মিছামাছৰ মলাইকাৰী— কঙ্কণা মহন্ত

উপকৰণ: –

মিছামাছ ৩০০গ্ৰাম(বাকলি গুচাই, চাফা কৰি লোৱা)

নাৰিকলৰ গাখীৰ: একাপ

নিমখ: সোৱাদ অনুযায়ী

হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি, ধনীয়া গুড়ি, এখিলা তেজপাত, তেল, অলপ আধা নহৰু পেষ্ট, কুটা ধনীয়া

প্ৰথমে মিছামাছৰ মূৰ, বাকলি গুচাই চাফা কৰি ভালকৈ ধুই ল’লোঁ৷ অলপ নিমখ সানি কেৰাহীত তেল নিদিয়াকৈ দি দিলোঁ৷ মিছামাছৰ পৰা পানী ওলাই মাছখিনি আধাসিজা হৈ যায়৷ পানী শুকুৱাৰ লগে লগে মাছখিনি উঠাই অলপ হালধি সানি তেলত ভাজি ল’ব৷ মিঠাতেলত ব্যৱহাৰ কৰিলে ভাল লাগে৷ এতিয়া তেলত পিয়াঁজ, আদা নহৰু পেষ্ট দি অলপ ভাজি ল’ব৷ তাতে মাছখিনি দিব৷ তাত নিমখ, হালধি, জিৰাগুড়ি, ধনীয়া গুড়ি, জলকীয়া গুড়ি দি কম জুইত অলপ ভাজিব৷ দুইমিনিটমানৰ পিছত তাত নাৰিকলৰ গাখীৰখিনি দি দিব৷ মাজত এবাৰ গেছটো বঢ়াই দুইমিনিটমানৰ পিছত গেছটো কমাই অলপ ঢাকি দিব৷ গাঢ় হৈ আহিলে অলপ লৰাই কুটা ধনীয়া দি নমাই থব৷ ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!