মোৰ প্ৰেমিকজন হওক নীলপৱন বৰুৱাঃ জেৰুলিনা হাফিজ

 

মোৰ প্ৰেমিকজন হওক নীলপৱন বৰুৱা৷
দুই আঙুলিৰ ফাঁকত লাগি থকা তেওঁৰ
জ্বলন্ত চিগাৰেটৰ দৰেই হ’ব লাগিব আমাৰ ভালপোৱা৷
মই উশাহ সলালে
তেওঁৰ বুকুৰ মজুলীত গৰাখহনীয়া হওক চপ্ চপাই৷
মই অভিমান কৰিলে
শইচ হেৰোৱা কৃষকৰ দৰেই উত্তাৱল হৈ পৰক তেওঁ৷
জীৱনৰ ৰঙবোৰেৰে তেওঁ ওৰে জীৱন মোৰ বাবে আঁকি থাকক
ভালপোৱাৰ আলসুৱা চিত্ৰ৷
তেওঁ মোক সুযোগ দিব লাগিব
তেওঁৰ জপৰা চুলিৰ মাজেৰে আঙুলি বুলাই
সপোন দেখিব৷
মই কথা ক’লে তেওঁ হওক মোৰ একমাত্ৰ শ্ৰোতা
ৰহণবুলীয়া আবেলিবোৰ মোৰ স’তে ভগায়
শিশুবুলীয়া কৰি ৰাখক মোক সদায়৷
মোৰ নখৰ বেলি ডুবা চোৱাৰ বাসনাত
তেওঁ হৈ থাকিব লাগিব
উন্মাদ!
বিয়লী ষষ্ঠী ঘণ্টাত নীড়হৰা বিহংগৰ সোঁত দেখি
উচুপিব লাগিব
নিঃশব্দে৷
মোৰ প্ৰিয় পুৰুষজন হওক নীলপৱন বৰুৱা
একে একে এক কৰি
কৰি ৰাখক মোক আজন্ম প্ৰেমিকা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!