটোৰ আদৰ লাহে লাহে নিঃশেষ হ’বৰ উপক্ৰম হৈছে| অসমীয়া লিখিব আৰু পঢ়িব জনাৰ অৰ্থ এয়াই নহয় যে আপোনাৰ সন্তানে ৰঘুনাথ চৌধাৰীৰ লেখীয়াকৈ কবিতা ৰচনা কৰিব বা লক্ষ্মীনাথৰ নিচিনাকৈ সাধুকথা লিখিব লাগিব| শুদ্ধকৈ নিজৰ ভাষাটোক সন্তোষজনক দিশলৈ লিখিবলৈ আৰু ক’বলৈ পাৰিলেই যথেষ্ট| আমি আমাৰ ঘৰত নিজৰ সন্তানক এইকণ জ্ঞান দিব নোৱাৰিমনে?

এটা কথা স্পষ্ট ভাবে ক’ব পাৰোঁ যে সমাজখনৰ এতিয়া যি হাৰত পৰিৱৰ্তন হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আৱেগিক হৈ লিখা মেলা কৰি ফুৰিলে বিশেষ একো লাভ নহ’ব| বাস্তৱ ক্ষেত্ৰত আমি কাম হাতত ল’ব লাগিব| আমাৰ অসমীয়া ভাষাটোক বিশ্বমুখী কৰাটো প্ৰধান কাম| আমাৰ নিজৰ গুৰুত্বহীনতাৰ ফলতেই আজিলৈ লাচিত, বিষ্ণুৰাভা, শ্ৰীমন্ত শংকৰদেৱৰ নাম অসমৰ চাৰিসীমা পাৰ নহ’ল| আমাৰ অসমীয়া ভাষাৰ শিশু-সাহিত্য, লোক-সাহিত্য, নতুন-পুৰণি সকলো মূল্যবান লেখা মেলাকেই আমি অনুবাদ সাহিত্যৰ বিশাল জগতখনলৈ আগবঢ়াই লৈ যাব লাগিব| শিক্ষা বিভাগে এইবোৰৰ প্ৰচলন স্কুলীয়া পাঠ্যপুথিত কৰোৱাটো নিত্যান্তই প্ৰয়োজনীয়| মাধ্যম বিচাৰ নকৰিব, এখন অসমত একেই পাঠ্যক্ৰম হোৱাটো উচিত, কেৱল মাধ্যম সাপেক্ষে তাৰ তৰ্জমা হওঁক| শিক্ষা বিভাগে উচ্চ মহলত তাৰ সঠিক আলোচনা কৰি কেনেকৈ কাৰ্য্যকাৰী কৰিব পাৰে তাৰ উপায় চিন্তক| MIL অসমীয়া বিষয়ৰ বাহিৰে বাকী বিষয়সমূহৰ পাঠদান সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানতেই সম্পূৰ্ণৰূপে ইংৰাজীত হওঁক| MIL অসমীয়া বিষয়টো বিশেষকৈ অসমীয়া লোকৰ বাবে বাধ্যতামূলক হোৱাটো অতি প্ৰয়োজনীয়| তাৰ বাবে অভিভাৱকৰ সচেতনতা দৰকাৰ| নিজৰ সন্তানক MIL অসমীয়াহে পঢ়াওক, অৱশ্যে যেতিয়া ১০০ নম্বৰৰ MIL পঢ়িব লাগিব, তেতিয়া হিন্দী বিষয়টো নিৰ্বাচন কৰাৰ সলনি অসমীয়াকেই নিৰ্বাচন কৰিব; কিন্তু তথাপি অভিভাৱকে হাত টানি ধৰিলে ভাল| আৰু অসমীয়া মাধ্যম-ইংৰাজী মাধ্যম বুলি চলি অহা এই কাজিয়া খনৰ ওৰ পৰক, শিক্ষাৰ মাজত মাধ্যমৰ ব্যৱধান নোহোৱা হওঁক| এবাৰ সকলোৱে এডাল সৰলৰেখাত গতি কৰিবলৈ আৰম্ভ কৰিলে অসমৰ সামাজিক পৰিবেশ সলনি হ’ব আৰু এবাৰ সামাজিক পৰিবেশ সলনি হ’লে সমাজখন সন্তুলিত অৱস্থালৈ ঘূৰি আহিব| ফলত এখন সুস্থিৰ অসমীয়া সমাজ প্ৰতিষ্ঠা কৰাই ই সহায়ক হ’ব আৰু আগতে যিসকলে নিজকে ব্যতিক্ৰমী বৃটিছ চাহাব বুলি অভিহিত কৰি ৰং পাইছিল, তেওঁলোক পলমকৈ হ’লেও লজ্জিত হ’ব|  কিন্তু আচল কথাটো হ’ল, “ঘৰখনেই শিশুৰ আচল শিক্ষাৰ ঠাই আৰু মাতৃ হ’ল প্ৰকৃত শিক্ষক”..আপোনাৰ নিজৰ ঘৰত আপুনি আপোনাৰ সন্তানক এই দূৰ্দশাৰ অমানিশাৰ পৰা কেনেদৰে আঁতৰত ৰাখিবলৈ কি পদক্ষেপ হাতত ল’ব সেইটো আপোনাৰ একান্ত ব্যক্তিগত কথা; কিন্তু আপোনাৰ পদক্ষেপৰ পৰা যদি সমাজৰ আন কাৰোবাৰ কিবা উপকাৰ হোৱাৰ সম্ভাৱনা থাকে তেনেহ’লে আপুনি আপোনাৰ পদক্ষেপক ৰাজহুৱা কৰা উচিত, অন্ততঃ নিজৰ ভাষাটোৰ হকে| চিন্তা কৰক, যিকোনো সহায়ৰ বাবে আমাৰ দৰে বহুতো মানুহ সকলো সময়তে হাতত পাব| কিন্তু নিজৰ ঘৰৰ পৰা এই অভিযান আৰম্ভ কৰোৱাটো ইমান সহজ নহয় যিমান আমি মুখৰ কথাত ভাবি আছোঁ| অমাৰ আচল প্ৰমান কৰ্ম-ক্ষেত্ৰতহে পোৱা যাব| আমাৰ এই আলোচনাটিৰ উদ্দেশ্য জনমত গঠন আৰু ক্ৰমবিশৃংখল অসমীয়া সমাজত অসমীয়া মানুহৰ দ্বাৰাই ঘটি অহা ভাষা আৰু সংস্কৃতিৰ অনাদৰৰ বিৰুদ্ধে জন সজাগতা সৃষ্টি কৰা|
অংগীকাৰবদ্ধ হওঁ আহক, অগত প্ৰজন্মৰ ৰন্ধ্ৰে ৰন্ধ্ৰে এইটো কথা সুমোৱাই দিওঁ যে “আমি জন্মৰে ভাৰতীয়, হৃদয়ৰে অসমীয়া”….

মন্তব্য-

Debabrot Gogoi যোৱা কেইদিনমান গুৱাহাটী , যোৰহাট , শিৱসাগৰ , ডিগবৈ কৰি ঘুৰি ফুৰিছো । কিছুমান নতুন অভিজ্ঞতা হৈছে । ঠিক অভিজ্ঞতা নহয় কাণ্ডবোৰ নতুনকৈ চাবলৈ লোৱাৰ বাবে এনে হৈছে । মই ইতিমধ্যে এই গোটতে শিৱসাগৰত অৱস্থিত এটি নামঘৰত অনুষ্ঠিত শংকৰজন্মোতসৱৰ আলোকচিত্ৰ প্ৰকাশ কৰিছো আৰু দেখুৱাইছো কেনেকৈ কণমাণিহঁতে ৰাতি এপৰলৈকে ভাওনা উপভোগ কৰিছে । কালি ডিগবৈতও একেই দৃশ্য । সত্ৰীয়া সংস্কৃতিৰ নানান উপাদানেৰে সমৃদ্ধ এখনি সাংস্কৃতিক সন্ধিয়াত মানুহৰ বিৰ দি বাট পাবলৈ নাই । বৰগীত , টোকাৰিগীত , দিহানাম , সত্ৰীয়া নৃত্য , ওজাপালি শেষত ভাওনা । জুবিনহঁতৰ নাম গোন্ধই নাই । অতিকৈ ভাল লাগিল , যেতিয়া দৰ্শকৰ শাৰীত থকা কেইজনীমান কণমানিয়ে মঞ্চত কৰি থকা সত্ৰীয়ানৃত্যৰ তালে তালে নৃত্য কৰিছিল ।

ঘটনাবোৰ চাই ভাবিলো , আমাৰতো সকলো ঠিকেই আছে দেখোন । সম্পদ , হেপাহ সকলোবোৰ । তেন্তে অভাৱতো কত হৈ আছে আমাৰ ? নে আমাৰ চিন্তাবোৰ কেৱল সমাজহীন গুৱাহাটী কেন্দ্ৰিক হৈ থকাৰ বাবে এনে আশংকাবোৰ হৈ আছে ?

Uddip Talukdar অতি সুন্দৰ লেখা। কেৱল অসমীয়াৰ বাহিৰে সকলো বিষয়ৰ শিক্ষা ইংৰাজীত হওঁক, সেইটো মই সঠিক বুলি নাভাবো। সেইটো হলে ইংৰাজী শব্দৰ অসমীয়া পৰিভাষাৰ প্ৰচলন প্ৰায় বন্ধ হৈ যাব, আৰু তাৰ ফলত অসমীয়া ভাষাটোৰ অপকাৰ হ’ব, কাৰণ কিছুবছৰ পাছতেই অসমীয়া ভাষাটো যুগোপযোগী নহয় বুলি অভিযোগ উঠিব। আৰু সেইটো শুভ ফল নহ’ব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!