মেচেঞ্জাৰ (-কন্দৰ্প কুমাৰ নাথ)

দূৰদৰ্শন, এটা যন্ত্ৰ – এই কথাছবিখন যিসকলে চাইছে তেওঁলোকে সেই সময়ৰেই এটি প্ৰেম কাহিনী কল্পনা কৰক৷ এটি সঁচা কাহিনী৷

নায়ক নায়িকাৰ দূৰ্বাৰ প্ৰেম৷ তেতিয়াতো আৰু ম’বাইল ফোন, হোৱাটচ্ আপ, ফে’চবুক আদি নাছিল৷ চিঠিৰেই মনৰ কথাৰ আদান প্ৰদান হৈছিল৷ কিন্তু চিঠিখন প্ৰেৰণ কৰাটোও এটা মহা সমস্যাৰ বিষয় আছিল৷ ঘৰৰ পৰিয়ালে গম পাব বুলি যাকে তাকে দি পঠাবও নোৱাৰি৷ কিছুমানে বাটৰ কচুৱনিত বা বনৰ মাজত চিঠি পোষ্ট কৰি গৈছিল, কিছুমানে হেঙাৰৰ গোঁজতে, আকৌ কিছুমানে গছৰ খোৰোঙতে সুমুৱাই থৈ গৈছিল৷ তাতো কেতিয়াবা পায়, কেতিয়াবা নেপায়েই৷ কেতিয়াবা বৰষুণ বা নিয়ৰত তিতি নষ্ট হৈ যায়, কেতিয়াবা কোনোবা অঘাইটঙে লৈ যায়৷ চিঠিৰ উত্তৰ নাপালে আকৌ কিমান যে মান-অভিমান, ওফন্দা-ওফন্দি৷ সেয়াও এটা নতুন অধ্যায়ৰ আৰম্ভণি৷ মুঠতে চিঠিখনক লৈ কিমান যে আহুকালৰ সৃষ্টি হৈছিল কৈ ওৰ পেলাব নোৱাৰি৷ কিছুমানে মেচেঞ্জাৰৰ সহায় লৈছিল৷ ইজনৰ চিঠিখন মেচেঞ্জাৰে লৈ গৈ সিজনক দিয়ে, আকৌ সিজনৰ চিঠিখন মেচেঞ্জাৰে লৈ আহি ইজনক দিয়ে৷ এনেদৰেও বহুত সফল বা বিফল প্ৰেম কাহিনীৰ উদাহৰণে সেই সময়ত বন্ধুমহলৰ আড্ডাবোৰ গৰম কৰি তুলিছিল৷
messanger_kandarpa-nath_sanitized
কিন্তু, কাহিনীৰ নায়ক নায়িকাৰ সেইবোৰ একোৰে ওপৰত ভৰষা নাই৷ ‘end to end encryption’ৰ সুবিধা নাই সেইবোৰ পদ্ধতিত৷ মেচেঞ্জাৰৰ ওপৰত বিশ্বাস একেবাৰেই কম৷ বহু সময়ত মেচেঞ্জাৰেও বিশ্বাসঘাতকতা কৰাৰ প্ৰমাণ পাই গৈছে৷ চিঠিৰ আদান প্ৰদান কৰোতে নায়িকাই অৱশেষত মেচেঞ্জাৰৰ সৈতে পলাই যোৱাৰো উদাহৰণ নিজে দেখিছে৷
সেইবাবেই বিকল্প উপায় ভাবি ভাবি অৱশেষত নায়কে ‘end to end encryption’ সুবিধাযুক্ত মেচেঞ্জাৰ আৱিষ্কাৰ কৰিলে৷

নায়িকাই পঢ়িছিল এখন ছোৱালী হাইস্কুলত, আনহাতে নায়ক পঢ়িছিল ওচৰৰে নায়িকাৰ দেউতাকে শিক্ষকতা কৰা হাইস্কুলতখনতে৷ সহজ সৰল দেউতাক, সহজ সৰল চাৰ৷ চাইকেলেৰে স্কুললৈ অহা যোৱা কৰে৷ অৱশেষত সিহঁতে দেউতাককেই মেচেঞ্জাৰ নিয়োগ কৰাৰ সিদ্ধান্ত ল’লে৷
নায়িকাই চিঠি লিখি দেউতাকৰ চাইকেলৰ চিটৰ তলত পোষ্ট কৰে৷ স্কুলত নায়কে চাৰৰ চাইকেলৰ চিটৰ তলৰ পৰা ৰিচিভ কৰি পুনৰ নায়কে চিটৰ তলত নিজৰখন চেন্দ কৰে৷ এইদৰেই চিঠিৰ আদান প্ৰদানেৰে এটা সফল প্ৰেমৰ পৰিসমাপ্তি ঘটে৷ মেচেঞ্জাৰে গমেই নাপালে যে জীয়েক আৰু জোঁৱায়েকৰ চিঠিবোৰ তেওঁৱেই সদায় অনা-নিয়া কৰিছিল৷

পিছত নায়ক নায়িকাৰ মুখেৰেই প্ৰকাশ হোৱা এই প্ৰেম কাহিনীটোৱে আমাৰ বন্ধুমহলৰ আড্ডাবোৰ বেছ জমাই উঠিছিল৷

কি যে দিন আছিল! ! আজিৰ প্ৰেমিক প্ৰেমিকাবোৰ বৰ সৌভাগ্যৱান বুলিয়েই ক’ব লাগিব৷
***

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!