মিণ্ট্ৰা ডট কম (বিকাশ শইকীয়া)


(১)
 
এপ্ৰিল ২০১৪……
 
চাকৰিত জইন কৰাৰে পৰা অনলাইন শ্বপিং এটা চখ হৈ পৰিছে। বিশেষকৈ ৰেহাই মূল্য চলি থকাৰ সময়ত চখটো আৰু বাঢ়ি যায়।
 
মবাইলত মেচেজ এটা আহিছে, ৪০% অফ অন অল ব্ৰান্ডচ ইন মিণ্ট্ৰা ডট কম।
 
বিহুৰ সময়, টি-চাৰ্ট কিনিম বুলি ভাবিয়েই আছিলোঁ। অফাৰ দেখি আৰু ৰ’ব নোৱাৰিলোঁ। লেপি অন কৰি মিণ্ট্ৰাত লগ ইন কৰিলোঁ। হৰেক ৰকমৰ বস্ত, এডিডাছ, ৰিব’ক, পুমা, পেপে জিনছ্। ৰিবকৰ টি-চাৰ্ট এটা আৰু পুমাৰ এটা বাচনি কৰিলোঁ। ৰেহাই দিয়াৰ পাছত বিল হ’লগৈ ২৪০০ টকা। ব্ৰাণ্ডেড বস্তৰ কোৱালিটি ভাল, বহুত দিন লাষ্টিং কৰে, দাম ল’বই।
 
এসপ্তাহৰ পাছত মিণ্ট্ৰাৰ কনচাইনমেন্ট আহি পালেহি। পেকেট দুটা খুলিলোঁ। টি-চাৰ্ট দুটা একদম ঝাক্কাছ্। পিন্ধি চালোঁ; কুল, চালিয়া, কমফ’ৰটেবল। পুমাৰটো চাইনিং ব্লেক, মাজত হোৱাইট ষ্ট্ৰাইপ এটা আছে। ৰিবকৰটো লাইট গ্ৰীন আৰু য়েলোৰ কমবাইণ্ড পেটাৰ্নৰ। কিন্ত……….. চাল্লা, এইটো হ’ব বুলি ভাবিছিলোঁৱেই। ধুৰ, নিজৰ ওপৰতে টিঙিচকৈ খং উঠি গ’ল। ৰিবকৰটোৰ কলাৰৰ কাষতে আধা ইঞ্চি ব্যাসাৰ্ধৰ গ্ৰে কালাৰৰ স্পট এটা আছে। মানে ডিফেক্টিভ মাল, ধুৰ…..!
 
কেইবছৰমান আগতে হোৱা হ’লে মই সেই স্পটটো মাইণ্ড নকৰিলোঁহেঁতেন। কিন্ত এতিয়া মোৰ ধাৰণাবোৰ সলনি হৈছে, বিশেষকৈ নতুন চাকৰিটোত জইন কৰাৰ পাছত মোৰ চ’চাইটি চেইঞ্জ হৈছে, এতিয়া দাগ থকা ফ্লড কাপোৰ পিন্ধি পাৰ্টি বা তেনে আন ৰাজহুৱা অনুষ্ঠানলৈ যোৱাৰ কথা ভাবিবই নোৱাৰোঁ। আৰু ঘৰত, ধেই কোনোবাই দেখিলে মোৰ ইজ্জ্বত ক’ত থাকিব। তেন্তে কি কৰোঁ। ৰিবকৰ এই টি-চাৰ্টটো মোৰ বাবে এটা ইউজলেচ পিচ, ধুৰ…..
 
হঠাত আইডিয়া এটা মনলৈ আহিল। মোৰ মামা এজন আছে। গাঁৱৰ ভেঞ্চাৰ স্কুলৰ মাষ্টৰ। খুব নীতি-আদৰ্শৰ কথা কয়। চাকৰি পোৱাৰ আগতে মোৰ দুৰ্দিনৰ সময়ত মামাই বহুত সহায় কৰিছিল। সেইবাবে মামাৰ ওচৰত মই অলপ ধৰুৱা হৈ আছোঁ। মামাকেই বিহুৰ গিফট্ বুলি দি দিওঁ। কেচ চেটেলড্………
 
(২)

দিন বাগৰি গ’ল। আচলতে বহুদিনেই পাৰ হ’ল। এই সময়ছোৱাত মই দুটামান প্ৰমোচন পালোঁ। দুঠাইলৈ ট্ৰান্সফাৰ হোৱাৰ পাছত ছমাহ আগতে গুৱাহাটীলৈ বদলি হৈ আহিছোঁ। এইখিনি সময়তে বিয়া পাতিলোঁ, সংসাৰ হ’ল। হাই-চচাইটিৰ লগত মিলা-মিলি বেছি হ’ল আৰু গাঁৱৰ বোকা-পানী গচকিবলৈ যোৱা অভ্যাস প্ৰায় নোহোৱাৰ দৰেই হৈ পৰিল।
 
দেওবাৰ এটাত দুপৰীয়া গা-পা ধুই ড্ৰয়িংৰুমত বহি প্লাজমা টিভিটো অন কৰি লৈছোঁ।
 
– হেৰা শুনিছানে, তোমাৰ মামাই ফোন কৰিছিল, আদাবাৰী পাইছেহি, আমাৰ ঘৰলৈ আহিব বোলে…… ৱাইফে চিঞৰিলে।
– কোনজন মামা?
– সেই যে মাষ্টৰ কৰে।
– আচ্ছা, ঠিক আছে।
– আৰু শুনা, ল’ৰাই এইবাৰ মেট্ৰিক দিছে চাগে’, কলেজত পঢ়াব, তুমি পইচা-পাতি নিদিবা কিন্তু, কৈ দিছোঁ !
– হ’ব দিয়া হে !
– কি হ’ব দিয়া, পইচা কি খুজিলেই পায় নেকি? সিবাৰযে টকা বিশ হাজাৰ দিছিলা, মই নাজানো বুলি ভাবিছা নেকি, কথা বেয়া হৈ যাব কিন্তু…. ৱাইফে একেবাৰে টান সুৰত ক’লে।
 
ট্ৰান্সফাৰ হৈ কেইবছৰমান অসমৰ বাহিৰত আছিলোঁ। সেই সময়ছোৱাত খুব বেছি চাৰিবাৰ ঘৰলৈ আহিছোঁ। যোৱাবাৰ আহোঁতে মামী জি.এম.চি.এইচত। জণ্ডিছ। মামাক লগ ধৰিলোঁ। মামাই পইচা খোজা নাছিল। ভেঞ্চাৰ স্কুলখন চৰকাৰী হ’ল যদিও গাঁৱৰ মাষ্টৰৰ হাতত পা-পইচা কিমান থাকে অনুমান কৰিলোঁ। টকা অলপ মামাৰ হাতত দিলোঁ। ৱাইফে গম পাই বৰ হুলস্থুল লগালে। পাছত গোৱালৈ ট্ৰিপত লৈ যাম বুলি কোৱাতহে চুপ হ’ল। কিন্তু তেতিয়াৰে পৰা ৱাইফে মোৰ ফালৰ ইষ্ট-কুটুম্বক একেবাৰে দেখিব নোৱাৰে।
 
মামা আহিল, লগত মামাৰ ল’ৰাটো । মামাই মামীয়ে দিয়া গামোচা এখন আৰু বৰা চাউলৰ টোপোলা এটা আগবঢ়াই দি ক’লে,
 
– হো ল, মামীয়েৰে দিছে। পাৰিলে বিহুত আমাৰ ফালেও পাক এটা মাৰিবি।
– চাওঁচোন, জানেই দেখোন কাম বহুত, সময়ে নাপাওঁ….. মই ক’লোঁ।
– কামৰ বহুত হেঁচা পৰিছে চাগে’।
– ওঁ ! ধন ডাঙৰেই হ’ল, বহুত দিন হ’ল দেখাই নাই ইয়াক ! কিমান পালেগৈ ?
– টেন পাইছেগৈ, তোৰ সমান চোকা নহ’লেও ঈশ্বৰৰ কৃপাত গৈ আছে আৰু।
 
মামাৰ ল’ৰাটোক ঘৰত ধন বুলি মাতে। সৰুতে সি বৰ মৰমলগা আছিল, ল’ৰাটোলৈ চালোঁ, ল’ৰাটো মামাৰ নিচিনাই হৈছে। অলপ ক্ষীণ, কিন্ত টি-চাৰ্টটো জোখতকৈ অলপ ডাঙৰ হৈছে, হলৌচোলাৰ দৰে ওলমি আছে।
 
– চোলাটো কোনে কিনিছিলনো, অলপ ডাঙৰ হ’ল নেকি ?
– অ’ সেইটো ! সেইটো তইযে এবাৰ বিহুত দিছিলি, পিন্ধিয়েই গাটো একেবাৰে শাত পৰি যায় অ’। ইমানদিন হ’ল, একেবাৰে নতুন হৈয়ে আছে। অলপো ৰং যোৱা নাই। মামীয়েৰে বৰ আটোম-টোকাৰীকৈ ৰাখে। মোক পিন্ধিবই নিদিয়ে, তই মৰমত দিয়া বস্ত যে।
– ওঁ !
– জাননে ধন, ককায়েৰে যেতিয়া মোক এই চোলাটো দিছিল, এই চোলাটোৰ দাম মোৰ দৰমহাতকৈও বেছি আছিল। কাপোৰখিনি বৰ ভাল। চা, আজি অতবছৰে একেই হৈ আছে ……… মামাই ধনক উদ্দেশ্যি ক’লে।
 
ক’ব নোৱাৰাকৈয়ে মোৰ হাতখন মামাৰ ল’ৰাজনে পিন্ধি থকা সেউজীয়া-হালধীয়া স্পৰ্টিঙটোৰ কলাৰটোৰ পিনে গ’ল। কলাৰটো অলপ মোটোকাই দিলোঁ। আধা ইঞ্চি ব্যাসাৰ্ধৰ মটীয়া দাগ এটা ওলাই পৰিল।
 
মটীয়া দাগটোৰ অৱস্থিতি মোৰ অন্তৰৰ ঠিক সোমাজতে অনুভূত হ’ল।
 
সংযোজন: হয়তো এটা সময়ত কাহিনীটোৰ এটা চিকুৱেন্স এনেকুৱাই হ’লহেঁতেন….কিন্ত নহ’ল।
এপ্ৰিল ২০১৪…….ডিফেক্টিভ স্পৰ্টিঙটো লিৰিকি-বিদাৰি থাকোঁতেই মিণ্ট্ৰাৰপৰা ফীডবেক ল’বলৈ কল এটা আহিল।
ফোনটোৰপৰা গম পালোঁ যে মিণ্ট্ৰা ডট কমৰ এটা এক্সচেঞ্জ কাম ৰিটাৰ্ণ পলিচি আছে। মিণ্ট্ৰা ডট কমত লগ ইন কৰি এক্সচেঞ্জ প্ৰডাক্ট বুটামটো টিপিলোঁ। মোৰ চাইজ XL, সেইটো সলনি কৰি M কৰিলোঁ; মামাৰ চাইজ M।
হয়তো কেইবছৰমান পাছত মামাৰ ল’ৰাটোৰ চাইজো M হ’বগৈ। মিণ্ট্ৰা ডট কমৰ এক্সচেঞ্জ পলিচিয়ে মোক দাগ এটাৰ পৰা বচাই দিলে।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!