মোবাইল প্ৰচেছৰৰ বিষয়ে কিছু কথা – চন্দন কাকতি

প্ৰচেছৰক মোবাইলৰ ব্ৰেইন বুলি কোৱা হয়৷ আমি বিচৰা যিকোনো কাম প্ৰচেছৰৰ যোগেদিয়ে সম্পন্ন হয়৷ যেনে আমাৰ মোবাইলত ব্যৱহাৰ হোৱা এন্দ্ৰইড OS প্ৰচেছৰৰ সহায়তহে সক্ৰিয় হয়, আৰু যেতিয়া আমাৰ মোবাইলত কোনো এপ্লিকেচন বা Function এ কাম কৰে তেতিয়া ইয়ো প্ৰচেছৰৰ বাবেহে সম্ভৱ হয়৷

প্ৰচেছৰৰ বিষয়ে বিতংভাৱে জানিবলৈ হলে 4টা বিষয়ৰ ওপৰত আমাৰ জ্ঞান থকাটো প্ৰয়োজন৷

Architecture: Architecture ৰ মানে হ’ল প্ৰচেছৰ সাজিবলৈ ব্যৱহাৰ কৰা নক্সা বা ডিজাইন৷ এই নক্সাৰ ওপৰত নিৰ্ভৰ কৰিয়ে সম্পূৰ্ণ প্ৰচেছৰটো নিৰ্মাণ কৰা হয়৷ ARM ( Advanced RISC Machine ) নামৰ কোম্পেনীটোৱে মোবাইল প্ৰচেছৰৰ বাবে Architecture সাজে৷ ARM কোম্পেনীয়ে প্ৰচেছৰ নিৰ্মাণ কৰা কোম্পেনীক এই Architecture ৰ ওপৰত প্ৰচেছৰ নিৰ্মাণ কৰিবলৈ লাইচেন্স প্ৰদান কৰে৷ সময়ৰ লগে লগে এই প্ৰচেছৰসমূহক আৰু অধিক শক্তিশালী কৰিবলৈ ARM ৰ তৰফৰ পৰা নতুন নতুন Architecture বিকশিত কৰা হয়৷ গতিকে যিমানেই নতুন ডিজাইন হয় সিমানেই প্ৰচেছৰটো শক্তিশালী হয়৷
কিছুমান Architecture যেনে – Cortex A5, A7, A9, A11, A15, A52, A72 আদি৷

প্ৰযুক্তি: প্ৰচেছৰ এটা কিমান শক্তিশালী হ’ব এই কথাটো বহুপৰিমাণে নিৰ্ভৰ কৰে প্ৰচেছৰটো নিৰ্মাণ কৰা প্ৰযুক্তিৰ ওপৰত৷
Architecture ৰ ওপৰত নিৰ্ভৰ কৰি প্ৰচেছৰ নিৰ্মাণ কৰা কোম্পানী বোৰে নেন’ প্ৰযুক্তিৰ সহায়ত প্ৰচেছৰ নিৰ্মাণ কৰে৷ প্ৰচেছৰ নিৰ্মাণ কৰিবলৈ নেন’ Transistor ৰ প্ৰয়োগ কৰা হয়৷ বৰ্তমান সময়ত 28-10 নেন’মিটাৰ Transistor যুক্ত প্ৰচেছৰ উপলব্ধ৷ ইয়াত Transistor ৰ আকাৰ যিমানে কম হয় সিমানে প্ৰচেছৰ শক্তিশালী হয়৷ অৰ্থাৎ 10 নেন’মিটাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা প্ৰচেছৰ 28 নেন’মিটাৰতকৈ শক্তিশালী হব৷

Core ৰ সংখ্যা: Core ৰ সংখ্যাৰ ওপৰতো প্ৰচেছৰ এটাত কাৰ্য্যাদক্ষতা বহুখিনি নিৰ্ভৰ কৰে৷ বৰ্তমান সময়ত 2, 4, 6, 8, 10 আদি বিভিন্ন core যুক্ত প্ৰচেছৰ উপলব্ধ৷ core ৰ সংখ্যা যিমানে বেছি হব সিমানে প্ৰচেছৰো শক্তিশালী হব৷ কিন্তু এইক্ষেত্ৰত ইয়াৰ Architecture আৰু প্ৰযুক্তিও শেহতীয়া হব লাগিব৷

Frequency: ইয়াক GHz সহায়ত মপা হয়৷ ইয়াক CPU ৰ clock স্পীদ বুলিও কোৱা হয়৷ প্ৰচেছৰৰ ভিতৰত এক বিশেষ প্ৰকাৰৰ ঘড়ী থাকে যিয়ে এক ছেকেণ্ডত সম্পূৰ্ণ কৰা কম্পনৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ Clock স্পীদ নিৰ্ণয় কৰা হয়৷ যদি কোনো প্ৰচেছৰৰ ওপৰত 2.1GHz লিখা থাকে তেতিয়া এই 2.1GHz টো প্ৰচেছৰটোৰ Clock স্পীদ হব৷ অৰ্থাৎ প্ৰচেছৰটোৱে এক ছেকেণ্ডত 2.1×1000000000 = 21000000000 বাৰ কম্পন কৰিব বা 21000000000 KB ডাটা গণনা কৰিব পাৰিব৷

বৰ্তমান সময়ত Mediatek, Qualcomm, Intel, Samsung আৰু Huawei কোম্পানীৰ মোবাইল প্ৰচেছৰ পোৱা যায়৷

Qualcomm: Qualcomm মোবাইল প্ৰচেছৰ সজা এটা বৃহৎ কোম্পানী৷ ইয়াত এড্ৰিনো GPU ব্যৱহাৰ কৰা হয়৷ Qualcomm ৰ প্ৰচেছৰ উন্নত মানদণ্ডৰ আৰু বেছিভাগ উন্নত মানদণ্ডৰ ফোনত ইয়াক ব্যৱহাৰ কৰা হয়৷

Samsung: Samsung য়ে সজা প্ৰচেছৰৰ নাম হ’ল Exynos . ইয়াক মাত্ৰ Samsung ৰ ফোনতহে ব্যৱহাৰ কৰা হয়৷ এই প্ৰচেছৰবোৰ উন্নত মানদণ্ডৰ৷

Intel Atom: ইয়াক অতি কমসংখ্যক ফোনতহে ব্যৱহাৰ কৰা হয়৷ যেনেঃ Asus Zenfone

Huawei Kirin: Huawei ৰ কিৰিন প্ৰচেছৰ সমূহ Huawei ৰ ফোনত ব্যৱহাৰ কৰা হয়৷ ইয়াত Mali ৰ GPU ব্যৱহাৰ কৰা হয় ৷

Mediatek: ARM ৰ Architecture ত নিৰ্মিত Mediatek প্ৰচেছৰ সমূহত Mali ৰ GPU ব্যৱহাৰ কৰা হয়৷ সাধাৰণতে Mediatek প্ৰচেছৰ সমূহত অধিক Core দেখিবলৈ পোৱা যায়৷ কম মূল্যৰ বেছিভাগ ফোনতে Mediatek প্ৰচেছৰ দেখা যায়৷ এই প্ৰচেছৰ সমূহ অন্য প্ৰচেছৰৰ তুলনাত তুলনামূলক ভাবে অনুন্নত৷

মোবাইল এটা লোৱাৰ সময়ত প্ৰচেছৰৰ দিশটো বেছিকৈ গুৰুত্ব দিব লাগে৷ কাৰণ প্ৰচেছৰৰ ওপৰতে ফোনটোৰ কাৰ্য্যাদক্ষতা নিৰ্ভৰ কৰে৷ এইক্ষেত্ৰত ফোনটো হেং হোৱা, গৰম হোৱা আদি ফোনটোৰ প্ৰচেছৰৰ ফলতেই হয়৷ কেমেৰা বা ডিজাইনক গুৰুত্ব দি ফোন কেতিয়াও লব নালাগে, যদিহে আপুনি ফোনটোৰ কাৰ্যদক্ষতাৰ দিশটো গুৰুত্ব দিয়ে৷

■■■

2 thoughts on “মোবাইল প্ৰচেছৰৰ বিষয়ে কিছু কথা – চন্দন কাকতি

  • December 1, 2020 at 7:04 am
    Permalink

    ভাল লিখনি। actually ইণ্টাৰনেটত অসমীয়া ভাষাত এনে লিখনি খুব কম। এয়া এক ধৰণৰ অভাৱ। আমি আমাৰ ফালৰ পৰাও এই অভাৱ পূৰাবলৈ কিঞ্চিত চেষ্টা কৰিছোঁ। সহৃদয় পাঠক সকলে ওপৰত উল্লেখিত ৱেবছাইটত এভুমুকি মাৰিব পাৰে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!