মূৰৰ বিষৰ বিষয়ে আমি কিমান জানো? ( ডাঃ ভূপেন শইকীয়া )

‘মূৰ থাকিলে মূৰৰ বিষ হবই’- কোনোবাই এনেকৈ ক’লে বা ভাবিলেও মূৰৰ বিষক নজনাকৈ অৱজ্ঞা কৰা মুঠেই সমিচীন নহয়৷ ‘সাধাৰণ’ বুলি ভৱা মূৰৰ বিষৰ অন্তৰালত কেতিয়াবা গুৰুতৰ ৰোগ লুকাই থাকিব পাৰে৷ কিশোৰৰ পৰা বৃদ্ধাৱস্থালৈ জাতি-ধৰ্ম, দেশ-কাল নিৰ্বিশেষে পুৰুষ-মহিলা উভয়ৰে কেতিয়াবা নহয় কেতিয়াবা মূৰৰ বিষ হয়েই৷ আমাৰ লাওখোলাটোৰ ভিতৰৰ সিংহ ভাগ আৱৰি আছে মগজুৱে৷ কিন্তুু আমোদজনক ভাবে মগজুৰ কোনো বিষ অনুভৱ কৰিব পৰা কেন্দ্ৰ (Pain receptor) নাই৷ বিষ অনুভৱ কৰিব পৰা কেন্দ্ৰ থাকে মস্তিস্ক আৰু ডিঙিৰ মাংসপেশীত, মগজুৰ আৱৰণিত (মেনিঞ্জ), ফস্ক চেৰিব্ৰাইত, মস্তিস্কৰ পৰা ওলোৱা নাৰ্ভসমূহত, ৰক্তনলীসমূহত, কাণ-নাক-চকু-দাঁত-মুখত আৰু ব্ৰেইনষ্টেমত৷ এইবিলাকত থকা বিষৰ কেন্দ্ৰসমূহৰ মাধ্যমেৰে মানুহে মূৰৰ বিষ অনুভৱ কৰে৷ এই বিষ পাতল বা গভীৰ, মূৰতো হেঁচা মাৰি ধৰা ধৰণৰ বা ধপধপাই থকা বা ফাটো-ফাটো কৰা বা নানাধৰণৰ হব পাৰে৷ চিকিৎসকসকলে দুশৰো অধিক প্ৰকাৰৰ মূৰৰ বিষৰ ৰোগীৰ সন্মুখীন হয়৷ ইয়াৰে কিছুমান নিৰীহ বা কম অপকাৰী, কিন্তুু আন কিছুমান অতি বিপদৰ বাৰ্তাবাহক হব পাৰে৷ সঘনাই হোৱা মূৰৰ বিষে ব্যক্তিজনৰ কাৰ্য্যদক্ষতা, পাৰস্পৰিক সম্বন্ধ আৰু সামাজিক জীৱনত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ এনেও হব পাৰে যে তেওঁ শাৰীৰিক-মানসিকভাৱে ক্লান্ত হোৱাৰ উপৰিও হতাশাত (ডিপ্ৰেচন) ভুগিব পাৰে৷

মূৰৰ বিষৰ কিছুমান অতি গতানুগতিক (Common) কাৰক এইবিলাক হব পাৰে যেনে- শাৰীৰিক-মানসিক চাপ (Stress), নিদ্ৰাহীনতা, চকুৰ সমস্যা, দাঁতৰ অসুখ, চাইনাচৰ-নাক-কাণৰ সমস্যা, ভাইৰাচৰ সংক্ৰমণ, মদ্য-ধূম্ৰৰ পাৰ্শ্বক্ৰিয়া, দৰৱৰ পাৰ্শ্বক্ৰিয়া, আকস্মিক জলবায়ুৰ পৰিবৰ্তনৰ সন্মুখীন হোৱা, বৰ খৰখেদাকৈ শীতল পানীয় গ্ৰহণ কৰা, মস্তিষ্কৰ আঘাত আদি৷ মূৰৰ বিষৰ চিকিৎসাও সেয়ে কাৰণ বুজিহে কৰা সমিচীন৷

muror bikh_bhupendra

অধিক জটিলতালৈ নগৈ থোৰতে মূৰৰ বিষক দুটা গোটত ভগাব পাৰি:

 –

প্ৰাথমিক (Primary) – বাৰে বাৰে হোৱা কিন্তুু নিৰীহ, যাৰ অন্তৰ্নিহিত কোনো বিশেষ ৰোগ নাথাকে৷ ইয়াৰ উদাহৰণ হ’ল- মাইগ্ৰেইন, টেনচন হেডএক, ক্লাষ্টাৰ হেডএক৷ সঠিক কিদৰে এই ধৰণৰ মূৰৰ বিষ উৎপন্ন হয় তাক বিজ্ঞানীসকলে ঠাৱৰ কৰিব পৰা নাই, মাথোঁ অনুমানত কিছু ‘থিয়ৰি’ আগবঢ়াইছে৷ সাধাৰণতে ১৫ বছৰৰ পৰা ৪০ বছৰ বয়সত প্ৰাইমেৰী হেডএকৰ পোনপ্ৰথম আৰম্ভণি হয়৷

চেকেণ্ডেৰী (Secondary) – যাৰ অন্তৰ্নিহিত কোনো ৰোগ বা পৰিঘটনা থাকে৷ ইয়াৰ উদাহৰণ হ’ল মস্তিস্কৰ আঘাত, ষ্ট্ৰ’ক, সংক্ৰমণ (এনকেফেলাইটিচ, মেনিনজাইটিচ), গ্লুকোমা, মগজুৰ টিউমাৰ, এঅ’ৰ্টিক এনিউৰিজম, টেম্পৰেল আৰ্টাৰাইটিচ আদি৷ অৱশ্যে চেকেণ্ডেৰী হেডএক সকলো সময়তে জটিল ৰোগৰ পৰিচায়ক নহবও পাৰে৷

মাইগ্ৰেইননো কি?

সাধাৰণতে মাইগ্ৰেইনত মূৰৰ সন্মুখ ভাগত নতুবা মূৰৰ এফালত ফাটি যাব খোজা যেন বা ধপ-ধপোৱা ধৰণৰ বিষ অনুভৱ হয়৷ বমি-ওকালিও অনুভৱ হয়৷ ৰোগীয়ে শব্দ আৰু পোহৰ সহ্য কৰিবলৈ কষ্ট অনুভৱ কৰে৷ কোনো কোনোজন ৰোগীয়ে অসুখ হোৱাৰ পূৰ্বানুমান কৰিব পাৰে- যাক Aura বুলি কোৱা হয়৷ মাইগ্ৰেইনে কামত ব্যাঘাত জন্মায় আৰু কেইবাঘণ্টাজুৰি চলি থাকে৷ কিশোৰ-কিশোৰী আৰু প্ৰাপ্তবয়স্ক সকলোৰে মাইগ্ৰেইন হব পাৰে৷ পুৰুষৰ তুলনাত মহিলাই মাইগ্ৰেইনত বেছিকৈ ভোগা পৰিলক্ষিত হয়৷ মগজুৰ স্নায়ুৰ বিজুতিৰ ফলত মাইগ্ৰেইন হয় বুলি বিজ্ঞানীসকলে ভাবে৷

মাইগ্ৰেইনৰ উপশম ঘটাবলৈ ব্যৱহৃত ঔষধসমূহ হ’ল:

  • বিষনাশক- এচপ্ৰিণ, আইব্ৰুপ্ৰফেন, পেৰাচিটামল, মেফেনেমিক এচিড, নেপ্ৰস্কেন, ইণ্ডোমিথাচিন আদি৷

  • ট্ৰিপ্নান আৰু আৰ্গোটামিন জাতীয় ঔষধে ৰক্তপ্ৰৱাহী নলীৰ সংকোচন ঘটাই বিষৰ উপশম ঘটায়৷

  • বমিৰোধক দৰৱ- মেটক্লপামাইড, ডমপেৰিডন৷

  • নাৰ্ক’টিক-পেথেডিন, মৰফিন, ফৰ্টৱিন আদি৷ সতৰ্ক নহ’লে এইবিলাকৰ ৰোগী অভ্যস্ত (Addict) হব পাৰে৷

  • ষ্টেৰইড- ডেস্কামিথাচন, প্ৰেডনিচলন৷

মাইগ্ৰেইন প্ৰতিৰোধকাৰী

  • বিটাব্লকাৰ

  • কেলচিয়াম চেনেল ব্লকাৰ

  • এণ্টিডিপ্ৰেচেণ্ট

  • চিজাৰ প্ৰতিৰোধক

  • ব’টস্ক

টেনচন হেডএক

– বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি কুৰিজনৰ ভিতৰত এজন ব্যক্তিয়ে টেনচন-হেডএকত ভোগে৷ গোটেই মূৰটো টানকৈ কিহবাই বান্ধি ৰাখিছে যেন ৰোগীয়ে অনুভৱ কৰে৷ ৰোগীৰ কামত ব্যাঘাত সৃষ্টি হয় আৰু কেই মিনিট মানৰপৰা কেইবা ঘণ্টালৈ টেনচন হেডএক চলি থাকিব পাৰে৷ ডিহাইড্ৰেচন, মানসিক-শাৰীৰিক চাপ, অনাহাৰ, অনিদ্ৰা, অতিমাত্ৰা বিষনাষক দৰৱৰ ব্যৱহাৰ আদিৰ ফলত সচৰাচৰ টেনচন হেডএক হোৱা দেখা যায়৷ উল্লেখযোগ্য যে টেনচন হেডএকৰ তুলনাত মাইগ্ৰেইনত ভোগা ৰোগীৰ সংখ্যা কম৷

ক্লাষ্টাৰ হেডএক- অতি কম সংখ্যক লোক এই প্ৰকাৰৰ মূৰৰ বিষত ভোগে৷ সাধাৰণতে এটা চকুৰ চৌদিশে তীব্ৰ বিষ অনুভৱ হয় আৰু একে সময়তে নাকৰ আৰু চকুৰ পানী আপোনা-আপুনি বয়, নাক সোপা মাৰি ধৰে, চকু ৰঙা পৰে৷ নিতৌ দিনটোৰ একে সময়তে ৩০ৰ পৰা ৯০মিনিট ধৰি এনে অৱস্থা চলি থাকে৷ কাচিৎ কোনোজন ৰোগীৰ দিনটোত একাধিকবাৰ এনে হয়৷ কিশোৰ অৱস্থাত আৰম্ভ হোৱা এই ৰোগ মধ্য বয়সলৈকে চলি থাকে৷ মাজে মাজে কেইবামাহো অসুখ নোহোৱা অৱস্থা একোটা অতিবাহিত হয়৷ কিছুমান পৰিয়ালত এই ৰোগ চলি থকালৈ চাই ক্লাষ্টাৰ হেডএকৰ সৈতে বংশগতিৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ ৰোগী যন্ত্ৰণাকাতৰ হৈ অধৈৰ্য্য হৈ পৰে৷ বিষত অতিষ্ঠ হৈ নিজৰ মূৰটো পকীবেৰত খুন্দিয়াবৰ উপক্ৰম হয়৷ আনকি এনে কষ্ট খাই থকাতকৈ মৰি যোৱাই ভাল বুলিও কিছুমান ৰোগীয়ে ভাবে৷ মদ, চিগাৰেট, চকলেট, নাইট্ৰগ্লিচাৰিন দৰৱ আদিৰ ব্যৱহাৰ কৰোঁতাই ক্লাষ্টাৰ হেডএকত বেছিকৈ ভোগে৷ ক্লাষ্টাৰ হেডএকৰ চিকিৎসা আন মূৰৰ বিষৰ তুলনাত কঠিন৷ প্ৰেডনিচলন, আৰ্গটামিন আৰু লিথিয়াম ব্যৱহাৰ কৰি অসুখ প্ৰতিৰোধ কৰিব পাৰি৷ আনহাতে অক্সিজেন, ট্ৰিপ্টামাইন, লিগনকেইন এনাচথেটিক বেজীৰ দ্বাৰা ৰোগীক চিকিৎসা কৰা হয়৷

হৰ্মন হেডএক-

মহিলাসকলৰ মূৰৰ বিষৰ ক্ষেত্ৰত প্ৰায়বিলাকৰ হৰ্মনৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ গৰ্ভাৱস্থা, ৰজোনিবৃতি (মেনুপ’জ) আৰু গৰ্ভনিৰোধক পিল খাই থকা মহিলাৰ মূৰৰ বিষ সহজে হোৱাৰ কাৰণ হ’ল হৰ্মনৰ প্ৰভাৱ৷

মূৰৰ বিষৰ সঘনাই দৰৱ খোৱাসকলৈ এটি সতৰ্কবাণী: –

বজাৰত উপলব্ধ মূৰৰ বিষৰ দৰৱৰ পৰা হব পৰা পাৰ্শ্বক্ৰিয়া –

এচপ্ৰিন, ডিচপ্ৰিন, এনাচিন, চেৰিডন- গেষ্ট্ৰাইটিচ, পাকপ্ৰণালীৰ ৰক্তক্ষৰণ৷ শিশুৰ লিভাৰ আৰু মগজুৰ ক্ষতিসাধন কৰা ৰেই’জ চিনড্ৰম ৰোগ৷

ইফিড্ৰিন, কেফেইন- বুকুৰ ধপধপনি, মানসিক অস্থিৰতা৷

এণ্টি এলাৰ্জিক দৰৱ- মূৰ ঘূৰণি, নিদ্ৰা৷

  • গতিকে যি কোনো দৰবেই চিকিৎসকৰ সৈতে পৰামৰ্শ কৰিহে সেৱন কৰাটো নিৰাপদ৷

মূৰৰ বিষক কেতিয়া গুৰুতৰ (চিৰিয়াচ) বুলি গণ্য কৰিব?

  • মূৰৰ বিষৰ ধৰণ (পেটাৰ্ণ) আগৰ তুলনাত সলনি হোৱা৷

  • সময়ত অতিবাহিত হোৱা স্বত্বেও মূৰৰ বিষ নকমি বাঢ়ি যোৱা

  • মস্তিষ্কৰ আঘাতৰ ফলত হোৱা মূৰৰ বিষ৷

  • ডিঙিৰ জঠৰতা, বমি, ওকালি, জ্বৰ, চকুৰ বিষ লগত থাকিলে৷

  • ২৪ঘণ্টা অতিবাহিত হোৱা মূৰৰ বিষ৷

  • কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত জড়িত লক্ষণ থকিলে (যেনে স্মৃতিশক্তি লোপ পোৱা, ভ্ৰম, বাকশক্তিৰ বিজুতি, দৃষ্টিৰ বিজুতি, দুৰ্বলতা, পেৰালাইচিচ, অতিমাত্ৰা জ্বৰ আদি৷

মূৰৰ বিষৰ ৰোগীক কি কি পৰীক্ষা কৰাৰ প্ৰয়োজন?

ৰোগীৰ হিষ্ট্ৰী আৰু প্ৰাথমিক পৰীক্ষাৰ যোগেদি চিকিৎসকে এটি আভাস ঠাৱৰ কৰি মূৰৰ বিষৰ কাৰণ থিৰাং কৰাৰ উদ্দেশ্যে যাৱতীয় তেজ, প্ৰস্ৰাৱ, চেৰিব্ৰস্পাইনেল ফ্লোইড, এক্সৰে, ইচিজি, আলট্ৰাচাউণ্ড, চিটি-এমআৰআই স্কেন আদি পৰীক্ষাৰ প্ৰয়োজন হব পাৰে৷

মূৰৰ বিষৰ কেইটিমান প্ৰাথমিক প্ৰতিবিধান: –

  • ধ্যান আৰু যোগৰ সহায়ত মানসিক চাপ কমাবৰ প্ৰয়াস কৰক৷

  • নিজৰ খং, উত্তেজনা, দুশ্চিন্তা কোনো নিৰ্ভৰযোগ্য ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰক৷

  • নিতৌ সন্তুলিত আহাৰ আৰু পৰ্য্যাপ্ত পৰিমাণৰ পানী খাওক৷

  • মদ্যপাণ, ধূম্ৰপাণ আৰু যি কোনো ৰাগিয়াল দৰৱ পৰিহাৰ কৰক৷

  • একে সময়তে নিতৌ ৭-৮ ঘণ্টা টোপনিওৱাৰ অভ্যাস কৰক৷

  • নিয়মীয়া চকু পৰীক্ষা কৰাব৷

  • ম’বাইল আৰু কম্পিউটাৰৰ কামৰ মাজৰ পৰা চকু আৰু দেহক বিশ্ৰাম দিয়াৰ অভ্যাস গঢ়ি তোলক৷

  • দৰৱৰ অতিমাত্ৰা সেৱন পৰিহাৰ কৰি চলক৷

  • সুস্বাস্থ্যৰ বাবে অসমীয়া ঘৰুৱা বনৌষধি, শাক-পাত, থলুৱা খাদ্য মাজে মাজে গ্ৰহণ কৰক৷

  • নিৰাশাবাদী নহব, সদায় যোগাত্মক চিন্তা কৰক৷

  • সুস্থ জীৱনশৈলী মানি চলক৷

(ইংৰাজীত এই লিখনিটো আৰু স্বাস্থ্য বিষয়ৰ আন আন লিখনিৰ সৈতে মোৰ বেৱচাইট www.drbhupensaikia.com ত আগ্ৰহীসকলে পঢ়িব পাৰে৷ ধন্যবাদ৷ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!