মাৰাত্মক ৰোগৰ সংক্ৰমণ বিষয়ক হিন্দী চিনেমা –ধীৰেন শইকীয়া

মাৰাত্মক ৰোগ কিম্বা ভাইৰাছৰ সংক্ৰমণে যুগে যুগে মানুহক সমস্যাত পেলাই আহিছে। কেতিয়াবা এনে ভাইৰাছে একোখন দেশ অথবা ৰাজ্যৰ জনজীৱনলৈ মৃত্যুবিভীষিকাও নমাই আনিব পাৰে। হলিউদত এইবিষয়ক ‘জেজেবেল’, ‘এৰ’স্মিথ’, ‘কামিলি’, ’ইণ্টাৰাপ্টেড মেলডি’, ‘নাথিং স্প্ৰীদছ লাইক ফিয়াৰ ক্ৰণ্টাজিয়ন’, ‘কেবিন ফেভাৰ’, ‘পেনেডেমিক’ আদিৰ দৰে বহু কালজয়ী চিনেমা নিৰ্মাণ হৈছে। পিছে আমাৰ দেশত এই বিষয়ক চিনেমা আজিও আঙুলিৰ মূৰত লিখিব পৰা হৈয়েই আছে। হিন্দী চলচ্চিত্ৰবোৰতো এই মাৰাত্মক ৰোগ কিম্বা ভাইৰাছ সংক্ৰমণৰ এই ৰহস্যময় বিষয়টো মনোৰঞ্জনৰ মাজেদি বিভিন্ন কাহিনী আকাৰে প্ৰকাশ হৈ আহিছে। বহু দক্ষ পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ সাৱলীল অভিনয়ে বহু সময়ত এই চলচ্চিত্ৰবোৰক জনপ্ৰিয়তাৰ উৰ্দ্ধলৈ লৈ যায়। চিনেমা গণমাধ্যম, এই মাধ্যমৰ যোগেদি বিভিন্ন বিষয়ত সজাগতা সৃষ্টিৰ পৰা আৰম্ভ কৰি বিভিন্ন জটিল বিষয়ত জ্ঞান প্ৰদানৰ লগতে মনোৰঞ্জনো প্ৰদান কৰা হয়। আমি এই প্ৰবন্ধত তেনে কেইখনমান হিন্দী চিনেমাৰ যোগেদি কি দৰে মাৰাত্মক ৰোগ তথা কালনেমী এই দুৰ্দান্ত ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে তাৰ বিষয়ে অৱগত কৰিবলৈ চেষ্টা কৰিছো। এই হিন্দী চিনেমাসমূহ উপভোগ কৰিও বহু দৰ্শকে মাৰাত্মক ৰোগ কিম্বা উল্লিখিত ভাইৰাছবোৰৰ বহু বিষয় জনাৰ অৱকাশ পাই আহিছে। ১৮৯৬ চনত ভাৰতত হোৱা প্লে’গ মহামাৰীৰ ভয়াবহতাৰ কথা উল্লেখ থকা হিন্দী ছৱিৰ পৰা ৰহস্যময় ভাইৰাছৰ সংহাৰলীলাৰ কথালৈ বহু কথাই দৰ্শকে জনাৰ সুবিধা পাইছে।

প্ৰথমে ১৮৯৬ চনৰ পৰা কেইবামাহো ধৰি ভাৰতৰ মুম্বাইকে ধৰি বহু চহৰ প্লে’গ মহামাৰীয়ে আক্ৰান্ত কৰি ৰাখিছিল। চেণ্ট্ৰেল এচিয়াৰ পৰা বিয়পা এই মহামাৰীৰ প্ৰকোপত তেতিয়া হেজাৰ হেজাৰ মানুহৰ মৃত্যু ঘটিছিল। এই প্লে’গ মহামাৰী বিষয়ক দুখন বিশেষ চিনেমাৰ কথাই প্ৰথমে উল্লেখ কৰিবলৈ ওলাইছো। ও পি ৰোঠন পৰিচালিত ‘ফুল ঔৰ পাত্থৰ’ চিনেমাখনৰো কাহিনীভাগ প্লে’গ মহামাৰীৰ পৃষ্ঠপটত গঢ়ি উঠিছে। ষাঠীৰ দশকৰ ধৰ্মেন্দ্ৰ আৰু মীৰা কুমাৰী অভিনীত এই চিনেমাখনত এটা চোৰে প্লে’গৰ সময়ত পৰিয়াল এটাই এৰি যোৱা পৰিত্যক্ত ঘৰ এটাত প্ৰবেশ কৰি এগৰাকী বিধবা বোৱাৰীক লগ পাই প্লে’গৰ পৰা বচাবলৈ তেওঁক যৎপৰনাস্তি চেষ্টাৰ কথা উল্লেখ আছে। আনহাতে জীতেন্দ্ৰ আৰু হেমা মালিনী অভিনীত শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ জনপ্ৰিয় উপন্যাস ‘পণ্ডিত মশায়’ৰ কাহিনীভাগো প্লে’গ মহামাৰীৰ ভিত্তিত গঢ়ি উঠিছে। এই চিনেমাখনতো প্লে’গত আক্ৰান্ত ৰোগীৰ মৰ্মবেদনাৰ সুন্দৰ ছৱি এখন পৰিষ্ফুট হৈছিল। উক্ত চিনেমাখনত কুচুম নামৰ নাৰীগৰাকীৰ গাঁওখনত প্লে’গত জৰ্জড়িত হৈ বহুকেইজন গাঁওবাসীৰ মৃত্যু ঘটাৰ সময়তো কুচুমক আৰোগ্যৰ বাবে নিৰন্তৰভাৱে আগ বঢ়োৱা চেষ্টাই চিনেমাখনক আকৰ্ষণীয় কৰি তুলিছে। আকৌ জনপ্ৰিয় অভিনেতা অজয় দেবানন অভিনীত চিনেমা তথা হৰি বাৱেজা পৰিচালিত ‘ক্যামট চিটি’ নামৰ চিনেমাখনতো বায়’লজিকেল ৱাৰফেয়াৰ এখনৰ ভয়াবহতা দেখুৱাব বিচৰা হৈছে। পানী, বায়ুত সহজে বিয়পিব পৰা মাৰাত্মক ৰোগ এটাৰে পৰিকল্পিতভাৱে কম সময়তে মানুহক ৰোগত আক্ৰান্ত কৰি ভয়াবহ অভিসন্ধি এটা ৰচনাৰে শত্ৰুপক্ষক লেবেজান কৰাৰ কথা বৰ্ণিত আছে চিনেমাখনত। ২০১৬ বৰ্ষত দেবেন্দৰ কুমাৰ পাণ্ডে পৰিচালিত ‘চাপেকৰ ব্ৰাদাৰ্চ’ নামৰ হিন্দী ছৱিখনতো প্লে’গ আক্ৰান্ত সময়ৰ বহু ঘটনা সন্নিৱিষ্ট আছে।

ইয়াৰ উপৰি আন মাৰাঠী চিনেমা এখনো মুক্তি লভিছিল, নাম আছিল ‘গোণ্ডা আলা ৰে’, য’ত ক্ৰান্তিকাৰীসকলে শ্লোগানটো চিঞৰি চিঞৰি গাইছিল— ‘গোণ্ডা আলা ৰে’। তদুপৰি সত্যজিত ৰায়ৰ ‘গনশত্ৰু’ ছৱিখনো (১৯৯০) মাৰাত্মক জণ্ডিছ(হেপেটাইটিছ)ৰ লগতে অন্ধবিশ্বাস, দুৰ্নীতি আদিৰ বিষয়ে নিৰ্মিত এখন উল্লেখনীয় ছৱি। আন এখন হিন্দী ছৱি— ‘THE CATCHIST OF KIL-ARNI, India, Silent, 1923’ ছৱিখনতো আছে তামিলনাডুৰ অন্তৰ্গত বহু দৰিদ্ৰ গাঁৱত হোৱা কলেৰা মহামাৰীৰ কথা (Directed by T. Gavan Duffy and R. Prakash)। এনেদৰেই ভাৰতৰ চিনেমা জগতত মহামাৰীৰ স্পষ্ট ছৱি একোখনো ফুটি উঠিছে।

লুক কেনি আৰু ডেভাকি সিং পৰিচালিত আৰু ২০১৩ বৰ্ষত মুক্তি লাভ কৰা ‘ৰাইজ অৱ দা জম্বি’ নামৰ ছবিখন এগৰাকী বন্যপ্ৰাণী ফটোগ্ৰাফাৰৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মিত। ছৱিখনত এটি জন্তুৱে কামুৰিলে এবিধ মাৰাত্মক ৰোগ বিয়পি পৰে বুলি দেখুৱা হৈছিল। ৰাজ নিদিমৰু আৰু কৃষ্ণ ডি কেৰ পৰিচালনাত ২০১৩ চনত আন এখন হিন্দী চলচ্চিত্ৰ নিৰ্মিত হৈছিল, যাৰ নাম আছিল ‘গ গোৱা গন’। তিনিজন বন্ধুৰ ড্ৰাগছ খোৱাৰ ফলত সৃষ্টি হোৱা মাৰাত্মক ভাইৰাছৰ ওপৰত এইখন চলচ্চিত্ৰও নিৰ্মিত হৈছিল। কেন উইদাৰহোম পৰিচালিত আন এখন চলচ্চিত্ৰ ‘ডেড পাৰ্ট টু’ত ছোমালিয়াৰ পৰা অহা শ্ৰমিকৰ শৰীৰত সংক্ৰমিত হোৱা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল। চিক্ৰেট মিছন এটাৰ ওপৰত নিৰ্মিত একচন চলচ্চিত্ৰ ‘আজান’ বায়লজিকেল একচন থ্ৰিলাৰ; য’ত ভাইৰাছ এবিধৰ উৎস বিচাৰি উলিওৱাৰ কাহিনী উল্লেখ আছে। কামাল হাচান অভিনীত হিন্দী চলচ্চিত্ৰ ‘দশৱতাৰম’তো লেবৰটৰীত উদ্ভৱ হোৱা ভাইৰাছ এটাৰ বিষয়টোও সুন্দৰভাৱে বৰ্ণিত হৈছে। লেবৰটৰীত মাৰাত্মক ভাইৰাছ এবিধ আৱিষ্কাৰ কৰি শত্ৰুপক্ষৰ হাতত এৰি দিয়াৰ সময়ত কিদৰে নায়কে এই ভাইৰাছবিধক ধ্বংস কৰাৰ প্ৰচেষ্টাত ব্ৰতী হৈ সফল হয় তাৰ কথা আছে। ২০১১ বৰ্ষত এ আৰ মুৰুগাডছৰ পৰিচালনাত পৰিচালনাত নিৰ্মিত ‘চেভেন চেঞ্চ’নামৰ চলচ্চিত্ৰখনত চীন চৰকাৰে ‘বায়’লজিকেল ৱাৰ’ এখনৰ পৰিকল্পনা কৰি মাৰাত্মক বেমাৰ এবিধ চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতত বিয়পাই দিয়াৰ দৰে মাৰাত্মক অভিসন্ধিৰ পটভূমি বৰ্ণিত হৈছে। ছৱিখনত শেষত ভাইৰাছৰ উৎসৰ সন্ধান উলিয়াই তাক সংহাৰ কৰাৰ কথাও দেখুৱা হয়। শক্তি সুন্দৰ ৰাজন পৰিচালিত ২০১৬ বৰ্ষত মুক্তি প্ৰাপ্ত ছৱি ‘মিৰুথন’ত কেমিকেল ফেক্টৰী এটাৰ পৰা ওলোৱা এবিধ ভাইৰাছে হঠাতে চহৰ এখনত বিয়পি পৰাত চহৰবাসীক তৎপৰতাৰে কিদৰে উদ্ধাৰ কৰা হৈছিল সেই বিষয়ে ব্যক্ত হৈছে। এছ শংকৰ পৰিচালিত তামিল ভাষাৰ চলচ্চিত্ৰ ‘আই’খনো ভাইৰাছ সংক্ৰমণৰ দৰে বিষয়বস্তুৰ ওপৰত গঢ়ি উঠিছে। এই চলচিত্ৰখনত কোনো বিশেষ ব্যক্তিয়ে কাৰোবাৰ সফলতাত ক্ৰোধান্বিত হৈ এবিধ ভাইৰাছ আনৰ শৰীৰলৈ সংক্ৰমিত কৰি আনন্দ পায়— এনে কাহিনীৰ মাজেদিয়েই গতি লাভ কৰিছে। ৰাম গোপাল বাৰ্মাই কোৰোণা ভাইৰাছৰ ভয়াবহতাক উপসৰ্গ হিচাপে লৈ নিৰ্মাণ কৰা চিনেমা ‘কোৰোণা ভাইৰাছ’হৈছে প্ৰথমখন থ্ৰিলাৰ চিনেমা। উল্লেখ্য যে লকডাউনৰ সময়ত ‘এণ্টাইৰলি শ্বট’ লৈ সম্পাদন কৰা চিনেমাখনত এটা পৰিয়ালক মাৰাত্মক ‘কোভিড -19 ‘ ভাইৰাছবিধে কিদৰে সমস্যাত পেলাইছিল তাৰ বহু কলাত্মক উপস্থাপন ঘটাইছে। চি এম ক্ৰিয়েচনচৰ বেনাৰত নিৰ্মিত চিনেমাখনত শ্ৰীকান্থ আয়েংগাৰ, ডোৰা চাই তেজা, চোনীয়্ আকুলা আদিয়ে অভিনয় কৰিছে। একেদৰে চিনেমা নিৰ্মাতা অনুভৱ সিনহাই আন চাৰিগৰাকী সুধীৰ মিশ্ৰ, হানছাল মেহতা, কেতন মেহতা, সুবাস কাপুৰৰ সৈতে বৰ্তমানলৈ নাম স্থিৰ নোহোৱা এখন হিন্দী চিনেমা নিৰ্মাণ কৰিব বুলিও খবৰ ওলাইছে, এইখনৰ বিষয়বস্তুও হব হেনো কোৰোণা আক্ৰান্ত সময়ক লৈ। এক কথাত ই হ’ব এখন এনথলজি চিনেমা। কোৰোণাৰ ভয়াবহতাক লৈ আন এখন চুটি চিনেমা ‘কো ৱাৰ’ নিৰ্মাণ কৰিছে ৰাথেছ কুমাৰে, কেইবাটাও মাধ্যমত সম্প্ৰচাৰিত চিনেমাখন দৰ্শকেও আদৰি লৈছে। কেইবাটাও চুটি ছৱি মহোৎসৱত এইখন উচ্চপ্ৰশংসিত হোৱাৰ লগতে বঁটাও পাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!