মৰমৰ পৃথিৱী

লেখক- শুভ্ৰ কিংকৰ গোস্বামী

মেঘাৰ বয়স মাথোঁ দহ বছৰ। এই বয়সত তাইৰ পৃথিৱীখন হ’ব লাগিছিল ৰামধেনুৰ দৰে ৰঙীন—স্কুলৰ ঘণ্টাধ্বনি, নতুন কিতাপৰ পাতৰ গোন্ধ, লগৰীয়াৰ হাঁহি, মাকৰ হাতৰ জলপান আৰু আবেলি চোতালত ভায়েকৰ সৈতে কৰা খেল-ধেমালিৰে ভৰা।

 

কিন্তু মাত্ৰ কেইটামান দিনৰ ভিতৰতে বানে তাইৰ সেই চিনাকি পৃথিৱীখনৰ সকলো ৰং ধুই নি অচিনাকি কৰি পেলালে।

 

কেইবাদিনো ধৰি আকাশখন গোমা হৈ আছিল। ডাৱৰবোৰে যেন আকাশৰ বুকুত এখন বিষণ্ণ চাদৰ মেলি দিছিল। বৰষুণেও ৰ’বলৈ পাহৰি গৈছিল। বৰষুণৰ টোপালবোৰে অবিৰতভাৱে ঘৰৰ চাল, গছৰ পাত আৰু মাটিৰ বুকুত আঘাত কৰি আছিল, যেন কোনো অদৃশ্য বিপদে দুৱাৰত বাৰে বাৰে টুকুৰিয়াইছিল।

 

প্ৰথমে ঘৰৰ আগফালৰ পথটো পানীত ডুবিল। তাৰ পিছত চোতালখন। লাহে লাহে বাঢ়ি অহা ঘোলা পানীয়ে বাৰাণ্ডাৰ প্ৰথমটো খটখটীত মুখ থ’লে। তাৰ পিছত আৰু এখোজ আগুৱাই আহিল।

সেইদিনা ৰাতিপুৱাই গাঁৱৰ মানুহে চিঞৰি চিঞৰি কৈছিল—

“আৰু ঘৰত থাকিব নোৱাৰি! মথাউৰিটো ভাঙিছে। সোনকালে ওলাই আহক!”

 

মাকে খৰধৰকৈ ভায়েকক কোলাত তুলি লৈছিল। দেউতাকে এটা সৰু টোপোলাত কেইযোৰমান কাপোৰ আৰু কিছুমান প্ৰয়োজনীয় কাগজ-পত্ৰ ভৰাই ল’লে।

মেঘাই নিজৰ কিতাপৰ বেগটো আনিবলৈ ভিতৰলৈ যাব বিচাৰিছিল। বেগটোৰ ভিতৰত তাইৰ কিতাপ-পত্ৰৰ লগতে সযতনে লুকুৱাই থোৱা আছিল তাইৰ আটাইতকৈ মৰমৰ বস্তুটো। কিন্তু তেতিয়ালৈকে ঘৰৰ মজিয়াত একাঁঠু পানী।

“নাযাবি, মেঘা! সময় নাই। পানী বাঢ়ি আহিছে।”

দেউতাকে তাইৰ হাতখন জোৰেৰে টানি ধৰিলে।

“কিন্তু দেউতা, মোৰ বেগটো—”

কথাষাৰ শেষ কৰাৰ আগতেই পানীৰ এটা ঢৌ পাকঘৰৰফালৰপৰা কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। দেউতাকে আৰু এক মুহূৰ্তও পলম নকৰিলে। মেঘাৰ হাতখন ধৰি তেওঁ ঘৰৰপৰা ওলাই আহিল।

 

সিহঁতক নিবলৈ ৰৈ থকা নাওখনত উঠাৰ পিছতো মেঘাই বাৰে বাৰে দূৰৰপৰাই ঘৰখনলৈ উভতি চালে। চোতালখন ইতিমধ্যে পানীৰ তলত হেৰাই গৈছে। বাঁহৰ জপনাখনৰ কেৱল ওপৰৰ অংশটোহে দেখা গৈছিল—যেন ডুবি যোৱা ঘৰখনে শেষবাৰৰ বাবে হাত এখন দাঙি বিদায়হে জনাইছে।

 

পাকঘৰৰ দুৱাৰেদি ঘোলা পানী সোমাই আহিল। বাৰাণ্ডাৰ কাষত থকা তাইৰ মৰমৰ ফুলৰ টাবকেইটা পানীত ওপঙি ওপঙি আঁতৰি গ’ল। টাবত ফুলি থকা ৰঙা ফুলকেইপাহে যেন সোঁতৰ বুকুত কঁপি কঁপি ঘৰখনলৈ শেষবাৰৰ বাবে ঘূৰি চালে।

মেঘাই নাওখনৰ কাষটো জোৰেৰে ধৰি থাকিল। তাইৰ মনটো কিন্তু তেতিয়াও ঘৰৰ ভিতৰৰ সেই কোঠাটোতেই ৰৈ গৈছিল, য’ত পানীৰ মাজত তাইৰ কিতাপৰ বেগটো পৰি আছিল।

 

এটা সময়ত ঘৰখনো চকুৰ আঁৰ হৈ পৰিল।

তাৰ পিছত কেৱল পানী—চাৰিওফালে সীমাহীন, ঘোলা আৰু উন্মত্ত পানী। যেন সমগ্ৰ পৃথিৱীখনেই হঠাৎ এখন পাৰাপাৰহীন নদীলৈ ৰূপান্তৰিত হৈ পৰিল।

গোটেই গাঁওখনৰ মানুহ আহি ওচৰৰ বিদ্যালয়খনত স্থাপন কৰা আশ্ৰয় শিবিৰত ঠাই ল’বলৈ ধৰিলে।

 

বিদ্যালয়খনৰ শ্ৰেণীকোঠাবোৰত মানুহৰ ভিৰ। কোনোবাই মজিয়াত পুৰণি কাপোৰ পাৰি শুইছে, কোনোবাই বাৰাণ্ডাৰ চুকত বহি আছে। বৃদ্ধ, শিশু, গৰ্ভৱতী মহিলা, ৰোগী—সকলোৰে বাবে একেখন মজিয়া, একেই অস্বস্তি আৰু একেই অনিশ্চয়তা।

 

মেঘাহঁতৰ চাৰিজনীয়া পৰিয়ালটোৱে এটা শ্ৰেণীকোঠাৰ চুকত সামান্য ঠাই পাইছিল। মজিয়াত এখন কাপোৰ পাৰি চাৰিওজনে তাতেই দিন-ৰাতি কটাবলগীয়া হ’ল। মূৰৰ ওপৰত এখন ফেন আছিল যদিও বিদ্যুৎ নাছিল। নিশ্চল ফেনখন যেন শিবিৰৰ মানুহবোৰৰ দৰেই ভাগৰুৱা আৰু অসহায় হৈ চিলিঙত ওলমি আছিল।

 

বন্ধ কোঠাটোত মানুহৰ উশাহ, ঘাম, ভিজা কাপোৰ আৰু বোকাৰ গোন্ধ একেলগ হৈ এক অস্বস্তিকৰ বতাহৰ সৃষ্টি কৰিছিল।

ৰাতি শিবিৰটো অধিক যন্ত্ৰণাময় হৈ পৰিছিল।

 

মেঘাৰ টোপনি অহা নাছিল। মাজে মাজে দূৰৰপৰা পানীৰ গৰ্জন ভাহি আহিছিল। সেই শব্দ শুনি তাইৰ এনে লাগিছিল, বাহিৰৰ অন্ধকাৰত কোনোবা প্ৰকাণ্ড জন্তুৱে দাঁত কৰচি সমগ্ৰ গাঁওখন গিলি পেলাবলৈহে যেন অপেক্ষা কৰি আছে।

 

কেতিয়াবা কোনোবাই নিজৰ গৰু-ছাগলীৰ কথা মনত পেলাই হুমুনিয়াহ কাঢ়িছিল। কোনো বৃদ্ধাই উটি যোৱা ঘৰখনৰ কথা কৈ কান্দিছিল। মাজে মাজে কোনোবাই টৰ্চ এটা জ্বলাই শৌচাগাৰলৈ যোৱাৰ পথ বিচাৰিছিল। শিবিৰত থকা মানুহৰ তুলনাত শৌচাগাৰ আছিল তেনেই কম।

 

চৌহদৰ চাৰিওফালে পানী আৰু বোকা। বিশুদ্ধ খোৱাপানীৰো নাটনি। একোটা পানীৰ বটলৰ বাবে বহু মানুহে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল।

 

কিন্তু সেই সকলো শব্দৰ মাজতো আটাইতকৈ বেছি শুনা গৈছিল এটি কেঁচুৱাৰ কান্দোন।

কেঁচুৱাটোৰ মাকজনী মেঘাহঁতৰ কাষতেই আছিল। দুদিন ধৰি তেওঁ নিজেই ভালদৰে একো খাব পৰা নাছিল। অনাহাৰ, দুশ্চিন্তা আৰু ভাগৰত তেওঁৰ বুকুৰ গাখীৰো প্ৰায় শুকাই গৈছিল। কেঁচুৱাটোক বুকুত সাৱটি তেওঁ অসহায়ভাৱে কৈছিল—

“মই নিজেই একো খাব পৰা নাই, তোক ক’ৰপৰা খুৱাম অ?”

কেঁচুৱাটোৱে কথাৰ অৰ্থ নুবুজে। সি কেৱল ভোক বুজে। সেয়ে সি কান্দিয়েই থাকিল। তাৰ কান্দোনে শ্ৰেণীকোঠাটোৰ বন্ধ দেৱালত খুন্দা খাই সকলোৰে বুকুত বিন্ধি গৈছিল।

 

মেঘাই কেঁচুৱাটোৰ কান্দোন শুনিলেই মুখখন আনফালে ঘূৰাই দিছিল। তাইৰ বুকুৰ কোনোবা অচিনাকি ঠাইত এটা বিষ উক দি

উঠিছিল। নিজৰ ভোকটোও যেন পাহৰি গৈছিল।

 

শিবিৰৰ প্ৰতিজন মানুহৰ বুকুত আছিল একো একোখন জীৱন হেৰুওৱাৰ কাহিনী।

কাৰোবাৰ ঘৰ উটি গৈছে। কাৰোবাৰ ভঁৰালৰ ধান নষ্ট হৈছে। কাৰোবাৰ গৰু পানীত নোহোৱা হ’ল। কোনোবাই প্ৰয়োজনীয় কাগজ-পত্ৰ হেৰুৱাইছে। কাৰোবাৰ ছোৱালীৰ বিয়াৰ বাবে গোটাই থোৱা কাপোৰ আৰু সামগ্ৰী বানে উটুৱাই লৈ গৈছে।

বানে কেৱল ঘৰ-বাৰী উটুৱাই নিয়া নাছিল; ই মানুহৰ বছৰজোৰা পৰিশ্ৰম, সপোন, নিৰাপত্তা আৰু ভৱিষ্যতৰ পৰিকল্পনাবোৰো ঘোলা পানীৰ সৈতে টানি লৈ গৈছিল।

 

দিনত শিবিৰৰ চোতালত ডাঙৰ কেৰাহীত খিচিৰি ৰন্ধা হৈছিল। কেতিয়াবা ভাত, দাইল আৰু আলুৰ তৰকাৰী। খাদ্যৰ অভাৱ বৰ বেছি হোৱা নাছিল যদিও শাৰী পাতি থাল আগবঢ়াই খাবলৈ মেঘাৰ কিবা লাজ লাগিছিল।

 

কিন্তু ভোকৰ আগত লাজ কিমান সময় জীয়াই থাকিব পাৰে?

সহায় কৰিবলৈ দলে দলে মানুহ আহিছিল। কোনোবাই চাউল আনিছিল, কোনোবাই দাইল। কোনোবাই বিস্কুট, চিৰা, গুৰ, পানীৰ বটল, মমবাতি, কাপোৰ অথবা ঔষধ আনিছিল। টোপোলা কঢ়িয়াই মানুহ আহিলেই শিশুবোৰে আশাৰে তেওঁলোকৰ ওচৰলৈ দৌৰিছিল। তেওঁলোকৰ চকুবোৰত তেতিয়া একো একোটা সৰু প্ৰত্যাশাৰ চাকি জ্বলি উঠিছিল।

 

মেঘায়ো সহায়কাৰী মানুহবোৰৰ ওচৰলৈ দৌৰিছিল।

আন শিশুবোৰে বিস্কুটৰ পেকেট, নতুন পোছাক অথবা পুতলা বিচাৰি সাহায্যৰ টোপোলাবোৰৰ চাৰিওফালে জুম বান্ধিছিল। মেঘাই কিন্তু অলপ দূৰত নীৰৱে থিয় হৈ টোপোলাবোৰৰ ভিতৰলৈ চাইছিল। তাই যেন বাৰে বাৰে সেইবোৰৰ মাজত এৰি অহা বস্তুৱেই বিচাৰি ফুৰিছিল।

 

প্ৰতিবাৰেই তাই ভাবিছিল—এইবাৰ হয়তো কোনোবাই তাই বিচৰা বস্তুটো লৈ আহিছে।

কিন্তু টোপোলাবোৰ খোলাৰ পিছত ওলাইছিল চাউল, দাইল, বিস্কুট, কাপোৰ আৰু আন প্ৰয়োজনীয় সামগ্ৰী। মানুহবোৰে সেইবোৰ বিতৰণ কৰি আঁতৰি গৈছিল। আকৌ আন এটা দল আহিছিল। তেওঁলোকেও প্ৰায় একেবোৰ বস্তু দি গুচি গৈছিল।

 

সকলোৰে মতে সেইবোৰেই আছিল জীয়াই থাকিবলৈ আটাইতকৈ প্ৰয়োজনীয় বস্তু।

মেঘায়ো জানিছিল—চাউল লাগে, পানী লাগে, কাপোৰ লাগে। তথাপি তাইৰ সৰু মনটোৱে আন এটা বস্তুহে বিচাৰি আছিল।

তাই কাকো কথাটো ক’ব পৰা নাছিল।

মাকে ভাবিছিল, তাই হয়তো কিতাপ-পত্ৰ আৰু স্কুলৰ পোছাকৰ বাবে মন মাৰি আছে। মাকে তাইৰ মূৰত হাত বুলাই কৈছিল—

“মন বেয়া নকৰিবি। পানী কমিলে আকৌ ঘৰ সাজিম। তোৰ কিতাপ-পত্ৰও নতুনকৈ কিনি দিম। তই আকৌ স্কুললৈ যাবি।”

মেঘাই মাথোঁ মূৰ দুপিয়াইছিল।

 

কিন্তু তাই বিচৰা বস্তুটো দোকানৰপৰা নতুনকৈ কিনিব পৰা বস্তু নাছিল। সেই বস্তুটোৰ কোনো দাম নাছিল, অথচ তাইৰ বাবে সেয়াই আছিল আটাইতকৈ মূল্যৱান।

 

ফটোখন পোৱাৰদিনা মেঘাই গোটেই পথটো দৌৰি দৌৰি ঘৰলৈ উভতিছিল। ঘৰ পায়েই তাই মাকক চিঞৰি চিঙৰি মাতিছিল

 — “মা, চোৱা! মইযে সেইদিনা জুবিন দাৰ কাষত থিয় হৈ ফটো উঠিছিলো আজি প্ৰিণ্ট কৰি আনিলো!” নয়ন দাদাই ফটোখন উঠাই দিছিল আৰু আজি সেইখন প্ৰিণ্ট কৰি আনি দিলে।”

মাকে হাঁহি হাঁহি ফটোখন হাতত লৈ বহু সময় চাই আছিল। তাৰ পিছত মেঘাৰ মূৰত হাত বুলাই কৈছিল—

“ডাঙৰ হৈ গ’লেও এইখন সযতনে ৰাখিবি দেই। এদিন চালে আজিৰ দিনটো আকৌ মনত পৰিব।”

দেউতাকেও ফটোখন চাই গৰ্বেৰে কৈছিল—

“আমাৰ মেঘা দেখোন জুবিন গাৰ্গৰ সৈতে ফটো উঠিব পৰা ডাঙৰ ছোৱালী হৈ গ’লহে!”

 

সেইদিনা মেঘাৰ নিজকে পৃথিৱীৰ আটাইতকৈ সৌভাগ্যৱান ছোৱালীজনী যেন লাগিছিল। তাই ফটোখন পলিথিনৰ সৰু আৱৰণ এটাৰ ভিতৰত ভৰাই নিজৰ প্ৰিয় কিতাপখনৰ পাতৰ মাজত সুমুৱাই ৰাখিছিল। ৰাতি পঢ়িবলৈ বহিলে কেতিয়াবা কিতাপখনৰপৰা ফটোখন উলিয়াই চাইছিল। জুবিন গাৰ্গৰ হাঁহিভৰা মুখখনলৈ চাই তাই নিজেও অলপ হাঁহিছিল। মন বেয়া লাগিলে ফটোখনৰ সৈতে মনে মনে কথাও পাতিছিল।

 

লাহে লাহে ফটোখন কেৱল জুবিন গাৰ্গৰ সৈতে উঠা এখন ছবি হৈ থকা নাছিল। তাৰ ভিতৰত সোমাই আছিল মাকৰ সেই হাঁহিটো, দেউতাকৰ গৰ্বিত চকুজুৰি আৰু নিজকে পৃথিৱীৰ আটাইতকৈ সৌভাগ্যৱান ছোৱালী যেন লগা সেই দিনটোৰ ৰ’দ।

 

এতিয়া মেঘাৰ ভয় হয়, ফটোখনৰ সৈতে সেই দিনটোও জানো পানীত উটি গ’ল?

 

সেইদিনা সন্ধিয়া আকাশখন পুনৰ ক’লা হৈ আহিছিল। শিবিৰৰ বাৰাণ্ডাত কেইটামান মমবাতি জ্বলিছিল। বতাহত কঁপি থকা শিখাবোৰ যেন অন্ধকাৰৰ বিৰুদ্ধে যুঁজি থকা কেইটামান সৰু আশা।

 

ঠিক তেতিয়াই সহায়ৰ সামগ্ৰী লৈ আন এটা দল আহিল। দলটোত থকা এগৰাকী বাইদেৱে শিশুসকলৰ মাজত বিস্কুট আৰু কাপোৰ বিলাই আছিল।

মেঘাই বহু সময় তেওঁৰ ওচৰলৈ যাবলৈ সাহস গোটাব পৰা নাছিল। কেইবাবাৰো আগুৱাই গৈ পুনৰ থমকি ৰ’ল। শেষত যেন নিজৰ বুকুৰ ভিতৰত কঁপি থকা কথাষাৰ দুয়ো হাতেৰে ধৰি এখোজ-দুখোজকৈ আগবাঢ়ি গ’ল।

“বাইদেউ…”

মহিলাগৰাকীয়ে ঘূৰি চাই মৰমেৰে সুধিলে—

“কি হ’ল, মাজনী? কিবা লাগিব নেকি?”

মেঘাই মাটিলৈ চাই লাহেকৈ ক’লে—

“বাইদেউ, মই এৰি থৈ অহা বস্তু এটা আনি দিব পাৰিবনে?”

“ক’ত এৰি থৈ আহিলা?”

“ঘৰত। আমি একোৱেই আনিব নোৱাৰিলোঁ।”

মহিলাগৰাকীয়ে ভাবিলে, ছোৱালীজনীয়ে হয়তো কিতাপ, স্কুলৰ বেগ অথবা কোনো পুতলা বিচাৰিছে। তেওঁ মেঘাৰ কান্ধত হাত থৈ বুজাবলৈ ধৰিলে—

“একো নহয়, মাজনী। কিতাপ-বেগ হেৰালেও আমি আকৌ দিম। তুমি নতুন কিতাপ পাবা, নতুন কাপোৰ পাবা। ভালকৈ পঢ়িবা। ঘৰখনো আকৌ সাজিব পৰা যাব।”

 

মেঘাই এইবাৰ মূৰ তুলি মানুহগৰাকীৰ চকুলৈ চালে। তাইৰ চকুজুৰি পানীৰে ভৰি পৰিছিল—ঠিক বানত বুৰ যোৱা পথাৰ দুখনৰ দৰে।

“কিতাপ নহয়, বাইদেউ।”

“তেন্তে কি?”

মেঘাৰ ওঁঠ দুটা কঁপি উঠিল। বহু সময় ধৰি বুকুৰ ভিতৰত লুকুৱাই ৰখা শব্দ দুটা যেন ওলাই আহিবলৈ ভয় কৰিছিল।

“এখন ফটো।”

“কাৰ ফটো?”

“দুবছৰমান আগতে আমাৰ গাঁৱৰ ওচৰলৈ জুবিন গাৰ্গ আহিছিল। মই বহুত মানুহৰ মাজেৰে গৈ তেওঁৰ ওচৰত থিয় হৈ এখন ফটো উঠিছিলোঁ। সেইখন মোৰ আটাইতকৈ মৰমৰ ফটো। মই সদায় মোৰ কিতাপৰ মাজত সযতনে ৰাখি থওঁ। ৰাতি পঢ়িবলৈ বহিলে এবাৰ উলিয়াই চাওঁ…”

তাই কিছুসময় ৰ’ল। ডিঙিৰ মাজত শব্দবোৰ যেন গাঁঠি লাগি ধৰিছিল।

“ফটোখন তোলাৰদিনা মায়ে কৈছিল—বৰ ডাঙৰ হৈ গ’লেও সযতনে ৰাখিবি, এদিন চালে আজিৰ দিনটো মনত পৰিব।”

 

ঘৰৰপৰা ওলাই অহাৰ সময়ত ফটোখন আনিব নোৱাৰিলোঁ। দেউতাই মোক বেগটো আনিবলৈও নিদিলে। পানী বৰ বেছি হৈছিল…”

মেঘাই কঁপি থকা মাতেৰে আকৌ ক’লে—

“এতিয়া মোৰ কিতাপবোৰো পানীৰ তলত। ফটোখন ক’ত আছে নাজানো। বাইদেউ, যদি ক’ৰবাত বিচাৰি আনি দিব পাৰে— মই বৰ ভাল পালোঁহেঁতেন।”

 

মানুহগৰাকীয়ে একো ক’ব নোৱাৰিলে।

তেওঁৰ হাতত তেতিয়াও বিস্কুটৰ কেইটামান পেকেট আছিল। পিছে সেই মুহূৰ্তত সেইবোৰ হঠাৎ বৰ অসহায় আৰু অৰ্থহীন যেন লাগিল।

 

ক্ষুধাৰ বাবে খাদ্য দিব পাৰি। শীতৰ বাবে কাপোৰ দিব পাৰি। ঘৰ ভাঙিলে পুনৰ ঘৰ সাজি দিব পাৰি। কিতাপ হেৰালে নতুন কিতাপ কিনি দিব পাৰি।

কিন্তু বানপানীৰ ঘোলা সোঁতে উটুৱাই নিয়া স্মৃতি এখন কোনখন বজাৰত কিনিবলৈ পোৱা যায়, সেই উত্তৰ তেওঁৰ হাতত নাছিল৷

 

মেঘাই আশাৰে তেওঁৰ মুখলৈ চাই থাকিল। যেন মানুহগৰাকীয়ে এবাৰ ‘পাৰিম’ বুলি ক’লেই পানী ফালি এখন অদৃশ্য হাত আগবাঢ়ি যাব আৰু বোকাৰ তলৰপৰা ফটোখন অক্ষত অৱস্থাত উলিয়াই আনিব।

কিন্তু মানুহগৰাকীয়ে কোনো প্ৰতিশ্ৰুতি দিব নোৱাৰিলে। মিছা আশাৰে শিশুটিৰ সৰু হৃদয়খনক আৰু এবাৰ ভাঙিবলৈ তেওঁৰ সাহস নহ’ল।

 

তেওঁ কেৱল মেঘাক বুকুৰ মাজলৈ টানি আনিলে আৰু নীৰৱে চকুলো টুকিলে।

বাহিৰত আকৌ বৰষুণ আৰম্ভ হৈছিল।

বিদ্যালয়ৰ টিনৰ চালত বৰষুণৰ শব্দ ক্ৰমে বাঢ়ি আহিছিল—যেন আকাশখনে নিজেই মেঘাৰ হেৰাই যোৱা ফটোখনৰ বাবে কান্দিবলৈ আৰম্ভ কৰিছিল।

 

মেঘাই মানুহগৰাকীৰ বুকুত মুখ লুকুৱাই সেই শব্দ শুনি আছিল। তাইৰ চকুৰ আগত বাৰে বাৰে ভাহি উঠিছিল ফটোখন— কাষত হাঁহিমুখীয়া জুবিন গাৰ্গ আৰু তেওঁৰ কাষত থিয় হৈ থকা এখন সৰু, উজ্জ্বল মুখ।

 

সম্ভৱতঃ ফটোখন তেতিয়াও তাইৰ কোনোবা এখন কিতাপৰ পাতৰ মাজতেই লুকাই আছিল— বোকা আৰু ঘোলা পানীৰ তলত। হয়তো কিতাপখনৰ ভিজা পাত দুখনে সেইখনক এতিয়াও বুকুৰ মাজত সাৱটি ৰাখিয়েই থৈছে। অথবা উন্মত্ত সোঁতে তাক কেতিয়াবাই কোনো অজান ঠাইলৈ উটুৱাই লৈ গৈছে!

 

সেই ৰাতি মেঘাই যিমানেই চকু মুদি টোপনি যাবলৈ চেষ্টা কৰিলে সিমানেই তাইৰ চকুৰ আগত ভাহি উঠিল পানীত বুৰ যোৱা ঘৰখন, ওপঙি যোৱা ৰঙা ফুলকেইপাহ আৰু কিতাপৰ পাতৰ মাজত নিঃশব্দে শুই থকা সেই ফটোখন।

 

তাইৰ এনে লাগিল— ফটোখন হয়তো এতিয়াও তাইৰ বাবেই অপেক্ষা কৰি আছে। পানীত উৱলি যোৱা কিতাপখনৰ পাত দুখনে হয়তো বুকুৰ মাজত সাৱটি তাক বচাবলৈ শেষ চেষ্টা কৰিছে।

 

মেঘাই বুকুৰ ওচৰত দুয়োখন হাত জপাই ধৰিলে। যেন ফটোখন নহ’লেও তাৰ ভিতৰত সাঁচি থোৱা হাঁহিটো তাই নিজৰ বুকুৰ মাজত ৰক্ষা কৰিব পাৰিব।

 

শিবিৰৰ মজিয়াত মাক-দেউতাকৰ মাজত শুই তাই লাহে লাহে ফুচফুচাই ক’লে—

“ফটোখন নাপালেও মই তোমাক পাহৰি নাযাওঁ, জুবিন দা।”

 

তাইৰ কাষতে শুই থকা মাকে কথাষাৰ শুনিলে নে নুশুনিলে, মেঘাই নাজানিলে। কিন্তু অলপ পাছত মাকৰ হাত এখন নীৰৱে আগবাঢ়ি আহি তাইৰ মূৰৰ ওপৰত থমকি ৰ’ল।

 

সেই ৰাতি আশ্ৰয় শিবিৰত বহু মানুহে ঘৰ-বাৰী, ধান-চাউল, গৰু-ছাগলী আৰু সাঁচতীয়া ধন হেৰুৱাৰ শোকত টোপনি যাব পৰা নাছিল।

 

আৰু দহবছৰীয়া মেঘা উজাগৰে আছিল এখন ফটোৰ বাবে—যিখন আনৰ চকুত মাথোঁ এখন সাধাৰণ কাগজ, কিন্তু তাইৰ বাবে আছিল হাঁহি, সপোন আৰু ভালপোৱাৰ ৰঙেৰে সজোৱা এখন মৰমৰ পৃথিৱী।

 

বানৰ পানীয়ে ঘৰ, কিতাপ আৰু ফটোখন তিয়াই পেলালে। কিন্তু দহবছৰীয়া ছোৱালীজনীৰ বুকুৰ ভিতৰত জ্বলি থকা মৰমৰ সৰু চাকিগছি নুমুৱাব নোৱাৰিলে।

 

কিছুমান ছবি কাগজত ছপা হয়,

আৰু কিছুমান ছবি হৃদয়ত।

কাগজৰ ছবিখন বানপানীয়ে তিয়াব পাৰে, বোকাৰে ঢাকি পেলাব পাৰে, আনকি চকুৰ আঁৰৰ কোনো অজান ঠাইলৈ উটুৱাই লৈ যাব পাৰে।

 

কিন্তু হৃদয়ৰ নিভৃত কোণত আঁকি থোৱা ছবিখন মচিবলৈ কোনো বানৰেই ঢৌ আজিলৈকে ইমান শক্তিশালী হৈ উঠা নাই।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments