মানুহে মানুহৰ বাবে(দ্বীপেন্দ্ৰ গগৈ)

আজিৰ যান্ত্ৰিকতাৰ দিনতো মাজে সময়ে মানবীয়তাৰ উৎকৃষ্ট নিদৰ্শন দেখা পোৱা যায়৷ মই ব্যক্তিগতভাৱে জনা দুটা ঘটনা উল্লেখ কৰিলো :

১) আজিৰ পৰা প্ৰায় তেৰ বছৰৰ আগৰ কথা৷ তেতিয়া মই যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত গৱেষণা সহায়কৰ পদত কাম কৰিছিলোঁ৷ এদিন খবৰ আহিল যে বিশ্ববিদ্যালয়ৰ গৱেষণা সহায়ক এজন গুৰুতৰভাবে অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছে আৰু তেওঁৰ চিকিৎসাৰ বাবে বহু পৰিমাণৰ বি পজিটিভ গ্ৰুপৰ তেজৰ আৱশ্যক৷ কেইঘণ্টামানৰ ভিতৰতে বিশজন মান বি পজিটিভ গ্ৰুপৰ ছাত্ৰ আৰু গৱেষণা সহায়কৰ তালিকা এখন প্ৰস্তুত হল৷ পিছদিনা ৰাতিপুৱাই আমি বিশ্ববিদ্যালয়ৰ বাছ এখন লৈ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিলো৷ বিশ্ববিদ্যালয়ৰ বহু শিক্ষক / ছাত্ৰ / ছাত্ৰী / গৱেষণা সহায়কে আৰ্থিক বৰঙণি আগবঢ়ালে৷ গুৱাহাটীৰ খানাপাৰাত থকা আমাৰেই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত পশু চিকিৎসা মহাবিদ্যালয়লৈও খবৰ পঠোৱা হল৷ বিয়লি আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পালোগৈ৷ ইতিমধ্যেই পশু চিকিৎসা মহাবিদ্যালয়ৰ পাঁচ জনমান ছাত্ৰই ৰক্তদান কৰিলেহি৷ আমি সেইদিনা গধুলিৰ পৰা পিছদিনা ৰাতিপুৱালৈ আৰু বিশ বটলমান ৰক্তদান কৰিলো৷ পশু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ এজনে মোক কলে ”দাদা আপোনালোকে ইমান দূৰৰ পৰা আহি ৰক্তদান কৰিব লগা হোৱাত আমি অলপ লাজেই পাইছো৷ পৰীক্ষা চলি থকাৰ কাৰণে অকণমান অসুবিধা হৈছে, কিন্তু ইয়াৰ পাছত যিমান তেজ লাগে আমি যোগাৰ কৰিম৷” আমি দিয়া তেজ ৰুগীয়া গৱেষণা সহায়কজনৰ কিমান কামত লাগিল সেইটো গম নাপালো, কাৰণ আমি যোৰহাট ঘুৰি আহিপোৱাৰ পিছদিনাই তেওঁৰ মৃত্যু হল৷ কম বয়সতে মৃত্যুবৰণ কৰা গৱেষণা সহায়কজনৰ বাবে সকলোৰে দুঃখ লাগিল, যদিও এই সান্ত্বনা থাকিল যে আমাৰ ফালৰ পৰা কৰিব পৰা প্ৰচেষ্টাটো আমি কৰিলো৷

২) দুবছৰমানৰ আগৰ কথা৷ মই কাম কৰা প্ৰতিষ্ঠানটোৰ ভাৰতবৰ্ষত থকা কৰ্মচাৰীসকললৈ এটা ই-মেইল আহিল৷ পৰিচালক এজনে ব্যক্তিগত ক্ষমতাত লিখা ই-মেইলটোৰ সাৰাংশ হল যে তেখেতৰ দলৰ কম বয়সীয়া অভিযন্তা এজন আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে৷ মৃত অভিযন্তাজনৰ তিনি বছৰীয়া ছোৱালীজনীয়ে এতিয়াও মানি লোৱা নাই যে তাইৰ মৰমৰ দেউতাক আৰু কেতিয়াও ঘূৰি নাহে আৰু দেউতাকৰ ফটোত লগোৱা মালাডাল তাই আঁতৰাই দিয়ে৷ খবৰটো শুনি দুঃখিত হোৱাৰ উপৰিও আমি বহু কিছু কৰিব পাৰো৷ কণমানি ছোৱালীজনীৰ ভৱিষ্যতৰ শিক্ষাৰ বাবে এটা বেংকৰ একাউণ্ট খোলা হৈছে আৰু যিয়ে যেনেকে পাৰে আৰ্থিক বৰঙণি (ব্যক্তিগত আৰু স্বেচ্ছামূলক) আগবঢ়াব পাৰে৷ ই-মেইলটো পঢ়ি হয়তো বহু কৰ্মচাৰীৰ অন্তৰ চুই গল৷ কাৰ্য্যালয়ৰ পৰা ঘৰলৈ আহিবলৈ ব্যৱহাৰ কৰা প্ৰতিষ্ঠানৰ গাড়ীতো এইবিষয়ে কথা পতা শুনিলোঁ৷ পিছদিনা ৰাতিপুৱাই ছোৱালীজনীৰ একাউণ্টত অলপ টকা NEFT যোগে পঠালো আৰু মনতে ভাবিলো ৰাইজে নখ জোকাৰিলে নৈ ব’ব৷ ডেৰমাহমানৰ পাচত একেজন পৰিচালকৰ পৰা পুনৰ ই-মেইল আহিল৷ মৃত অভিযন্তাজনৰ পৰিয়ালবৰ্গৰ হৈ সকলো কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰিলে৷ লগতে জনালে যে বাৰশতকৈ অধিক কৰ্মচাৰীয়ে তেখেতৰ ই-মেইলৰ প্ৰতি সঁহাৰি জনালে আৰু সেইমুহূৰ্তলৈকে পোন্ধৰ লাখতকৈও অধিক টকা একাউণ্টত জমা হৈছে, যি কণমানি ছোৱালীজনীক ভবিষ্যতে ভাল শিক্ষাদান কৰিবলৈ ব্যৱহাৰ কৰা হব৷

এনেকুৱা বাতৰি সাধাৰণতে আমাৰ নিয়মীয়া প্ৰচাৰ মাধ্যমত দেখা নাযায়৷ বহুতো বেয়া খবৰৰ মাজতো এনেকুৱা কিছুমান বাতৰিয়ে অলপ হলেও আশাৰ ৰেঙণি দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!