মানদণ্ডৰ মান -(উদ্দীপ তালুকদাৰ)

মানদণ্ডৰ মান
-(উদ্দীপ তালুকদাৰ)


কটন কলেজৰ অৱক্ষয়ৰ কাৰণ বিচাৰি টিভি চেনেল কেইটাই যিমান হাহাকাৰ লগাইছে, তাকে দেখি ন’কলেও হোৱা কথা কেইটামান ক’বলৈ মন গ’ল।

আমাৰ মহাবিদ্যালয়সমূহৰ মান ‘চেনেল’ৰ মতে ‘উচ্চতৰ মাধ্যমিক’ৰ ফলাফলৰ ওপৰত নিৰ্ভৰশীল! ইফালে চৰকাৰেই নিবিচাৰে যে মহাবিদ্যালয় সমূহত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী মহাবিদ্যালয়ত থাকক। শেহতীয়াকৈ অৱশ্যে এই সিদ্ধান্ত বাতিল কৰা হৈছে।

উচ্চতৰ মাধ্যমিকৰ ফলাফল মহাবিদ্যালয়ৰ শিক্ষাৰ পৰিসৰৰ এটা সীমিত অংশহে। গতিকে এইটোৰে মহাবিদ্যালয়ৰ মান নোজোখাই মংগল। মহাবিদ্যালয়ৰ মান নিৰ্ণয় কৰোঁতে স্নাতক, স্নাতকোত্তৰ পৰ্যায়ৰ ফলাফল, গৱেষণাৰ সংখ্যা, সৰ্বভাৰতীয় পৰ্যায়ত সাফল্য ইত্যাদিলৈ চকু দিয়ক। সেই বুলিয়েই উচ্চতৰ মাধ্যমিকক এৰাই চলিব নোৱাৰি। সেয়ে উচ্চতৰ মাধ্যমিকৰ মান সম্পৰ্কেই আলোচনাটো সীমিত ৰখাৰ চেষ্টা কৰিছোঁ।

চেনেলসমূহৰ/বাতৰিকাকতৰো প্ৰশ্ন হৈছে: কটন কলেজলৈ ভালৰো ভাল ছাত্ৰ-ছাত্ৰী আহে তেনে স্থলত প্ৰথম দহটাত স্থান কিয় সংখ্যাত কমিছে। তেওঁলোকক কোনোবাই বুজাই দিব পাৰিব নেকি যে যিকেইজনে প্ৰথম দহটাৰ স্থান পায়, সেইটো ছাত্ৰ/ছাত্ৰী কেইজনৰ ব্যক্তিগত পৰিশ্ৰমৰ ফলাফল। ৰাইজে এনেকৈ নুবুজিব যে শিক্ষানুষ্ঠানখনৰ কোনো অৱদান নাই। আছে, কিন্তু মই ক’ব খুজিছোঁ যে ছাত্ৰ এজনে ইমানখিনি নম্বৰ পাম বুলি পঢ়িব পাৰে, কিন্তু ষ্টেণ্ড কৰিমেই বুলি পঢ়িব নোৱাৰে। যিয়ে যিমানেই নপঢ়ক, তেখেতকৈ বেছি নম্বৰ পোৱা আন দহজন ওলোৱাৰ সম্ভাৱনা সদায় সমানেই থাকে। সেয়ে শিক্ষানুষ্ঠান এখনে ছাত্ৰক অকল সাজু কৰিবহে পাৰে, ষ্টেণ্ড কৰাব নোৱাৰে। আচলতে যি কেইজনে ষ্টেণ্ড কৰে, তেওঁলোকে কিজানি অকলে ঘৰতে পঢ়িলেও ষ্টেণ্ড কৰিব। আকৌ, ভাল বুলি নাম থকা শিক্ষানুষ্ঠানলৈ ভাল ছাত্ৰই আহিব, গতিকে সেইখনৰ ফলাফল ভাল হ’বই বুলি আমি এটা গাণিতিক নিয়মত মানি ল’ব পাৰোঁ। গতিকে সাধাৰণ ৰিজাল্ট চায়ো আমি শিক্ষানুষ্ঠান এখন ভাল নে বেয়া সেইটো কেতিয়াও জানিব নোৱাৰোঁ। কটন কলেজত যিমানখিনি ছাত্ৰই পঢ়ে, তেওঁলোকক যদি এদিনো এটাও ক্লাছ নকৰাকৈও পৰীক্ষা দিবলৈ দিয়া হয়, তেতিয়াও তেওঁলোকে অসমৰ ভিতৰত এটা ভাল ৰিজাল্টেই কৰিব বুলি মই ন দি ক’ব পাৰোঁ।

এয়া গ’ল সাধাৰণ সমস্যা। এইটোত বিশেষ অসুবিধা নাই। প্ৰশ্ন আহে আন এটা দিশৰ পৰাহে। এই যে উচ্চতৰ মাধ্যমিকত কোন কোন বিদ্যালয়ৰ ফলাফল ভাল সেইটো লৈ ইমান হুলস্থুল কৰা হয়, তাৰ পৰা লাভটো কাৰ হয়? যিকেইখন শিক্ষানুষ্ঠানৰপৰা ষ্টেণ্ড কৰিছে তেওঁলোকৰ। তেওঁলোকৰ শিক্ষানুষ্ঠানত পঢ়িবলৈ নতুনকৈ ছাত্ৰ-ছাত্ৰী আগ্ৰহান্বিত হ’ব। সেইটোও ভাল কথা!

কিন্তু, যদি শিক্ষানুষ্ঠানখন ব্যক্তিগত খণ্ডৰ হয়? ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনে শিক্ষাৰ লগতে টকা-পইচাকো গুৰুত্ব দিয়ে। আকৌ কোনোবাই শিক্ষাতকৈ টকাকো বেছি গুৰুত্ব দিব পাৰে। তেনে বিদ্যালয় কেইখনে নিজৰ ফলাফল ভাল কৰি ৰাখিবলৈ আন কিছুমান চিধা বা বেঁকা ৰাস্তাও ল’ব পাৰে। চিধা ৰাস্তা মানে ভাল-ভাল ছাত্ৰ কেইজনক বিশেষ গুৰুত্ব দি পঢ়ুওৱা, বা শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল কৰা ছাত্ৰ কেইজনক নিজৰ বিদ্যালয়ত বিশেষ সুবিধা দি পঢ়িবলৈ অনা ইত্যাদি। ইয়াৰো কিছুমান অসুবিধা নথকা নহয়, যেনে, ভাল ছাত্ৰকেইজনক গুৰুত্ব দি বেয়া কেইজনৰ ফালে পিঠি দিয়া, ভাল ছাত্ৰ কেইজনক সুবিধা দিয়া ইত্যাদি। এইবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকে কৰেও। কিন্তু এইবিলাক সিমান ডাঙৰ জগৰ নহয়। পিছে যদি তেওঁলোকে বেঁকা ৰাস্তা ধৰে? বেঁকা মানে মই টকা-পইচা দি দুৰ্নীতি কৰাই ষ্টেণ্ড কৰোৱা ইমানলৈ যোৱা নাই। কিন্তু কিছুমান দেখাত সিমান বেঁকা যেন নলগা উপায়ো প্ৰয়োগ কৰিব পাৰি। যেনে, ভাল ভাল ল’ৰাকেইজনক পৰীক্ষাৰ সময়ত কেইমিনিটমান বেছিকৈ লিখিবলৈ দিয়া, সৰু প্ৰশ্ন এটাৰ উত্তৰ কৈ দিয়া, ব্যৱহাৰিক পৰীক্ষাত দুই নম্বৰ বেছিকৈ দিয়া ইত্যাদি। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নিজে পৰীক্ষা নাপাতে কাৰণে এনেকুৱা কাম কৰোৱাতো অসম্ভৱ যেন লাগিব পাৰে। কিন্তু যিখন বিদ্যালয়ত ছাত্ৰজনে পৰীক্ষা দিছে, সেই বিদ্যালয়ৰ শিক্ষক কেইজনমানৰ লগত ভালকৈ কথা পাতি, ভাল ছাত্ৰ বুলি কৈ সেইখিনি মৰম আদায় কৰি ল’ব পাৰি। যি কেইজন ভাল ছাত্ৰ বুলি সুনাম থাকে তেওঁলোকক বিদ্যালয়ৰ শিক্ষকসকলে সামান্য মৰম কৰে, পায় যদি দুই নম্বৰ বেছিকৈ পাওক মনোভাৱেৰে। সেই শিক্ষকসকলে কোনো বেয়া মনোভাৱৰে কামখিনি মুঠেই নকৰেঁ। কিন্তু খুব চালাক মানুহে এই ভাল মনোভাৱৰ সুবিধা ল’ব পাৰে। ভাল ল’ৰা এজনক ষ্টেণ্ড কৰাবলৈ দুই নম্বৰ বেছি পোৱাটোৱেই যথেষ্ট।

এনে ধৰণৰ কামবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কৰাটো একো ডাঙৰ কথা নহয়। কাৰণ তেওঁলোকৰ বাবে উচ্চতৰ মাধ্যমিকত ষ্টেণ্ড কৰাটো আটাইতকৈ ফলপ্ৰসূ বিজ্ঞাপন। কিন্তু সমস্যাটো হৈছে, যদি তেওঁলোকে সেই বিজ্ঞাপনৰ বাবে মোটা ধন নিয়োজন কৰিবও আৰম্ভ কৰে। এনে ধৰণৰ কৰ্ম-কাণ্ড নোহোৱাকৈ ৰাখিবলৈ আমাৰ কিবা ব্যৱস্থা আছে নে? কোনোবাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কাম-কাজ চোৱা-চিতা কৰি আছে নে নাই?

গতিকে ষ্টেণ্ড কৰিছে নে নাই তাৰ ওপৰত শিক্ষাৰ মান চোৱাৰ প্ৰশ্নই নুঠে। যদি চাব খুজিছে, তেন্তে সেই শিক্ষানুষ্ঠানখনত ভৰ্তি হোৱা প্ৰতিজন ছাত্ৰৰ নম্বৰ আগতকৈ কিমান ভাল হ’ল বা বেয়া হ’ল, তাৰ পৰিসংখ্যা উলিয়ালেহে বুজা যাব: শিক্ষানুষ্ঠানখনৰ অৱদান কিমান। তাকে নকৰাকৈ কটনৰ মান কিয় বেয়া হ’ল বুলি প্ৰশ্ন তুলি অনুষ্ঠান পতাৰ অৰ্থই নাই। বৰং এনেকুৱা অনুষ্ঠান পাতি এইটোহে বুজোৱা হ’ল নেকি যে “কটন আগতকৈ বেয়া হৈছে, গতিকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়তে…..”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!