মূৰ-ঘূৰণিৰ বিষয়ে কিছু জানিবলগীয়া কথা – ডাঃ ভূপেন্দ্ৰ শইকীয়া

মূৰ-ঘূৰণিৰ বিষয়ে কিছু জানিবলগীয়া কথা

ডাঃ ভূপেন্দ্ৰ শইকীয়া

আপোনালোকৰ  প্ৰত্যেকৰে হয়তো কেতিয়াবা নহয় কেতিয়াবা মূৰ ঘূৰণিৰ অভিজ্ঞতা হৈছে৷ মূৰ-ঘূৰণি এটা বেমাৰ নহয় ৷ই এবিধ ৰোগৰ লক্ষণহে৷ তেনেই সাধাৰণ অসুখৰ পৰা আৰম্ভ কৰি অতি গম্ভীৰ ৰোগৰ ফলত মূৰ-ঘূৰণি অনুভৱ হ’ব পাৰে৷ বহু সময়ত কেতিয়াবা আমাৰ মূৰ-ঘূৰণি অনুভৱ হয় আৰু নিজে নিজে ঠিকো হয়৷ সাধাৰণতে মূৰ-ঘূৰণিৰ সহচৰ হয় ওকালি আৰু বমি৷ মগজুৰ ভিতৰত কেম’ ৰিচেপ্তৰ ট্ৰিগাৰ জ’ন ( Chemoreceptor Trizzer Zone  চমুকৈ CTZ  ) বুলি এটা অংশ থাকে – যি ওকালি আৰু বমি ভাব নিয়ন্ত্ৰণ কৰি ৰাখে৷ এই অঞ্চল বা কেন্দ্ৰক প্ৰভাৱিত কৰা অনুভূতিৰ (Impulse ) ফলত ওকালি আৰু বমি হয়৷আকৌ আমাৰ শৰীৰৰ বেলেঞ্চ (Balance ) নিয়ন্ত্ৰণ কৰি ৰাখে আমাৰ অন্তৰ্কাণ দুখনৰ ভিতৰত থকা এক অংগ বিশেষে- যাক ভেষ্টিবুলাৰ চিষ্টেম (Vestibular system ) বোলে৷ গতিকে কাণৰ কাম কেবল শ্ৰবণ শক্তিক সহায় কৰাই নহয় ৷ শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰি আমাক পৰি নোযোৱাকৈয়ো ৰখাৰ কামো কাণেই সম্পন্ন কৰে৷কাণ দুখনক সহায় কৰে চকু আৰু মাংসপেশীত থকা ৰিচেপ্তৰসমূহে৷ অন্তৰ্কাণৰ ভিতৰত থকা যন্ত্ৰই মূৰটোৰ অৱস্থান আৰু তাৰ ইফাল সিফাল কৰোতে হোৱা পৰিৱৰ্তৰ লগত সামঞ্জস্য ৰাখি শৰীৰক সন্তুলিত কৰি ৰাখে৷ ইয়াৰ উপৰি আমাৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ (Central Nervous System ) আৰু স্বয়ংক্ৰিয় স্নায়ু তন্ত্ৰৰ (Autonomic Nervous System) শৰীৰৰ বেলেঞ্চ নিয়ন্ত্ৰণ কৰাত নিজস্ব ভূমিকা থাকে ৷এটি সাধাৰণ উদাহৰণ: মানুহৰ শুই থকা অৱস্থাত যি ৰক্ত চাপ (Blood Pressure) থাকে, তাৰ তুলনাত বহিলে বা থিয় হলে ৰক্ত চাপ কিছু হলেও বাঢ়ে – কিয়নো কলিজাটোৱে মধ্যাকৰ্ষণৰ (Gravity ) বিপৰীতে তেজ পাম্প কৰিবৰ বাবে অতিৰিক্ত বলৰ প্ৰয়োজন হয়৷ৰক্ত চাপৰ উপৰি হৃদগতিও কিছু বাঢ়ে ৷ এই ক্ৰিয়াটো স্বয়ংক্ৰিয় স্নায়ু তন্ত্ৰই কৰে৷ ডায়েবেটিজ বা আন  কিছুমান হৰম’ন জাতীয় ৰোগ হোৱাৰ ফলত স্বয়ংক্ৰিয় স্নায়ু তন্ত্ৰৰ বিজুটি ঘটে আৰু তাৰ ফলত বিপৰীত ছবিহে দেখা যায়৷  থিয় হলে ৰক্তচাপ নিম্নগামী হোৱাৰ ফলত মানুহজনে মূৰ-ঘূৰণি অনুভৱ কৰে৷ এনে অৱস্থাক Postural Hypotension বা Orthostatic Hypotension   বোলে৷ এতিয়া মূৰ-ঘূৰণিৰ সচৰাচৰ হোৱা কাৰণসমূহৰ বিষয়ে কিছু কথা আলোচনা সহজভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম৷
Benign Paroxysmal Positional Vertigo ( BPPV) হ’ল এবিধ নিৰীহ কিন্তু পুনৰাবৃত্তি হৈ থকা মস্তিস্কৰ স্থানৰ সাল-সলনিৰ সৈতে জড়িত মূৰ-ঘূৰণি৷ আটাইতকৈ সৰহ সংখ্যক মূৰ-ঘূৰণিৰ কাৰণ হ’ল BPPV৷ ভূক্তভোগীয়ে প্ৰায়েই পুৱা শুই উঠি মূৰ ডঙাৰ লগে লগে নাইবা বিচনাৰ পৰা বহিবলৈ-উঠিবলৈ লওতেই তীব্ৰ মূৰ-ঘূৰণি অনুভৱ কৰে৷ বেচি সময়লৈ এনে অৱস্থা নাথাকে কিন্তু মাজে মাজে এনেকুৱা হৈ থাকে৷ বিভিন্ন পৰীক্ষা নিৰিক্ষা কৰি মূৰ-ঘূৰণিৰ অইন কাৰণ নাপালে ইয়াক চিনাক্ত কৰা যায়৷
নিম্ন ৰক্ত-চাপৰ (Low Blood Pressure ) ফলত হোৱা মূৰ-ঘূৰণি :- সচৰাচৰ আমাৰ ৰক্তচাপ ১২০/৮০ৰ ভিতৰত বা ওচৰা ওচৰি থাকিব লাগে৷ অৱশ্যে বয়স অনুসৰি এই নৰ্মাল লেভেলৰ কিছু তাৰতম্য হব পাৰে৷ মগজুলৈ অস্কিজেনযুক্ত ৰক্ত কঢ়িয়াই নিবৰ বাবেই এক উপযুক্ত ৰক্তচাপৰ শৰীৰক প্ৰয়োজন৷
আকৌ ৰক্তচাপ নিম্নগামী হ’বৰ নানান কাৰণ থাকিব পাৰে৷ উল্লেখযোগ্য কিছুমান কাৰণ হ’ল – এনিমিয়া বা ৰক্তত হিমগ্লবিনৰ পৰিমাণ কমি যোৱা, যি কোনো কাৰণতে হোৱা ৰক্তক্ষৰণ, ডিহাইড্ৰেচন (Dehydration ) বা শৰীৰত পানীৰ পৰিমাণ কমি যোৱা, হিট ষ্ট্ৰ’ক(Heat Stroke ) বা অতিপাত গৰমৰ ফলত হোৱা সজ্ঞাহৰণ৷ ডায়েৰিয়া বা হাগনি হলে শৰীৰৰ পানী শুকাই যায়৷ অতিমাত্ৰা বমি হলেও শৰীৰৰ পানী শুকাই যায়৷ গ্ৰীষ্মকালত পানী  বেচ কমকৈ খালে,গৰম বতৰৰ ফলত বেচিকৈ ঘামিলেও নাইবা জ্বৰ হলেও শৰীৰৰ পানী শুকোৱা দেখা যায়৷ আমাৰ দেশত গ্ৰীষ্মকালত ভাইৰেল গেষ্ট্ৰএন্টাৰাইটিচ ডিহাইড্ৰেচন কৰাৰ এক উল্লেখযোগ্য কাৰণ৷
নানান দৰবৰ পাৰ্শ্বক্ৰিয়াৰ ফলত ৰক্তচাপ নিম্নগামী হব পাৰে৷ এইবিলাকৰ ভিতৰত উল্লেখযোগ্য হ’ল – উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত বিটা ব্লকাৰ, ডাইয়ুৰেটিকচ্ আৰু এচ ইনহিবিটৰ, এনজাইনাৰ বাবে ব্যৱহৃত নাইট্ৰাইট, পুৰুষৰ যৌনশক্তিবৰ্দ্ধক ঔষধ আদি৷ মুঠতে চিকিৎসকৰ দায়িত্বত দৰব খালেও যি কোনো অসুবিধাৰ সন্মুখীন হলে চিকিৎসকক নিজৰ অৱস্থাটো অৱগত কৰোৱাৰ প্ৰয়োজন৷নিজে নিজে বা পূৰণি প্ৰেচক্ৰিপচন বা আনৰ প্ৰেচক্ৰিপচন চাই দৰব খোৱাতো অতি বিপদজনক ৷
একেদৰে এলক’হলৰ সেৱনে ৰক্তচাপ কমাব পাৰে৷ আকৌ কিছুমান মহিলাৰ গৰ্ভৱস্থাৰ ফলত এনিমিয়াহৈ বা আন হৰম’নৰ প্ৰভাৱতো ৰক্তচাপ কমিব পাৰে৷
ডায়েবেটিচ বা বহুমূত্ৰ ৰোগত মূৰ-ঘূৰণি তিনি প্ৰকাৰে হব পাৰে (১) তেজত চেনিৰ পৰিমাণ বেচিকৈ কমি যোৱাৰ বাবে (Hypoglycemia ) (২) তেজত চেনিৰ পৰিমাণ বেচিকৈ বাঢ়ি যোৱাৰ বাবে (Hyperglycemia) (৩) স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ বিজুতিৰ বাবে (Autonomic Nervous system disturbance )
থাইৰয়েড হৰম’নৰ বৃদ্ধিয়ে কৰে Thyrotoxicosis   আৰু হৰম’ন কমি গলে হয় Hypothyroidism ৷ দুয়োটা অৱস্থাতেই মূৰ-ঘূৰণি থাকে ৷ ইয়াৰ উপৰি এডিচনচ ডিজিজ নামৰ হৰম’নৰ বিজুতি ঘটা ৰোগৰ এবিধ লক্ষণ হ’ল মূৰ-ঘূৰণি৷

এতিয়া আহোঁ অন্ত:ৰ্কণৰ ৰোগৰ ফলত হোৱা মূৰ-ঘূৰণিলৈ৷
Acute Vestibular Neuritis: আন নাম লেবিৰিন্থাইটিচ ৷ কাণৰ ভিতৰ ভাগত হোৱা সংক্ৰমনৰ ফলত কেইবাদিনলৈ ৰোগীৰ বমি, ওকালি আৰু তীব্ৰ মূৰ-ঘূৰণি হৈ থাকে৷শ্ৰবণ শক্তি হঠাৎতে হ্ৰাস হয় আৰু ৰোগীয়ে কেইবাদিনো বিচনাত পৰি থাকিবলগীয়া অৱস্থা হয়৷সৌভাগ্যবশত: ৰোগ লাহে লাহে ক্ৰমাত নিজে নিজেই ভাললৈ আহে৷
মেনিয়াৰ্চ ডিজিজ (Meniere’s disease  ) : কাণৰ ভিতৰত থকা তৰল পদাৰ্থৰ তাৰতম্য ঘটাৰ ফলত প্ৰাপ্তবয়স্ক লোকৰ এই ৰোগ হয় ৷মূৰ-ঘূৰণি ৩০মিনিটৰ পৰা কেইঘন্টামানলৈ চলি থাকে আৰু লগতে কাণৰ ভিতৰত কিবা বাজি থকাৰ দৰে শব্দ হৈ থাকে৷
Acoustic Neuroma / Vestibular Schwannoma : কাণৰ ভিতৰত থকা অষ্টম ক্ৰেনিয়েল নাৰ্ভত হোৱা এই নিৰীহ টিউমাৰৰ ফলত মূৰ-ঘূৰণিৰ উপৰি কাণত শব্দ হৈ থাকে (Tinnitus ) আৰু শ্ৰবণ শক্তি হ্ৰাস পায়৷
মূৰ-ঘূৰণিৰ আৰু বহুতো কাৰণৰ চৰ্চা আগলৈ কৰি আছোঁ :
মাইগ্ৰেইনত (Migraine) ভোগা বহুতো ৰোগীয়ে দুটা এটেকৰ মাজত মূৰ-ঘূৰণিত ভোগে৷
মানসিক দু:শ্চিতাত ভোগা কিছু সংখ্যক ৰোগীৰ মূৰ-ঘূৰণি হয়৷
আগতে উল্লেখ কৰাৰ উপৰি অন্যান্য মূৰ-ঘূৰণি সৃষ্টি কৰিব পৰা ঔষধ কিছুমান হ’ল – মৃগীৰোগত ব্যৱহৃত দৰব, টোপনি আনিবলৈ আৰু মানসিক ৰোগত ব্যৱহাৰ কৰা দৰব, এলাৰ্জিৰ প্ৰতিকাৰৰ দৰব আদি ৷
হৃদযন্ত্ৰৰ মাংসপেশীৰ ৰোগ কাৰ্ডিঅ’মায়’পেথি, কলিজাৰ অনিয়মীয়া স্পন্দন বা কাৰ্ডিয়াক এৰিথমিয়া আদি ৰোগত কলিজাৰ পৰা মগজুলৈ তেজৰ প্ৰবাহ কম পৰিমাণে হোৱা হেতুকে ৰোগীয়ে মূৰ-ঘূৰণিত ভোগে৷
হাঁড়ৰ আৰু মাংসপেশীৰ ৰোগ যেনে অষ্টিঅ’আৰ্থাইটিচ,স্পণ্ডালাইটিচ  আদিত শৰীৰৰ ভৰ সহিব নোৱৰাৰ ফলটো মূৰ-ঘূৰণি হব পাৰে৷ আকৌ চাৰভাইকেল স্পণ্ডালাইটিচ জাতীয় অসুখত মস্তিষ্কলৈ তেজৰ প্ৰবাহ কিছু পৰিমানে বাধাগ্ৰস্ত হোৱাৰ বাবে মূৰ-ঘূৰণি হব পাৰে৷
বয়সিয়াল লোকৰ দৃষ্টিশক্তি হ্ৰাস পোৱা আৰু স্নায়বিক দুৰ্বলতাৰ(Peripherial Neuropathy)ফলত বেলেঞ্চ ঠিক ৰখাৰ অসুবিধাৰ হেতুকে মূৰ-ঘূৰণি হোৱা দেখা যায়৷
মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰৰ নানা অসুখ যেনে মাল্টিপল স্কেৰচিচ, চেৰিব্ৰেল হিম’ৰেজ(ষ্ট্ৰোক, পাৰকিনচনিজম, হাইড্ৰকেফেলাচ, চেৰিব্ৰেলাৰ এটেস্কিয়া, ৰাজহাঁড়ৰ স্পাইনেল কৰ্ডৰ অসুখ আাদিত মূৰ-ঘূৰণি এটি লক্ষণ হিচাপে থাকেই৷ ভেচ- ভেগেল এটেক / চিনক’প (Vasovagal Attack/ Syncope ) এবিধ সচৰাচৰ দেখা পোৱা অৱস্থা ৷  কোনো কাৰণত ভেগাচ নাৰ্ভ বেচিকৈ উত্তেজিত হোৱাৰ ফলত তেজৰ নলীবোৰ বহল (dilate)  হৈ পৰে আৰু হৃদযন্ত্ৰৰ গতি ধীৰ হৈ পৰে ফলত মস্তিষ্কলৈ তেজৰ চলাচল কমি যোৱাত ৰোগীজন মূৰ ঘূৰাই পৰি যায়৷ বহুত দেৰী পেৰেডৰ বাবে ঠিয়হৈ থকা জাকৰ মাজৰ পৰা দুই এজনৰ এনে হোৱা আপোনালোকে দেখিছে নিশ্চয়৷
” হায়পাৰ ভেন্টিলেচন চিনড্ৰম” নামৰ এক অৱস্থাত ৰোগীয়ে ঘন ঘনকৈ উশাহ লয় ৷ৰোগীয়ে  মানসিকভাবে অস্থিৰতাৰ উপৰি মূৰঘূৰণিত ভোগে৷
শ্বাই ড্ৰেগাৰ চিনড্ৰম ( Shy Dragger Syndrome ) নামৰ এবিধ কমকৈ দেখা পোৱা ৰোগত মূৰঘূৰণিৰ কাৰণ হ’ল Postural Hypotension অৰ্থাৎ আগতে বৰ্ণনা কৰাৰ দৰে ৰোগীয়ে শোৱাৰ পৰা উঠিলে মূৰঘূৰণি অনুভৱ কৰে৷ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ বিজুতিৰ ফলত এনে ৰোগীৰ হৃদগতি,ৰক্তচাপ আৰু মল-মূত্ৰৰ নিস্কাসনত বিজুতি ঘটে৷

গতিকে চমুকৈ কবলৈ হলে মূৰ-ঘূৰণিৰ কাৰণ এশ এটা হ’ব পাৰে৷ ভূক্তভোগীয়ে এই লক্ষণক সাধাৰণ বুলি অৱহেলা নকৰি চিকিৎসকৰ ওচৰত নিজৰ শৰীৰটো পৰীক্ষা কৰাই ল’ব লাগে৷ মেডিচিন বিভাগৰ পৰা আৰম্ভ কৰি বিভিন্ন বিশেষজ্ঞৰ – নিউৰ’লজি, এণ্ডক্ৰাইনলজি,  মনোৰোগ, কাণ নাক ডিঙিৰ বিশেষজ্ঞ বা চাৰ্জনৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে৷ ৰোগীৰ হিস্ত্ৰি শুনাৰ পিছত চিকিৎসকে শৰীৰৰ বিভিন্ন প্ৰণালী সমূহ চাই থাৱৰ কৰিব তেওঁৰ কি কি লেবৰেটৰীৰ পৰীক্ষাৰ প্ৰয়োজন৷ আজিকালি চিটি আৰু এম আৰ আইৰ দৰে পৰীক্ষাৰ যোগেদি ৰোগ চিনাক্তকৰণ সহজ হৈ পৰিছে৷ প্ৰয়োজন মাথো সুক্ষ্মভাবে ৰোগীক মনোযোগেৰে অধ্যয়ণ কৰাৰ ৷ ৰোগৰ কাৰণ নিৰ্মূল কৰাটোৱেই হব লাগে মূৰঘূৰণিৰ চিকিৎসাৰ লক্ষ্য৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!