মেডিকেল কলেজৰ হাঁহি চকুলো: ডা° দীপুল চন্দ্ৰ হালৈ

মেডিকেল কলেজৰ হাঁহি চকুলো

ডা° দীপুল চন্দ্ৰ হালৈ

২১//
জখলাবন্ধা তোমালৈ মনত পৰে :
নতুন ছাত্ৰাবাসৰ ৫নং হোষ্টেললৈ উঠি যোৱা চিৰি কেইটাৰ কাষৰ বেৰখন এঙাৰেৰে লিখা আছে “ Welcome to JAKHALABANDHA’’ – জখলাবন্ধালৈ স্বাগতম | মনত প্ৰশ্ন জাগিছিল হোষ্টেলত আকৌ জখলাবন্ধা ! জখলাবন্ধাটো এখন চহৰৰ নাম | তাতেই পৰিচয় শেষ নহয় – সদা ব্যস্ত সংগীতময় চঞ্চলা এখন চহৰ | য’ত দিন নাই ৰাতি নাই সকলো সময়তে বাজি থাকে শেহতীয়াৰ পৰা পূৰণা গীত | কেতিয়াবা যদি জুবিন গাৰ্গৰ কেতিয়াবা কুমাৰ ভবেশৰ গীত | ভূপেনদাৰ গীতৰ কথাটো কবইয নালাগে | দুখৰ গীত কেতিয়াও পাচে বজা নুশুনোঁ | যেতিয়া নাইট চুপাৰত ডিব্ৰুগড়ৰ পৰা ঘৰলৈ গৈছিলোঁ এই গীতিময় জখলাবন্ধাতেই গাড়ীবোৰ ৰৈছিল| সকলো যাত্ৰীয়ে ভাত চাহ খায় | বজাৰ কৰে | কেছেট কিনে | আমিও ইয়াতেই প্ৰায়েই ভাত খাইছিলো- ধোৱাই থকা মোটা চাউলৰ গৰম ভাত | গাড়ীবোৰ ৰ’লে হোটেলৰ ল’ৰাবোৰৰ গাত তত নাইকিয়া হয় | ভাত দিয়াই ভাত দিয়ে টেবুল মোছাই টেবুল মছে আৰু বাছন ধোৱাই বাছন ধোৱে | মালিকে নিৰ্বিকাৰ ভাবে পইটছা লয়- যেন বেংকৰ কেচিয়াৰহে | বাহিৰত বাজি থাকে উত্তাল সংগীত | বাজি থকা গীতৰ কেছেট বিচাৰি যাত্ৰীয়ে দোকানীক ফৰ্মাইছ দিয়ে | চিলঙৰ কঙেও ইয়াত চাহ ভাত খায় মিজোৰামৰ মামিয়েও ভাত খায় আপেল চোবায় আৰু নগা পাহাৰৰ নাগিনীয়ে পেট পুৰায় | এয়াই জখলাবন্ধা | ভাল লাগিছিল এই উত্তাল গতিময়তা | নিশাও নুশুৱা এয়াই জখলাবন্ধা | আমাৰ হোষ্টেলৰ ওপৰত কোৱা লিম্বটোৰো এক মিল আছে জখলাবন্ধাৰ লগত কাৰণ তাত কোনো আবাসীৰ ৰুমত অহৰহ বাজি থাকে গীত | সেয়ে চাগে কোনোৱে লিখি দিলে -জখলাবন্ধালৈ স্বাগতম |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!