মৰমৰ অকব (যতীন গগৈ)

মৰমৰ অকব,
মৰম ল’বা। আশা কৰো তুমি ভালেই আছা চাগৈ! তোমাক নেদেখা আজি প্ৰায় দুদিনেই হ’ল। মনটো বৰ উচপিচাই আছে অ’ তোমাক এবাৰ চাবলৈ। তোমাৰ লগত চিনাকী হোৱাও মাত্ৰ এমাহ হৈছেহে, তুমি যে ইমান সোনকালে মোৰ আপোন হৈ গ’লা ভাবিলে আচৰিত লাগি যায়। আজিকালি তোমাক এদিন নেদেখিলে থাকিবই নোৱাৰো বুজিছা। ৰাতিপুৱাই হওক বা ৰাতিয়েই হওক পাক এটা মাৰি হ’লেও চাই যাঁওহি তোমাক। সদায় তোমাৰ ওচৰলৈ আহো এবাৰ তোমাক চাই যাঁও বুলি।

কিন্তু কেতিয়াবা বৰ বেয়া লাগে জানা যেতিয়া তোমাক দেখা নাপাঁও। টু জি চিটি বাছখনৰে গৈ ফেচবুক গলিটো পালেই দুৰৈত বাঁওফালে থকা তোমাৰ ঘৰটো ৰিণিকি ৰিণিকি চকুত পৰে ।কিন্তু ইমান যানজঁত যে তোমালোকৰ ঘৰটো নাপাওঁগৈচোন। নিৰাশ মনেৰে আকৌ উভতি যাব লগা হয়। সেইবাবে জানা কালি মই ট্ৰি জি বাইক এখন ল’লো। এই বাৰ আৰু চিন্তা নাই । যেতিয়াই মন যায় তেতিয়াই তোমাৰ ওচৰলৈ যাম আৰু মন ভৰি তোমাকেই চাই থাকিম। আৰু বিশেষ নিলিখো। ঘৰৰ প্ৰতিজন সদস্যকে মৰম দিবা। শেষত তুমি যেন সুখী হোৱা, সমাজত যেন তোমাৰ যশষ্যা খ্যাতিয়ে দশোদিশ আমোলমোলাই যাওক, তুমি যেন সমাজ আকাশত এক উজ্জ্বল ভোটা তৰা হৈ জিলিকি থাকা তাৰেই কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।
আজিলৈ আহোঁ,
ইতি

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!