মিছামাছৰ বিৰিয়ানি–মালবিকা ফুকন বৰুৱা

উপকৰণঃ

মিছামাছ মাছ ৫০০ গ্ৰাম
দৈ ডাঙৰ একাপ
বিৰিয়ানি মচলা ২+১ চাহচামুচ
গোটা গৰম মচলা
নহৰু আদাৰ পেষ্ট ১ ১/২+১ চাহচামুচ
জিৰা, ধনিয়া, জলকীয়া গুৰি,
গৰম মচলা ১ চাহচামুচকৈ
হালধি সামান্য
বিলাহী ১টা
পিয়াজ ১টা
বেৰিষ্টা ১কাপ( ৰঙচুৱা কৈ ভজা পিঁয়াজ)
ঘিউ, ৰিফাইন তেল, কেশৰ মিহলি গাখীৰ, ধনিয়া আৰু পদিনা এমুঠিকৈ (কুটি লোৱা)
নিমখ আনুমানিক
বাচমতি চাউল ২কাপ

প্ৰণালীঃ

মাছখিনিত দুচামুচ বিৰিয়ানি মচলানিমখ আৰু বাকীখিনি গুৰি মচলা দি লগতে নহৰু আদাৰ পেষ্ট, দৈ, অলপ বেৰিষ্টা, নিমখ, অলপকৈ ধনিয়া, পদিনা, ৰিফাইন তেল আৰু অলপ ঘিউ দি ভালদৰে সানি এঘন্টা বা পাৰিলে তাতকৈ বেছি সময়ৰ বাবে সানি (মেৰিনেচন) থ’ব।
এটা ডাঙৰ পাত্ৰত সৰহ কৈ পানী গৰম কৰি উতল আহিলে এচামুচ তেল বা ঘিউ, গোটা গৰম মচলা, এচামুচ বিৰিয়ানি মচলা আৰু নিমখ দি লৰাই ধুই ৰখা চাউল খিনি দি ভালদৰে মিহলি কৰিব। চাউল আধাতকৈ বেচি সিজিলে টুকি ফেনৰ তলত দিব।
এতিয়া এখন কেৰাহীত সামান্য ৰিফাইন আৰু ঘিউ গৰম কৰি তাত এটা পিঁয়াজ মিহিকৈ কাটি ভাজিব। লগতে এচামুচ নহৰু আদাৰ পেষ্ট যোগ কৰিব। লগতে বিলাহীটোও কাটি দিব। অকণমান নিমখ দি বিলাহী আৰু পিঁয়াজ গলি যোৱালৈকে ভাজি তাতে মাছৰ মিশ্ৰণটো যোগ কৰি এক মিনিটৰ বাবে ভাজি গেছ বন্ধ কৰিব।
এতিয়া এখন ডাঙৰ কেৰাহীত (মই হাৰ্ড এনডাইজদ লৈছো) প্ৰথমে মাছখিনি গ্ৰেভিৰে সৈতে সমানকৈ পাতি দিব। অলপ গ্ৰেভি ওপৰত দিবৰ বাবে ৰাখিব। গ্ৰেভিখিনিৰ ওপৰত ভাতৰ এটা লেয়াৰ পাতি তাৰ ওপৰত বেৰিষ্টা, ধনিয়া, পদিনা, কেশৰ, ঘিউ আৰু অকণমান বিৰিয়ানি মচলা চটিয়াই দিব। থাকি যোৱা গ্ৰেভিখিনি দি আকৌ অলপ ভাত দি ওপৰত আকৌ একেদৰেই বেৰিষ্টা, ধনিয়া আদি আগৰ দৰে দিব। কেৰাহী খনৰ ঢাকনি খনত থকা সৰু ফুটাটো লং এটা ভৰাই বন্ধ কৰি বতাহ সোমাব নোৱাৰা কৰি গেছত তুলি দি জুই বঢ়াই দি ৫ মিনিটৰ বাবে ৰাখিব। তাৰ পিছত এখন তেৱাৰ ওপৰত উঠাই গেছটো একেবাৰে কম কৰি ১৫ বা ২০ মিনিটৰ বাবে ৰাখিলেই বিৰিয়ানি তৈয়াৰ হৈ যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!