মানুহ যেতিয়া ফাগুন হৈ জ্বলে (- ভৈৰৱ চাওদাং)

!!মানুহ যেতিয়া ফাগুন হৈ জ্বলে!!

সেইদিনা ৰাজপথত
ঢপলিয়াই ফুৰিছিল ফাগুন।
এখন মস্ত কাপোৰেৰে ঢাকিব বিছাৰিছিল
ৰঙা হৈ জ্বলা ফাগুনৰ জুই

সকলোৱে জানিছিল-
ফাগুনে ৰঙা হৈ আকাশ জ্বলাই

সেইদিনা সকলোৱে বুজিছিল –
মনৰ খৰাঙত
পলাশ মদাৰৰ
আটাইবোৰ ৰঙাতকৈও
ৰঙাহৈ জ্বলিব পাৰে মানুহ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!