মোহময়ী অভিনেত্ৰী সোণালী বেন্ড্ৰেই অলপতে নতুনকৈ তেওঁৰ এটা মডেলিংৰ ফটশ্বুট কৰে – পাপৰি বৰা

এই গৰাকী মোহময়ী অভিনেত্ৰী সোণালী বেন্ড্ৰে হিন্দী বোলছবি জগতৰ এনে এটি নাম যাৰ সুন্দৰ হাঁহিটিয়ে এসময়ত ধৰাশায়ী কৰে বহু সৌন্দৰ্য্য পিপাসুক। সেই মোহময়ী নায়িকা গৰাকী দুৰাৰোগ্য কেন্সাৰ বেমাৰৰ চতুৰ্থ স্তৰত আক্ৰান্ত হোৱা বুলি ওলোৱা বাতৰিয়ে বোলছৱি জগতৰ লগত জড়িত লোক সকলৰ লগতে অভিনেত্ৰী গৰাকীক মনে প্ৰাণে ভালপোৱা “ফেন ক্লাব” লগতে সকলো ভাৰতীয়কে যথেষ্ট দুখ দিছিল। ২০১৮ চনৰ জুলাই মাহত অভিনেত্ৰী গৰাকীয়ে নিজেই ইনস্টাগ্ৰাম যোগে তেওঁ সুদুৰ নিউইৰ্কত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ খবৰ বিশ্ববাসীক জানিবলৈ দিছিল।

সোণালী বেন্ড্ৰে ই তেওঁৰ মনৰ ভাব প্ৰকাশ কৰি দিয়া প’ষ্টতোত লিখিছিল যে দূৰত্বই মানুহৰ হৃদয়ক কাষলৈ চপাই আনে। কিন্তু এই দূৰত্বই আমাক যি শিক্ষা দি যায় সেয়া কোনোগুণে কম বুলি ভাবিব নেলাগে। তেওঁ যেতিয়া ঘৰৰ পৰা বহু যোজন আঁতৰত গৈ নিজৰ চিকিৎসা ৰ বাবে আছিলগৈ তেতিয়া তেওঁ বহু লোকক পাইছিল আৰু বুজি পাইছিল যে সকলোৱে বহু কাহিনীৰ মাজেৰে জীৱনত আগুৱাব লগা হৈছে। প্ৰতিজন ৰোগীৰ নিজা অনুভৱ আছে। প্ৰতিটো কাহিনীয়ে নিজৰ নিজৰ পাঠ লিখিব আৰম্ভ কৰিছে। তেওঁৰ আশে পাশে সকলো তেওঁৰ দৰে ৰোগীয়ে সংঘৰ্ষ আৰম্ভ কৰিছে। কিন্তু কোনোৱে খেলপথাৰ এৰি পলাবলৈ তৈয়াৰ হোৱা নায়। সঁচাকৈয়ে পৃথিৱীৰ মোহে তেওঁলোকক জীয়াই থকাৰ প্ৰেৰণা দিছে । অভিনেত্ৰী গৰাকীয়ে প’ষ্ট আকাৰে দিয়া তেওঁৰ এই অনুভৱে প্ৰতিজন লোককে প্ৰেৰণা দি যায় যি জীৱনৰ বাটত প্ৰত্যাহবানৰ সন্মুখীন হবলৈ ধৰে। যি জীৱনত যুঁজ নিদিয়াকৈয়ে পলায়ন কৰিব বিচাৰে।

১৯৭৫ চনত মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা সোণালী বেন্ড্ৰে ই নিজৰ কেৰিয়াৰ মডেলিং জগততেই আৰম্ভ কৰিছিল। পিচলৈ ১৯৯৪ চনত ” আগ” নামৰ হিন্দী চিনেমাখনৰ যোগেদি বোলছৱি জগতত ভৰি দিয়ে। সেই বছৰতে তেওঁ ” নিউ ফেচ অৱ দা ইয়েৰ” পুৰস্কাৰেৰে সন্মানিত হৈছিল। ইয়াৰ পিছত তেওঁ এখন এখনকৈ বহু কেইখন চিনেমাত নিজৰ অভিনয় আৰু মোহময়ী চেহেৰাৰে দৰ্শকৰ প্ৰশংসা আৰু মৰম পাবলৈ সক্ষম হয় তথা দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হয়। “দিলজ্বলে ” , “ভাই” , “চৌৰি চৌৰি “, “নাৰাজ”, “মেজৰ চাৱ”, “তৰাজু ” , “হম সাথ সাথ হে” , “কল হৌ না হৌ” আদিকে ধৰি বহু চিনেমাত তেওঁ অভিনেত্ৰী , সহ অভিনেত্ৰী হিচাপে নিজৰ অভিনয় প্ৰতিভা তথা নৃত্য প্ৰতিভাৰে দৰ্শকৰ মন জয় কৰে। অমীৰ খানৰ বিপৰীতে অভিনেত্ৰী হিচাপে কাম কৰা “সৰফৌৰশ” চিনেমাখনৰ যোগেদি তেওঁ দৰ্শকক মোহিত কৰিছিল। সেই মোহনীয় ৰূপ আজিও চকুত সজীৱ হৈ আছে। ২০০২ চনত সোণালীয়ে চিনেমা নিৰ্দেশক গ’ল্ডী ৱহলৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ ৰণবীৰ নামেৰে এক পুত্ৰ সন্তান আছে। হিন্দীৰ বাহিৰেও তেওঁ তামিল , তেলেগু আদি ছৱিতো অভিনয় কৰিছিল। টেলিভিছন চেনেলৰ বহু কেইটা ৰিয়েলিটি শ্ব ” ইণ্ডিয়ান আইডল চিজন ৪” , ইণ্ডিয়া গট টেলেন্ট” , ইণ্ডিয়া কে বেষ্ট ড্ৰামাবাজ ” আদিত তেওঁ বিচাৰকৰ আসন গ্ৰহন কৰিছিল। তাৰোপৰি তেওঁ ” দা মডাৰ্ণ গুৰুকুল: মাই এক্সপিৰিয়েন্স ৱিড পেৰেণ্ট ” নামেৰে এখন কিতাপ লিখি উলিয়াইছিল। ২০১৭ চনৰ পৰা তেওঁ ডিজিটেল কিতাপৰ পুথিভঁৰাল এটাও চলাইছিল।

অভিনয়ৰ যোগেদি তেওঁ বহু কেইটা বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল তাৰ ভিৰৰত “ষ্টাৰ স্ক্ৰীণ পুৰস্কাৰ”, “গল্ডেন পেটেল পুৰস্কাৰ “, ভাৰতীয় টেলি পুৰস্কাৰ”, “প্ৰাইড অফ মহাৰাষ্ট্ৰ ,মহিলা এচিভাৰচ বঁটা ২০১৮ আদি উল্লেখযোগ্য।

এগৰাকী মডেল, অভিনেত্ৰী, লেখিকা হোৱাৰ ওপৰিও সোণালী বেন্ড্ৰে এগৰাকী সাহসী মহিলা। তেওঁৰ স্বামী গ’ল্ডী ৱহলৰ মতে সোণালী এগৰাকী মজবুত নাৰী। পাঁচ মাহৰ পিছত স্বামীৰ হাতত ধৰি নিউইৰ্কৰ পৰা স্বভূমি ভাৰতবৰ্ষলৈ ঘূৰি অহা সোণালীয়ে জন্মভূমিত তেওঁৰ বাবে ৰৈ থকা শুভাকাংক্ষী সকলক দেখি আৱেগিক হৈ পৰিছিল। ভাৰতীয় নাৰী সকলৰ চকুত সোণালী আজি সঁচাকৈয়ে এগৰাকী দৃঢ়মনা , সাহসী , মজবুত মহিলা । তেওঁ ক্ষীপ্ৰতাৰে আৰোগ্য হওঁক। ভাৰতবাসী সদায় তেওঁৰ লগত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!