মানুহৰ খাদ্য আৰু কুকুৰাজাত সামগ্ৰী (- মৃদুল কুমাৰ বৰা)

কুকুৰাজাত উৎপাদসমূহ অতি উচ্চমানসম্পন্ন খাদ্যসমূহৰ ভিতৰত অন্যতম। আনহাতে ই বজাৰত সহজলভ্য হোৱাৰ লগতে কম মূল্যতে পাব পৰা যায়। মানুহৰ বাবে গ্ৰহণ কৰা যিকোনো ধৰণৰ খাদ্য আঁচনিতেই কণী আৰু মাংস অন্তৰ্ভুক্ত কৰি তাক অতি উৎকৃষ্ট খাদ্যলৈ উন্নীত কৰিব পাৰি।

কণী
মানুহৰ বাবে উপলব্ধ সকলোধৰণৰ খাদ্যৰ ভিতৰত কণীয়েই বোধহয় একমাত্ৰ উপাদান যি সুষম আহাৰৰ বাবে প্ৰয়োজনীয় প্ৰায় সকলো পৌষ্টিক দ্ৰব্য যোগান ধৰিব পাৰে। কেৱল কণীটোৱেই খোলাৰ ভিতৰত ভ্ৰূণৰপৰা পূৰ্ণাংগ পোৱালী গঠন হোৱালৈকে প্ৰয়োজনীয় পোষক দ্ৰব্য যোগান ধৰাটোৱেই ইয়াৰ উৎকৃষ্ট প্ৰমাণ। স্তন্যপায়ী বা অন্য উচ্চবৰ্গৰ প্ৰাণীৰ ক্ষেত্ৰত ভ্ৰূণৰ বিকাশ হয় মাতৃদেহৰ ভিতৰত আৰু এই বিকাশৰ বাবে প্ৰয়োজন হোৱা পোষক আহে মাতৃয়ে খাৱা খাদ্যৰপৰা। কিন্তু কুকুৰাৰ ভ্ৰূণৰ বিকাশ হয় কণীৰ খোলাটোৰ ভিতৰত আৰু সেয়ে খোলাটোৰ ভিতৰতেই ইয়াৰ বিকাশৰ বাবে প্ৰয়োজন হোৱা সকলো উপাদান থকাটো বাধ্যতামূলক। যিকোনো এটা মাত্ৰ পোষক উপাদানৰ অভাৱৰ বাবে ভ্ৰূণ সম্পূৰ্ণ বিকশিত নোহোৱাকৈ মৰি যাব পাৰে।
কণীত যথেষ্ট পৰিমাণৰ প্ৰোটিন বা মাংসাহাৰ, খাদ্যপ্ৰাণ আৰু খনিজাত লৱণ থাকে। ইয়াত থকা প্ৰোটিন অতি উচ্চ মানসম্পন্ন আৰু সম্পূৰ্ণৰুপে পাচ্য। অন্য কথাত যিকোনো খাদ্যসামগ্ৰীৰ তুলনাত কণীৰ পাচন বেছি (প্ৰায় ৯৪শতাংশ)। কণীত থকা প্ৰোটিন উচ্চ মানসম্পন্ন হোৱাৰ কাৰণ হৈছে ইয়াত জীৱৰ বিকাশৰ বাবে প্ৰয়োজন হোৱা সকলোবিলাক এমিন এচিদ সংপৃক্ত হৈ থকাটো। তদুপৰি ইয়াত থকে লৌহ পদাৰ্থ, ফচফৰাচ্, অন্যান্য সুক্ষ্ম মৌলসমূহ, খাদ্যপ্ৰাণ এ, বি, ডি, ই আৰু কে। পৰিমাণ আৰু গুণাগুণৰ ফালৰপৰা কণীত থকা ভিটামিন ডিৰ স্থান মাছৰ যকৃতৰ পিছতে। ইয়াত কিছু পৰিমাণে শক্তিও নিহিত হৈ থাকে।

তালিকা ১: এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে দৈনিক প্ৰয়োজনীয় পৰিমাণৰ শতকৰা হাৰে যোগান।
পোষক————শৰীৰত কৰা কাম————–শতকৰা হাৰত দৈনিক যোগান
প্ৰোটিন———-শৰীৰৰ মাংসপেশী গঠন——————–৮.১৫
লৌহ পদাৰ্থ——-ৰক্ত কণিকা গঠন————————-৮.৬৫
খাদ্যপ্ৰাণ ক—দৃষ্টিশক্তি আৰু চালৰ বাবে প্ৰয়োজন ——–১১
থায়ামিন–দৈহিক বৃদ্ধি, ক্ষুধা আৰু স্নায়ুতন্ত্ৰ সঠিক ৰাখে—৪.১৫
ৰিবোফ্লেভিন——সুস্বাস্থ্য আৰু বৃদ্ধিৰ বাবে প্ৰয়োজন——–৭.৪
খাদ্যপ্ৰাণ————বি১২ ৰক্ত গঠন————————–০.৫
খাদ্যপ্ৰাণ ডি—–হাড়ৰ গঠনৰ বাবে প্ৰয়োজন।————১২.৫

তালিকা ২: কণীত থকা পোষক দ্ৰব্যৰ পৰিমাণ।

পোষক (একক)————-পূৰ্ণাংগ কণী———–বগা অংশ———–কুহুম
কেলৰি (কিলোকেলৰি)————৭২——————–১৭—————-৫৫
প্ৰোটিন (গ্ৰাম)——————–৬.৩——————৩.৬————–২.৭
শৰ্কৰা (গ্ৰাম) ——————-০.৩৬—————–০.২৪————০.৬১
চৰ্বি (গ্ৰাম) ———————–৪.৮—————–০.০৬————-৪.৫
এককঅসংপৃক্ত চৰ্বি (গ্ৰাম)——-১.৮—————–০—————–২
বহুঅসংপৃক্ত চৰ্বি (গ্ৰাম) ———১——————–০—————–০.৭২
সংপৃক্ত চৰ্বি (গ্ৰাম) ————–১.৬——————-০—————-১.৬
ট্ৰেন্স ফেট (গ্ৰাম) —————০.০২——————-০—————০.০২
কলেষ্টেৰল (মিঃ গ্ৰাঃ) ————-১৮৬—————-০—————-১৮৪
কলিন (মিঃ গ্ৰাঃ) —————১২৬—————-০.৪—————-১১৬
ৰিবফ্লেভিন (মিঃ গ্ৰাঃ) ———-০.২—————০.১৫—————–০.০৯
খাদ্যপ্ৰাণ বি১২ (মাইক্ৰো গ্ৰাম) –০.৪৫—————০.০৩———–০.৩৩
ফলিক এচিড (মাইক্ৰো গ্ৰাম) —-২৪——————–১————— ২৫
খাদ্যপ্ৰাণ ডি (IU) —————-৪১—————–০——————–৩৭
খাদ্যপ্ৰাণ এ (IU) ———————২৭০————০——————-২৪৫
খাদ্যপ্ৰাণ বি৬ (মাইক্ৰো গ্ৰাম) –০.০৯——————-০————-০.০৬
থায়ামিন (মিঃ গ্ৰাঃ) ————–০.০২——————০—————-০.০৩
খাদ্যপ্ৰাণ ই (মিঃ গ্ৰাঃ) ———০.০৫—————-০——————–০.০৪
চিলেনিয়াম (মাইক্ৰো গ্ৰাম) —-১৫.৪———————–৬.৬———-৯.৫
ফচফৰাচ (মিঃ গ্ৰাঃ) ————-৯৯——————৫—————-৬৬
লো (মিঃ গ্ৰাঃ)——————০.৮৮—————-০.০৩ ———-০.৪৬
দস্তা (মিঃ গ্ৰাঃ) ——————-০.৬৫ ————–০.০১ ———০.৩৯
কেলচিয়াম (মিঃ গ্ৰাঃ) ———-২৮ —————-২ ——————–২২
চডিয়াম (মিঃ গ্ৰাঃ) —————-৭১ —————৫৫ —————৪
পটেচিয়াম (মিঃ গ্ৰাঃ) ————–৬৯ ————৫৪ —————১৯
মেগনেচিয়াম (মিঃ গ্ৰাঃ) ———-৬——————৪ —————–১

কুকুৰাৰ মাংস

কম মূল্য আৰু সহজলভ্য মাংসসমূহৰ ভিতৰত অন্যতম হৈছে কুকুৰাৰ মাংস। ইয়াত কেইবাটাও পৌষ্টিক গুণ থকাৰ লগতে সোনকালে সিদ্ধ হোৱা বাবে অনন্যৰূপে বিবেচিত হয়।
মানুহে কুকুৰাৰ মাংস গ্ৰহণ কৰে ইয়াৰ উচ্চ মানসম্পন্ন প্ৰোটিন আৰু কম পৰিমাণে থকা চৰ্বিৰ বাবে। ৰঙা মাংস, যেনে- গো-মাংস, গাহৰিৰ মাংস বা ছাগলীৰ মাংসৰ তুলনাত কুকুৰাৰ মাংসত বহু কম পৰিমাণে চৰ্বি থাকে। আনহাতে শতকৰা হিচাপে প্ৰোটিনৰ পৰিমাণ সামান্য বেছি হয়। তদুপৰি এই প্ৰোটিনত অতি প্ৰয়োজনীয় এমিন এচিডসমুহ যথেষ্ট পৰিমাণত পোৱা যায়। কলেষ্টেৰলৰ সমস্যাও কুকুৰাৰ মাংসত কম। মাংসত সাধাৰণতে শতকৰা ৭৫ভাগ পানী, ২০ভাগ প্ৰোটিন আৰু ৫ভাগ অন্যান্য উপাদান থাকে। অৱশ্যে বুকু আৰু ভৰিৰ মাংসত এই পোষকসমূহৰ সামান্য তাৰতম্য থাকে।

তালিকা ৩: কুকুৰা, আৰু টাৰ্কীৰ মাংস ৰন্ধনৰ পিছত পোষকদ্ৰব্যৰ তুলনা।
মাংসৰ প্ৰকাৰ—–প্ৰোটিন (%)——চৰ্বি (%)—-পানী (%)—–শক্তি (১০০গ্ৰাম)
টাৰ্কী
বুকু —————–৩২.৯————৩.৯———–৬২.১———১৭৬ কেলৰি
ঠেং —————–৩০.০————৮.৪———–৬০.৫———২০৪ কেলৰি

কুকুৰা
বুকু —————–৩২.৪————৫.০———–৬১.৩———১৮২ কেলৰি
ঠেং —————–২৯.২————৬.৫ ———–৬২.৭———১৮৫ কেলৰি

কণী আৰু এলাৰ্জী
সাধাৰণ অৱস্থাত কণী খালে কাৰো একো অপকাৰ হোৱাৰ সম্ভাৱনা নাই। কিন্তু কেতিয়াবা কণীৰ বগা অংশটো খালে সৰু লৰা-ছোৱালীৰ এলাৰ্জীৰ দৰে লক্ষণ দেখা দিব পাৰে। কিন্তু কুহুমটোৰপৰা কোনো অপকাৰ নহয়। কণীৰ কুহুমটো অতি সহজতেই হজম হয়। কণী খালে বেছিকৈ আক্ৰান্ত হোৱা যেন অনুমান হ’লে তেনে লোকে আহাৰ তালিকাৰপৰা কণী একেবাৰে বাদ দিয়াই শ্ৰেষ্ঠ। অৱশ্যে এনেধৰণৰ ঘটনা অতি বিৰল। সিজোৱা বা ৰন্ধা কণীত এলাৰ্জী সৃষ্টি কৰিব পৰা কাৰকসমূহ সাধাৰণতে নিষ্ক্ৰিয় হৈ পৰে।

প্ৰাণীজ চৰ্বি, কলেষ্টেৰল আৰু হৃদৰোগ
সভ্যতাৰ বিকাশৰ লগে লগে মানুহৰ জীৱনশৈলীৰ পৰিবৰ্ত্তন হৈছে। আদিম যুগৰ চিকাৰ কৰা বৃত্তিৰপৰা আৰম্ভ কৰি আজিৰ অতি উন্নত কাৰিকৰী প্ৰযুক্তিৰ কৃষি পদ্ধতিলৈকে জীৱনৰ প্ৰতিটো পদতে মানুহে নিজৰ চিন্তাক ৰূপ দি নিজৰ ওপৰতে অহৰহ জ্ঞাত অজ্ঞাতভাবে পৰীক্ষা চলাইছে। নতুনকৈ আৱিষ্কৃত হোৱা ৰোগসমূহ তাৰে এটা ফচল। সেই ৰোগসমূহৰ ভিতৰত এটা হৈছে হৃদৰোগ। ১৯১১চনমানলৈকে মানুহ হৃদৰোগ সম্পৰ্কে জ্ঞাত নাছিল। ১৯১২চনত অৱশ্যে আমেৰিকাৰ এখন গৱেষণা আলোচনীত এই সম্পৰ্কে এটা লেখা প্ৰকাশ পায়। তাৰ পিছত এইৰোগৰ ওপৰত বিস্তৃত আলোচনা আৰু গৱেষণা হৈছে। আমোদজনকভাবে অধিকাংশ গৱেষকেই খাদ্যাভ্যাসৰ সৈতে ইয়াক সম্পৰ্কিত কৰিব খুজিছিল যদিও আন একাংশ গৱেষকে প্ৰমাণ কৰি দেখুৱাইছে যে খাদ্যৰ লগত হৃদৰোগ আৰু কেন্সাৰৰ সম্পৰ্ক বহুত কম। Dr. Ronৰ The Untold Story of Milk নামৰ পুথিত এই বিষয়ে এটা প্ৰৱন্ধ আছে যিটোত হৃদৰোগ আৰু প্ৰাণীজ চৰ্বিৰ সম্পৰ্কক নস্যাৎ কৰা হৈছে। একেদৰে তাত কোৱা হৈছে যে কণী খালে কলেষ্টেৰল বঢ়াৰ ধাৰণাটোও অমূলক। পাঠটোত উল্লেখ কৰা হৈছে যে দহটা গৱেষণাৰ তুলনামূলক অধ্যয়নৰপৰা দেখা গৈছে যে হৃদৰোগত আক্ৰান্ত লোকসকলে আক্ৰান্ত নোহোৱা লোকসকলতকৈ কম পৰিমাণেহে কণীৰপৰা কলেষ্টেৰল পাইছিল। গতিকে কণীৰ কলেষ্টেৰলে যে এই ৰোগ বৃদ্ধি কৰিব পাৰে তাত সন্দেহ আছে।
দৰাচলতে কলেষ্টেৰল আৰু হৃদৰোগৰ সম্পৰ্কৰ বিষয়ে প্ৰথম বিতৰ্ক আৰম্ভ হয ডঃ এঞ্চেল কীজ (Dr. Ancel Keys) নামৰ এজন গৱেষকৰ ১৯৫৩ চনৰ এটা গৱেষণাৰ তথ্য প্ৰকাশ পোৱাৰ পিছৰপৰা। তেখেতে উনুকিয়াইছিল যে প্ৰাণীজ চৰ্বি বেছিকৈ খোৱা লোকৰ এথেৰস্ক্লেৰচিচ (Atherosclerosis) ৰোগ বেছি হয়। আনহাতে চৰ্বি আৰু কণীয়ে তেজত কলেষ্টেৰলৰ মাত্ৰা বঢ়ায়। তেনেস্থলত কণী আৰু প্ৰাণীজ চৰ্বিকেই স্বাভাৱিকতে হৃদৰোগৰ বাবে দায়ী কৰিব খোজা হৈছিল। কিন্তু যদি সেয়ে হয় তেন্তে আফ্ৰিকীয় কিছুমান জনজাতিৰ মাজত এই সমস্যা মাৰাত্মকভাবে দেখা দিলেহেঁতেন, কিয়নো তেওঁলোকৰ সম্পূৰ্ণ আহাৰেই প্ৰাণীজাত। অথচ সেই আফ্ৰিকীয় জনজাতিকেইটাৰ লোকৰ মাজত অধ্যয়নৰপৰা দেখা গৈছে যে তেওঁলোকৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বঢ়া নাছিল। তদুপৰি খাদ্যৰপৰা আহৰণ কৰা কলেষ্টেৰলে তেজত সাময়িকভাবেহে ইয়াৰ মাত্ৰা বঢ়ায়। তেনেস্থলত খাদ্যত থকা কলেষ্টেৰলে শৰীৰত অপকাৰ কৰাৰ সম্ভাৱনা একেবাৰে কম।
আনহাতে Dr. Ronৰ একেটা প্ৰবন্ধতে কোৱা হৈছে যে হৃদৰোগ ধনী দেশসমূহত বেছিকৈ দেখা যায়। ধনী দেশৰ নাগৰিকে বেছি পৰিমাণে প্ৰাণীজাত আহাৰ থায়। গতিকে প্ৰচলিত ধাৰণা অনুসৰি ইয়াত ধনী মানুহৰ বেছি পৰিমাণে হৃদৰোগ হোৱা উচিত। কিন্তু উল্লেখনীয়ভাবে এই দেশসমূহত ধনী মানুহতকৈ তুলনামূলকভাবে কম কলেষ্টেৰল আৰু প্ৰাণীজ চৰ্বি খোৱা দুখীয়াসকলৰ মাজতহে হৃদৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। কোৱা হৈছে যে উন্নত দেশসমূহত অন্যান্য কেতবোৰ খাদ্যৰ লগতে ধূম্ৰপান, কম পৰিশ্ৰম আৰু ঔদ্যোগিক কৃষিজাত খাদ্য-সামগ্ৰীৰ বাবেহে দুখীয়া দেশসমূহতকৈ হৃদৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।
ওপৰৰ আলোচনাৰপৰা এই কথা স্পষ্ট যে কণী বা মাংসজ চৰ্বি খালেই হৃদৰোগ হোৱাৰ সম্ভাৱনা নাই। গতিকে মানুহে পৰিপৌষ্টিক অভাৱৰপৰা হাত সাৰিবলৈ মাংস অথবা কণী কোনোটোৱেই ত্যাগ কৰা উচিত নহয়। ভৰতীয় চিকিৎসা গৱেষণা পৰিষদে নিৰ্ণয় কৰিছে যে এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহে বছৰত কমপক্ষেও ১৮০টা কণী আৰু ১০.৮ কিঃ গ্ৰাঃ মাংস খোৱা উচিত। অথচ অসমৰ মানুহে ২০১১চনলৈকে গড়ে বছৰি ১৭টা কণী আৰু প্ৰায় ৪ কিঃগ্ৰাঃ মাংসহে খাবলৈ পায়। সৌভাগ্যৰ কথা যে হাঁহ আৰু কুকুৰাৰ মাংসই ইয়াৰ শতকৰা ৮০ভাগ যোগান ধৰিবলৈ সক্ষম হৈছে। আমাৰ চুবুৰীয়া নগাৰাজ্যৰ লোকসকলে ভাৰতৰ ভিতৰত সৰ্বাধিক গড়ে প্ৰতি বছৰে ২০কিঃ গ্ৰাঃ মাংস খায়। সেই হিচাপত নগাৰাজ্যত হৃদৰোগীৰ সংখ্যাও ভাৰতৰ ভিতৰতে সৰ্বাধিক হোৱা উচিত আছিল। কিন্তু তাতকৈ কম মাংস খোৱা কেইবাখনো ৰাজ্যত নগাৰাজ্যতকৈ বেছি মানুহ এই ৰোগত আক্ৰান্ত হয়। সেইফালৰপৰাও ক’ব পাৰি যে মাংস বা কণী কোনোটোৱেই হৃদযন্ত্ৰৰ অসুখৰ একমাত্ৰ কাৰক নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!