মুখা – কল্যাণী দত্ত

বৃদ্ধাশ্ৰমত মহানন্দ চলিহাৰ আজি প্ৰথম দিন৷ পুত্ৰ-বোৱাৰী দুয়ো কৰ্মব্যস্ত৷ সেয়েহে তেওঁক বৃদ্ধাশ্ৰমত ৰখাৰ সিদ্ধান্তকে ল’লে৷ তেৱো আপত্তি নকৰিলে৷ বিছনা খনত বহি পুৰণা বাতৰিকাকত খনৰ চিন্তণ শিতানৰ এটা প্ৰবন্ধত তেওঁৰ চকু ৰৈ গ’ল -“কি প্ৰয়োজন বৃদ্ধাশ্ৰমৰ? অন্তৰত পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা-ভক্তি থাকিলে হাজাৰ ব্যস্ত হ’লেও তেওঁলোকক বৃদ্ধাশ্ৰমত ৰখাৰ প্ৰশ্নই নাই৷ “ প্ৰবন্ধকাৰ – শ্ৰী সৌমাৰদ্বীপ চলিহা, কাৰ্যবাহী অভিযন্তা৷ মহানন্দ চলিহাৰ একমাত্ৰ পুত্ৰ৷ ☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!