মাত্ৰ এক হেজাৰ টকাত সম্পূৰ্ণ শৰীৰ পৰীক্ষা!

লেখক- দেৱজিত শৰ্মা

মাত্ৰ এক হেজাৰ টকাত সম্পূৰ্ণ শৰীৰ পৰীক্ষা! 

আমি কাৰ চিকিৎসা কৰিম? ৰোগীৰ শৰীৰৰ নে পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ? 

সিদিনা এজন শিশুৰ মাতৃৰ ফোন আহিল “চাৰ মোৰ ছোৱালীজনীৰ বহুত দিন অসুখ, এগৰাকী উৎকণ্ঠিত মাতৃ হিচাপে, মই অলপ তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰিলোঁ, আপোনাৰ ৱাটছএপত পঠাই দিছোঁ—”চাই দিয়ক চোন।” মই ক’লোঁ আমি ৰোগীকহে চিকিৎসা কৰোঁ, পৰীক্ষাগাৰৰ প্ৰতিবেদনক নহয়। বেয়া পালে। 

তাৰ দুদিন পিছত আৰু এজন পিতৃৰ ফোন আহিল “চাৰ, মোৰ ছোৱালীজনীৰ ভোক নেলাগে, মই লিভাৰৰ টেষ্ট কৰালোঁ, চাই দিয়কচোন।” মই সুধিলোঁ—”কিয় লিভাৰৰ টেষ্ট কৰালা, জণ্ডিছ আছে নেকি, প্ৰস্ৰাৱ হালধীয়া হৈছে নেকি?” 

—”নাই একো নাই, কিছু দিনৰ পৰা কম খাই আছে।” মই ক’লোঁ মই যদি তোমাৰ ছোৱালীজনীক নোচোৱাকৈ কেৱল পৰীক্ষাগাৰৰ ৰিপোৰ্ট চাওঁ, তোমাৰ লগতে ময়ো বিভ্ৰান্ত হৈ যাম। মই সেই ৰিপোৰ্ট নেচাও। 

সেইবোৰ কিছুদিনৰ আগৰ কথা। কালি আৰু এজন দেউতাকৰ ফোন আহিল। “ছাৰ, মোৰ ছোৱালীজনীৰ জ্বৰ হৈছিল। অলপ টেষ্ট কৰালোঁ, আপোনালৈ পঠাইছোঁ। চাই দিয়কচোন।” 

মই ৰিপোৰ্টবোৰ হোৱাটছ এপত ৰাতিপুৱাই দেখিলোঁ। এখন কিতাপৰ সমান, দহ-বাৰ পৃষ্টামানৰ এসোপা ৰিপোৰ্ট। ওপৰে ওপৰে চাইছিলোঁ, বিশেষ একো নাছিল। 

মই ক’লো “তুমি কৈছা, জ্বৰ আছিল, মানে এতিয়া জ্বৰ নাই?”

“হয়, যোৱা দুদিনৰ পৰা জ্বৰ নাই, কিন্তু ৰিপোৰ্টত কিবা ইনফেকচন ওলাইছে। কিবা এটা এণ্টিবায়টিক দিয়ক।” 

মই ক’লোঁ “ছোৱালীজনীৰ যদি জ্বৰ ভাল হ’লেই, ৰিপোৰ্টটো কিয় চিকিৎসা কৰিব লাগে?”

আজিকালি সকলোৰে ওলোটা চিন্তা। অভিভাৱকসকলে নেভাবিব মই তেওঁলোকৰ লৰা- ছোৱালীৰ ভালৰ কাৰণে কৈছোঁ, ভাবিব মই মোৰ ফিজ নোপোৱা কাৰণে, ফ্ৰীতে ঔষধ দিব খোজা নাই। সেয়ে এনেই চাই তেওঁক ৱাটছএপতে উত্তৰ দিলোঁ। আশা কৰাৰ দৰে ছোৱালীৰ ৰিপোৰ্ট নৰ্মেল। বিনা কাৰণত পইছা খৰচ কৰি, ছোৱালীক বেজীৰে হানিলে, সেই পইছাখিনি এজন দুখীয়া লোকক দান কৰিব পাৰিলে হয়।

আজিকালিৰ যান্ত্ৰিক যুগত চিকিৎসকসকলে এনেও তেওঁলোকৰ নৈদানিক (ক্লিনিকেল) সক্ষমতাতকে পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰা হৈছে। তাৰ কাৰণ বহু, ৰোগীৰ চিকিৎসকৰ ওপৰত অবিশ্বাস আৰু আইনী মেৰ পাকৰ পৰা বাচিবলৈ এনে কৰিবলৈ বাধ্য হয়। কিন্তু আজিকালিৰ ৰোগী আৰু ওপৰত, নিজৰ শৰীৰটো চিকিৎসকৰ ওচৰত পৰীক্ষা নকৰোৱাকৈ নিজেই আন কোনোবাই কৰোৱা দেখি প্ৰথমে পৰীক্ষাগাৰত বহু পৰীক্ষা কৰাই লয়। এতিয়া কথা হ’ল, আমি কাৰ চিকিৎসা কৰিম, ৰোগীৰ নে পৰীক্ষাগাৰৰ ৰিপোৰ্টৰ? আমি ৰোগীৰ শৰীৰৰ পৰীক্ষা কৰি, সেইমতে কিছু সম্ভাৱ্য অসুখৰ কথা মনত ৰাখি, সেই অসুখবোৰ এটা এটাকৈ হয় বা নহয় প্ৰমাণিত কৰিবলৈ পৰীক্ষাগাৰৰ সহায় লওঁ। কিন্তু কেতিয়াবা যদি আমাৰ ৰোগীৰ শৰীৰ পৰীক্ষা বা পৰীক্ষাগাৰৰ পৰীক্ষাৰ ৰিপোৰ্ট সমাৰ্থক নহয়, আমি শৰীৰ পুনৰ পৰীক্ষা কৰিম, বা পৰীক্ষাগাৰত দুবাৰ পৰীক্ষা কৰিম। দুয়োটাৰ সামঞ্জস্য হ’লেহে ৰোগ প্ৰমাণিত হ’ব আৰু সেইমতে চিকিৎসা কৰিম।

উদাহৰণস্বৰূপে প্ৰথম গৰাকী মাতৃৰ তিনি বছৰীয়া শিশুটিৰ সমস্যা আছিল, দীঘলীয়া কাঁহ, আৰু মাজে মাজে অলপ অলপ জ্বৰ। তাত প্ৰস্ৰাৱৰ সংক্ৰমণ ৰোগৰ কোনো লক্ষণ নাছিল। কিন্তু তেওঁলোকে নিজেই কৰা পৰীক্ষাৰ ৰিপোৰ্টমতে শিশুটিৰ প্ৰস্ৰাৱৰ সংক্ৰমণ ৰোগ হৈছিল। যিহেতু শিশুটিৰ সেই ৰোগৰ কোনো লক্ষণ নাই, মই সেই ৰিপোৰ্ট অৱজ্ঞা কৰিলোঁ। শিশুটিক অৱশেষত মই “Below 5 wheezers” বুলি চিনাক্ত কৰি, চিকিৎসা কৰিলোঁ আৰু ভাল পালে। সেই ৰোগ চিনাক্ত কৰিবৰ বাবে কোনো তেজ বা প্ৰস্ৰাৱ পৰীক্ষাৰ প্ৰয়োজন নহয়। এতিয়া কথা হল, প্ৰতিটো তেজ বা প্ৰস্ৰাৱ পৰীক্ষা আদিৰ নিয়ম আছে। আমি এই সকলোবোৰ বিশ্লেষণ কৰিহে চিকিৎসা কৰোঁ। প্ৰস্ৰাৱত স্বাভাবিকতে কিছু বীজানু থাকেই। সেয়েহে যদি প্ৰতি কিউবিক মিলি মিটাৰত বীজাণুৰ সংখ্যা ১ লাখৰ বেছি হয়, তেতিয়াহে আমি প্ৰস্ৰাৱ সংক্ৰমণ ৰোগ বুলি কওঁ। কিন্তু যদি প্ৰস্ৰাৱ সংগ্ৰহৰ পাছত প্ৰস্ৰাৱখিনি সাধাৰণভাৱে ৰখা হয়, তেন্তে প্ৰস্ৰাৱত স্বাভাৱিকতে থকা অলপ বীজাণু বাঢ়িগৈ ১ লাখতকে বেছি হ’ব আৰু আমি ভুলতে প্ৰস্ৰাৱৰ সংক্ৰমণ ৰোগ বুলি ভাবিম। প্ৰস্ৰাৱ সংগ্ৰহৰ আধা ঘণ্টাৰ ভিতৰত পৰীক্ষাগাৰত প্ৰস্ৰাৱ পৰীক্ষা হ’ব লাগে। নহলে সেই প্ৰস্ৰাৱৰ নমুনা ফ্ৰীজত থব লাগে। তাৰ মানে আমি নিজেও প্ৰস্ৰাৱ সংগ্ৰহ কৰি তৎক্ষণাৎ পৰীক্ষাগাৰত দিব লাগিব আৰু তেওঁলোকেও তৎক্ষণাৎ পৰীক্ষা কৰিব লাগিব। নহলে ভুল ৰিপোৰ্ট ওলাব। প্ৰস্ৰাৱ কেনেকৈ সংগ্ৰহ কৰা হয়, তাৰ ওপৰতো ৰিপোৰ্ট নিৰ্ভৰ কৰে।

উক্ত শিশুটিক যদি মই কেৱল ৰিপোৰ্ট চাই, চিকিৎসা কৰিলোঁ হয়, তেওঁৰ আচল ৰোগ কেতিয়াও ঠিক নহ’ল হয় (ক্ষণিকভাৱে নিজে নিজেই ঠিক হৈ গ’লেও, আকৌ হ’ল হয়) আৰু প্ৰস্ৰাৱৰ সংক্ৰমণ ৰোগ কিয় হ’ল, তাক নিৰ্ণয় কৰা বাবে উল্ট্ৰাছাউণ্ড আদি বহু অনান্য পৰীক্ষা অনাহকত কৰিব লগা হ’ল হয়। 

শেষত ছোৱালীজনীৰ দেউতাকে কৈছে ৰিপোৰ্টত ইনফেকচন আছে। কিহৰ ভিত্তিত ক’লে বুজি নেপালোঁ। ইনফেকচন আছে নাই কেৱল ব্লাড কালচাৰ বা শৰীৰৰ অনান্য দ্ৰৱ্যৰ কালচাৰ কৰিহে নিশ্চিতভাৱে ক’ব পাৰি। ৰিপোৰ্টবোৰ পুনৰ চালোঁ। CRP বুলি এটা পৰীক্ষাৰ ৰিপোৰ্ট অলপ বাঢ়িছে। তাতে আকৌ আজিকালি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত লেৱৰেটৰীবোৰে লেৱৰেটৰীৰ স্বভাৱিক সীমাৰ বাহিৰত হ’লে তাকে উজ্জ্বল কৰি কিবা কিবি লিখি দিয়ে। CRP ৰ উচ্চ সীমা ৬ বুলি লিখা থাকে। কিন্ত ই বহুত কাৰণত বাঢ়িব পাৰে বাবে আমি ৭০-৮০ নোহোৱালৈকে সাধাৰণতে চিন্তা নকৰো। কেতিয়াবা অৱশ্যে ৰোগীলৈ ১৫-২০ মানতে চিন্তা কৰিব লগা হয়। গতিকে এটা ৰিপোৰ্টত একো ক’ব নোৱাৰি। ওপৰত উল্লেখ কৰা ছোৱালীজনীৰ যেতিয়া জ্বৰটো ভাল হ’লেই, সেই ৰিপোৰ্টটোৰ ভিত্তিত চিকিৎসা কৰা অৰ্থ নাই। 

কিছু দিনৰ আগতে আৰু এটি শিশু চাইছিলোঁ। শিশুটিৰ হাপানি ৰোগ আছিল। মোক দেখুওৱাৰ আগতে মাতৃয়ে কাৰোবাৰ উপদেশত প্ৰায় বিচ হেজাৰ মান টকাৰ তেজৰ পৰীক্ষা কৰাই আনিছিল। মই শিশুটিক পৰীক্ষা কৰি ৰোগ চিনাক্ত কৰি মাতৃক ক’লোঁ “এই ৰিপোৰ্টৰ এতিয়া কোনো প্ৰয়োজন নাই, যদি শিশুটি ভাল নহয় মই চাম। পাঁচ দিনৰ পিছত তেওঁলোক আহোঁতে শিশুটি ভাল হ’ল। মোৰ সেই ৰিপোৰ্টবোৰ আৰু চোৱা নহ’ল। 

সেইদৰে দ্বিতীয় শিশুৰ জণ্ডিছ বা আন যকৃতৰ ৰোগৰ লক্ষণ বা মেদবহুলতা নথকাকে যদি পৰীক্ষাগাৰৰ ৰিপোৰ্টত জণ্ডিছ দেখুৱালে হয়, মই কি কৰিলোঁ হয়? 

শৰীৰত জণ্ডিছ আদি নেদেখুৱালে, শিশুৰ ভোক ক’ম লগাৰ কাৰণ যকৃতৰ ৰোগ হ’ব নোৱাৰে। যকৃৎ ভাল কৰিবৰ বাবে কোনো টনিক নেথাকে আৰু বগা জণ্ডিছ নামৰ কোনো বেমাৰ থাকিব নোৱাৰে। 

আজিকালি লেৱৰেটৰীবোৰে নিয়মিত স্বাস্থ্য পৰীক্ষা বুলি একেলগে বহু পৰীক্ষা বহুত কম মুল্যত কৰি বিজ্ঞাপন দিয়ে। মানুহবোৰ স্বাভাৱিকতে আকৰ্ষিত হয়। এনে পৰীক্ষাবোৰে কিছুমান মনে মনে হৈ থকা ৰোগ যেনে— ডায়েবেটিচ, শৰীৰত অধিক লিপিডৰ পৰিমাণ, ইউৰিক এচিড আদি ধৰাত সহায় কৰে যদিও বহু ক্ষেত্ৰত অনৰ্থক। এনেকেুৱা ক্ষন্তেকীয়া জ্বৰ আদিত এনে পৰীক্ষাই অনাহক বিভ্ৰান্তি সৃষ্টিহে কৰে। 

শৰীৰৰ পৰীক্ষা আৰু লেৱৰেটৰী পৰীক্ষা দুয়োৰে মাজত আনুষংগিক মিল থাকিলিহে তাৰ অৰ্থ থাকে। 

আমি ৰোগীক চিকিৎসা কৰোঁ, পৰীক্ষাগাৰৰ ৰিপোৰ্টক নহয়। 

Displaying স্বাস্থ্য.

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments