মোবাইল ফোনটিৰ ব্য‌ৱহাৰ -অৰুণজ্যোতি দাস

আপুনি নিশ্চয় আচৰিত হয়, কেনেকৈ আপোনাৰ সন্তানটিয়ে মোবাইল ফোনটিৰ ব্য‌ৱহাৰৰ বিষয়ে আপুনি নজনা হাজাৰটা কথা জানে! আৰু সেই কথা চাগে’ অতি গৌৰ‌ৱেৰে আনৰ আগত কৈয়ো ভাল পায়৷ ভাল লাগিবৰ কথাই দিয়কচোন- আপুনি ঠিক এনেদৰেই ভা‌‌ৱিছে যে, যুগৰ লগত মিলিব পৰাকৈ সি বা তাই বেছ্ ‘স্মাৰ্ট’ হৈছে- আপোনাৰ দৰে ভোটা বুদ্ধিৰ অন্ত: ত হো‌ৱা নাই! ‘স্মাৰ্ট’ হো‌ৱা বা আন দহজন সমনীয়াতকৈ অতি সহজে কথাবোৰ আয়ত্ত কৰিব পৰাটো অতিকৈয়ে প্ৰশংসনীয় গুণ, সঁচা৷ কিন্তুু সা‌ৱধান- আপুনি ভ‌ৱা এই ‘স্মাৰ্টনেছে’ এদিন আপোনাৰ সন্তানক বিপথে পৰিচালিত নকৰিলেই ৰক্ষা! বিপথে নিয়াতো হয়তো আপত্তি নাথাকিব, যদিহে সি বা তাই সেই পথেৰে যাবলৈ অন্ত: ত জীয়াই থাকে! হয়, শুনিবলৈ অতি হৃদয়-বিদাৰক; কিন্তুু এইটোয়ে এতিয়া নিৰ্মম বাস্ত‌ৱ হৈ পৰিছে যে, আপুনি মৰমতে গান এটা শুনিবলৈ বা চাবলৈ দিয়া মোবাইল ফোনটো‌ৱে, বা বিদ্যালয়ৰ প্ৰকল্পৰ কাম কৰিবলৈ বুলি ঘৰত কিনি দিয়া কম্পিউটাৰ তথা ইণ্টাৰনেটে এতিয়া আপোনাৰ সন্তানটিক আপোনাৰপৰা আঁতৰাই লৈ যাব পাৰে অতি দূৰলৈ- য’ৰপৰা সি বা তাই ঘূৰি অহাৰ আশা আৰু নাই৷
আৰ্জেণ্টিনাত ৩টা, ব্ৰাজিলত ১৯ টা, চিলিত ৩ টা, চীন, কলম্বিয়া, জৰ্জিয়াত একোটাকৈ ঘটনাৰ লগতে ভেনেজু‌ৱেলা, উৰুগু‌ৱে, আমেৰিকা, ৰাছিয়া, পৰ্তুগাল, কেনিয়া, পাৰাগু‌ৱে, ইটালী ইত্যাদি দেশত মুঠ দেৰ শতাধিক ঘটনা সংঘটিত হো‌ৱাৰ পাছত শেহতীয়াকৈ আমাৰ ভাৰততো এতিয়ালৈকে মুঠ সাতোটা ঘটনা ঘটিছে৷ যো‌ৱা ২৬ জুলাই তাৰিখে কেৰালাৰ তিৰু‌ৱনন্তপুৰমৰ এটি ১৬ বছৰীয়া শিশু‌ৱে আত্মহননৰ দৰে কুকৰ্ম কৰিবলৈ বাধ্য হয়৷ ল’ৰাটিৰ মাকে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে যে যো‌ৱা ৯ মাহ ধৰি ল’ৰাটিয়ে এটা গে’ম খেলিবলৈ লয়৷ আৰু মাকে যথেষ্ট চেষ্টা কৰিও তাক সেই গে’মৰপৰা আঁতৰাব পৰা নাছিল৷ সি এবাৰ কৈছিল যে তাৰ মৃত্যুৰ বাবে যেন মাকে-দেউতাকে কাহানিও দুখ প্ৰকাশ নকৰে৷ মাকে মাজতে এবাৰ গম পাইছিল যে তেওঁৰ ল’ৰাই প্ৰায়ে মাজৰাতি কবৰস্থান আৰু সমুদ্ৰতীৰলৈ গৈছিল৷ ইয়াৰোপৰি ল’ৰাটিয়ে কম্পাছেৰে নিজৰ হাতত খুঁচি তেজ উলিয়াই কিবা নক্সা আঁকি লৈছিল৷ সেইদৰে, যো‌ৱা ৩০ জুলাই তাৰিখে মুম্বাইৰ অন্ধেৰী অঞ্চলত এটি ১৪ বছৰীয়া শিশু‌ৱে পাঁচ মহলীয়া ভ‌ৱনৰপৰা জাপ দি আত্মহত্যা কৰে৷ এই ঘটনাটোত পুলিছে অ‌ৱশ্যে শিশুটিয়ে গে’ম খেলাৰ কোনো শুংসূত্ৰ নাপালে৷ যো‌ৱা ১০ আগষ্ট তাৰিখে সপ্তম শ্ৰেণীৰ এটি ছাত্ৰই মধ্য-প্ৰদেশৰ ইন্দোৰত অ‌ৱস্থিত ছামেলি দে‌ৱ পাব্লিক স্কুলৰ ৩য় মহলাৰপৰা জপিয়াবলৈ লওঁতে সমনীয়াই টানি আনি বচায়৷ এই শিশুটিয়ে তাৰ বিদ্যালয়ৰ দিনলিপিত এটা গে’মত উল্লিখিত ৫০ টা পদক্ষেপ সম্পূৰ্ণ কৰা বুলি লিপিবদ্ধ কৰা পো‌ৱা গৈছে৷ দহ আগষ্টৰে আন এটি ঘটনাত এটি ১৪ বছৰীয়া শিশু ঘৰৰ পৰা নিৰুদ্দেশ হ‌ো‌ৱাৰ পাছত পুলিছে তাক তাৰ ঘৰ চোলাপুৰৰ পৰা পুণেলৈ এখন বাছত অকলে গৈ থকা অ‌ৱস্থাত উদ্ধাৰ কৰে৷ মাক-দেউতাকে ল’ৰা হেৰো‌ৱাৰ পাছতহে অনুসন্ধান কৰি গম পায় যে সিও এটা গে’মৰ মায়াজালত আ‌ৱদ্ধ আছিল৷ অন্যহাতে যো‌ৱা ১২ আগষ্ট তাৰিখে পশ্চিমবংগৰ পশ্চিম মেদনাপুৰ জিলাত এজন দশম শ্ৰেণীৰ ছাত্ৰই নিজৰ গা ধো‌ৱা ঘৰতে আত্মহত্যা কৰে৷ সেই সময়ত তাৰ মুখমণ্ডল এটা প্লাষ্টিক বেগেৰে ডিঙিলৈকে বায়ুৰুদ্ধ কৰি বন্ধা অ‌ৱস্থাত পো‌ৱা গ’ল৷ ১৬ আগষ্টতো কেৰালাৰ এজন ২২ বছৰীয়া ডেকাই নিজৰ আত্মহত্যাৰ বাবে এটা নিৰ্দিষ্ট গে’ম দায়ী বুলি লিখি থৈ গৈছে৷ আৰু সৌ সিদিনা আমাৰ গু‌ৱাহাটীৰ নাৰেংগীত এজন স্কুলীয়া ছাত্ৰই হাতত ব্লেডেৰে ছ‌ৱি আঁকি মৰণফাণ্ডত ভৰি দিয়াৰ কথা প্ৰমাণিত কৰিছে৷
ভাষাৰে বুজাব নো‌ৱাৰিম, কিমান দুখী হ’ব চাগে’ সেই মাক-বাপেকহাল যিয়ে নিজে জন্ম দিয়া এটি সন্তানৰ এনে অপমৃত্যুৰ ছ‌ৱি নিজৰ জী‌ৱনকালতে দেখিবলৈ পায়৷ কিন্তুু কিবা এটা দুৰ্ঘটনা ঘটি যো‌ৱাৰ পাছত কে‌ৱল ফেঁকুৰি উঠিলেইতো নহ’ব- আমি কাহানিবা নিজকে সুধি চাইছো নে যে আমাৰ সন্তানটিয়ে তাৰ নিজৰ দুনীয়াত কি কৰি আছে, আমি তাৰ ভু-ভা লো‌ৱাটো উচিত নে অনুচিত বুলি? কেতিয়াবা সি বা তাই মোবাইলত কি কি কৰে আমি তাৰ হিচাপ ৰাখিবলৈ চেষ্টা কৰিছো নে? আমি জনা উচিত যে সাধাৰণ মোবাইলটোতে উপলব্ধ হো‌ৱা এই ‘ইণ্টাৰনেট’ নামৰ বস্তুটো‌ৱে যিমান খিনি ভাল উপাদান আমাক দিয়ে, সেই একেদৰেই সি অলেখ-অজস্ৰ অতি বেয়া উপাদানেৰেও ভৰপূৰ৷ গতিকে আমাৰ সন্তানে ভালখিনি লো‌ৱাৰ নামত কিমান বেয়ালৈ গতি কৰিছে তাৰ তথ্য আমাৰ হাতত মজুত থকাটোও আজিৰ সময়ত অতিকৈ জৰুৰী হৈ পৰিছে৷ এনে কৰিবলৈ যাওঁতে কোনখিনি কাম কিমান বেয়া সেই কথাটোও অ‌ৱশ্যেই আমি জানিব লাগিব৷ ইণ্টাৰনেটৰ প্ৰচলনে আমাৰ ল’ৰা-ছো‌ৱালীক অতি কম বয়সতে অপৰিপক্ব যৌন-শিক্ষাৰ পাঠ দি অভিজ্ঞ কৰি তুলিছে যে সেই কথা এটা গোপন সত্য বুলি আমি স্বীকাৰ কৰো৷ এই বিষয়ে আমি আটায়ে জানো৷ কিন্তুু আমি চাব লাগিব যে, আমাৰ সন্তানটি এই যৌন-জ্ঞানৰ দুৰ্বলতাত পৰি নৈতিকভা‌ৱে স্খলিত হৈছে নেকি বা সি বা তাইৰ কোনো শাৰীৰিক অ‌ৱক্ষয় হৈছে নেকি৷ এই কথাবোৰত আমাৰ অভিভা‌ৱকসকল কম-বেছি পৰিমাণে সচেতন বুলিয়েই ক’ব লাগিব৷ কিন্তুু গে’ম খেলাৰ ক্ষেত্ৰত? আমিটো কাহানিও ভ‌ৱাই নাই যে গে’ম খেলিও এটা ল’ৰা নষ্ট হ’ব পাৰে, ধ্বংস হ’ব পাৰে! হয়, এতিয়াৰপৰা আপুনি আপোনাৰ সন্তানক গে’ম খেলাৰ পৰা কিছু আঁতৰাই আনিব লাগিব৷ আমি এদিন লিখিছিলো – “আইপড, মোবাইল ফোন, ভিডিঅ’ গেমত ব্যস্ত শিশুটিৰ অপেক্ষাত আজি বাহিৰৰ ঝুলনাৰ ৰচীকেইডাল অকলেই দুলি থাকে বতাহত ”৷ তাক ঘৰৰ ভিতৰৰ এই ভিডিঅ’ গে’ম- কম্পিউটাৰ গে’মৰ সলনি মুকলি বতাহৰ তলত মুকলি মনে খেলিবলৈ এৰি দিয়ক – ধূলি বালি লাগি সিও জী‌পাল হৈ এই পৃথি‌ৱীৰ প্ৰেমিক হওক, কোনো যান্ত্ৰিক মায়ানগৰীৰৰ অন্ধ ভক্ত সি নহওক৷
কম্পিউটাৰ গে’মে ল’ৰা-ছো‌ৱালী সমূলি ধ্বংস কৰে বুলি একে আষাৰে ক’লেও ভুল হ’ব৷ কিয়নো, সেয়াই হো‌ৱাহ’লে আজি আই.আই.টি. গু‌ৱাহাটীৰ দৰে শিক্ষানুষ্ঠানত নিৰ্দিষ্ট গে’ম বিশেষৰ প্ৰতিযোগিতা নহ’লহেঁতেন৷ হয়, এই কথা অনস্বীকাৰ্য যে কিছুমান গে’মে আমাৰ মগজুৰ সুপ্ত কোষ বোৰকো জাগৃত কৰি সক্ৰিয় কৰিব পাৰে৷ উপযুক্ত অনুশীলনে মগজুৰ উত্তৰণ ঘটাব পাৰে৷ উদাহৰণস্বৰূপে, কম্পিউটাৰ, মোবাইল ফোন বা টেবলেটততো উপলব্ধ হো‌ৱা দবা খেলৰ দৰে গে’মে ল’ৰা-ছো‌ৱালীৰ চিন্তা-শক্তিৰ অভূতপূৰ্ব উৎকৰ্ষ সাধন কৰিব পাৰে৷ পাজল, কুইজ, ব্ৰেইন-টিজাৰ, শব্দ-শৃংখল আদিৰ গে’মে নিসন্দেহে ল’ৰা-ছো‌ৱালীক মেধা‌ৱী হিচাপে গঢ়ি তোলাত সহায় কৰে৷ কিন্তুু আন কিছুমান গে’ম আছে যিবোৰৰ প্ৰতি ল’ৰা-ছো‌ৱালী সততে আকৰ্ষিত হয়, সেইবোৰে সিঁহতৰ কে‌ৱল চকু নতুবা মনৰহে মনোৰঞ্জন দিব পাৰে৷ এনে গে’ম বেছিকৈ খেলাৰ ফলত চকু অনিষ্ট হো‌ৱাৰ লগতে ল’ৰা-ছো‌ৱালীবোৰ এলেহু‌ৱা আৰু সৃজনী শক্তিৰ অভা‌ৱী হয়৷ আন কিছুমান গে’ম আছে যিবোৰ চৰম ৰোমাঞ্চকৰ, দু: সাহসিক আৰু অভিযানমুখী হয়৷ এই ধৰণৰ গে’মেও খেলোতাজনক বাস্ত‌ৱ জগতৰপৰা আঁতৰাই নি ভাবুক, অত্যন্ত জেদী আৰু কাহানিবা বদমেজাজীও কৰি তোলে৷ এনে গে’মৰ প্ৰতি আসক্ত হ’লে ল’ৰা-ছো‌ৱালীৰ অপৰাধ-প্ৰ‌ৱণতা বাঢ়ে৷ সন্ত্ৰাসবাদী কাৰ্য-কলাপত ন-প্ৰজন্মই আগ-ভাগ লো‌ৱাৰ দৰে বেয়া প্ৰভা‌ৱো এই গেমবোৰৰে পাৰ্শ্বক্ৰিয়া বুলিব পাৰি৷ এনে অভিযান-ভিত্তিক গে’ম খেলি ভালপো‌ৱা ল’ৰা-ছো‌ৱালীয়েই সাধাৰণতে ‘ব্লু-হো‌ৱেল ছেলেঞ্জ’ নামৰ মৃত্যুৰ বিভিষীকা কঢ়িয়াই অনা গে’মটোৰো প্ৰতি আকৰ্ষিত হ’ব পাৰে৷
এই ‘ব্লু-হো‌ৱেল’ গে’মটো আচলতে এটা অনলাইন গে’ম৷ ‘ফিলিপ বুডেকিন’ নামৰ ৰাছিয়াৰ মনোবিজ্ঞানৰ ছাত্ৰ এজনে ইয়াক উদ্ভা‌ৱন কৰি বৰ্তমানে কাৰাগাৰৰ ভাত খাই আছে৷ তেওঁৰ মতে এই পৃথি‌ৱীত হেনো হাজাৰ হাজাৰ মানুহ হাতাশাত ভুগি আত্মহননৰ পন্থা বিচাৰি থাকে৷ সেইসকল লোকৰ এই পৃথি‌ৱীত থকাৰ অধিকাৰ নাই৷ গতিকে আ‌ৱৰ্জনা চাফা কৰাৰ হেতুকেই আৰু সেইসকল লোকৰ সুবিধাৰ বাবেই হেনো তেওঁ এই গে’মটোৰ সৃষ্টি কৰিছে৷ বাৰু যিয়েই নহওক- গে’মটো কোনো এজন লোকে খেলিবলৈ লো‌ৱাৰ লগে লগে গে’মটোত থকা প্ৰশাসকে এটাৰ পাছত এটাকৈ মুঠ পঞ্চাছটা লক্ষ্য বা ছেলেঞ্ছ খেলু‌ৱৈজনৰ বাবে নিৰ্ধাৰণ কৰি দিয়ে৷ এই লক্ষ্যসমূহ পূৰণ কৰাৰ প্ৰমাণ হিচাপে ফটো লৈ আপলোড কৰাটোও খেলৰ এটা নিয়ম৷ আৰু এই ছেলেঞ্জসমূহ পূৰণ কৰিবলৈ গৈয়ে খেলু‌ৱৈজনে এটাৰ পাছত এটাকৈ দু: সাহসিক কাম কৰিবলৈ আগবাঢ়ে৷ এই ছেলেঞ্জকেইটানো কি কি এবাৰ চাওঁচোন আহক- ১) এখন ৰেজৰেৰে নিজৰ হাতত ডিজাইন অঁকা৷ ২) পু‌ৱা ৪: ২০ বজাত উঠি ভয়লগা আৰু মানসিক চেতনানাশক ভিডিঅ’ চো‌ৱা(যিবোৰ প্ৰশাসকে পঠিয়াব) ৩) শিৰা কাটি যো‌ৱাকৈ তিনিটা স্থানত ক্ষত-বিক্ষত কৰা ৪) এখন কাগজত তিমি মাছৰ ছ‌ৱি অঁকা ৫) যদি তুমি ‘তিমিমাছ হ’ব খোজা’ তেন্তে তোমাৰ ভৰিত ‘YES’ বুলি ব্লেডেৰে কাটি লিখা, যদি হ’ব নোখোজা, তেন্তে নিজকে শাস্তি দিবলৈ নিজৰ গাত ভিন্ন ঠাইত আঘাত কৰা ৬) কোনো গুপ্ত শব্দৰে এটা কাম ৭) তোমাৰ ভয়ক প্ৰতিহত কৰা ৮) পু‌ৱা ৪: ২০ বজাত উঠি ঘৰৰ মূধছ বা অন্য ওখ ঠাইলৈ যো‌ৱা ৯) হাতত তিমি মাছৰ ছ‌ৱি এটা ব্লেডেৰে কাটি আঁকা ১০) ভয়লগা ভিডিঅ’ গোটেই দিনটোৰ বাবে উপভোগ কৰা ১১) প্ৰশাসকে পঠো‌ৱা সংগীত শুনা ১২) তোমাৰ ওঁঠখন কাটা ১৩) এটা বেজীৰে তোমাৰ হাতখন কেইবাবাৰো খোঁচা ১৪) খুব বিষ উঠাকৈ নিজৰ গাত কিবা এটা কৰি বেমাৰী হো‌ৱা ১৫) তুমি বিচাৰি পো‌ৱা আটাইতকৈ ওখ ঠাইকণলৈ যো‌ৱা আৰু তাৰ একেবাৰে কাষটোত কিছুসময় থিয় হো‌ৱা ১৬)এখন দলঙৰ ওচৰলৈ যো‌ৱা আৰু তাৰ একেবাৰে কাষটোত থিয় হো‌ৱা ১৭) এখন ক্ৰেনত উঠা ১৮) তুমি একান্ত বিশ্বাসী হয় নে নহয় সেয়া প্ৰশাসকে পৰীক্ষা ল’ব ১৯) ‘স্কাইপ’ বা ভিডিঅ’ কলৰ যোগে তোমাৰ দৰে অন্য এজন ‘তিমিমাছ’ৰ লগত কথা পাতা ২০) ঘৰৰ মুধছলৈ যো‌ৱা আৰু তাত তোমাৰ ভৰি তললৈ পেলাই কিছুসময় বহি থাকা ২১) পু‌ৱা ৪: ২০ বজাত উঠি তোমাৰ নিকট‌ৱৰ্তী ৰেলৰ আলিত খোজ কাঢ়া ২২) গোটেই দিনটোৰ বাবে কাৰো লগত কথা নাপাতিবা ২৩) সদায় পু‌ৱা ৪: ২০ বজাত উঠা ২৪) হ’ৰৰ চিনেমা চো‌ৱা ২৫) নিজৰ গাত দিনে এবাৰকৈ কাটা ইত্যাদি আৰু শেষৰ ছেলেঞ্জটো হৈছে এটা ওখ বিল্ডিঙৰ পৰা জপিয়াই জী‌ৱন আহুতি দিয়া৷ এনে ছেলেঞ্জ পূৰণ কৰিবলৈ যাওঁতে খেলু‌ৱৈজনে যাতে আধাতে এৰি পলাব নো‌ৱাৰে, তাৰ বাবেও খেলু‌ৱৈজনক ‘ব্লেকমেইলিং’ কৰা হয়৷ এতিয়া নিশ্চয় আপুনি বুজিছে- এই মৰণফান্দত এবাৰ ভৰি থ’লে মানুহৰ কি দশা হ’ব পাৰে৷
এই গে’মটোৰ প্ৰচাৰ আৰু প্ৰসাৰ বন্ধ কৰিবৰ বাবে চৰকাৰে ইতিমধ্যে ফে’চবুক, হোআটছআপ আদিৰ দৰে চ’চিয়েল মেডিয়াক ইতিমধ্যে অনুৰোধ জনাইছে যদিও বৰ্তমানে এই গে’মে অন্য নামেৰে প্ৰচাৰ চলো‌ৱাত লাগিছে৷ তেনে কিছু নাম হ’ল- A Sea of Whales, A Silent House, Wake me up at 4: 20 আদি৷ মনস্তত্ত্ববিদসকলৰ মতে এনে গে’ম খেলা ল’ৰা-ছো‌ৱালী চিনাক্ত কৰাৰ উপায়টো হ’ল যে সিহঁতে পৰিয়ালৰ মানুহৰ লগত কথা-বতৰা কমকৈ পতা হয়, খো‌ৱা-ব‌ো‌ৱাত অমনোযোগী হয়, ঘৰৰ পৰা পলাই যো‌ৱা বা মৃত্যুৰ কথা পাতে, শো‌ৱা-খো‌ৱাৰ সময়-সূচীৰ সলনি কৰে ইত্যাদি৷ গতিকে এনে পৰিপেক্ষিতত আমাৰ সন্তানটিক কিদৰে তেনে গে’মৰপৰা বচাই ৰাখিব পাৰি সেয়া চিন্তাৰ বিষয় হৈ পৰিছে৷ সেই হেতুকেই ল’ৰা-ছো‌ৱালীৰ লগত মাক-দেউতাকে সঘনাই কথা পতা উচিত, সিহঁতৰ মনত কি চলি আছে তাৰ গম লো‌ৱা উচিত৷ সিহঁতে কি কি গে’ম খেলে তাৰ বিষয়ে জনা উচিত৷ তাকে কৰিবলৈ গে’ম খেলাৰ সময়ত বন্ধ কোঠাৰ পৰি‌ৱৰ্তে মানুহ আহ-যাহ কৰা মুকলি ঠাইত সিহঁতক খেলিবলৈ দিব পাৰি৷ আমি নিজেও দুই চাৰিটা গে’মৰ তলা-নলা জানি গে’মৰ ভিতৰু‌ৱা কথাবোৰ সন্তানৰ লগত পাতিব পাৰো৷ মোবাইল ফোন যদি দিয়া হৈছে, তেন্তে তাত কি কি গে’ম ৰখা হৈছে সেয়াও আমি চো‌ৱা উচিত৷ তদুপৰি মোবাইল ফোনত যাতে কোনো ক্ষেত্ৰতে পাছ‌ৱৰ্ড দি কোনো ফ’ল্ডাৰ বা তথ্য লুকু‌ৱাই ৰখা নহয় সেয়াও নিশ্চিত কৰাটো দৰকাৰ৷ আমাৰ কম্পিউটাৰবোৰত ইণ্টাৰনেটৰ কি কি ‌ৱেবচাইট খুলিব পাৰি আৰু কি কি নো‌ৱাৰি সেয়া চফ্ট‌ৱেৰৰ জৰিয়তে নিৰ্ধাৰণ কৰি কে‌ৱল বিপদমুক্ত ‌ৱেবচাইটহে চাবলৈ দিব লাগে৷ এইক্ষেত্ৰত অভিজ্ঞ মানুহৰ সহায় ল’ব পাৰি৷ অনলাইনত আমাৰ ল’ৰা বা ছো‌ৱালীয়ে কি কি কাম কৰি আছে তাৰ খবৰ আমি ৰখা উচিত৷ ল’ৰা-ছো‌ৱালীৰ ব্য‌ৱহাৰ-পাতিত হঠাতে পৰি‌ৱৰ্তন আহিলে সেয়া কিয় হৈছে তাৰ আলোচনা হো‌ৱা উচিত৷
শিক্ষকসকলেও এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল’ব পাৰে৷ কোনো ল’ৰা-ছো‌ৱালীৰ সামাজিক ব্য‌ৱহাৰত যদি কোনো সালসলনি দেখা পো‌ৱা যায় বা শ্ৰেণী-পৰীক্ষাৰ নম্বৰ যদি হঠাতে কমি যায়, তেন্তে তেনে ছাত্ৰ-ছাত্ৰীৰ এই অস্বাভা‌ৱিক পৰিবৰ্তনৰ কথা অভিভা‌ৱকক তৎক্ষনাত জনো‌ৱা উচিত৷ ইতিমধ্যে এনে গে’মৰ প্ৰতি আসক্ত হো‌ৱা বুলি যদি গম পো‌ৱা যায়, তেন্তে পুলিছ আৰু মনস্তত্ত্ববিদৰ পৰামৰ্শ লো‌ৱাটো একান্তই প্ৰয়োজনীয়৷ ইয়াৰোপৰি দুই চাৰিটা স্বেচ্ছাসে‌ৱী অনুষ্ঠানে আমাক সহায় কৰিব পাৰে, যিকেইটাৰ নাম ঠিকনা তলত উল্লেখ কৰিলো৷ ১) NIMHANS ২) AASRA ৩) SNEHA INDIA, CHENNAI ৪) THE SMARITANS MUMBAI ৫) CONNECTING INDIA, PUNE ৬) MAITHRI, KOCHI ৭) SUMAITRI ৮) LIFELINE FOUNDATION ৯) SAATH ১০) ICALL, MUMBAI (+91 22 25563291, email- [email protected]) ১১) PRATHEEKSHA, KERALA (+91- 484-2448830 Email- [email protected] ) ১২) THANAL, KERALA (0495 237 1100, Email- [email protected]) ১৩) ROSHNI, SECUNDERABAD (0407904646- Email- [email protected])
মুঠৰ ওপৰত ক’ব পাৰি, তথ্য-প্ৰযুক্তিৰ উপলব্ধতাই আমাৰ জী‌ৱন যিমানেই সহজ কৰি তুলিছে, সিমানেই ন-প্ৰজন্মৰ বাবে জটিলতাও আহি পৰিছে৷ এনে ক্ষেত্ৰত সিহঁতক শুদ্ধ পথ এটা দেখু‌ৱাই আগু‌ৱাই নিয়াটো আমাৰ প্ৰতিজন অভিভা‌ৱকৰে দায়িত্ব৷ গতিকে সিহঁতক পথ দেখু‌ৱাবলৈ যো‌ৱাৰ আগতে আমিও নিজে কোন পথ শুদ্ধ, কোন পথ ভুল সেই কথাবোৰ জানি লো‌ৱাটো অতিকেই জৰুৰী হৈ পৰিছে৷ অকল গে’ম খেলৰ বাবেই নহয়, ল’ৰা-ছো‌ৱালীৰ প্ৰতিটো কথা যেনে কোন শিক্ষানুষ্ঠানত আৰু কি বিষয়ত পঢ়া-শুনা কৰিব, সেই বিষয়ে সিহঁতক বাট দেখু‌ৱাবলৈ প্ৰথমে আমি নিজকে শেহতীয়া তথ্যৰাজী তথা জ্ঞানেৰে পৰিপূৰ্ণ কৰি লো‌ৱাটো বৰ্তমান সময়ৰ আহ্বান হৈ পৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!