মেচকা টেঙা জেলি কেক- ফুলুমা গোস্বামী

 

সামগ্ৰী- মেচকা টেঙাৰ গুটি ৫০০ গ্ৰাম, চেনি আধা কাপ বা সোৱাদ অনুযায়ী, ডালচেনি সৰু এপাত, জিলেটিন ডেৰ চামুচ, নিমখ সোৱাদ অনুযায়ী৷

প্ৰণালী- জিলেটিনখিনি অলপ পানীত তিয়াই থৈ দিয়ক৷ মেচকা টেঙাৰ গুটিবোৰ ভালদৰে ধুই ওপৰৰ পাতল ৰঙা ‌অংশখিনি ৰাখি ভিতৰৰ গুটিটো পেলাই দিব৷ এটা কেৰাহীত এককাপ পানী দি মেচকা টেঙাখিনি সিজিবলৈ দিব লগত ডালচেনিৰ টুকুৰাটোও দিব৷ ভালদৰে সিজিলে জুইৰ পৰা নমাই টেঙাখিনি চেকি ৰসখিনি ৰাখি সিঠাবোৰ পেলাই দিব৷ এতিয়া কেৰাহীটো আকৌ পাতি টেঙাৰ ৰসখিনি উতলিবলৈ দি নিমখ আৰু চেনি দি একেৰাহে অলপ সময় লৰাই থাকিব৷ মিশ্ৰণটো ঘন হৈ আহিলে জিলেটিনখিনি দি এক মিনিট লৰাই জুই নুমুৱাই আকৌ কিছু সময় লৰাই থাকিব৷ মিশ্ৰণটো কিছু ঠাণ্ডা হ’লে বাতিত ভৰাই ৩-৪ ঘণ্টামান ফ্ৰীজত থৈ দিব জেলি হবলৈ৷ লুচিৰ লগত অথবা এনেয়েও খাবলৈ খুব তৃপ্তিদায়ক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!