মাত্ৰ ১৪ ছেকেণ্ডৰ এই মানৱ ইতিহাস –প্ৰাঞ্জল তালুকদাৰ

২০১৪ চনত National Geographic Channel আৰু Fox Broadcasting Company ত সম্প্ৰচাৰিত হৈছিল বহুলভাৱে সমাদৃত ডকুমেণ্টৰী চিৰিজ “Cosmos: A Spacetime Odyssey।” এইখন উপস্থাপন কৰিছিল পদাৰ্থবিজ্ঞানী Neil deGrasse Tyson-এ। বিষয়বস্তুৰ ফালৰ পৰা চাবলৈ গ’লে এইখন আছিল ১৯৮০ চনত পদাৰ্থবিজ্ঞানী Carl Sagan-এ উপস্থাপন কৰা ডকুমেণ্টৰী “Cosmos: A Personal Voyage”ৰ উত্তৰসূৰী আৰু ২০২০ চনত সম্প্ৰচাৰিত হোৱা ডকুমেণ্টৰী “Cosmos: Possible Worlds”ৰ পূৰ্বসূৰী। Cosmos: A Spacetime Odyssey ত Neil deGrasse Tyson-এ এই বিশাল সৃষ্টিত আমাৰ স্থান আৰু কালৰ বুকুত আমি অতিবাহিত কৰা অন্তৰালৰ বিষয়ে আলোচনা কৰিবলৈ গৈ প্ৰথমতে কৈছে যে আমি মানুহবিলাক, যিয়ে কাচিৎহে এশ বছৰ জীয়াই থাকোঁ, আমাৰ এই ১৩.৮ বিলিয়ন বছৰ পুৰণি ব্ৰহ্মাণ্ডৰ ইতিহাসৰ সৈতে সংযুক্ত হৈ থকা সময়ক কেনেকৈনো বুজিব পাৰোঁ! অৱশ্যে ইয়াৰ এটা উপায় হ’ল এই ১৩.৮ বিলিয়ন বছৰৰ সময়ছোৱাক এখন কেলেণ্ডাৰৰ সময়লৈ অৰ্থাৎ এক বছৰৰ সময়লৈ ৰূপান্তৰ কৰাটো। এই Cosmic calendar খন ১ জানুৱাৰীত ব্ৰহ্মাণ্ডৰ জন্মৰ সৈতে আৰম্ভ হয় আৰু এই কেলেণ্ডাৰখনত তেতিয়াৰ পৰা এতিয়ালৈ, অৰ্থাৎ ৩১ ডিচেম্বৰৰ মাজৰাতিলৈ ঘটা সকলোবোৰ ঘটনা আছে। Cosmic calendar ৰ সময়ৰ এই স্কেলত প্ৰতিটো মাহ ১ বিলিয়ন বছৰৰ সমান আৰু প্ৰতিটো দিন প্ৰায় ৪ কোটি বছৰৰ সমান।

মানৱলব্ধ জ্ঞানৰ সহায়ত ব্ৰহ্মাণ্ডৰ ইতিহাসত ঘূৰি চাব পৰা আটাইতকৈ প্ৰাচীন মুহূৰ্তটো, Big Bang য়েই হ’ল এইখন কেলেণ্ডাৰৰো আদিবিন্দু। এই গোটেই ব্ৰহ্মাণ্ডখন সৃষ্টি হৈছিল পৰমাণু এটাতকৈও ক্ষুদ্ৰ এটা কণিকাৰ পৰা। সেই সময়ত মহাশূন্যত নিজে নিজেই বিস্ফোৰণ হৈছিল আৰু অগ্নিপিণ্ডবোৰ ক্ৰমাৎ বিয়পি পৰিছিল। আৰু তাৰ ফলস্বৰূপেই সকলোবোৰ পদাৰ্থ(matter) আৰু শক্তি(energy)ৰ সৃষ্টি হ’ল, যিবিলাক আজি আমাৰ চাৰিওফালে আছে। যদিও শুনিবলৈ আচহুৱা, তথাপিও এই big bang তত্ত্বক সত্য বুলি প্ৰমাণ কৰিবলৈ বহু শক্তিশালী তথ্য বা পৰিঘটনা আমাৰ সমুখত আছে। উদাহৰণস্বৰূপে, ব্ৰহ্মাণ্ডত অত্যধিক মাত্ৰাত হিলিয়ামৰ উপস্থিতি আৰু বিস্ফোৰণৰ পাছত ওলোৱা ৰেডিঅ’ তৰংগবিলাকৰ চমকনি। কালক্ৰমত পিণ্ডবোৰ বিয়পি পৰিল আৰু ব্ৰহ্মাণ্ডৰ উষ্ণতা কমি গৈ থাকিল। পৰৱৰ্তী প্ৰায় ২০ কোটি বছৰ ব্ৰহ্মাণ্ড অন্ধকাৰময় হৈ থাকিল। মহাকৰ্ষণৰ কাৰণে গেছৰ মেঘবোৰ লগ হৈ গৰম হ’বলৈ ধৰিলে আৰু তেতিয়া নক্ষত্ৰ(তৰা)বোৰৰ জন্ম হ’ল। Cosmic calendar ত নক্ষত্ৰবোৰৰ জন্ম তাৰিখটো হ’ল ১০ জানুৱাৰী। ১৩ জানুৱাৰীত এই নক্ষত্ৰবিলাকে লগ হৈ প্ৰথম পৰ্যায়ৰ সৰু তাৰকাৰাজ্য গঠন কৰিলে। এই তাৰকাৰাজ্যবিলাক নিজৰ মাজতে সংযুক্ত হোৱাৰ ফলত ডাঙৰ তাৰকাৰাজ্যবোৰৰ উৎপত্তি হ’ল। এই তাৰকাৰাজ্যবোৰৰ মাজত আমাৰ বাসস্থান হাতীপটি তাৰকাৰাজ্যও আছে, যি প্ৰায় ১১ বিলিয়ন বছৰৰ আগতে, অৰ্থাৎ cosmic calendar ৰ মতে ১৫ মাৰ্চত গঠিত হৈছিল। হাতীপটি তাৰকাৰাজ্যত শ শ বিলিয়ন সূৰ্যৰ দৰে নক্ষত্ৰ আছে। বহু পলমকৈ আমাৰ সূৰ্যৰ জন্ম হয় আন আন মৃত নক্ষত্ৰৰ অৱশেষ আৰু ছাইৰ পৰা। অৱশ্যে ইয়াৰ মাজতে আছে বৃহৎ নক্ষত্ৰৰ মৃত্যু অৱস্থাৰ শেষ চিকমিকনি supernova ৰ কথা আৰু stellar nursery কথা, য’ত নক্ষত্ৰবোৰৰ জন্ম আৰু মৃত্যু হয়। ধূলিকণা আৰু গেছৰ মেঘৰ পৰা যেনেকৈ পানীৰ সৃষ্টি হয়, তেনেকৈয়ে এই নক্ষত্ৰবোৰৰ সৃষ্টি হৈছিল। পৰ্যায়ক্ৰমে নক্ষত্ৰবোৰ ইমানেই উষ্ণ হ’ল যে ইয়াৰ অভ্যন্তৰৰ পৰমাণুৰ নিউক্লিয়াছ পৰ্যন্ত নিজৰ মাজতে মিলি গ’ল আৰু যাৰ পৰা আমি পালোঁ উশাহত লোৱা অক্সিজেন, মাংসপেশীত থকা কাৰ্বন, হাড়ত থকা কেলচিয়াম আৰু তেজত থকা আইৰণ। এই সকলো পদাৰ্থৰ গঠন হৈছিল বহু আগতেই মৃত্যু হোৱা নক্ষত্ৰবোৰৰ আগ্নেয় বুকুত। আপোনাৰ, মোৰ, আমাৰ সকলোৰে দেহ সৃষ্টি হৈছে নক্ষত্ৰজাত পদাৰ্থৰ পৰা। নক্ষত্ৰবোৰৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই নক্ষত্ৰজাত পদাৰ্থসমূহৰ recycling আৰু enrichment ঘটি থাকে আৰু চলি থাকে নক্ষত্ৰৰ জন্ম আৰু মৃত্যুৰ নিৰন্তৰ প্ৰক্ৰিয়া।

Cosmic calendar ত আমাৰ সূৰ্যৰ জন্মদিন ৩১ আগষ্ট। প্ৰায় ৪.৫ বিলিয়ন বছৰ আগতে আমাৰ সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰেই পৃথিৱীও নতুনকৈ জন্ম হোৱা সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা গেছ আৰু ধূলিৰ মেঘৰ পৰা সৃষ্টি হৈছিল। পৃথিৱী জন্ম হোৱাৰ প্ৰায় ১ বিলিয়ন বছৰৰ ভিতৰত চাৰিওফালে ঘূৰি থকা পিণ্ডসমূহৰ সংঘৰ্ষ আৰু মিলনৰ ফলত চন্দ্ৰৰ জন্ম হ’ল। সেই সময়ৰ পৃথিৱীপৃষ্ঠৰ পৰা চালে চন্দ্ৰটো এতিয়া দেখাতকৈ ১০০ গুণ উজ্জ্বল দেখিলোঁহেঁতেন। তেতিয়া শক্তিশালী মাধ্যাকৰ্ষণৰ কাৰণে চন্দ্ৰটো এতিয়াতকৈ ১০ গুণ কাষত আছিল। পৃথিৱীৰ উষ্ণতা কমি অহাৰ লগে লগে সমুদ্ৰৰ সৃষ্টিপৰ্ব আৰম্ভ হ’ল। সেই সময়ৰ সমুদ্ৰৰ ঢৌ আজিতকৈ ১০০০ গুণ বিশাল আৰু ওখ আছিল। বিস্তৃত সময় ধৰি অব্যাহত থকা পৃথিৱীত সমুদ্ৰৰ ঢৌসমূহৰ সংঘৰ্ষই চন্দ্ৰক লাহে লাহে দূৰলৈ ঠেলি নিলে।

সম্ভৱতঃ পৃথিৱীত জীৱনৰ আৰম্ভ হৈছিল জলপৃষ্ঠত, ২১ ছেপ্টেম্বৰত, অৰ্থাৎ প্ৰায় ৩.৫ বিলিয়ন বছৰৰ আগতে। পৃথিৱীত জীৱনৰ আৰম্ভণি কেনেকৈ হ’ল সেয়া আজিকোপতি সমাধান নোহোৱা ৰহস্য এটা। তথাপিও ধাৰণা কৰিব পাৰি যে হাতীপটিৰ অন্য কোনো অংশৰ পৰাই হয়তো পোনপ্ৰথমে পৃথিৱীলৈ জীৱনৰ আগমন ঘটিছিল। জৈৱ ৰসায়ন(bio chemicals)সমূহৰ ভিন ভিন সংযুতিৰ মিশ্ৰণৰ ফলত নানান প্ৰকাৰৰ জীৱনৰ উদ্ভৱ হ’ল। ৯ নৱেম্বৰলৈ জীৱনে শ্বাস প্ৰশ্বাস, চলন ফুৰণ, খাদ্য গ্ৰহণ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰি আৰু নিজকে খাপ খুৱাই লোৱা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ১৭ ডিচেম্বৰৰ দিনটোলৈ সমুদ্ৰত জীৱনৰ বিস্তাৰ খৰতকীয়া হ’ল। ডাঙৰ সামুদ্ৰিক উদ্ভিদ আৰু প্ৰাণীৰ বৈচিত্ৰ্য আৰু সংখ্যা প্ৰচুৰ হৈ পৰিল। অৰণ্য, ডাইন’ছৰ, চৰাই, কীট পতংগ এই সকলোবোৰৰ সৃষ্টি হ’ল ডিচেম্বৰৰ শেষ সপ্তাহত। পৃথিৱীৰ প্ৰথমটো ফুল ফুলিল ২৮ ডিচেম্বৰৰ দিনা। প্ৰাচীন কালৰ সেই অৰণ্যানি ক্ৰমাৎ বাঢ়ি আহিল আৰু কালক্ৰমত শেষ হৈ মাটিৰ তলত পোত গ’ল। তাৰ পৰা আমি পালোঁ খনিজ সম্পদ।

সৌৰজগত গঠনৰ সময়ত মহাকৰ্ষণৰ কাৰণে আমাৰ একেবাৰে কাষেৰে, বাওঁফালেৰে পাৰ হৈ যোৱা গ্ৰহাণু(asteroid) এটাই পুনৰ আহি পৃথিৱীক খুন্দিয়ায়, cosmic calendarৰ ৩০ ডিচেম্বৰৰ পুৱা ৬ বাজি ২৪ মিনিটত। তাৰে আগলৈকে প্ৰায় ১০ কোটি বছৰতকৈও বেছি সময় ধৰি ডাইন’ছৰবিলাকে এই পৃথিৱীত ৰাজত্ব কৰিছিল, আৰু আমাৰ পূৰ্বজ ক্ষুদ্ৰ স্তন্যপায়ী (mammal)প্ৰাণীবিলাকৰ তেতিয়া কোনো গুৰুত্বই নাছিল। কিন্তু সেই গ্ৰহাণুটোৱে সকলো সলনি কৰি পেলালে। যদি সেই গ্ৰহাণুটোৱে সৌৰজগত সৃষ্টিৰ সময়ত যদি আমাৰ কাষেৰে নগ’লহেঁতেন আৰু পুনৰ আহি পৃথিৱীক নুখুন্দিয়ালেহেঁতেন, তেতিয়া হয়তো ডাইন’ছৰৰ ৰাজত্ব এতিয়াও অক্ষুণ্ণ থাকিলহেঁতেন আৰু হয়তো আমাৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন! সৃষ্টিৰ আৰম্ভণিৰ পৰা প্ৰায় ১৩.৫ বিলিয়ন বছৰলৈ আমাৰ মনুষ্যকুলৰ কোনো খা খবৰ নাছিল। সময়ৰ বিশাল সমুদ্ৰক প্ৰতিনিধিত্ব কৰা এই cosmic calendar ৰ বছৰৰ শেষৰ দিনৰ শেষৰটো ঘণ্টাতহে আবিৰ্ভাৱ ঘটিছে আমাৰ। জীৱশ্ৰেষ্ঠ মানুহৰ আগমন ৩১ ডিচেম্বৰৰ ৰাতি ১১ বাজি ৫৯ মিনিট ৪৬ ছেকেণ্ডত। মানৱ সভ্যতাৰ যিমান ইতিহাস আমি জানো সেয়া মাথোঁ এই ১৪ ছেকেণ্ডৰ। সকলো বিখ্যাত আৰু কুখ্যাত মানুহ, সকলো সম্ৰাট আৰু যুদ্ধ-বিগ্ৰহ, নতুন ঠাই-নতুন আৱিষ্কাৰ, আটাইবোৰ নিষ্ঠুৰতা, শান্তিৰ কপৌ আৰু প্ৰেমৰ পখিলা, ইতিহাসৰ কিতাপৰ প্ৰতিটো বাক্য, প্ৰতিটো শব্দ, প্ৰতিটো আখৰ সকলো ইয়াতে বিদ্যমান। Cosmic calendar ৰ শেষৰ ১৪ ছেকেণ্ডত। আমাৰ জ্ঞান, অভিজ্ঞতা, বিদ্যা, বুদ্ধি, গৌৰৱ আৰু ঐতিহ্য মাত্ৰ এই ১৪ ছেকেণ্ডৰ। মাত্ৰ ১৪ ছেকেণ্ডৰ!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!